নৱপ্ৰজন্মৰ বাবে শংকৰদেৱ – জ্যোতিৰূপম দত্ত

প্ৰতিজন অসমীয়াৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হ’ল এক বিশাল প্ৰতিভাধাৰী, পৰম সন্মানীয় ঐতিহাসিক ব্যক্তি৷ এই প্ৰবাদপ্ৰতীম মহাপুৰুষজনাৰ ছকুৰি বছৰীয়া জীৱন পৰিক্ৰমাই জাতি, ধৰ্ম, বয়স নিৰ্বিশেষে সকলো অসমীয়াকেই আকৃষ্ট কৰি আহিছে৷ অসমীয়া সমাজ-সংস্কৃতিলৈ শংকৰদেৱে আগবঢ়োৱা অৱদানৰ কথা কৈ শেষ কৰিব নোৱাৰি৷

কিন্তু বৰ্তমান সময়ত শংকৰদেৱৰ মহিমামণ্ডিত সৃষ্টিৰাজিৰ চৰ্চা লাহে লাহে কমি অহা পৰিলক্ষিত হৈছে৷ আজিৰ দিনত অসমৰ নতুন প্ৰজন্মৰ কোনোবা এজনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে সুধি নঞৰ্থক উত্তৰ পোৱা গলেও আচৰিত হোৱা নাযায়৷ এয়াও অৱশ্যে নতুন কথা নহয়৷ ১৯৮৮ চনত অসম চৰকাৰে আগবঢ়োৱা শ্ৰীমন্ত শংকৰদেৱ বঁটা গ্ৰহণ কৰিবলৈ আহি অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ নিবাসী বিশ্ববিশ্ৰুত চলচ্চিত্ৰ নিৰ্দেশক সত্যজিৎ ৰায়ে সুধিছিল, ‘শংকৰদেৱ কোন’?

আমি নিজকে দোষ দি থাকিলে নহব, আজিৰ প্ৰজন্মৰ ওপৰতো সকলো দোষ জাপি দিলেই নহব৷ ভালকৈ চাব লাগিব যে কেৰোণ ক’ত? চালি জাৰি চালে দেখা পাম যে এই অৱস্থাৰ বাবে দায়ী আমিয়েই, এনে ধৰণৰ ঘটনাবোৰৰ আচল কেৰোণটো আমাৰ মাজতেই বিৰাজমান৷ বৰ্তমানৰ পৃথিৱীখনৰ ভোগবাদী তথা তীব্ৰ প্ৰতিযোগিতামূলক সমাজৰ সৈতে তাল মিলাবলৈ গৈ অসমীয়া সমাজৰ নৱপ্ৰজন্মই জাতিটোৰ বহু গৌৰৱময় তথ্য তথা ইতিহাসৰ বিষয়ে জানিবলৈ সময়-সুবিধা নোপোৱা বিষয়টো চিন্তাজনক৷ নৱপ্ৰজন্মৰ মনলৈ মহাপুৰুষ শংকৰদেৱৰ প্ৰতি শ্ৰদ্ধা-ভক্তি তথা তেখেতৰ বিশাল সৃষ্টিৰাজিৰ প্ৰতি উৎসুকতা বঢ়াবলৈ সামাজিকভাৱেও আমাৰ কিছুমান কৰণীয় আছে৷ সামাজিক নীতি-নিয়মৰ নামত পুৰণিকলীয়া অন্ধবিশ্বাসবোৰকেই সাবটি থকা সমাজ এখনৰ কিশোৰ-যুৱকসকলে আধ্যাত্মিক কথা-বাৰ্তাবোৰলৈ সমুলঞ্চে উপেক্ষা কৰা কথাটো একেবাৰে সাধাৰণ কথা৷ সামাজিক খিয়লা-খিয়লিবোৰৰ পৰা আঁতৰাই মহাপুৰুষজনাৰ অনুপম সৃষ্টি নামঘৰসমূহ সাংস্কৃতিক, আধ্যাত্মিক ক্ষেত্ৰ হিচাপে গঢ় দিয়াতো বৰ্তমানে অতীব প্ৰয়োজনীয় হৈ পৰিছে৷ পিছে আজিৰ দিনতো একেটা অঞ্চলতে কেইটাবাটাও খেলৰ বাবে কেইবাটাও নামঘৰ দেখা যায়৷ সমাজৰ সকলোৱে এক হৈ থকাৰ পৰিবৰ্তে সমাজৰ মুষ্টিমেয় লোক এচামে শিশুসকলৰ মনত বিভেদৰ বীজহে ৰোপণ কৰে৷ পিছে আমাৰ নিজৰ মাজতেই সৃষ্টি হোৱা ভেদভাৱখিনি প্ৰথমেই আতৰাব লাগিব৷ এতিয়াও অস্পৃশ্যতা, জাতিদ্বেষ, ধৰ্মাচাৰৰ নামত নিজৰ সুবিধাৰ বাবে নিজেই সৃষ্টি কৰা অদ্ভুত নীতিনিয়ম বিসৰ্জন দিব পৰা হব লাগিব৷ ইয়াৰ উপৰিও নামঘৰ বা এনে ধৰ্মীয় অনুষ্ঠানত দিনে নিশাই তীব্ৰ স্বৰযন্ত্ৰ ব্যৱহাৰ কৰি পৰীক্ষাৰ্থী, ৰুগীয়া, বৃদ্ধসকলৰ কথালৈ কৰ্ণপাত কৰি ধৰ্মপুথি পাঠ কৰা ধৰ্মানুষ্ঠানে শিশুসকলৰ মনলৈ ভক্তিৰ সলনি বিৰক্তিৰ ভাৱ অনাটো অৱধাৰিত৷ এনেধৰণৰ ঘটনাপ্ৰবাহ চলি থাকিলে শংকৰদেৱৰ দৰে মহান মনীষী এজনাৰ অতুল্য কৰ্মৰাজি অসমীয়াৰ মানসপটৰ পৰা মচ খাই যোৱাটো অৱধাৰিত৷

