নৰকীয় (মুনিন্দ্ৰ শৰ্মা)

নৰকীয়

পাতনি:
“মোৰ দেউতাই স্বৰ্গত স্থান পোৱা নাই। পাব নোৱাৰে”।– কথাখিনি শুনাৰ পৰা মোৰ মনত ল’ৰাজনৰ প্ৰতি কৌতুহল জন্মি আছিল। কিহৰ বাবে এজন পুত্ৰই নিজৰ পিতৃৰ বিষয়ে এনেদৰে কব পাৰে?? কিয়?? হাজাৰ প্ৰশ্নবোধক যেন থিতাপি লৈছিলহি মোৰ মনত। কিন্তু সেইদিনা তাক সুধিবলৈ সাহস হোৱা নাছিল সেই প্ৰশ্ন।
আজি সেই ল’ৰাজন ইয়াত আকৌ অহাৰ কথা। পুৱাৰ পৰাই মই নিজকে সাজু কৰি আছো- সুধিম আজি তাক। কিয় তেনেকে কৈছিল সি সেইদিনা।
পট:
নৱগ্ৰহ শ্মশানৰ সমুখত মোৰ এখন সৰু দোকান আছে। তামোল পান, ছিগাৰেটৰ পৰা পানীৰ বটললৈকে সৰু সুৰা সকলো বস্তু ৰাখোঁ মই। নানান ধৰণৰ মানুহ আহে মোৰ দোকানলৈ। তাৰে কিছুমান মানুহে কিবা কিনাৰ উপৰিও দুই এটা কথা উলিয়ায়। বতৰৰ মহিমাৰ পৰা আদি কৰি গেছৰ দামলৈকে বিভিন্ন বিষয়। মাজে মাজে মই মাত দিও, মাজে মাজে হাঁহি এটা মাৰি সামৰি থওঁ।
প্ৰতিদিনেই বহুত মানুহৰ মৃত্যু হয় এইখন মহানগৰীত। কেতিয়াবা সমদল কৰি, কেতিয়াবা মাত্ৰ দুই চাৰিজন মানুহ লৈ “মৃতক” আহে ইয়াত। উদ্দেশ্য এটাই- পঞ্চভূতত বিলীন হোৱা। স্বৰ্গৰ দ্বাৰ সদৃশ এই স্থান। হাহি –কান্দোন, বাদ – বিবাদ, ঘাট –প্ৰতিঘাত সকলোৰেই অন্ত হয় আহি ইয়াত। মই দেখি থাকো। কোনো অনুভূতি নাই মোৰ এইবোৰৰ প্ৰতি। মোৰ দোকানলৈ মানুহ আহি থাকিলেই হ’ল।
সেইদিনা ল’ৰাজন আহিছিল তাৰ কোনোবা বন্ধুৰ বাপেক ঢুকাওঁতে। চিতা জ্বলি থাকোতে তাৰ লগৰ দুজন লৈ সি মোৰ দোকানত আহিছিল- ছিগাৰেট খাবলৈ। লগৰ কেইজনৰ লগত আত্মা বিষয়ক কিবা কথা লৈ আলোচনা চলি আছিল সিহঁতৰ। সাধাৰণতে এনে কথালৈ মই গুৰুত্ব নিদিও।শ্মশানত আহি এনে কথা আলোচনা কৰাতো তেনেই সাধাৰণ কথা। কিন্তু কথাৰ মাজতে সি হঠাতে কৈ দিছিল – মোৰ দেউতাই স্বৰ্গত স্থান পোৱা নাই। পাব নোৱাৰে।
মই নিৰ্বাক হৈ চাই ৰৈছিলোঁ তাৰ পিনে। সি হয়তো বুজি পাইছিল মোৰ মনৰ অৱস্থা। আৰু আঁতৰি গৈছিল।
দাহ কাৰ্য শেষ কৰি সিহঁতৰ দলটো ঘুৰি যোৱাৰ পিছত দেউক লগ ধৰি সুধিছিলোঁ মই তাৰ কথা। তেওঁ মাত্ৰ কৈছিল- চতুৰ্থীৰ দিনা সি আহিব আকৌ ইয়াত। আজি চতুৰ্থী। আহিছে সি।
কিছুমান মানুহৰ এক অদ্ভুত গুণ থাকে। নিমিষতে ধৰি পেলাই সন্মুখৰ মানুহজনৰ মন।ল’ৰাজনে ছিগাৰেট এটা কিনিব আহি মোৰ মুখলৈ চাই হাঁহি দিলে। ময়ো হাঁহিলো। তাক কিবা সুধিব নাপাওঁতেই সি আৰম্ভ কৰিলে-
: দেউতাৰ প্ৰতি মোৰ কোনো ভাল ভাব নাই দাদা। তেওঁৰ দৰে মানুহ এজনে স্বৰ্গত স্থান নাপায়।
: কিয় তেনেকে কলা!
