নিদ্ৰা হৰণকাৰী এজমা (asthma) বা হাঁপানী ৰোগ- ডা° মুকুল শৰ্মা

 বৰ্তমান ঠাণ্ডাৰ দিন৷ ঠাণ্ডা বা শীতৰ প্ৰকোপত দেখা দিয়া বিভিন্ন স্বাস্থ্যজনিত সমস্যাসমূহৰ ভিতৰত কাহ, চৰ্দী, চাইনাচাইটিছ্, এজ্মা ইত্যাদি প্ৰধান৷ ইয়াৰ উপৰিও ফাগুনৰ পছোৱা বোৱাৰ সময়তো আমাৰ চৌপাশৰ ধূলি বালি, ফুলৰ ৰেণু ইত্যাদি বিভিন্ন এলাৰ্জেনৰ প্ৰভাৱত এজ্মা বা হাঁপানী ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায়েই বৃদ্ধি পোৱা দেখা যায়৷ ব্ৰংকিয়েল এজ্মা বা হাঁপানী হ’ল হাওঁফাওঁত হোৱা এটা প্ৰদাহযুক্ত ৰোগ য’ত বায়ুনলীবিলাক অৱৰুদ্ধ বা সংকুচিত হৈ উশাহ নিশাহত অসুবিধাৰ সৃষ্টি হয়৷ ই এটা জীৰ্ণ (chronic) প্ৰদাহযুক্ত বেমাৰ য’ত কাহ, উশাহ নিশাহত বুকুৰ পৰা সোঁ সোঁ শব্দ, উশাহ নিশাহ চুটি চুটি আৰু বুকুখন টান বা আঁটি বন্ধাৰ নিচিনা হৈ যোৱা লক্ষণসমূহ মুখ্যতঃ দেখা যায়৷

এলাৰ্জীৰ লগত এই এজ্মা বেমাৰ আৰু অন্য শ্বাস প্ৰশ্বাস জনিত বেমাৰ যেনে- জীৰ্ণ চাইনাচাইটিছ্, মধ্য কাণৰ সংক্ৰমণ, নাকৰ পলিপ ইত্যাদিৰ ওতপ্ৰোত সম্বন্ধ আছে৷ বহুতো ক্ষেত্ৰত দেখা যায় যে যিবিলাক লোকৰ এলাৰ্জী আৰু লগতে এজ্মা বেমাৰ থাকে তেনে লোকৰ ৰাতি ভালদৰে টোপনি নহয়, বেমাৰৰ বাবে কৰ্মস্থলীত মাজে মাজে অনুপস্থিত থাকিব লগা হয়৷ তেনেলোকক অধিক শক্তিশালী ঔষধৰ দৰকাৰ হয়৷

এজ্মাৰ সমস্যাটো আমাৰ শৰীৰৰ mast cell আৰু তেজৰ eosinophil আৰু T-lymphocytes নামৰ কোষৰ লগত জড়িত৷ Mast cell বিলাক হ’ল এলাৰ্জীৰ কাৰক কোষ যিবিলাকে হিষ্টামিন (histamine) নামৰ ৰাসায়নিক পদাৰ্থ ক্ষৰণ কৰে৷ হিষ্টামিন নামৰ ৰাসায়নিক পদাৰ্থবিধৰ প্ৰভাৱতেই চৰ্দী লগা, hay fever বা চৰ্দী – জ্বৰ, বায়ুনলীবিলাকৰ সংকোচন হৈ এজ্মাৰ সৃষ্টি হয়, লগতে ছালত এলাৰ্জীৰ খজুৱতি হয়৷ Eosinophil আৰু T-lymphocytes বিলাক হ’ল কিছুমান শ্বেতৰক্ত কণিকা (White blood cells) যিবিলাকে কিছুমান প্ৰটিনজাতীয় ৰাসায়নিক পদাৰ্থ উলিয়াই দি এলাৰ্জীৰ কাৰকবোৰক শৰীৰৰ পৰা বাহিৰ কৰি দিবলৈ বা ধ্বংস কৰিবলৈ চেষ্টা কৰে আৰু ফলশ্ৰুতিত আমাৰ শৰীৰত সেই এলাৰ্জীৰ কাৰক বা antigen বোৰৰ বিৰুদ্ধে ভৱিষ্যতৰ বাবে antibody প্ৰস্তুত হয়৷