নতুন প্ৰজন্মক শংকৰদেৱৰ বিষয়ে আকৃষ্ট কৰিবলৈ আমি কিছু আধুনিক প্ৰযুক্তিৰো সহায় ল’ব পাৰো৷ শিশু অৱস্থাৰ পৰাই কিছুমান কথালৈ লক্ষ্য ৰাখিলে এই কামটো অতি সহজেই কৰিব পৰা যায়৷

শংকৰদেৱৰ সৰুকালৰ কিছুমান বিচিত্ৰ ঘটনাৰ বিৱৰণ সাধু আকাৰে শিশুসকলক আকৃষ্ট কৰিবলৈ সক্ষম৷ এই ঘটনাসমূহ অৱশ্যে তথ্যভিত্তিক নহয়৷ তথাপিও শিশুমনক আকৃষ্ট কৰিব পৰা এনেধৰণৰ বহু বৰ্ণনা চৰিতপুথিসমূহত আছে৷ দৈত্যাৰি ঠাকুৰ ৰচিত চৰিতপুথিত শংকৰদেৱে সৰুকালতে সাতুৰি ব্ৰহ্মপুত্ৰ নৈ পাৰ হোৱা, পঢ়াশালিতে শুই থাকোতে গাত ৰ’দ পৰাত সাপ এডাল আহি ফণাৰে ছাঁ দিয়া, যোগ অভ্যাস কৰি শৰীৰৰ সমষ্ট ভৰ বুঢ়া আঙুলিত দি ভৰি ওপৰলৈ কৰা, অ-আ-ক-খ শিকিয়েই ‘কৰতল-কমল’ নামৰ কবিতা লিখা, খেদি অহা ষাড়গৰুক শিঙত ধৰি বগৰাই পেলোৱা আদিকে ধৰি বহু আমোদজনক বিৱৰণ পোৱা যায়৷

