নিৰ্বাচিত কথা-বতৰা

সাহিত্য ডট অৰ্গৰ মুকলি প্ৰশ্ন শিতানৰ এই সংখ্যাৰ প্ৰশ্নটি আছিল –

নাৰীশিক্ষা প্ৰচলনৰ সমান্তৰালভাৱে কৰ্মক্ষেত্ৰত বৃদ্ধি পাইছে মহিলা কৰ্মচাৰী৷ এয়া নিশ্চয়কৈ শুভ লক্ষণ৷ বিপৰীতে মাতৃসকলৰ ক্ষেত্ৰত সন্তানক লৈ কিছু পৰিমাণে অনিশ্চয়তা দেখা পোৱা যায়৷ ফেক্টৰী আইন, ১৯৪৮ ৰ মতে ৩০ গৰাকী মহিলা কৰ্মচাৰী থাকিলে শিশুৰ প্ৰতিপালনৰ উদ্দেশ্যে কৰ্মক্ষেত্ৰৰ ৫০০ মিটাৰৰ ভিতৰত এটা ক্ৰেছৰ ব্যৱস্থাৰ সুবিধা আছে৷ Maternity Benefit Act, 1961 ৰ আওতাত চৰকাৰী মহিলা কৰ্মচাৰীৰো এই সুবিধা পোৱাৰ ব্যৱস্থা আছে৷ তৎস্বত্বেও কাৰ্য্যক্ষেত্ৰত ই হৈ উঠা নাই । এই বিষয়ে আপোনালোকে কি বুলি ভাৱে ?

মতামত:

উৎপলা কৌৰ: মানুহৰ আইনী অধিকাৰৰ প্ৰতি অজ্ঞতা তথা নিয়োগকৰ্তাৰ হেমাহিৰ বাবেই হয়তো Factory act 1948 থকাৰ পাছতো আজিলৈকে কৰ্মক্ষেত্ৰত ক্ৰেছ ব্যৱস্থা হৈ নুঠিল৷ কিন্তু যোৱা ২৭ মাৰ্চত পাছ হোৱা THE MATERNITY BENEFIT (AMENDMENT) ACT, 2017 য়ে ৫০জনৰ ওপৰত কৰ্মচাৰী (পুৰুষ মহিলা নিৰ্বিশেষে) থকা সকলো ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক পাঁচশমিটাৰ বা সুবিধাজনক দূৰত্বত ক্ৰেছ স্থাপন কৰা আৰু কৰ্মৰ সময়ত মাতৃগৰাকীক চাৰিবাৰ শিশুটিৰ ওচৰলৈ যাবলৈ দিয়াটো বাধ্যতামূলক কৰিছে৷ অকল সেয়ে নহয়, এই আইনৰ দ্বাৰা প্ৰাপ্ত সা-সুবিধা সম্বন্ধে নিয়োগ পত্ৰতে উল্লেখ থাকিব লাগিব৷ মানুহৰ সজাগতাই আইন ফলপ্ৰসূ হোৱাৰ ক্ষেত্ৰত সহায় কৰিব৷

পালিতা মাতৃয়ে যদিহে তোলনীয়া সন্তানটোৰ বয়স তিনিমাহতকৈ কম হয় আৰু ভেৰোণীয়া মাতৃসকলেও এই সংশোধনীৰ জৰিয়তে প্ৰসৱকালীন ছুটি লাভ কৰিব৷

