পঞ্চপদী – হেমেন ডেকা


অজান্তি মুলুকত আছিল এক অধিপতি
বিদেশীৰ দাদাগিৰি চলে য’ত দিন-ৰাতি
দেশত লাগে হুৱা-দুৱা
নামি পৰে চোৰাংচোৱা
শান্তি বিচাৰি গঠন কৰে তদন্ত সমিতি৷


ৰাতি হ’লে সাত হাল বায়
পুৱাতে সেই খাবলৈ যায়
মনত লাগে ৰং
কাকো নকৰে খং
ঘৈণীয়েকে কৰে হায় হায়৷


ক্ষমতাৰ বাবে বাদ-বিসম্বাদ
দস্তুৰমত ই জাতীয়তাবাদ
জীৱ ভোগবাদী
লাগে মাথোঁ গাদী
খাব নোপোৱাই কৰে প্ৰতিবাদ!


কিমান শুনিম আৰু প্ৰতিশ্ৰুতি
সময়ত পাওঁ পিছে ফুটা ঘটি
পেটত ভোক
ইমান চোক
মিঠা কথাৰেই পিন্ধালে টুপীটি৷


বনে বনে বিয়পালে বিষবাষ্প
বসুন্ধৰাৰ বিৰাট বিহ-পুষ্প
বহুৰঙী
বহুৰূপী
বিষাক্ত বতাহত বিহ্বল বিশ্ব৷


জীৱন মায়াময়
নিথৰ যে সময়
বিধ্বস্ত তৰী
দুৰ্মদ বৈৰী
যমৰ জয় জয়!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!