#ব্ৰংকিয়েল এজ্মাৰ কাৰক সমূহ: –
*প্ৰত্যক্ষ বা পৰোক্ষ ধূমপান
*কিছুমান সংক্ৰমণ, যেনে- চৰ্দী, পানীলগা বা নিউমোনিয়া ইত্যাদি৷
*কিছুমান বস্তুৰ প্ৰতি থকা এলাৰ্জী, যেন- কিছুমান খাদ্য পদাৰ্থ, ফুলৰ ৰেণু, এলান্ধু, ধূলি বালি, ঘৰচীয়া জন্তুৰ শুকান ছালৰ গুড়ি, পাৰফিউম ইত্যাদি৷
*অত্যধিক ব্যায়াম
*প্ৰদূষিত বাতাবৰণ
*বতৰ বা উষ্ণতাৰ অত্যধিক তাৰতম্য
*কিছুমান ঔষধৰ সেৱনৰ ফলত, যেনে – কিছুমান বিষ নিবাৰক ঔষধ (NSAID), হৃদৰোগৰ বাবে ব্যৱহৃত এছপিৰিন, বিটা ব্লকাৰ ইত্যাদি৷
*কিছুমান খাদ্যৰ প্ৰতি থকা আসক্তি, যেনে – মন’ছডিয়াম গ্লুটামেট যুক্ত খাদ্য
*মানসিক চাপ বা উদ্বেগ
*গান গোৱা, হাঁহি বা ক্ৰন্দনৰ ফলত
*পাৰফিউম বা উগ্ৰ গোন্ধযুক্ত প্ৰসাধন সামগ্ৰী
*Acid reflux বা এচিডিটিৰ ফলত হোৱা টেঙা উগাৰ ইত্যাদি৷
#ব্ৰংকিয়েল এজ্মাৰ লক্ষণসমূহ – সাধাৰণতে তলত দিয়া যিকোনো লক্ষণ বা লক্ষণসমূহ এজ্মা হোৱা ৰোগীৰ ক্ষেত্ৰত দেখা যায় –
*উশাহ চুটি চুটি হোৱা
*বুকু আঁটি মাৰি ধৰা বা টান হৈ যোৱা
*উশাহৰ সময়ত হাওঁফাওঁৰ পৰা সোঁ সোঁ শব্দ হোৱা
*অত্যধিক কাহ, বিশেষকৈ ৰাতিৰ ভাগত যাৰ ফলত ৰোগী শুৱ নোৱাৰে