: দেউজনে কৈছে মোক দাদা, আপুনি বোলে মোৰ দেউতাৰ কথা সুধিছিল তেওঁক।
: অ’ সুধিছিলোঁ। আচলতে সেইদিনা তুমি যেনেকে দেউতাৰাৰ কথা কৈছিলা, মই আচৰিত হৈছিলো।
: আচৰিত হোৱাৰ কথাই। কোনো পুতেকে বাপেকৰ কথা নকয় তেনেকে। মই কবলৈ বাধ্য, কাৰণ মোৰ দেউতা মহা পাপী আছিল।
হতবাক হৈ চাই থাকিলো তাৰ ফালে। কি কয় এই ল’ৰাজনে? জন্ম-জন্মান্তৰৰ এটা গধুৰ প্ৰশ্ন যেন মোৰ মনত আজি আকৌ সতেজ হৈ উঠিছে। পাপ কি, পুণ্য কি ইয়াক লৈ কোনেও মোক সঠিককৈ বুজাব পৰা নাই আজিলৈ। কেতিয়াবা যদি জীৱহত্যা মহাপাপ বুলি কোনোবাই বুজাইছে, কেতিয়াবা আকৌ কোনোবাই কচাই এজনৰ ঘৰৰ যুক্তি দিছে। মোৰ বুকুত কঢ়িয়াই লৈ ফুৰা সেই প্ৰশ্নৰ উত্তৰ যেন এই ল’ৰাজনৰ পৰাই পাম। দোকানৰ দুৱাৰখনতে বহিব দিলো তাক। ফিৰফিৰিয়া বতাহ এজাক বলিছে। বতাহৰ সতে ভাহি আহিছে ঘিঁ, ধূনা, তিল, ধূপ আৰু পোৰা মঙহৰ মিশ্ৰিত গোন্ধ। একেলগে জ্বলি আছে তিনিখন চিতা। আৰু হয়তো আন এখন চিতা জ্বলি আছে এই ল’ৰাজনৰ বুকুত। দূৰৰ পিনে চাই সি কৈ গৈছে তাৰ বাপেকৰ কাহিনী।
: মোৰ বয়স যেতিয়া ৯ বছৰ, ভন্টীৰ বয়স তেতিয়া ৩ বছৰ। মা দেউতাৰ মাজত কি আছিল নাজানো, কিন্তু এদিন দেউতাই লৈ আহিছিল বেলেগ এজনী কইনা। মায়ে চিয়ঁৰি চিয়ঁৰি কান্দিছিল সেইদিনা। দেউতাই কিমান মাৰিছিল মাক মই বুজাব নোৱাৰিম আজি। আমি বাটে ঘাটে ওলাব নোৱাৰা হৈছিলো। স্কুলত যাওঁতে বাটৰ মানুহে সদায় সুধিছিল- ঐ দেউতাৰে বোলে আকৌ কইনা আনিলে? কেতিয়াবা লগৰবোৰে জোকাই- দেউতাৰাৰ নতুন কইনাই কি কৰি আছে?? কি উত্তৰ দিম তেতিয়া? কেতিয়াবা কান্দি কান্দি আহি ঘৰ পাও। দেখা পাও মা পৰি আছে বিচনাত- হাত/ পিঠিত তেজ। ভন্টীয়ে কান্দি কান্দি শুই পৰি আছে এফালে। দেউতাহঁত নাই ঘৰত।
সি ৰৈ গ’ল ………! মই কি ক’ম ভাবি পোৱা নাই। চিনেমা এখনৰ দৰে যেন দেখি আছো মই এটা কৰুণ কাহিনী। সঁচাকে, কি ভাব হব পাৰে তেনেকুৱা এটা পৰিস্থিতিত এজন ৯ বছৰীয়া ল’ৰাৰ মনত! মই যেন বোবা হৈ পৰিছো ক্ৰমাৎ।
: এদিন দেউতাহঁতে আমাক বেলেগে থাকিব কৈছিল। ঘৰ বুলিবলৈ আমাৰ একোৱেই নাছিল দাদা। এটাই মাত্ৰ খেৰ বাহৰ ঘৰ। তাতেই আমিও আছিলো, দেউতাহতো আছিল। আমাক তাৰ পৰাও খেদি দিছিল। মোৰ মা আছিল ঘাট মাউৰা । গতিকে থিতাপি লবলৈ আমাৰ ক’তো একো নাছিল। উপায়বিহীন হৈ সেইদিনা গধুলী গাওঁবুঢ়াৰ ঘৰত আমি থিয় হৈছিলোগৈ – আশ্ৰয় বিছাৰি। আৰু ঢেঁকীশালত কম্বল এখন পাৰি ৰাতিতো পাৰ কৰিছিলো আমি।……..।ছিগাৰেট এটা দিয়ক।
: হু!! অ’ লোৱা। তাৰ কথা শুনি যেন পাহৰি গৈছো মই মোৰ অস্তিত্ব।
: ইঘৰ-সিঘৰত কাম কৰি মায়ে আমাক জীয়াই ৰাখিছিল……..মই তেনেকৈয়ে ক্লাছ নাইন পাইছিলোগৈ। হঠাতে এদিন পুৱাই পুৱাই গাৱঁত হুলস্থূল লাগিছিল। গম পাইছিলো দেউতাক বোলে পুলিছে ধৰি নিছিল। ডকাইতি কৰি ধৰা পৰিছিল দেউতা।
: ডকাইতি?
