নিৰ্বাচিত কথা-বতৰা (২)

দিহিঙে-দিপাঙে

আগন্তুক:

১. নাৰেঙ্গী আ: সাহিত্য সভাৰ উদ্যোগত শঙ্কৰ-মাধৱ জাতীয় বিদ্যালয়, বীৰকুছিত অহা ২৫ চেপ্তেম্বৰ তাৰিখে দিনৰ ১০ বজাৰ পৰা ১ বজালৈ ইউনিকোডত অসমীয়া লিখনৰ কৰ্মশালা অনুষ্ঠিত কৰা হ’ব |

 

 

বিগতঃ

১. যোৱা ২০ আগষ্ট ২০১১ তাৰিখে দিনৰ চাৰি বজাৰ পৰা নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত  “অসম এছোচিয়েচন”, “সাহিত্য ডট অৰ্গ” আৰু “অসমীয়াত কথা বতৰা” গোটৰ সহযোগত ইউনিকোডৰ সহায়ত কম্পিউটাৰ আৰু ইন্টাৰনেটত অসমীয়া লেখনৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হয় |

২. যোৱা ২৮ আগষ্ট ২০১১, দেওবাৰে যোৰহাট প্ৰেছ ক্লাবত ইউনিকোডৰ সহায়ত কম্পিউটাৰ আৰু ইন্টাৰনেটত অসমীয়া লেখনৰ এক কৰ্মশালা এনাজৰী ডট কম, সাহিত্য ডট অৰ্গ আৰু যোৰহাটৰ ‘নেচাৰ্ড’ৰ সহযোগত অনুষ্ঠিত কৰা হয় |

৩. অসমীয়াত কথা বতৰা আৰু সাহিত্য ডট্ অৰ্গৰ উদ্যোগত অসমৰ মাননীয় শিক্ষামন্ত্ৰী, সচেতন ৰাইজলৈ প্ৰথমখন ৰাজহুৱা পত্ৰ যোৱা ১৫ আগষ্ট তাৰিখে প্ৰেৰণ কৰা হয় |

৪. যোৱা ২৭ আগষ্টত ডুলিয়াজানৰ ওচৰৰ বকুলনিৰ AGBP – NEEPCO ৰিক্ৰিয়েচন ক্লাৱত কম্পিউটাৰ আৰু ইন্টাৰনেটত অসমীয়া লেখনৰ এক কৰ্মশালা শব্দ.সংঘৰ সহযোগত অনুষ্ঠিত কৰা হয় |

৫. যোৱা ৩ চেপ্টেম্বৰ তাৰিখে  NITS মিৰ্জাত ইউনিকোডত অসমীয়া লিখনৰ কৰ্মশালা শব্দ.সংঘৰ সহযোগত অনুষ্ঠিত কৰা হয় |

৬. যোৱা ৭ চেপ্তেম্বৰ তাৰিখে অসমৰ তথ্যকোষৰূপে পৰিচিত স্বনামধন্য সাংবাদিক শান্তনু কৌশিক বৰুৱাদেৱে সাংবাদিকতাৰ ৰূপালী জয়ন্তীত ভৰি দিয়ে | “সাহিত্য ডট্‌ অৰ্গ”ৰ তৰফৰ পৰা তেখেতলৈ অভিনন্দন জনালোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ |

 

 

 

 

মনৰ পৰা সমাজলৈ

মনোহৰ দত্ত

আজি এখন সম্বৰ্দ্ধনা অনুষ্ঠানলৈ গৈছিলোঁ| তাত অসমৰ বৰেণ্য চিন্তাবিদ ড০ হীৰেন গোহাঁই ছাৰে মুখ্য অতিথিৰ ভাষণত ক’লে যে ‘অসমৰ নতুন প্ৰজন্মৰ মাজত মেধাৱীৰ সংখ্যা বাঢ়িছে, কিন্তু বঢ়া নাই সামাজিক দায়িত্ববোধ|’ ছাৰৰ ভাষণৰ এই কথাখিনিয়ে মনত সাঁচ বহুৱালে|

*********************

 

অক্লান্টিকা শইকীয়া

গুৱাহাটীৰ তিনিআলি, চাৰিআলি, পাঁচআলিবোৰত যান-বাহন নিয়ন্ত্ৰন কৰিবলৈ ট্ৰেফিক পুলিচ বিভাগে লগোৱা ৰঙা লাইটবোৰ ৰাইজৰ ধনেৰেই লগোৱা হৈছে। গতিকে ট্ৰেফিক নিয়ম নামানি ৰঙা লাইট ভংগ কৰি থাকিলে এইবোৰ লগোৱা অৰ্থ নাথাকে। ৰাইজে নিজেই যদি ৰাজহুৱা ধনৰ অপচয় কৰে তেন্তে কোনো দুৰ্নীতি বিৰোধী সমাবেশত যোগদান কৰি একো লাভ নাই।

**********************

 

অঞ্জল বৰা

অসমৰ এখন প্ৰধান বিশ্ববিদ্যালয়, গুৱাহাটীৰ মাজমজিয়াত থকা ‘গুৱাহাটী বিশ্ববিদ্যায়’ৰ বহু বিভাগত শিক্ষক-ছাত্ৰই ব্যৱহাৰ কৰিব পৰাকৈ ইণ্টাৰনেটৰ সুবিধাই নাই৷ যি সময়ত বাহিৰৰ বিশ্ববিদ্যালয়সমূহে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ন-ন কলা কৌশল ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰে সেই সময়ত অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহু শিক্ষকেই ইণ্টাৰনেটৰ সুবিধা লাভ নকৰে৷ ইয়াতকৈ অসমৰ শিক্ষা ব্যৱস্থাৰ দুখ লগা কিবা থাকিব পাৰেনে?