শংকৰদেৱক এক নায়কোচিত চৰিত্ৰৰূপে লৈ শিশুসকলৰ বাবে উপযোগীকৈ তেখেতৰ জীৱনৰ এনেধৰণৰ বহু কথা-কাহিনীৰ আলমত অজস্ৰ এনিমেটেড কাৰ্টুন ছবি নিৰ্মাণ কৰিব পৰা যায়৷ উন্নতমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰি অসমীয়া ভাষাত তৈয়াৰ কৰা এনে কাৰ্টুন ছবিসমূহৰ মাধ্যমেৰে সৰুৰে পৰাই শিশুসকলক শংকৰদেৱৰ সৈতে চিনাকি কৰাই দিব পাৰি৷ এইখিনিতে উল্লেখযোগ্য যে শংকৰদেৱৰ জীৱনৰ আধাৰত প্ৰস্তুত কৰা ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’ চিনেমাখনেই প্ৰথমখন অসমীয়া ‘এনিমেটেড’ ছবি হিচাপে জনা যায়৷ যশস্বী অসমীয়া পৰিচালিকা মঞ্জু বৰাই পৰিচালনা কৰা এই ‘এনিমেটেড’ চিনেমাখন ২০১৬ চনৰ নবেম্বৰ মাহত মুক্তি লাভ কৰিছিল৷ শিশুসকলৰ বাবে মনোগ্ৰাহীকৈ প্ৰস্তুত কৰা এনেধৰণৰ উন্নতমানৰ এনিমেশ্যন থকা অসমীয়া কাৰ্টুন ছবিয়ে শিশুসকলৰ মনোজগতত সৰুৰে পৰাই ৰেখাপাত কৰিবলৈ সক্ষম হোৱাটো নিশ্চিত৷

চেমনীয়া সকলৰ মাজতো শংকৰদেৱৰ সৃষ্টিৰাজি তথা তেখেতৰ বিশাল ব্যক্তিত্বৰ প্ৰতি উৎসুকতা জগাই তুলিবলৈ প্ৰযুক্তিৰ সহায় লব পৰা যায়৷ শংকৰদেৱে একে নিশাই ৰচনা কৰা ‘হাতী মাৰি ভুৰুকাত ভৰোৱা গুণমালা’, বৃন্দাৱনী বস্ত্ৰৰ কথা, মাধৱদেৱৰ সৈতে হোৱা তৰ্কযুদ্ধ আৰু মণি কাঞ্চন সংযোগৰ কথা, সত্ৰ স্থাপন কৰাৰ কথা, সেই যুগতেই পদব্ৰজে উৰিষ্যা-কাশী আদি তীৰ্থভ্ৰমণৰ কথাৰ দৰে বহু আমোদজনক ঘটনাই চেমনীয়াসকলক মহাপুৰুষজনাৰ বিষয়ে বিমুগ্ধ কৰি তুলিবলৈ সক্ষম৷ সাধাৰণতে দেখা যায় যে চেমনীয়াসকলক উদ্দেশ্যি বিভিন্ন বিষয় বা দিৱস উপলক্ষে গীত, চিনেমা, নৃত্য, চিত্ৰাংকণ, কলা, সাহিত্য, খেল-ধেমালিৰ ব্যৱস্থা কৰা হয়৷ ইয়াৰ উপৰিও আকস্মিক বক্তৃতা, কুইজ ইত্যাদি বিভিন্ন ধৰণৰ জ্ঞানবৰ্ধক প্ৰতিযোগিতাৰ আয়োজন কৰাও আমি প্ৰত্যক্ষ কৰো৷ এনেধৰণৰ উপকৰণৰ উপৰিও শংকৰদেৱৰ বিষয়ে চেমনীয়াসকলৰ মনোজগতৰ বাবে উপযোগীকৈ বিশেষভাৱে সজা ম’বাইল গে’ম, ম’বাইল এপ্লিকেশ্যন আদিৰ সহায়েৰে ধেমালিৰ চলেৰে জ্ঞান দিব পৰা যায়৷ আনকি শ্ৰেণীকোঠাতো শংকৰদেৱৰ বিষয়ে চুটি চুটি অডিঅ’ বা ভিডিঅ’ ক্লিপৰ সহায়ত চেমনীয়াসকলৰ মনত শংকৰদেৱৰ প্ৰতি অনুসন্ধিৎসা জগাই তুলিব পাৰি৷