ৰঞ্জুমণি মহন্ত: মেটাৰনিটি বেনিফিট এক্ট ১৯৬১’ ৰ শেহতীয়া সংশোধনী অনুসৰি ৫০ জন বা ততোধিক কৰ্মচাৰী থকা প্ৰতিটো প্ৰতিষ্ঠানতে ’ক্ৰেচ’ ৰ সুবিধা থকাটো বাধ্যতামূলক৷ তদুপৰি এই আইন অনুসৰি মহিলা কৰ্মচাৰী সকলে দিনটোত চাৰিবাৰ পৰ্যন্ত তালৈ যাব পাৰিব৷ ইয়াৰ অৰ্থ এয়ে যে, এই সুবিধা উপলব্ধ হবলৈ এটা প্ৰতিষ্ঠানত অতি কমেও ৫০ জন কৰ্মচাৰী থাকিব লাগিব৷ বহুবিলাক চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ সংখ্যা ৫০ জন নথকা, কৰ্তৃপক্ষৰ অমনোযোগিতা আৰু কৰ্মচাৰীসকলৰ এই বিষয়ে সজাগতাৰ অভাৱ আদিৰ ফলতেই চৰকাৰী খণ্ডৰ মহিলা কৰ্মচাৰীসকল এই সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে৷ উল্লেখযোগ্য যে, ’মেটাৰনিটি বেনিফিট এক্ট ১৯৬১ ’ ৰ শেহতীয়া সংশোধন অনুসৰি মহিলা কৰ্মচাৰী সকলৰ মাজত এই আইনৰ অধীনত পাব পৰা সুবিধা সমূহৰ বিষয়ে নিয়োগৰ সময়তে অৱগত কৰাটো বাধ্যতামূলক কৰি এই বিষয়ে সজাগতা গঢ়ি তোলা কথাটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ যোৱা এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱা এই সংশোধিত আইন খনে চৰকাৰী খণ্ডত কৰ্মৰত মহিলা কৰ্মচাৰী সকলক এই খিনি সা-সুবিধা দিয়াটো নিশ্চিত৷

অনুপমা বৰগোঁহাই: আমাৰ দেশত বহুবোৰ নীতি নিয়ম লিখিত ৰূপতেই নথি পত্ৰত ৰৈ যায়৷ ইয়াৰ কাৰণ হ’ল সাধাৰণ জনসাধাৰণে এই নীতি নিয়ম বা আইন নাজানে আৰু জনাসকলৰো ব্যৱস্থাৰ প্ৰতি অনাস্থা আৰু উন্নাসিক মনোভাৱ৷ যি সকল মহিলা কৰ্মচাৰীয়ে এই চৰকাৰী ব্যৱস্থাৰ কথা জানে, তেওঁলোকে এই ক্ষেত্ৰত সকলোকে সজাগ কৰিব লাগে আৰু কাৰ্যকৰী কৰাত গুৰুত্ব দিব লাগে৷ চৰকাৰী বা বেচৰকাৰী যি কোনো ক্ৰেচ কিমান সুৰক্ষিত, শিশু এটিক সঠিক যত্ন আৰু প্ৰতিপালন কৰা হৈছে নে নাই— এই দিশটোত অধিক গুৰুত্ব নিদিলে এনে বহুবোৰ ক্ৰেচ গঢ়ি উঠিলেও চাকৰিজীৱি মাতৃসকলৰ কোনো উপকাৰ নহ’ব৷

অঞ্জুম আহমেদ: আমি বেছি ভাগেই দুয়োখন আইনৰ বিষয়ে অজ্ঞ৷ নিজৰ অভিজ্ঞতাৰ পৰা কওঁ সৰু লৰা ছোৱালী ক ঘৰত অকলে কাম কৰা মানুহৰ লগত থৈ গৈ চাকৰি কৰা বা কাম কৰাটো কিমান কষ্টকৰ৷ সমাজ কল্যাণ বিভাগৰ পৰাও ক্ৰেশৰ ব্যৱস্থা আছে৷ চাহবাগিচা বা ইটা ভাটা বেছিকৈ থকা অঞ্চলবোৰত এই বিভাগে ক্ৰেশৰ ব্যৱস্থা কৰাৰ নিয়ম আছে৷ তথাপিও অজ্ঞতাৰ বাবেই হওক বা আন কিবা কাৰণত আমি ইয়াৰ সুফল লাভ কৰিব পৰা নাই৷

