পঞ্চৱিংশ খণ্ড : লীলামালা

৷৷পঞ্চৱিংশ খণ্ড৷৷

৷৷লীলামালা৷৷

৷৷প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

বন্ধু মাধৱ হেহ্ল

তুৱা বিনে আছে আৰ তাৰক কে৷

বন্ধু মাধৱ হে৷৷১৪১৷৷

পদ৷৷

শুকমুনি ৰাজাত কহন্ত বিদ্যমান৷

কৃষ্ণ লীলামালা আৱে শুনা সাৱধান৷৷

শ্ৰৱণে কীৰ্ত্তনে আৰ বৈকুণ্ঠক যায়৷

ধৰ্ম্ম অৰ্থ কাম মোক্ষ সৱে আতে পায়৷৷১৬৭৫৷৷

ব্ৰহ্মায়ে প্ৰাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস৷

লৈলা দৈৱকীৰ উদৰত হৰি বাস৷৷

গৰ্ভতে বিধাতা তুতি কৰিলন্ত আসি৷

দৈৱকী দেৱীক বাক্য বুলিলা আশ্বাসি৷৷১৬৭৬৷৷

পাছে উপজিলা নিজ ৰূপে দামোদৰ৷

দেখি পিতৃ মাতৃ তুতি কৰিলা বিস্তৰ৷৷

উপৰি জন্মৰ কথা নাৰায়ণে কৈলা৷

কংস ভয়ে বসুদেৱে গোকুলত থৈলা৷৷১৬৭৭৷৷

দেখি পুত্ৰমুখ নন্দ আনন্দে বিহ্বল৷

তনয়ৰ জাতকৰ্ম্ম কৰাইলা সকল৷৷

দৈত্যক বধিবে আৰম্ভিলা গোকুলত৷

পুতনাৰ চেতন শুষিলা প্ৰথমত৷৷১৬৭৮৷৷

শকটৰ তলে থৈলা যশোদা শুৱাই৷

পেহ্লাইলাহা পাৱে শকটক উভতাই৷

তুলিলাহা হামি যশোদাৰ পিয়া স্তন৷

গৰ্ভতে দেখিলা দেৱী চৈধ্যয় ভুৱন৷৷১৬৭৯৷৷

বিস্ময় হুইয়া আখি মুদিলা সুন্দৰী৷

তাত পাছে নিলা চক্রৱাতে চুৰি কৰি৷৷

গলত চেপিয়া ধৰি পেহ্লাইলা শিলাত৷

মৰি গৈল দুষ্টদৈত্য তোহ্মাৰ লীলাত৷৷১৬৮০৷৷

জাতকৰ্ম্ম কৰি গৰ্গ ঋষি থৈলা নাম৷

গোকুলত ক্রীড়ন্তে ফুৰন্তে কৃষ্ণ ৰাম৷৷

নাচা বুলি পাঞ্চৈ গোপী বজায়া চাপৰি৷

কৰিলন্ত নৃত্য ভঙ্গী ভাৱে দেৱহৰি৷৷১৬৮১৷৷

যশোদা সুধিলা ধৰি কিয় মাটি খাইলি৷

নখাওঁ বুলিয়া বেন্ত বাইলা বনমালী৷৷

গৰ্ভতে দেখিলা দেৱী ভুৱন চৈধ্যয়৷

কৰিলন্ত স্তুতি আতি পৰম বিস্ময়৷৷১৬৮২৷৷

স্তন পিৱে নপাই কোপে কৃষ্ণ বৰ চাণ্ড৷

শিলা হানি দধিৰ ভাঙ্গিলা সৱে ভাণ্ড৷৷

সেহি অপৰাধে ধৰি বান্ধিলা সুন্দৰী৷

লাসে লাসে উড়ুখল টানি নেন্ত হৰি৷৷১৬৮৩৷৷

বৃক্ষত লাগিয়া ভৈল উড়ল পথালি৷

অৰ্জ্জুনক উভঞ্জি পেহ্লাইলা বনমালী৷৷