বৰ্তমান বিশ্বৰ বিভিন্ন বিষয় তথা মহান মনীষীসকলৰ বিষয়ে চেমনীয়াসকলে সহজতে জানিবলৈ বহু ম’বাইল এপ্লিকেশ্যন তথা ভিডিঅ’ গেমছ তৈয়াৰ হৈছে৷ অসমৰ সাহিত্য, কলা-সংস্কৃতি বিষয়ক লৈয়ো এনেধৰণৰ দুই এটা ম’বাইল এপ্লিকেশ্যন সজা হৈছে৷ উল্লেখযোগ্য যে অসমীয়া ডেকা হিমজ্যোতি তালুকদাৰত তত্ত্বাৱধানত এদল অসমীয়াই সাজি উলিওৱা লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিৰাজি তথা তেখেতৰ বিষয়ে বহু আপুৰুগীয়া তথ্যসমৃদ্ধ ‘সাহিত্যৰথী’ (Sahityarathi) নামৰ এণ্ড্ৰইদ ম’বাইল এপ্লিকেশ্যনটোৰ কথাই কব পাৰি৷ এই প্ৰসংগতে এই বছৰতে অৰুণজ্যোতি দাস নামৰ অসমীয়া ডেকা এজনে আন কেইজনমান অসমীয়া ব্যক্তিৰ সহায়ত শিশুসকলৰ বাবে বিশেষকৈ সাজি উলিওৱা মইনামেল (MoinaMel) নামৰ আন এটা ম’বাইল এপ্লিকেশ্যনৰ কথাও কব পাৰি৷ ‘মইনা-মেল’ নামৰ সম্পূৰ্ণ অসমীয়া ভাষাৰ এই ম’বাইল এপ্লিকেশ্যনটোত শিশুসকলৰ বাবে জ্যোতিসংগীত, অসমৰ পৰম্পৰাগত খেল-ধেমালি, দেশ-বিদেশৰ শিশুৰ উপযোগী খবৰ, জ্ঞানৰ সঁফুৰা, অসমীয়া গল্প-সাধু-কবিতা-উপন্যাস আৰু আজৰি সময়ত কৰিব পৰা অনেক ভাল লগা কামৰ ভাণ্ডাৰ আছে৷ প্ৰযুক্তিৰ এনেধৰণৰ কৌশলসমূহ ব্যৱহাৰ কৰি শিশুসকলক সৰুৰেপৰাই অসমীয়া কলা-সংস্কৃতিৰ বিষয়ে অনুৰাগী কৰি তুলিবলৈ চেষ্টা কৰিব পাৰি৷ কিন্তু দুখৰ বিষয় যে অসমৰ প্ৰবাদপ্ৰতীম শ্ৰীমন্ত শংকৰদেৱ তথা তেখেতৰ অমূল্য সৃষ্টিৰাজিৰ বিষয়ে আজিলৈকে এটা সৰ্বজনগৃহীত তথা জনপ্ৰিয় ম’বাইল এপ্লিকেশ্যন নাই৷

এটা কথা অনস্বীকাৰ্য্য যে শংকৰদেৱৰ বিষয়ে বহু আগৰে পৰাই বিভিন্ন ক্ষেত্ৰত বহু গৱেষণা হৈ আহিছে আৰু বৰ্তমানেও বিভিন্নজনে গৱেষণা অব্যাহত ৰাখিছে৷ কিন্তু অকল উচ্চশিক্ষিত তথা বৌদ্ধিক সমাজখনৰ মাজতেই শংকৰদেৱৰ সৃষ্টিৰাজিক আবদ্ধ কৰি ৰাখিবলৈ চালে ভুল কৰা হ’ব৷ শংকৰদেৱৰ বিষয়ে কিতাপৰ উপৰিও আলোচনী, মুখপত্ৰ, স্মৃতিগ্ৰন্থ, বাতৰি কাকত আদিতো নিতৌ উন্নতমানৰ অলেখ লেখা, প্ৰবন্ধ আদি প্ৰকাশ হয়৷ পিছে ছপা মাধ্যমত প্ৰকাশ হোৱা এনেধৰণৰ বহুসংখ্যক লেখাই সীমিত লোকৰ কাষ চাপিবলৈহে সমৰ্থ হয়৷ এনে লেখাবোৰ ইউনিক’ডলৈ সলনি কৰি ইণ্টাৰনেটৰ মাধ্যমেৰে বিশ্বৰ যিকোনো স্থানৰ পৰা পঢ়ুৱৈসকলে সহজেই বিচাৰি উলিয়াই ল’ব পৰা কৰিব পাৰি৷ এনে লেখাবোৰ ছপাবলৈ ছপাশালসমূহে লিপিবদ্ধ কৰা আখৰৰ শৈলীৰ পৰাই লেখাবোৰ অতি সহজেই ইউনিক’ডলৈ ৰূপান্তৰিত কৰি ইণ্টাৰনেটত সংৰক্ষণ কৰিব পৰা যায়৷ ইয়াৰ উপৰিও ইউনিক’ডত লিখা লেখাবোৰৰ সুবিধা এয়ে যে ইচ্ছুকসকলে দৰকাৰ হলেই বিভিন্ন বিষয়ক লেখাসমূহ Search Engine ৰ মাধ্যমেৰে তৎকালে বিচাৰি উলিয়াবলৈ সক্ষম হয়৷