#ব্ৰংকিয়েল এজ্মাৰ প্ৰকাৰ: – সাধাৰণতে দুই ধৰণৰ এজ্মা দেখা যায়৷ যেনে-
*এলাৰ্জীযুক্ত বা বহিৰাগত কাৰকৰ প্ৰভাৱত হোৱা এজ্মা (allergic or extrinsic asthma): এইবিধ এজ্মাৰ বৈশিষ্ট্য হ’ল ধূলি বালি, ফুলৰ ৰেণু, ঘৰচীয়া জন্তুৰ শুকান ছালৰ গুড়ি ইত্যাদিৰ প্ৰভাৱত ইয়াৰ প্ৰকোপ বেছি হয়৷ সাধাৰণতে সৰু ল’ৰা ছোৱালীৰ ক্ষেত্ৰত এইবিধ এজ্মা বেছিকৈ দেখা যায়৷
*বিনা এলাৰ্জীযুক্ত বা আভ্যন্তৰীণ কাৰকৰ প্ৰভাৱত হোৱা এজ্মা (non allergic or intrinsic asthma): এইবিধ এজ্মা এলাৰ্জীৰ লগত জড়িত নহয়৷ সাধাৰণতে অত্যধিক মানসিক চাপ বা উদ্বেগ, ব্যায়াম, ঠাণ্ডা বতাহ, শ্বাসতন্ত্ৰৰ ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণ, ধোঁৱা ইত্যাদিৰ প্ৰভাৱত এইবিধ এজ্মা ৰোগ হোৱা দেখা যায়৷
*ব্যায়ামৰ প্ৰভাৱত হোৱা এজ্মা: – ব্যায়াম কৰাৰ ফলত বা শাৰীৰিক পৰিশ্ৰমৰ প্ৰভাৱত এনেধৰণৰ এজ্মা হোৱা দেখা যায়৷ সাধাৰণতে ব্যায়াম কৰাৰ ৫-২০ মিনিটৰ পিছত এনেধৰণৰ এজ্মা আৰম্ভ হয় আৰু উশাহ নিশাহত কষ্ট হয়৷
*ভিন্ন প্ৰকাৰৰ কাহৰ পৰা হোৱা এজমা: – এনেকুৱা এজ্মাত কেৱল কাহেই মুখ্য লক্ষণ হিচাপে দেখা দিয়ে৷ সাধাৰণতে নাক ৰন্ধ্ৰত হোৱা সংক্ৰমণ, পুৰণি চৰ্দী, চাইনাচাইটিছ্, এচিদ ৰিফ্লাস্ক‌ বা এচিডিটিৰ ফলত হোৱা টেঙা উগাৰ ইত্যাদিৰ প্ৰভাৱত এনেধৰণৰ এজ্মা হোৱা দেখা যায়৷
*বৃত্তি বা জীৱিকা সম্পৰ্কীয় এজ্মা: – এনেধৰণৰ এজ্মা মানুহজনৰ কৰ্মক্ষেত্ৰৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে৷ সাধাৰণতে ঘৰচীয়া পশু পালক, কেশবিন্যাসকৰ্তা (hair dresser), কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, খেতিয়ক, ৰং মিস্ত্ৰী ইত্যাদি মানুহৰ ক্ষেত্ৰত এনেধৰণৰ এজ্মা হোৱা দেখা যায়৷
*নিশাৰ ভাগত হোৱা এজ্মা: – (nocturnal asthma) সচৰাচৰ দেখা পোৱা এজ্মাৰ ভিতৰত ই প্ৰধান৷ এজ্মা থকা ৰোগীৰ সাধাৰণতে শেষ ৰাতি বা একেবাৰে ৰাতিপুৱাৰ ভাগত এজ্মাৰ প্ৰকোপ বৃদ্ধি হোৱা পৰিলক্ষিত হয়৷ ইয়াৰ মুখ্য কাৰণ হ’ল ৰাতিৰ ভাগত আমাৰ হাওঁফাওঁৰ কাৰ্য্যক্ষমতা কিছু পৰিমাণে কমি যায় আৰু হাওঁফাওঁৰ পৰা প্ৰদাহ বিৰোধী (Anti Inflammatory) পদাৰ্থৰ ক্ষৰণ এই সময়ছোৱাত বৃদ্ধি পায় আৰু এইটো নিয়ন্ত্ৰিত হয় আমাৰ শৰীৰত ২৪ ঘণ্টাই চলি থকা জৈৱিক ঘড়ী (circadian rhythm) ৰ দ্বাৰা৷ সাধাৰণতে এই শেষ নিশা বা একেবাৰে ৰাতিপুৱাৰ সময়ছোৱাতেই এজ্মাৰ বাবে হোৱা সৰহ সংখ্যক ৰোগীৰ মৃত্যু ঘটে৷
#এজ্মা ৰোগ কেনেকৈ চিনাক্ত কৰিব: সাধাৰণতে লক্ষণ বিলাকৰ ওপৰত ভিত্তি কৰি এজ্মা ৰোগ চিনাক্ত কৰা হয় যদিও কিছুমান পৰীক্ষাৰো দৰকাৰ হয়৷ যেনে-
*স্পাইৰ’মেট্ৰি: – এইটো এটা হাওঁফাওঁৰ কাৰ্য্যক্ষমতা নিৰূপণ কৰা পৰীক্ষা য’ত স্পাইৰ’মিটাৰ (spirometer) নামৰ যন্ত্ৰৰ সহায়ত মানুহজনে উশাহ নিশাহ কেনেদৰে লৈছে পৰীক্ষা কৰা হয়৷
*Peak Expiratory test: – Peak flow meter নামৰ এটা যন্ত্ৰত জোৰেৰে ৰোগীজনৰ নিশাহটো এৰি দিবলৈ দি পৰীক্ষা কৰা হয় কিমান জোৰেৰে মানুহজনে নিশাহত বায়ু এৰি দিছে৷
*বুকুৰ x-ray: – অন্য কোনো বেমাৰৰ বাবে এজ্মাৰ নিচিনা লক্ষণ দেখা দিছে নেকি পৰীক্ষা কৰিবলৈ বুকুৰ x-ray কৰিবলৈ দিয়া হয়৷
*ইয়াৰ উপৰিও এলাৰ্জী জনিত এজ্মাৰ বাবে তেজৰ ইঅ’চিনোফিল, IgE পৰীক্ষা কৰা হয়৷
#চিকিৎসা: – আধুনিক চিকিৎসা বিজ্ঞানত ব্ৰংকিয়েল এজ্মাৰ চিকিৎসাত এণ্টি-হিষ্টামিনিক, মিউকোলাইটিক, ষ্টেৰইড, ব্ৰংকডায়েলটৰ, নাকেৰে শুঙা ইনহেলাৰ ইত্যাদিৰ প্ৰয়োগ কৰা হয়৷ কিন্তু এই ঔষধ সমূহৰ বহুতো পাৰ্শ্বক্ৰিয়া থাকে৷

