নেতা-মন্ত্ৰীসকললৈ এজন অসমীয়া ডেকাৰ চিঠি (-মনজিৎ)

নেতা-মন্ত্ৰীসকললৈ এজন অসমীয়া ডেকাৰ চিঠি-মনজিৎ
প্রতি
মোৰ মৰমৰ অতিকে মৰমৰ
অতিকে চেনেহৰ
অতিকে হেঁপাহৰ
বুকুৰ কটুম
হিয়াৰ আমঠু
সমূহ ‘ নেতা দেদা ‘ ‘ মন্ত্রী বৰতা ‘ ‘ পালিনেতা পেহা ‘ ‘ বিষয়া মহা ’….
প্রথমে আমাৰ মৰম ল’বা আৰু পার্টীৰ সকলোকে বাকী থাকিলে বিলাই দিবা (কমিছন বিলোৱা দি) । তোমালোকৰ চাগে দগৰা কুশল মংগল । নহ’বইনো কিয় তোমালোকেতো বিচৰা মতেইতো সকলো চলি আছে । আমাৰ পিছে বর্তমান বৰ ভাল নহয়,বৰ ভাল কি একেবাৰেই ভাল নহয় । সেই যে তোমালোকৰ প্রিয় চচুৰ বাৰী, কাটা তাঁৰৰকাষৰ বঙলা গাঁও, তাৰ পৰা লুঙি পিন্ধিয়েই আমাৰ ইয়াত আলহী খাবলৈ আহি কোনোপধ্যেই যাবলৈ মন নকৰা লুঙী মিঞা হ’তে বৰ আমনি কৰি আছে ঔ এইকেইদিন ।কাজিয়াতো দুৰৰে কথা নিজৰ কামকে কৰিবলেও এলাহ কৰা আমি বোৰৰ মাজত আহি সিঁহতে মৰা কটা চুৰি ডকাইতি ইত্যাদি ইত্যাদি প্রখ্যাত খেলত থকা সিহঁতৰ পার্গতালি দেখাই আমাকো সেই বোৰ খেল খেলিবলৈ টানি আজুৰি আছে বাৰে বাৰে । আমি কৈছো বোলো আহিছ আহ , মাটি দখল কৰি খেতি কৰিছ কৰ, সকলো নিজৰেই বুলি ভাবিছ ভাব ,কিন্তু আমি হাই উৰুমি বেয়া পাঁও একেবাৰে,হাই কাজিয়াৰ বীজাণু আমাৰ তেজত নাই ।শান্তিৰে বাহনিৰ তলত বহি ৰেডিঅ’ শুনি টাছ পাত খেলি আড্ডা মাৰি ভাল পোৱা মানুহ আমি । আমাক মিছাই সেইবোৰৰ মাজলৈ নাটান । নাই সিঁহতে নুশুনে , ইয়াৰেদুটা মানে আকৌ সিঁহতক উচতাইয়ো আছে সঘনাই, যে যি টেলেন্ট আছে সব দেখাই দে ।বিশেষকৈ তোমালোকৰ লগৰ যে জলমল নে মলমল নামৰ সেই আতঁৰ বেপাৰীটো , সি চবতকে অঘাইটং । একেবাৰে ডাউদ ইব্রাহীম টাইপ বাহিৰতে বহি বহি চব অংক মিলাই আছে ।আমি অৱশ্যে সৰু মানুহ সেই বোৰ অংক চংক বুজি নাপাও দেই, চাৰে মৰমতে দিয়াএক(১) নম্বৰটো নোহোৱা হ’লে মেট্রিকেই পাছ কৰা নহ’ল হয় চাগে এই অংকৰ বাবে ।সেয়ে আমাৰ বিশেষ আকালো নাই ভঁৰালো নাই, আকাংক্ষাও তেনেকৈ উচ্চ খাপৰ নহয় ।বিচাৰো মাথো দুবেলা দুমুঠি ভাত,মৰমৰ এষাৰি মাত, মুকলিকৈ চলা ফুৰা কৰিবৰ বাবে কাজিয়া পেছাল নোহোৱা শান্তিৰ পৰিবেশ এটা । বতাহত তেজ বাৰুদৰ গোন্ধৰ সলনি বিচাৰো শেৱালি বকুলৰ সুৱাস । বুকুত বিচাৰো হিংসা প্রতিহিংসাৰ সলনি ভাতৃত্ববোধ , বছ সিমানেই । পিছে বাহিৰৰ পৰা অহা লুঙী মিঞা হতে দেখোন বাৰেবাৰে খেলি-মেলি কৰি থাকে । শান্তিৰ স’তে যেন সিঁহতৰ বহু পুৰণি দুচমনি ।ইফালে তোমালোকেতো ৰাজসভালৈ গৈ আমাক পাহৰিয়েই গ’লা , চিটি বাছৰ চিটতো যেনেকৈএৰি গ’লে বেলেগ বহি দিয়ে তেনেকৈ গাদী এৰিলেও বেলেগ বহি দিয়ে বুলি ভয়ত গাদী এৰি লৰচৰেই নকৰা হ’লা । আনফালে তোমাৰ একেবাৰে নিজৰ ডালিম ককাইদেউ, বগীৰাম জেঠপেহাৰ ঘৰবাৰী জ্বলাই উপদ্রৱ কৰি গ’ল সেই শহুৰৰ ঘৰৰ অতিথিয়ে আহি, খবৰ পায়ো তোমালোক নিমাতে থাকিলা । হেৰৌ জপনা মেল খাই থাকিলে গৰু ছাগলী সোমাবই ,সেয়া গৰু ছাগলী দোষ নহয় গৃহস্থৰ হে দোষ । কিমান ক’লো বোলো জপনা খন মাঘৰবিহুত খৰি খাবলে