************************

 

ছাও দিপাঙ্কৰ বৰুৱা

আজি আকৌ এটা বন্ধ হৈ গ’ল। অসমৰ মাটি বাংলদেশক গতাই দিব নে নিদিয়ে তাৰ একো সিদ্ধান্তও লোৱা নহ’ল কিন্তু এটা বন্ধ সফল হ’ল ।

************************

 

অঞ্জল বৰা

এটা সময় আছিল ‘অসম সাহিত্য সভা’ বুলিলে মানুহৰ মনত এক শ্ৰদ্ধাৰ ভাৱ জাগ্ৰত হৈছিল৷ ‘অসম সাহিত্য সভা’ৰ অধিৱেশনলৈ গৈ নতুন সভাপতিগৰাকীক এবাৰ দৰ্শন কৰি নিজকে ধন্য কৰিছিল৷ কিন্তু এতিয়া ‘অসম সাহিত্য সভা’ বুলিলে মানুহৰ মনত সেই পুৰণি আৱেদন লক্ষ্য কৰা নাযায়৷ এতিয়া একেখন বাতৰি কাকততে এফালে ‘অসম সাহিত্য সভা’ৰ নতুন নতুন অভিলাষী আঁচনিৰ খবৰ, অসমীয়া ভাষা-সাহিত্যৰ জনজাগৰণ যাত্ৰাৰ খবৰ আৰু আনফালে দুৰ্নীতি, কেলেংকাৰীৰ খবৰে ভৰি থাকে৷

************************

 

মালিনী গোস্বামী

বন্ধু এজনৰ পৰা কাম এটা কৰি দিয়াৰ বাবে বিষয়া এজনে টকা দুহাজাৰ লৈ আজি হ’ব বুলি হেনো কথা দিছিল। অফিচত গৈ গম পালে বিষয়াজন আজি অনুপস্থিত। কিয়নো তেওঁ হেনো আজি আন্না হাজাৰেৰ আন্দোলনত যোগ দিব গৈছে।

************************

 

বনজীত্ পাঠক

আজি এখন ১৮৩৩ (ওঠৰ শ তেত্ৰিছ চন)ত লন্ডনত ছপা হোৱা (বাংলাৰ পৰা ইংৰাজীলৈ ) অভিধান দেখিলো। অভিধান খনৰ বিশেষত্ব এয়ে যে তাত বাংলা “র” বোৰ ঠাইত অসমীয়া “ৰ” হে আছে।

************************

 

দেবাংগ গগৈ

আমাৰ প্রধানমন্ত্রী জন নিকা ভাৱমূর্তিৰ বুলি সকলোৱে ঢাক-ঢোল কোবাই থাকে, কিন্তু তেওঁ যে অসমৰ বাসিন্দা বুলি এটা মিছা ঠিকনা সৃষ্টি কৰি সাংসদ হৈ এটা মহা ফাঁকি দিয়া নাই নে দেশবাসীক? গোকোট মিছাকথীয়া এজন আমাৰ দেশৰ নেতা নহয় নে? এয়া দুর্নীতি নহয় যদি কি?

************************

 

প্রণৱজ্যোতি দাস

আপুনি আপোনাৰ নিজৰ কাম এটা সোনকালে হ’বৰ কাৰনে অফিচৰ ৰ্কমচাৰী বা বিষয়াক ঘোচ দিবনে? বুকুত হাত থৈ কওক।

************************

 

পংকজ বৰা

আমাৰ মন্ত্ৰী মহোদয় ইউৰোপ ভ্ৰমনলৈ কিছুদিন আগেয়ে আহিছিল ইয়াৰ স্কুলীয়া ব্যৱস্থা পৰিদৰ্শন কৰিবলৈ ৷ কেতিয়া আহিল জানেনে ? যেতিয়া ইউৰোপত গৰমৰ বন্ধ চলি আছিল আৰু সকলো স্কুল-কলেজ বন্ধ আছিল ! অসমৰ ৰাইজৰ ধনেৰে প্ৰমোদ ভ্ৰমন কৰি গুছি গ’ল ৷

************************

 

ৰসানন্দ গগৈ

মই ভাবোঁ, বৰ্তমান অসমৰ বাবে ডাঙৰ সমস্যাটো হৈছে- অসমীয়াই নিজকে ‘অসমীয়া’ বুলি নভবাটোহে !!