বুলিলেক স্তুতি দুয়ো কুবেৰ নন্দন৷

নিজস্থানে গৈলা কৰি কৃষ্ণক বন্দন৷৷১৬৮৪৷৷

কোনে ফল লৈবেক পসাৰী দিলে ডাক৷

ধান্য লৈয়া যান্ত কৃষ্ণে ফল কিনিবাক৷৷

কৃষ্ণৰ হস্তত ভৰি দিল ফল বাছি৷

সুৱৰ্ণ ৰতনে তাইৰ উপচিল পাচি৷৷১৬৮৫৷৷

অনন্তৰে ৰাম কৃষ্ণ গৈলা বৃন্দাবন৷

শিশুসৱ সহিতে চাৰিলা বৎসগণ৷৷

বহুবিধ শিশুলীলা আচৰি প্ৰচুৰ৷

লীলায়ে বধিলা তৈতে বৎস বকাসুৰ৷৷১৬৮৬৷৷

ঘোৰ সৰ্পৰূপে অঘে আছে বেন্ত বাই৷

বৎস বৎসপালক গিলিলে লাগ পাই৷৷

তাৰ গল ভেণ্টিয়া বঢ়াইলা দেহা হৰি৷

কৃষ্ণৰ সাৰূপ্য পাইলা অঘাসুৰ মৰি৷৷১৬৮৭৷৷

তাত পাছে ব্ৰহ্মা আসি কৰিলন্ত চুৰি৷

মায়া কৰি নিলে সৱে গোৰক্ষ দামুৰি৷৷

হুয়া গৰু গোৰক্ষ আপুনি প্ৰতি এক৷

সৰ্ব্বৰূপে ব্ৰজত বঞ্চিলা বৰিষেক৷৷১৬৮৮৷৷

অনন্তৰে ব্ৰহ্মা আসি ভৈলা বিমোহিত৷

সৱে দিব্য চতুৰ্ভুজ ৰূপে বিপৰীত৷৷

হৰিল চেতন একো নাহি হৃদি সিদ্ধি৷

পাছে পাৱে পৰি স্তুতি কৰিলন্ত বিধি৷৷১৬৮৯৷৷

গৈলা তালবন সৱে গোৱাল সহিতে৷

সবান্ধৱে ধেনুকাক বধিলা তহিতে৷৷

গোপগণে তালক ভূঞ্জিলা কণ্ঠ ভৰি৷

শঙ্কৰে ৰচিলা ডাকি বোলা হৰি হৰি৷৷১৬৯০৷৷

৷৷দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

ত্ৰাহি গোৱিন্দ অন্তকে গ্ৰাসে৷

নাসৈ নাথ নিন্দ ত্ৰাহি গোৱিন্দ৷৷১৪২৷৷

পদ৷৷

বিষময় হদ তাক নজানি৷

মৰিল গৰু গোপ পিয়া পানী৷৷

কটাক্ষে জীয়ায়া দমিলা কালি৷

হদৰ খেদাইলা তাক নিকালি৷৷১৬৯১৷৷

ব্ৰজৰ প্ৰজা বনজুইত ডৰে৷

ত্ৰাহি কৃষ্ণ বুলি আৰাৱ কৰে৷৷

নাহি ভয় বুলি অগ্নিক পিলা৷

ব্ৰজক গৈলা গজেন্দ্ৰৰ লীলা৷৷১৬৯২৷৷

হৰি কৰি ক্রীড়া গোপ সভাতে৷

মৰাইলা প্ৰলম্ব বলোৰ হাতে৷৷

মঞ্জবনে গৰু গোপ পোড়ন্তে৷

আনিলা কৃষ্ণে তাড়ি তৈৰ হন্তে৷৷১৬৯৩৷৷

বসন্ত সমে গ্ৰীষ্ম কাল গৈল৷

বাৰিষা আসি উপস্থিত ভৈল৷৷

বলো সমে সৱে গোপক লই৷

ক্রীড়িলা কৃষ্ণে বৃন্দাৱনে গই৷৷১৬৯৪৷৷

আসিল শৰত হৰিষ কৰি৷

বৃন্দাৱনে বেণু বজায়া হৰি৷৷

গোপ সুন্দৰীৰ বস্ত্ৰক লই৷