: ও, ডকাইতি। দুমাহ মানৰ পিছ্ত দেখা পাইছিলো আকৌ তেওঁক। বোধহয় জামিন পাইছিল। মই পিছ্তহে গম পাইছিলো। মোৰ দেউতা আছিল এজন ডকাইত। পিছত বিয়া কৰাই অনাজনীকো তেওঁ খেদি দিছিল ।আৰু মই মেট্ৰিক পৰীক্ষা দিয়াৰ দুদিন আগতে দেউতাই আত্মহত্যা কৰিছিল। গাঁৱৰ মানুহে মোক বুজাই বঢ়াই লৈ গৈছিল শ্মশানলৈ। আৰু মই মুখাগ্নি কৰিছিলো মোৰ মহা পাপী দেউতাৰ।
: পিছত?
: পিছত কি আৰু? মেট্ৰিক ভালকৈয়ে পাছ কৰিলো মই। কলেজৰ নামভৰ্তিৰ ফৰ্ম খনত দেউতাৰ নাম দিব লগা আছিল। স্বৰ্গীয় বুলি লিখিব মন নগ’ল। নৰকীয় বুলি লিখিলো। আজিও মই তেনেকৈয়ে লিখো। যদিহে আত্মা বুলি কিবা আছে, আৰু ভগবান বুলি কিবা আছে তেনেহলে মোৰ দেউতা নিশ্চয় নৰকত আছে এতিয়া। থাকক তাতেই। কাকো নকওঁ মই এইবোৰ কথা দাদা।আপোনাকো কিয় কলো নাজানো।
ল’ৰাজন আঁতৰি গ’ল। মই আৰু একো নুসুধিলোঁ তাক। কি সুধিম? কি কব সি? ক্ষোভ দুখ নে ঘৃণা আছিল তাৰ মনত? যদি পুত্ৰ হিচাপে বাপেকৰ মৃত আত্মাক পিণ্ডদান কৰাতো পুণ্য হয় এই ল’ৰাজনে পাপ কৰিছে নেকি? ক’ত ভুল আছিল এই ল’ৰাজনৰ? উত্তৰ নোহোৱা প্ৰশ্ন কিছুমান আহি আকৌ মোৰ বুকুত জমা হ’ল।
সন্ধিয়া হৈ আহিছে। ফিৰফিৰিয়া বতাহজাকত আগৰ সেই পোৰা গোন্ধটো নাই এতিয়া। হয়তো নতুনকৈ কোনো মৃতক অহা নাই। আহিব। অন্তহীন এই প্ৰক্ৰিয়া। কোনোবা পুণ্যাত্মা আহিব কোনোবা পাপী আত্মা আহিব।
……….নাই, নালাগে মোক একো উত্তৰ।
লাইট জ্বলি উঠিল শ্মশানৰ। বেৰত লিখি থোৱা গীতাৰ শ্লোক এটা জিলিকি উঠিছে এতিয়া-
ন জায়তে মৃয়তে ৱ কদাশ্বিন
নয়্ম ভুতৱা ভৱিতাৱান ভুয়াহা।
আজো নিৰ্তা: শ্বাশ্বত:য়াম পুৰান
ন হন্যতে হন্যমান্য শৰীৰে।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!