‘নৰকৰ বেলি’ পঢ়িলো…… (-সৌৰভ দত্ত)

যোৱা কিছুদিনৰ পৰা ফেচবুকৰ মজিয়াত বহুলচৰ্চিত এখন কিতাপ হ’ল যুৱলেখক নীলিম আকাশ কাশ্যপৰ ‘নৰকৰ বেলি’ । কিতাপখনি এইবাবেই চৰ্চিত হৈছে কাৰণ লেখকে কিতাপখনত অসম আন্দোলন, আলফা, গুপ্তহত্যা আদিৰ লগত জড়িত আৰু সমসাময়িক দশকৰ বিভিন্ন বিতৰ্কিত বিষয় উত্থাপন কৰিছে । গতিকে কিতাপখন পঢ়ি চালো । কিতাপখনৰ কাহিনীটো যথেষ্ট সবল । আৰম্ভণিও যথাযথ হৈছে । যোৱা শতিকাৰ শেষভাগৰ জটিল সমস্যাবোৰৰ সাৱলীল বৰ্ণনা উপন্যাসখনৰ মাজেৰে লেখকে দিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি কিতাপখন যথেষ্ঠ তথ্যসমৃদ্ধ; বিশেষকৈ আমাৰ প্ৰজন্মটোৰ বাবে যিয়ে অসম আন্দোলন আৰু তাৰ পিছৰ ১০-১৫টা বছৰক নিজ চকুৰে দেখা নাই ।
কিন্তু ইয়াৰ সমান্তৰাল ভাবে লিখকে দুই এঠাইত কাহিনীৰ পটভূমি যে ৮০ আৰু ৯০ ৰ দশক সেয়া পাহৰি যোৱা যেন অনুভৱ হ’ল ।বানানৰো ভালেকেইটা ভুল দেখা গ’ল । আকৌ উপন্যাসখনৰ সামৰণিও আশাপ্ৰদ নহ’ল । মাজে মাজে কাহিনীটো প্ৰয়োজনতকৈ অধিক সৰল হৈ পৰা যেন অনুভূত হ’ল ।
আশাকৰোঁ লেখকে পৰৱৰ্তী সংস্কৰণত এইবোৰ ভুল-ক্রটি আঁতৰাবলৈ সক্ষম হ’ব ।বাকী গ্ৰন্থখনৰ বেটুপাত , অংকন আৰু অংগসজ্জা অতিকৈ মনোৰম । চন্দ্ৰ প্ৰকাশৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনৰ মূল্য ১৪০ টকা ।

2 thoughts on “‘নৰকৰ বেলি’ পঢ়িলো…… (-সৌৰভ দত্ত)

  • July 19, 2014 at 1:00 pm
    Permalink

    কিতাপ খনৰ বিষয়ে কাকতে – পত্ৰে বহুত কথা পঢ়িলো ৷ ফেচবুকতো চৰ্চা হোৱা দেখিলো ৷ চৰ্চিত কিতাপ খন সংগ্ৰহ কৰিম আজি ৷

    Reply
  • July 12, 2018 at 2:43 pm
    Permalink

    কিতাপ খন পঢ়িবলৈ মন গল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!