ইণ্টাৰনেটত সংগ্ৰহিত এনেধৰণৰ তথ্যসমূহে ছাত্ৰ-ছাত্ৰীসকলকো সহায় কৰাৰ থল আছে৷ ছাত্ৰ-ছাত্ৰীসকলক প্ৰায়েই বিদ্যালয়ৰ কাৰ্য্যক্ৰমণিকাৰ অন্তৰ্গত কিছুমান বিশেষ বিষয়ৰ প্ৰকল্প (Project) হিচাপে লিখিবলৈ দিয়া হয়৷ সাধাৰণতে দেখা যায় যে ছাত্ৰ-ছাত্ৰীসকলে থাউকতে বিচাৰি পোৱা তথ্যৰেই নিজৰ প্ৰকল্পসমূহ প্ৰস্তুত কৰিবলৈ বিচাৰে৷ ইণ্টাৰনেটৰ মাধ্যমেৰে অসমৰ কলা-সংস্কৃতি, সাহিত্য আদিৰ তথ্যৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য তথা ক্ষিপ্ৰভাৱে বিচাৰি পাব পৰা আহিলা বা সমল দেশৰ আন ৰাজ্যতকৈ এতিয়াও বহু কম৷ স্বাভাৱিকভাৱেই ছাত্ৰ-ছাত্ৰীসকলে বিদ্যায়তনিক প্ৰকল্পৰ বাবে প্ৰয়োজনীয় সমলৰ আধিক্যৰ বাবে অসমৰ বাহিৰৰ বিষয়সমূহেই বাচি ল’ব খোজে৷ ইণ্টাৰনেটত শংকৰদেৱ বিষয়ক সমল বেছি হ’লে বিশ্বৰ চুকে-কোণে থকা বহু ছাত্ৰ-ছাত্ৰী, গৱেষক নিশ্চয়কৈ উপকৃত হ’ব৷

এই ক্ষেত্ৰত বিদ্যালয়সমূহৰ শিক্ষক তথা বিদ্যায়তনিক নীতি-নিৰ্দেশনা প্ৰস্তুতকাৰী বিষয়াসকলেও সহায় আগবঢ়াব পাৰে৷ ইণ্টাৰনেটত অসমৰ প্ৰবাদপুৰুষ শংকৰদেৱৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন কলা-সংস্কৃতি বিষয়ক লেখা বৃদ্ধি কৰাৰ ক্ষেত্ৰত শিক্ষাগ্ৰহণত যতি নপৰাকৈ ছাত্ৰ-ছাত্ৰীসকলকো জড়িত কৰিব পাৰি৷ এনেবোৰ কামত ছাত্ৰ-ছাত্ৰীসকলক নিজাকৈ ইণ্টাৰনেট ব্ল’গ ছাইট এটা খুলি তাতেই নিজৰ প্ৰকল্পসমূহৰ প্ৰতিলিপি এটা সংৰক্ষণ কৰিবলৈও দিব পাৰি৷ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে থকা কম্পিউটাৰসমূহেই এইবোৰ কামত ব্যৱহাৰ কৰিব পৰা যায়৷ আজিকালি সকলোতে স্মাৰ্টফোন আৰু ইণ্টাৰনেটৰ ব্যৱহাৰো সুলভ হৈ ফৰিছে৷ আজিকালি অনায়াসে ইণ্টাৰনেটৰ মাধ্যমত বিনামূলীয়াকৈ নিজা ব্যক্তিগত ব্ল’গ (Blog) বা ৱেবছাইট এটা খুলি ল’ব পাৰি৷ বিদ্যালয়সমূহেও নিজাববীয়াকৈ ব্লগ বা ৱেবছাইট খুলি ছাত্ৰ-ছাত্ৰীসকলৰ লেখাসমূহ সংৰক্ষণ কৰিব পাৰে৷ এনে লেখাসমূহ ইণ্টাৰনেটৰ মাধ্যমেৰে পৃথিৱীৰ যিকোনো অঞ্চলত থকা লোকেই পঢ়িবলৈ সক্ষম হ’ব৷ এনেধৰণৰ ক্ষুদ্ৰ প্ৰচেষ্টাবোৰেই একগোট হৈ অসমৰ যুগনায়ক শংকৰদেৱক বিশ্বৰ সমুখলৈ আগবঢ়াই নিয়াত সফল হ’ব৷ ইণ্টাৰনেটত প্ৰকাশিত লেখাসমূহৰ সুবিধা এয়ে যে কিবা ভুল-ভ্ৰান্তি দৃষ্টিগোচৰ হলে এনে লেখাবোৰ অনায়াসে শুধৰণি কৰিব পৰা যায়৷ ইয়াৰ উপৰিও অসমৰ বিদ্বৎ লোকসকলে শংকৰদেৱ তথা তেখেতৰ ব্যক্তিত্ব, দৰ্শন, সৃষ্টিৰাজিৰ বিষয়ে ৰচনা কৰা গ্ৰন্থৰাজি বিশ্বৰ বিভিন্ন ভাষালৈ অনুবাদ কৰি বিশ্ববাসীৰ সন্মুখত এই মহান অসমীয়াগৰাকীক পৰিচয় কৰি দিবলৈকো যত্নপৰ হোৱা উচিত৷

