নিৰ্লজ্জ নিশিগন্ধা (- তুলসীপ্ৰিয়া বৰদলৈ)


মৃত গংগা হ’ব পাৰিমনে..
ফালি বসন
আকৌ শুই পৰিম
বসন্তৰ লগত
নতুন আমেজ পোৱাৰ আশাত!
মোহাৰি পেলাব মোৰ পুৰণি ৰাগ
নতুন শিহৰণে জুৰিব গান
আলিংগনৰ চঞ্চল খেলাত
বৈ যাব নিৰৱধি নৈ৷
এনেকৈয়ে নীলা নিশাৰ
নিশিগন্ধা হৈ প্ৰেমৰ জোৱাৰ তুলিম
সৃষ্টি ৰ দাপোনত
নিজকে চাম৷
উলংগ বাস্তৱত বিচাৰি উলিয়াম
তোমাৰ পৰশ
তুমি নামানিব পাৰা
কিন্তু এইদৰেই কঢ়িয়াই ফুৰিম
বুকু ফটা ইতিহাসৰ
প্ৰতিটো আঘাত
আৱৰণহীন হৈ
মাথোঁ তুমি লাজ নকৰিবা ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!