নিমন্ত্ৰণ (নৱ কোঁৱৰ)

Naba Konwar poem

সময় পালে আহিবা বন্ধু
নৱবৰ্ষক আদৰণি জনাম
….
এতিয়া পুহ মাহ
বাহিৰত হাড় কঁপোৱা জাৰ ।
ৰঙা অঙঠাৰ জুই,
তাৰেই কাষত বহিম ।
লগে ভাগে এসাঁজ খাম ।
মদিৰাৰ মিঠা সোৱাদত
ৰঙীন হব এটা দিন !
অলপ উচ্চাংগ সংগীত শুনিম ।
মদিৰাৰ ৰাগীত মতলীয়া হ’লে
এপাক নাচিম । একেলগে ॥

সজাই ৰাখিম
খৰিকা ভৰাই
কোমল সুগন্ধি মঙহ ।
বজাৰত এতিয়া বৰ সুলভ
মঙহৰ বেহা ॥
তৰাং নদীত খেপিয়াই
মাছ ধৰাৰ অৱকাশ নাই ।
বজাৰৰ পৰাই আনিম
কচ্ কিম্বা ইলিচ্ ।
পকা তেলত
মচলাৰে সৈতে
টানকৈ ভাজিলে
তুমি চাগে ভাল পাবা ।

মতলীয়া হৈ বগা চুলিৰে
খাপ নাখাব বন্ধু !
বগা চুলিত কলপ সানি
নতুন বছৰক আদৰি ল’ম ।
নতুন পুনৰ পুৰণি হ’ব !
পাৰ হোৱা দিনবোৰ হৈ ৰ’ব
অতীত, একোখিলা মৰহা পাত,
প্ৰাণহীন নিৰস জীৱাশ্ম !!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!