বন্দিতা গগৈবৰা: বৰ ভাল আৰু সময়োপযোগী বিষয়৷ আইনখন কাৰ্য্যকৰী হ’লে ভৱিষ্যৎ প্ৰজন্মৰ মহিলা কৰ্মচাৰী সঁচাকৈয়ে বহু উপকৃত হ’ব৷ বহুক্ষেত্ৰত বহু প্ৰতিভাৱান মাতৃয়ে সন্তানৰ লালন-পালন কৰিবলৈকে নিজৰ বহু উচ্চ পদবীয়ো এৰি দিবলৈ বাধ্য হোৱা দৃষ্টিগোচৰ হৈছে৷ এনে আইনৰ আওতাত এই সুবিধা উপভোগ কৰাৰ বিষয়ে নিশ্চয়কৈ চিন্তা -চৰ্চাৰ থল আছে৷

কলচুম বিবি: মহিলা কৰ্মচাৰীসকল সদায় অনিশ্চয়তাত ভোগে৷ ফেক্টৰী লাইনত থকাৰ দৰে চৰকাৰী মহিলাসকলে এই সুবিধা পালে সন্তানৰ প্ৰতিপালনৰ ক্ষেত্ৰত নিশ্চয় সহায় হ’ব৷ কাৰণ শিশু হৈছে ভৱিষ্যতৰ নাগৰিক৷ মাতৃৰ অনুপস্থিতিত শিশুসকল বিভিন্ন সমস্যাৰ সন্মূখীন হ’ব পাৰে৷ সন্তানক চোৱা- চিতা কৰিবৰ বাবে বহুতো মহিলাই নিজৰ পদবী এৰিব লগাও হয়৷ কেতিয়াবা সেই লৈ ঘৰুৱা কন্দল পৰ্যন্ত হয়৷ যাৰ বাবে মহিলাগৰাকীৰ মানসিক অশান্তিৰ সৃষ্টি হয়৷ এই আইন কাৰ্যকৰী হ’লে মহিলা কৰ্মচাৰীসকল নিশ্চয় উপকৃত হব৷ এই সম্পৰ্কে লিখা মেলা কৰিলে নিশ্চয় সুফল পোৱা যাব৷

চবিনা ইয়াচমিন: প্ৰয়োজনীয় বিষয়৷ মহিলাসকলে কিছুমান কৰ্তব্যত এৰা ধৰা কৰিলেও এই সন্তান লালন-পালন কৰা কৰ্তব্যটোৰ ক্ষেত্ৰত কোনো প্ৰকাৰেই এৰা ধৰা কৰিব নোৱাৰে৷ কাৰণ সন্তান আৰু মাতৃৰ সম্পৰ্ক সুকীয়া৷ এই আইন কাৰ্য্যকৰী হ’লে মহিলা কৰ্মচাৰীসকলৰ বহু সুবিধা হ’ব৷ মোৰ বোধেৰে চৰকাৰক এই আইন কাৰ্য্যকৰী কৰাৰ দিশত আবেদন জনোৱাৰ লগতে জনসাধাৰণৰ মাজতো সজাগতাৰ সৃষ্টি কৰিব লাগে৷ কাৰণ এনে এক আইন আছে বুলি বহুতে নাজানিবও পাৰে৷ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত বিবেচনা কৰি এই আইন বলৱৎ কৰাৰ ক্ষেত্ৰত চৰকাৰক প্ৰত্যক্ষ বা পৰোক্ষভাবেও আবেদন জনোৱা উচিত৷