এনেদৰে অনেক সময়ত বিভিন্ন সভা-সমিতিত বহু বিদগ্ধ মনীষী, গৱেষক, পণ্ডিতপ্ৰবৰসকলে শংকৰদেৱৰ বিশাল ব্যক্তিত্ব তথা সৃষ্টিৰাজি বিষয়ক তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে৷ সংবাদ মাধ্যমসমূহতো কাচিৎহে এনেবোৰ ভাষণৰ কিয়দাংশ সম্প্ৰচাৰ হয়৷ শংকৰদেৱ বিষয়ক এনে তথ্যসমৃদ্ধ ভাষণসমূহো ইণ্টাৰনেটৰ দৃশ্য-শ্ৰাব্য মাধ্যমেৰে অতি সহজেই সকলোৱে পোৱাকৈ সংৰক্ষণ কৰিব পৰা যায়৷ ইণ্টাৰনেটত উপলব্ধ ইউটিউবৰ (Youtube) মাধ্যমেৰে আমি বিভিন্ন, দেশী-বিদেশী তথ্যচিত্ৰ, ভাষণ, খেল, মনোৰঞ্জনমূলক অনুষ্ঠান আদি প্ৰত্যক্ষ কৰো৷ একেদৰেই এই মাধ্যম ব্যৱহাৰ কৰি বিজ্ঞসকলে প্ৰদান কৰা শংকৰদেৱ বিষয়ক ভাষণ, তথ্যচিত্ৰ আদিও আমি বিশ্ববাসীৰ সমুখত মুকলি কৰি দিব পাৰো৷ উন্নত মানৰ কেমেৰা তথা শব্দগ্ৰহণৰ সঁজুলি আদি ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বৰে দৰ্শকৰ সমুখত মনোগ্ৰাহীকৈ মুকলি কৰি দিয়া এনেবোৰ ভাষণ বা তথ্যচিত্ৰবোৰে শংকৰদেৱৰ দৰ্শন তথা সৃষ্টিৰাজিৰ বিষয়ে সমগ্ৰ বিশ্ববাসীয়ে আলোকপাত কৰাত সুবিধা কৰিব৷ আজিকালি প্ৰযুক্তিৰ মাধ্যমেৰে একেখন চলচ্চিত্ৰ বা তথ্যচিত্ৰকেই বিভিন্ন ভাষাত মুকলি কৰি দিব পৰা যায়৷ শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাসমূহৰো কাৰিকৰীভাৱে উন্নতমানৰ দৃশ্যগ্ৰহণ কৰি বিভিন্ন ভাষাৰ ছাব-টাইটলসহ বিশ্বৰ দৰ্শকৰ বাবে ইণ্টাৰনেটযোগে মুকলি কৰি দিব পৰা যায়৷ আজিকালি দৰ্শকসকলে চিনেমা বা এনেধৰণৰ তথ্যচিত্ৰৰ বাবে নিজৰ ইচ্ছামতে অসমীয়া, ইংৰাজী তথা আন ভাষা চয়ন কৰিব পৰা ব্যৱস্থাও কৰিব পৰা প্ৰযুক্তি সম্ভৱপৰ হৈছে৷