************************

 

পৰাণজ্যোতি ভূঞা

টকা পইচা, মাটি,ঘৰ দুৱাৰ আদি সম্পত্তিয়ে য়ে মানুহক অহংকাৰী কৰে বা মানুহৰ মাজতে ভেদাভেদ আনে ৷ এইবোৰ অবিহনে মানুহৰ মূল্য নাই নেকি ? চৰিত্ৰ, শিক্ষা, নৈতিকতা আদিও জানো সম্পত্তি হ’ব নোৱাৰে !

************************

 

হিমজ্যোতি তালুকদাৰ

আমি অসমীয়া সকল অতীজৰে পৰা ‘কনফিউজড্’ জীৱ। ‘অ মোৰ আপোনাৰ দেশ’ গীতটিৰ কথাকে কওঁ। লক্ষ্মীনাথ বেজবৰুৱাই ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটিত লিখিছিল ‘চাই লওঁ এবাৰ মুখনি তোমাৰ’ হিচাবে। কিন্তু কমলা প্ৰসাদ আগৰৱালাই সুৰ দিওঁতে সেইটো সলনি কৰি বনালে ‘চাই লওঁ তোমাৰ মুখনি এবাৰ’। কিয় সলনি কৰা হ’ল জনাৰ উপায়েই নাই হেনো। যদি ‘ছপাশালৰ ভুত’ৰ দৰে কিবা এটা ঘটিল, তেন্তে তাতোকৈ লাজৰ কথা কিবা আছেনে ?

************************

পংকজ বৰা

বানপানী য’ত বছেৰেকীয়া ঘটনা, তাত দুৰ্য্যোগ ব্যৱস্থাপনাৰ কোনো উপযুক্ত ব্যৱস্থা নাই কিয় ? ধেমাজি ঢকুৱাখনাৰ বানপানী নিয়ন্ত্ৰণৰ নামত যোৱা টকাৰে স্কোডা কিনিবনে নে হ’ণ্ডা চিটি কিনিব তাক লৈ দিল্লীত বিলাসী জীৱন কটোৱা মন্ত্ৰী বিধায়ক, সাংসদ সকলে লাখ লাখ বন্যাৰ্তৰ বাবে এখন দ্ৰুতবেগী জীৱনৰক্ষক নৌকা কিনাৰ ব্যৱস্থা কৰিব নোৱাৰে কিয় ? তেখেতসকৰ সন্তানক বি এম ডব্লিউ লৈ যেতিয়া নিউয়’ৰ্ক বা লণ্ডন বা স্কটলেণ্ডৰ ৰাজপথত তেল পুৰিবলৈ টকাৰ যোগান ধৰে তেতিয়া বন্যাৰ্তক এসাঁজ ভাত বা এটুপি পানী বা জলাবলৈ অকনমান কেৰাচিন দিয়াৰ কথা চিন্তা কৰিব নোৱাৰে কিয় ? বিদেশ ভ্ৰমণ কৰি থকা নেতা সকলে বিদেশৰ উন্নত দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱস্থা সমূহ পৰিদৰ্শন নকৰে কিয় ? কুকুৰ মেকুৰীৰ দৰে বানপানীত উটি যায় আমাৰ মানুহ ! হায় আমাৰ প্ৰশাসন, হায় আমাৰ ৰজাঘৰীয়া সকল, হায় আমাৰ গণতন্ত্ৰ !

************************

 

সুশান্ত কৰ

ইৰোম শর্মিলাক লৈ সমগ্র দেশ্ত এতিয়া কথা উঠিছে। ভাল। প্রশ্ন উঠিছে কিয় তেওঁক ইমান দিনে সমগ্র ভাৰতে কোনো গুৰুত্ব দিয়া নাই? গুৰুত্ব নিদিয়ে , ই এক সমস্যা। কিন্তু অলপ কম আৱেগিক হৈ, মোৰ মনত প্রশ্ন, অখিল গগৈৰ আন্দোলনে জাতীয় দৃষ্টি আকর্ষণ কৰিবলৈ সমর্থ হৈছে কেনেকৈ? দুয়োজন মহান সংগ্রামী। কিন্তু অখিল গগৈ পৰিপক্ক নেতা, আৰু সংগঠক । নহয় নে বাৰু? শর্মিলাই জানো কেতিয়াও, নিজৰ অনশনক এক গণ আন্দোলনৰ চেহেৰা দিবলৈ চেষ্টা কৰিলেনে? উত্তৰ পূর্বাঞ্চলতো তেওঁৰ আন্দোলনক কাংক্ষিত ৰূপ দিবলৈ সমর্থ হ’ল নে? এই আত্মসমালোচনা আমি কৰাটো উচিত নহ’ব জানো?

************************

 

পংকজ নেওগ

অসমখন কৃষিপ্ৰধান দেশ। ইয়াত ৪ৰ্থ বৰ্গৰ কেইটামান চাকৰী`লাভৰ লোভত উদ্যোগৰ বাবে খেতিমাটি ব্যৱহাৰ কৰিবলৈ দি চিৰদিনৰ বাবে দেশৰ কৃষি উৎপাদন কমাই চাউলৰ বাবে পৰমুখাপেক্ষী হোৱাৰ কিবা যুক্তি আছেনে?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!