গোৱিন্দ প্ৰসাদ ভূঞা: পশ্চিমৰ দেশবোৰত এয়া সাধাৰণ কথা, অৰ্থাৎ কৰ্মই ধৰ্ম বুলি ভবা সেইবোৰ দেশত কেঁচুৱাৰ বাবে যাতে মাকৰ কামত বাধা নজন্মে, তাৰ বাবে কৰ্মস্থলীৰ ওচৰতে কেঁচুৱা থোৱাৰ সুন্দৰ বন্দোৱস্ত আছে৷ সেইবোৰ দেশৰ মানুহে নতুন আইন কিবা প্ৰণয়ন হৈছে নেকি খা-খবৰ ৰাখি অনতিবিলম্বে সেয়া পালন কৰে৷ আমাৰ দেশত আইনক বুঢ়া আঙুলি দেখুৱাই চলি থকা মানুহৰ সংখ্যাই অধিক৷ ফলত নিজৰেই লোকচান হয়৷ যি কি নহওক, কৰ্মস্থলীৰ ওচৰতে কেঁচুৱা থ’ব পৰাৰ এই কথাটো গুৰুত্বপূৰ্ণ৷ প্ৰবল জনমত গঠনেৰে এয়া কাৰ্যকৰী হ’ব লাগে৷

জয়শ্ৰী মেচ গগৈ: মেটাৰনিটি লিভৰ বিষয়ে জানো কিন্তু অসমতো যে ক্ৰেছৰ ব্যৱস্থা আছে নাজানিছিলোঁ৷ বিষয়টো উনুকিয়াই দিয়াৰ বাবে ধন্যবাদ৷ আচলতে এইটো ব্যৱস্থা অনতিপলমে প্ৰযোজ্য হোৱা উচিত বুলি মই ভাবোঁ৷ মই নিজে ভূক্তভোগী এইক্ষেত্ৰত৷ এটা এনেকুৱা পৰ্যায় অতিক্ৰম কৰি আহিলো কৰ্ম ক্ষেত্ৰত যে ভাবিলে এতিয়া দুখ লাগে৷ সন্তানক তিনি মাহতে এৰি বিদ্যালয় যাব লগা হৈছিল মই৷ আৰু কেৱল সন্তানটিক খুৱাবৰ বাবেই প্ৰধানৰ হাতে ভৰিয়ে ধৰি নিজৰ ক্লাছকেইটা কৰি আহিবলগীয়া হৈছিল৷ তিনি কিলোমিটাৰ বাট অহা যোৱা কৰিলোঁ তেনেকৈ শেষত উপায়হীন হৈ লৰাক বোকোচাত বান্ধি অহা যোৱা কৰিছিলো৷ এনেকুৱা পৰিস্থিতিত ক্ৰেছৰ ব্যৱস্থাই সদ্যমাতৃ সকলক বহুত বেছি সকাহ দিব বুলি মই বিশ্বাসী৷ গাওঁ বা চহৰ যিয়েই নহওক এনে ব্যৱস্থা সকলো কৰ্মক্ষেত্ৰত উপলব্ধ হোৱাটো বিচাৰোঁ৷ তাৰ বাবে এটা সজাগতাৰ বাতৰি প্ৰচাৰ হওক৷

খঞ্জন কুমাৰ দাস: আইনখনৰ প্ৰয়োগ সম্পৰ্কে প্ৰয়োগকৰ্তা সকলৰ অনীহা আৰু আইনৰ সুবিধা উপভোগ কৰিব লগীয়া সকলৰ ব্যক্তিগত অজ্ঞতা৷

ভাৱনা বৰ্মন: বহুত মহিলা কৰ্মচাৰীয়ে maternity benefit Actৰ কথা নাজানে, চৰকাৰে তেওঁলোকক প্ৰদান কৰা সহায়-সুবিধাৰ কথা নাজানে৷ চৰকাৰৰ তৰফৰ পৰা তথা বেচৰকাৰী সংগঠন বোৰে এই আইন কাৰ্য্যকৰী হবলৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷

তনুৰূপা গোস্বামী: মই নিজে মহিলা কৰ্মচাৰী হৈও আজিহে এই কথা জানিলো৷ অজ্ঞতাৰ বাবে লজ্জিত৷ উক্ত আইনখন সম্পৰ্কে মহিলাসকলৰ বেছিভাগেই অজ্ঞ, আৰু বিভাগীয় কৰ্তৃপক্ষইয়ো এই অজ্ঞতাৰ সুযোগ লৈ এনে কোনো কাৰ্যপন্থা হাতত লোৱা নাই বুলি মোৰ ব্যক্তিগত মতামত৷ অকব মুকলি প্ৰশ্ন শিতানৰ জৰিয়তে এই আইনখনৰ উপস্থিতি সম্পৰ্কে জানি সুখী হ’লো৷

কৰৱী গগৈ: নৱজাতক সন্তান আৰু মাতৃ দুয়োপক্ষৰে শক্তিশালী আৱেগিক অনুভূতি জড়িত হৈ আছে এই বিষয়টোত৷ প্ৰাকৃতিক আৰু বিজ্ঞানসন্মত ভাৱেও জন্ম মূহূৰ্তৰ পৰা প্ৰায় ১বছৰ ৬মাহ মান বয়সলৈ সন্তান আৰু মাতৃ উভয়কে এটিৰ আনটোৰ সংগ অপৰিহাৰ্য৷ শিশু মনোবিজ্ঞান অনুসৰিও মাতৃ আৰু সন্তানৰ মানসিক, আৱেগিক সম্পৰ্ক সুদৃঢ় কৰাত এই সময়খিনিয়ে সহায় কৰে৷ গতিকে, Maternity Benifit Act এই আইন খনৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজন৷ শেহতীয়াভাৱে MB আইনখন ৰাষ্টপতিৰ দ্বাৰা মঞ্জুৰ হৈছে (২০১৭ চনৰ ২৭ মাৰ্চ ) লগতে মহিলা সকলৰ বিভাগীয় ছূটি ১২ সপ্তাহৰ পৰা ২৬ সপ্তাহলৈ বৃদ্ধি কৰা হৈছে৷ শেষত ক’ব পাৰি “ৰাইজে নখ জোকাৰিলে নৈ বয় “৷ সেয়েহে চৰকাৰী মহিলা কৰ্মচাৰী সকলকো অনতিপলমে এই আইনৰ আওতালৈ আনিবলৈ চৰকাৰক দৃষ্টিগোচৰ কৰাৰ প্ৰয়োজন৷ যাতে চৰকাৰী মহিলা কৰ্মচাৰী সকলকো মানসিক ভাৱে বোজামুক্ত কৰি কৰ্ম সংস্কৃতিক অধিক কা্ৰ্য্যকৰী কৰি তুলিব পৰা যায়৷

বৰ্ণালী দাস: আমি নিজে ফেক্টৰী এক্টৰ অধীনত কাম কৰিও ক্ৰেছৰ সুবিধা পোৱা নাছিলো৷ প্ৰসূতিকালীন ছুটিও পাইছিলো মাত্ৰ ১২০দিন(এতিয়া যেনিবা ছমাহ হ’ল)৷ সন্তানক তিনিমাহতে মাতৃদুগ্ধৰ পৰা বঞ্চিত কৰি চাকৰিত যোগদান কৰিবলগীয়া হৈছিল৷ কৰ্মক্ষেত্ৰ ৰাসায়নিকভাৱে বিপদসংকূল স্থানৰ অন্তৰ্গত বাবে সন্তানক লগতো লৈ যাব পৰা নাছিলো৷ আনহাতে ঘৰৰ পৰা কামৰ ঠাইলৈ ভালেখিনি বাট তথা কামৰ সময়সূচীৰ ধৰণটোৰ বাবে তাক খুৱাবলৈ মাজতেও আহিব পৰা নাছিলো৷ ক্ৰেছ এটা কৰ্মক্ষেত্ৰৰ কাষতে থাকিলে সকলো চাকৰিয়াল মহিলাই সন্তানক লৈ ভোগা নিৰাপত্তাহীনতাত অলপ হলেও কমকৈ ভূগিব৷ ক্ৰেছৰ ব্যৱস্থা যদিও কৰিব লাগে বহুক্ষেত্ৰত ফেক্টৰীবোৰৰ মানৱ সম্পদ বিভাগে এই বিষয়টো আওকাণ কৰা দেখা যায় বা এই বিষয়ে প্ৰশ্ন কৰিলে পাল মৰা বিধৰ উত্তৰ দিয়াটো পৰিলক্ষিত হয়৷ চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত৷ মাকৰ সুকোমল আদৰ যত্নৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত কৰি সন্তানৰ মানৱাধিকাৰ ভঙ্গ কৰাৰ এক্তিয়াৰ কোনো কোম্পানীৰে থকা উচিত নহয়৷ তাৰ বাবে চৰকাৰে যি পদক্ষেপ লোৱা উচিত লব লাগে৷