বৰ্তমান দেখা গৈছে যে ‘ভাগৱত গীতা’ৰ বিশ্বব্যাপি কদৰ বাঢ়িছে৷ বিশ্বৰ বিভিন্ন ভাষালৈ ভাগৱত গীতা অনুবাদ হৈছে৷ বিভিন্ন ম’বাইল, টেবলেট কম্পিউটাৰতেই অনায়াসে পঢ়িব পৰাকৈ বিভিন্ন ধৰণৰ ভাগৱত গীতাৰ ‘ই-বুক’ ওলাইছে৷ আনকি গীত-নাটক আদিৰ দৰেই ভাগৱত গীতাৰো বিভিন্ন শ্ৰব্য-সঁফুৰা (অডিঅ’ চিডি) আৰু অডিঅ’বুক প্ৰকাশ হৈছে৷ আনকি দৃষ্টিহীন লোকসকলৰ বাবে ব্ৰেইলী সংস্কৰণো প্ৰকাশ হৈছে৷ ঠিক একেদৰেই আমিও শংকৰদেৱৰ জীৱনৰ অন্যতম সৃষ্টি ‘কীৰ্তনঘোষা’কো বিশ্ববাসীৰ মাজত জনপ্ৰিয় কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিব পাৰো৷

চেগাচোৰোকাকৈ কিছুসংখ্যক নমস্য ব্যক্তিৰ বদ্যানতা আৰু ব্যক্তিগত প্ৰচেষ্টাত ইতিমধ্যে এই বিষয়ত বহুখিনি কাম হৈছে৷ অসমীয়া ৱিকিপিডিয়াতো ইতিমধ্যে শংকৰদেৱৰ বিষয়ে কিছু তথ্য সন্নিবিষ্ট হৈছে৷ পিছে এতিয়াও ভালেখিনি কামেই বাকী আছে৷ এইখিনিতে উল্লেখযোগ্য যে যোৱা প্ৰায় এক দশক ধৰি ‘ফেচবুক’ত অসমীয়া ভাষা-সাহিত্যৰ সেৱাত ব্ৰতী থকা ‘অসমীয়াত কথা-বতৰা’ নামৰ গোটৰ সদস্যসকলে সংগঠিত হৈ বৌদ্ধিক সামৰ্থ্যৰে ইতিমধ্যে কেইবাটাও সাহিত্য-কাল-সংস্কৃতি সম্পৰ্কীয় বহুকেইটা কাম সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে৷ ফেচবুকৰ দৰে এখন আভাসী জগতত অকল আলোচনা-সমালোচনাতেই সীমাবদ্ধ নাথাকি সদস্যসকলে ভৌগোলিক পৰিসীমাকো নেওচি বহুকেইটা গঠনমূলক কামৰ আৰ্হি দেখুৱাইছে৷ এনে এটা কাম হ’ল শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্ত্তন পুথিভাগক ‘অসমীয়াত কথা-বতৰা গোট’ৰ সদস্যসকলে স্বেচ্ছামূলক অৱদানেৰে ইউনিক’ডলৈ ৰূপান্তৰণ কৰাটো৷ উল্লেখযোগ্য যে ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা গোটৰেই সদস্য নিতুল বৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচিত ‘কালিয়-দমন” আৰু ‘পাৰিজাত হৰণ’ অংকীয়া নাট দুখন আৰু প্ৰতিম প্ৰতাপ বৰুৱাই মাধৱদেৱ বিৰচিত ‘নামঘোষা’খনৰ সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে ইউনিক’ডলৈ ৰূপান্তৰ কৰি ইতিমধ্যে ইণ্টাৰনেটত উপলব্ধ কৰাইছে৷ কিন্তু শংকৰদেৱৰ সমগ্ৰ সৃষ্টিৰাজি ইউনিক’ডৰ মাধ্যমেৰে ইণ্টাৰনেটত এতিয়াও উপলব্ধ হোৱা নাই৷ ম’বাইল, টেবলেট, কম্পিউটাৰ আদি ব্যৱহাৰ কৰি পঢ়ুৱৈসকলে শংকৰদেৱৰ সৃষ্টিৰাজি সহজে পঢ়ি পৰা ডিজিটেল সংস্কৰণসমূহ সকলোৰে বাবে সহজলভ্য হোৱা উচিত৷ সুখৰ কথা যে বৰ্তমান ইণ্টাৰনেটত উপলব্ধ atributetosankaradeva.org নামৰ এটা নিৰ্মিয়মান ৱেবছাইটত শংকৰদেৱৰ বিষয়ে পৰ্য্যায়ক্ৰমে ভালেমান গুৰুত্বপূৰ্ণ তথ্য সংযোজন কৰা হৈছে৷