#আয়ুৰ্বেদিক দৃষ্টভংগী: – আয়ুৰ্বেদত ব্ৰংকিয়েল এজ্মাক তমক শ্বাসৰ লগত তুলনা কৰা হৈছে৷ আয়ুৰ্বেদ শাস্ত্ৰত এই ৰোগৰ কাৰণ সম্পৰ্কে অতি সুন্দৰ ভাবে বৰ্ণনা কৰা হৈছে৷

“रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात्৷
व्यायामाद्ग्राम्यधर्माध्वरूक्षान्नविषमाशनात्“

আয়ুৰ্বেদতো কোৱা হৈছে যে ধূলি, বালি, ধোঁৱা, বতাহৰ সংস্পৰ্শত, ঠাণ্ডা বাতাবৰণত বসবাস বা ঠাণ্ডা খাদ্য পদাৰ্থ সেৱন, নিজৰ শাৰীৰিক ক্ষমতাতকৈ অধিক ব্যায়াম, সদায় অত্যধিক চৰ্বীজাতীয় খাদ্য সেৱনৰ অভ্যাস, দৰকাৰতকৈ কম বা অত্যধিক খাদ্য সেৱন, খাদ্য খোৱাৰ সময়তকৈ আগত বা অতি দেৰিকৈ খাদ্য সেৱন, আম (হজম নোহোৱা খাদ্য) দোষৰ প্ৰকোপত, কোষ্ঠকাঠিন্যতাৰ লগতে পেটত গেছ উৎপন্ন হ’লে, অত্যধিক উপবাসে থকা, শৰীৰৰ গুৰুত্বপূৰ্ণ প্ৰধান অংগসমূহৰ দুৰ্বলতা বা আঘাত, বিৰুদ্ধ আহাৰ সেৱন, মাটি দাইল, দৈ ইত্যাদি কফকাৰক আহাৰৰ অধিক সেৱন ইত্যাদি কাৰণত শ্বাসৰোগৰ সৃষ্টি হয়৷
* আয়ুৰ্বেদ মতে তমক শ্বাসৰ লক্ষণ সমূহ: – আয়ুৰ্বেদত অতি সুন্দৰ ভাবে তমক শ্বাসৰ লক্ষণসমূহ বৰ্ণনা কৰা হৈছে যিবিলাক দেখিলে অন্য কোনো পৰীক্ষাৰ দৰকাৰ নহয়৷

“करोति पीनसं तेन रुद्धो घुर्घुरुकं तथा৷
अतीव तीव्रवेगं च श्वांस प्राणप्रपीडकम्৷“

হাওঁফাওঁৰ পৰা সোঁ সোঁ শব্দ হয়, উশাহ নিশাহত প্ৰচণ্ড অসুবিধাৰ সৃষ্টি হয়, মাংসপেশীৰ সংকোচনৰ ফলত মানুহজনে খুব কঁপিব পাৰে আৰু কাহ হব পাৰে, মূৰ্চা যাব পাৰে, যেতিয়ালৈকে মানুহজনৰ বুকুৰ পৰা কফ বা খেকাৰ ওলাই নাহে তেতিয়ালৈকে মানুহজনে আৰাম নাপায় আৰু খেকাৰ ওলাই যোৱাৰ পিছতহে অলপ আৰাম পায়, ৰোগীজনে চিৎ হৈ শুৱ নোৱাৰে আৰু বহি থাকিব পালে আৰাম পায়, গৰম খাদ্য খাব বিচাৰে, কপালত ঘাম ওলাব পাৰে আৰু অধৈৰ্য হব পাৰে, বাৰে বাৰে মুখৰ ভিতৰফাল শুকাই যায়, সঘনাই উশাহ নিশাহত কষ্ট অনুভৱ কৰে, সাধাৰণতে মেঘাচ্ছন্ন বতৰ, আদ্ৰ পৰিবেশত, ঠাণ্ডা বতাহৰ সংস্পৰ্শত ইয়াৰ প্ৰকোপ বেছি হয়৷