নিলে নিলে আৰু । ফেন্সিং লগাই দিয়া, বচ খেলা খটম গৰুও নোসোমাই বাৰী খন টহিলোং নকৰে । তোমালোকৰ অকনো কাণষাৰেই নাই । কিবা গৰু বজাৰহে যেন খুলি থৈছা ফ্রীতে সোমায়েই আছে সোমায়েই আছে । আমাৰ হে আকৌ চুবুৰীয়া অৰুণাচললৈকে যাবলৈকো পাছ লাগে । আমিতো ৫০ বছৰ আগৰে পৰা তোমালোককে চার্পত দিদি যি ইচ্ছা তাকেই কৰি আহিব দিছো । ১০০০ কোটি টকাৰে ফুর্তী কৰিলা আৰু পানীত এৰি দি আমাকো এখুদ মান ফুর্তী কৰালা তথাপিও আমিটো একো কোৱা নাই ।ক’ৰবাত মথাউৰি ভাঙি মানুহৰ গু-মুত উপঙা দি উপঙি গৈ আছে বছৰে বছৰে তথাপিতো একো কোৱা নাই । দুখীয়া দুখীয়া ‘বিষয়া মহা’হঁতে আমি ধনী বোৰৰ টকাৰে বিল্ডিং বনাইছে বা কিনিছে আমিটো তাতো একো কোৱা নাই । তাৰ পিছতো লিলিয়ে নতুন বয়ফ্রেন্দ পাই আগৰটোক এৰি দিয়াৰ দৰে আমাকো তোমালোকে নতুন চার্পতাৰ পায় এনেকে কিয় এৰি দিছা বাৰু ? আমালে কি তোমালোকৰ অকনো মৰম নেলাগে নে । পিছেমনত ৰাখিবা আপোন আপোনেই বুজিছা । আপোনক বাহিৰৰ পৰা মগাব নোৱাৰি ,মাথো খন্তেকীয়া ৰাজনীতি হে কৰিব পাৰি । তোমাৰ কথাত আজি উঠ বহ কৰা লুঙী আলহীয়েযেতিয়া এদিন তোমাৰ মুৰৰ ওপৰত উঠি নাছিব তেতিয়াহে বুজিবা আপোন কোন পৰ কোন ।তেতিয়া পস্তোৱাৰ বাদে আন একো উপায়ে
ই নাথাকিব ।
সিদিনা লাচিত ককাইদেৱেও ফ্রাষ্টেটেদ হৈ টুইটাৰত আপদেট দিছে …
“ ধুইৎ.. দেশৰ অৱস্থা এনে হ’ব বুলি জনা হ’লে মোমাইটোক মিছামিছি নেকাটিলোহেতেন নহয় ’’
তেঁওও বৈদ্য দুখ পাইছে মনত । ভাবিছে চাগে জ্বৰৰ গাৰে এনেই যুঁজিলো পেৰাচিটা মল এটা খাই শুই থকাই ভাল আছিল বুলি ।
যি হ’ল হ’ল, বহু কিবা কিবি হ’ল । এতিয়া বাদ দিয়া সকলো ঘৰৰ মানুহ ঘৰলে ঘুৰি আহা, বাহিৰৰ জাংক ফুড এৰি ঘৰৰ খানা খোৱাৰ কথা ভাবা। জাংক ফুডে সাময়িক তৃপ্তি থিকেই দিয়া পিছে পেটত এৰি যায় এশ এবুৰি বেমাৰ । আমি আগৰ দৰেই আছো তোমালোকৰ সতে । তোমাৰ গাদী তোমাৰেই ,ভোট লাগে চার্পট লাগে যি লাগে আমি চব দিম তাৰবাবে বেলেগৰ ওচৰত হাত পাতিব নালাগে । তোমালোকে মাথো আমাক নিজৰ বুলি ভাবি ইতিমধ্যেই সোমোৱা গৰু ছাগলী বোৰ খেদি জপনাৰ ঠাইত গদগীয়াকে ফেঞ্চিং এখনদিয়াৰ ব্যৱস্থা কৰি দিয়া । সেয়েই মাথো আমাৰ সবিনয়ে একমাত্র কাতৰ তথা বিনম্র অনুৰোধ তোমালৈ বুলি । অনুৰোধটো গুৰুত্ব সহকাৰে লৈ বাস্তৱত আমাক তোমালোকৰেই নিজৰ মানুহ বুলি প্রমাণ কৰি দেখুওৱা যেন । সেয়েই আশা আৰু ভৰষা ।তেনে কৰিলে আমি সদায় তোমালোকৰ লগত, সেয়া নিশ্চিত। যদি তাকে নকৰা তেনেহ’লেপ্রথমে তোমালোকেই গাদীৰে সতে বান্ধি দেৱীক বিসর্জন দিয়া দি শৰাইঘাটৰ পৰাপেলাই দিম তাৰ পাছত গৰু ছাগলী বোৰ কাটি খেদি নিজেই জপনা মাৰিম, তাকো একদম কটকটীয়াকৈ আগলৈও কোনো আহিব নোৱাৰাকৈ । তেজটোপা আৰু গৰম নকৰিবা দেই । ধন্যবাদ ”
ইতি তোমালোকৰ
মোৰ মৰমৰ অতিকে মৰমৰ
অতিকে চেনেহৰ
অতিকে হেঁপাহৰ
বুকুৰ কটুম
হিয়াৰ আমঠু
“ শ্রী সাধাৰণ অসমীয়া হেংডাংধৰা ”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!