ইয়াৰ উপৰিও শংকৰদেৱে পুথি-পাঁজি লিখিবলৈ ব্যৱহাৰ কৰা সাঁচি গছৰ বাকলিৰ পৰা লিখিবলৈ সাঁচিপাত প্ৰস্তুতিৰ কথা, সাঁচিপাতত ব্যৱহাৰ কৰা মহী তথা হেঙুল-হাইতাল আদি পৰম্পৰাগত ৰঙৰ প্ৰস্তুত প্ৰণালীৰ কথা আজিৰ প্ৰজন্মই জনাটো দৰকাৰ৷ অৱশ্যে আন্তৰ্জাতিক সংগঠন ‘ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ আৰু ‘শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ’ৰ দৰে বহু সামাজিক প্ৰতিষ্ঠানে নিজা উদ্যোগত সাঁচিপাত তথা সাঁচিপাতত ব্যৱহৃত মহীৰ বিষয়ে কৰ্মশালা আদি অনুষ্ঠিত কৰা কথা কেতিয়াবা জানিবলৈ পাও৷ পিছে এনেবোৰ কথা অসমৰ দৃশ্য-শ্ৰাব্য মাধ্যমসমূহে বহুলভাৱে প্ৰচাৰ কৰিলে ভাল হয়৷

মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিক বিশ্বব্যাপি খ্যাতি দিয়াৰ বাবে সকলো অত্যাধুনিক ব্যৱস্থাৰ সহায় লব লাগিব৷ এই কামবোৰ কৰোতে টকা-পইছাতকৈ বেছিকৈ দৰকাৰ আগ্ৰহৰহে৷ মহাপুৰুষজনাৰ নামত প্ৰতি বছৰে ইতিমধ্যে বহু টকা-পইছা খৰচ কৰা হৈ আহিছে৷ মহাপুৰুষ শংকৰদেৱৰ নাম জড়িত কৰি গঠিত হোৱা বিভিন্ন সংগঠন, অনুষ্ঠানে ৰাইজৰ পৰা দান-বৰঙনি সংগ্ৰহ কৰাৰ উপৰিও চৰকাৰীভাৱেও বহু অনুদান লয়৷ পিছে এই ধনৰাশিৰ বেছিভাগেই ক্ষন্তেকীয়া চমকৰ বাবেহে খৰচ কৰা হয়৷ ভালকৈ চালি জাৰি চাই খৰচ কৰিলে এনেধৰণে সংগ্ৰহিত হোৱা ধনৰাশিৰ এটি সামান্য অংশৰেই বহু কাম কৰিব পাৰি৷ বৰ্তমানৰ বিশ্বায়নৰ যুগত শংকৰদেৱৰ দৰে মহান ব্যক্তি এজনাৰ বৈচিত্ৰময় জীৱনৰ তাত্বিক, আধ্যাত্মিক, সাংস্কৃতিক আদি দিশবোৰ নতুন প্ৰজন্মৰ কাষলৈ সঠিকভাৱে নিব পাৰিলে বৰ-অসমৰ ঐতিহ্য কাহানিও ম্লান নপৰে৷

☆★☆

কেইটিমান প্ৰাসংগিক ৱেবছাইট
=========================
(১) শংকৰদেৱৰ বিষয়ে ভালেমান গুৰুত্বপূৰ্ণ তথ্য থকা এটা নিৰ্মীয়মাণ ৱেবছাইট ঃ http://atributetosankaradeva.org
(২) সাহিত্য ডট অৰ্গ ই-আলোচনীত সংৰক্ষিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্ত্তন পুথিৰ ইউনিক’ড সংস্কৰণঃ http://www.xahitya.org/?p=5313
(৩) শিশুসকলৰ বাবে উৎসৰ্গিত ‘মইনামেল’ এপটোৰ আধাৰ ‌ৱেবচাইটটো – https://moinamel.com
(৪) অসমীয়া ৱিকিপিডিয়াৰ লিংকটো – https://as.wikipedia.org/wiki/শ্ৰীমন্ত_শংকৰদেৱ

One thought on “নৱপ্ৰজন্মৰ বাবে শংকৰদেৱ – জ্যোতিৰূপম দত্ত

  • March 8, 2019 at 10:19 pm
    Permalink

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!