#আয়ুৰ্বেদিক চিকিৎসা: – আয়ুৰ্বেদিক চিকিৎসাত ৰোগটোৰ তিনিটা দিশৰ ওপৰত ধ্যান দিয়া হয়, যেনে-বেমাৰটোৰ প্ৰতিৰোধী দিশ, নিয়ন্ত্ৰণমূলক দিশ আৰু নিৰাময়মূলক দিশ এই তিনিধৰণৰ চিকিৎসাৰ পৰামৰ্শ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত দিয়া হয়৷ বেমাৰৰ প্ৰতিৰোধী চিকিৎসা হিচাবে ধূলি, বালি, পাৰফিউম, ঠাণ্ডা বাতাবৰণৰ পৰা আতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয়৷ লগতে ঋতু পৰিৱৰ্তনৰ সময়ছোৱাত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত৷ নিয়ন্ত্ৰণমূলক চিকিৎসাৰ লক্ষ্য হ’ল শ্বাসনলী বা হাওঁফাওঁত জমা হৈ থকা কফ গলাই পেলোৱা আৰু তাক বাহিৰ কৰি দিয়া৷ ইয়াৰ বাবে তলৰ ঔষধিসমূহ ব্যৱহাৰ কৰা হয়৷ যেনে- মুলেথি চূৰ্ণ – ই mucolytic হিচাপে কাম কৰে অৰ্থাৎ ই ভিতৰত জমা হৈ থকা কাহ বা খেকাৰক গলাই দিয়ে৷ তংকন ভস্ম – ই expectorant হিচাপে কাম কৰে আৰু হাওঁফাওঁৰ পৰা কফ উলিয়াই আনে৷ স্ফটিকা ভস্ম – ইও হাওঁফাওঁৰ ভিতৰত জমা হৈ থকা কফ উলিয়াই অনাত সহায় কৰে৷ লগতে নিউমোনিয়া ইত্যাদি সংক্ৰমণ প্ৰতিহত কৰাত স্ফটিকা ভস্মৰ নিচিনা দ্বিতীয় এবিধ ঔষধ পোৱা কঠিন৷ ইয়াৰ উপৰিও বাসা, কণ্টকাৰী ইত্যাদি ঔষধৰো প্ৰয়োগ কৰা হয় যিয়ে শ্বালনলী প্ৰসাৰক (bronchodilator) হিচাপে কাম কৰি উশাহ নিশাহত হোৱা কষ্ট কমাই দিয়ে৷

নিয়ন্ত্ৰণমূলক চিকিৎসা হিচাবে হৰিদ্ৰা আৰু ত্ৰিকটু চূৰ্ণ সেৱনৰ পৰামৰ্শ দিয়া হয়৷ এগিলাচ গৰম গাখীৰত আধা চামুচ হালধি মিহলাই ৰাতি শোৱাৰ সময়ত খাব লাগে লগতে ত্ৰিকটু চূৰ্ণ এচামুচকৈ দিনত দুবাৰ ভাত খোৱাৰ পিছত মৌৰ লগত মিহলাই খাবলৈ দিয়া হয়৷ যদি মানুহ এজনে নিয়মিতভাবে ত্ৰিকটু চূৰ্ণ তিনি চাৰিমাহ সেৱন কৰে আৰু ধূলি, বালি, ধোঁৱা ইত্যাদি প্ৰদূষিত বাতাবৰণৰ পৰা নিজকে আতৰাই ৰাখিব পাৰে তেন্তে তেনে মানুহৰ এলাৰ্জী হোৱাৰ সম্ভাৱনা একেবাৰে কমি যায়৷ ইয়াৰ উপৰিও ৰোগী বিশেষে শীতোপলাদি চূৰ্ণ, তালিসাদি চূৰ্ণ, শ্বাস-কাস চিন্তামনি ৰস, কণকাসৱ, বাসকাৰিষ্ট, ব্ৰিসল চিৰাপ, চেপ্টিলিন ইত্যাদি ঔষধৰ প্ৰয়োগ কৰিব পৰা যায়৷

☆★☆

2 thoughts on “নিদ্ৰা হৰণকাৰী এজমা (asthma) বা হাঁপানী ৰোগ- ডা° মুকুল শৰ্মা

  • September 24, 2020 at 7:52 pm
    Permalink

    দুপৰীয়া ভাত খোৱাৰ পাছত উশাহ লোৱাৰ কস্ত হয়

    Reply
  • October 29, 2020 at 3:24 pm
    Permalink

    মোৰ আজি ৪-৫ বছৰৰ পুৰণি এজমা বহুত চিকিৎসা কৰিলোঁ কিন্তু ভাল নহ’ল ছাৰ এতিয়া আপুনি এটা উপাই দিয়ক মই কি কৰিম

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!