ভানু শইকীয়া আমচি: হয় এই সুবিধা বিলাক আমাৰ ইয়াত দিয়া হোৱা নাই৷ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সচিবালয়ৰ কৰ্মচাৰী সকলৰ লৰা ছোৱালীৰ কাৰণে প্ৰিপেটৰীৰ পৰা ক্লাছ টু লৈকে অফিচৰ চৌহদত এখন স্কুল আছে যাতে কণ কণ লৰা ছোৱালী আৰু মাক বিলাকৰ অসুবিধা নহয়৷

কুসুমাঞ্জলি শৰ্মা: আমাৰ কৰ্তব্যৰত মহিলা এইক্ষেত্ৰত সম্পূৰ্ণকৈ অজ্ঞ হৈ আছে৷ ফলত এক দোধোৰ মোধোৰ মানসিক অৱস্থাত চাকৰি কৰিবলগীয়াত পৰিছে৷

তৰুণ চহৰীয়া: মহিলাসকলক চৰকাৰী হওক বা বেচৰকাৰী হওক সন্তান প্ৰ্তিপালনৰ সুবিধা দিয়া উচিত৷

বৰ্ণালী বৰুৱা: কিছু সংখ্যক মহিলা কৰ্মচাৰীহে এই আইনৰ বিষয়ে জ্ঞাত, Maternity Benefit Act সম্পূৰ্ণৰূপে কাৰ্য্যকৰী হবলৈ প্ৰথমে সকলিলা কৰ্মচাৰীয়ে এই আইনৰ বিষয়ে সম্পূৰ্ণৰূপে জানিব লাগিব আৰু এই বিষয়টোত গুৰুত্ব আৰোপ কৰিব লাগিব যাতে সংস্থাই এই আইনৰ বিষয়টোত তৎপৰ হয় আৰু কাৰ্য্যকৰী কৰে৷

হিৰন্ময়ী দাস: দিন মজুৰি কৰা মহিলা বনুৱা এগৰাকীয়ে পানীকেঁচুৱাটো ওচৰতে শুৱাই থৈ নিশ্চিন্ত মনে শাৰীৰিক পৰিশ্ৰম কৰে৷ চাকৰিজীৱি মহিলা এগৰাকীৰ কাৰণেও সন্তানটো চকুৰ আগত থাকিলে মানসিক ভাৱে বোজা মুক্ত হোৱাৰ ফলত কামবোৰ অধিক ফলপ্ৰসূ হয়৷ সন্তানৰ অজুহাতত মহিলা কৰ্মচাৰীয়ে যিমানেই ছুটী বিচাৰে সিমানেই তেওঁলোক কাৰ্য্যক্ষেত্ৰত বোজা বুলি পৰিগণিত হয়৷
ক্ৰেচৰ ব্যৱস্থাই মাথোন মহিলী কৰ্মচাৰীকে সকাহ নিদিয়ে, ই প্ৰতিষ্ঠানটোৰ উন্নতিৰ ক্ষেত্ৰতো সহায় হয়৷ সেয়েহে এই আইনৰ প্ৰয়োজন সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিব লাগে৷

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!