চড়িলা গোৱিন্দ কদম্বে গই৷৷১৬৯৫৷৷

পাইলেক বৰ যত গোপবালা৷

গোৱিন্দ গৈলা যৈত যজ্ঞশালা৷৷

গোৱালসকলে খুজিলা অন্ন৷

নিদিলে অহঙ্কাৰী বিপ্ৰগণ৷৷১৬৯৬৷৷

পত্নীৰ ভকতি দেখিয়া সৰ্ব্ব৷

ভাঙ্গিলা তাসম্বাৰ কৰ্ম্ম গৰ্ব্ব৷৷

ভাঙ্গিলা কৃষ্ণে মখ মহেন্দ্ৰৰ৷

পূজিলা গোৱৰ্দ্ধন গিৰিবৰ৷৷১৬৯৭৷৷

কৰিলা বৃষ্টি ইন্দ্ৰে ক্রোধ কৰি৷

ৰাখিলা ব্ৰজ গোৱৰ্দ্ধন ধৰি৷৷

কৃষ্ণৰ মহিমা দেখিয়া তয়৷

ভৈলা গোপ গোপী মহা বিস্ময়৷৷১৬৯৮৷৷

গৰ্গৰ বাক্যক সুমৰি নন্দে৷

বৰ্ণাইলা কৃষ্ণৰ গুণ আনন্দে৷৷

কৃষ্ণৰ অদ্ভূত মহিমা দেখি৷

সুৰভি ইন্দ্ৰে আসি অভিষেকি৷৷১৬৯৯৷৷

গোৰ ইন্দ্ৰ পাতি কৰি প্ৰণাম৷

থৈলন্ত কৃষ্ণৰ গোৱিন্দ নাম৷৷

বৰুণৰ দূতে নিলেক হৰি৷

আনিলা নন্দক কৃষ্ণে উদ্ধাৰি৷৷১৭০০৷৷

বিষ্ণুবুদ্ধি কৰি নন্দৰ পোক৷

দেখিলা বৈকুণ্ঠ ব্ৰজৰ লোক৷

চন্দ্ৰাৱলী ৰাত্ৰি শৰত কাল৷

আৰম্ভিলা ৰাসক্রীড়া গোপাল৷৷১৭০১৷৷

বাঢ়িল গৰ্ব্ব দেখি গোপিকাৰ৷

ভৈলা অন্তৰ্দ্ধান জগ আধাৰ৷৷

কান্দিলা কৃষ্ণৰ গুণ বৰ্ণাই৷

তনু পুলকিত চেতন নাই৷৷১৭০২৷৷

গোপীৰ আতি প্ৰেম ভকতিত৷

সৱাৰো মধ্যত ভৈলা বিদিত৷৷

সৱাকো আশ্বাসি কৰিলা ক্রীড়া৷

এড়াইলা গোপীগণে কামপীড়া৷৷১৭০৩৷৷

শঙ্খচূড় নামে যক্ষক মাৰি৷

ৰাখি আনিলন্ত গোপৰ নাৰী৷৷

খেদি আসিলেক অৰিষ্টে ধাই৷

লীলায়ে মাৰিলা মাধৱে পাই৷৷১৭০৪৷৷

কংসত নাৰদে কহিলা পাছে৷

তোৰ প্ৰাণ বৈৰী ব্ৰজত আছে৷৷

শুনিয়া কেশীক কংসে পাঞ্চিলা৷

তাঙ্কো মাৰি কৃষ্ণে যমক দিলা৷৷১৭০৫৷৷

বুলিলা কংসে অত্ৰূৰক আনি৷

ব্ৰজক যাহা তুমি মহামানী৷৷

কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে৷

হৰি হৰি বোলা সমস্ত জনে৷৷১৭০৬৷৷

৷৷তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

ভাৱক ভাই ভজ ভগৱন্ত৷

কৰিবে হৰিসে দুঃখৰ অন্ত৷৷১৪৩৷৷

পদ৷৷

নাৰদ পাছে গোকুলক আসি৷

নমিলা কৃষ্ণৰ গুণ প্ৰকাশি৷৷

কংসে পাঞ্চিলেক আসি অত্ৰূৰ৷

সন্ধ্যা সময়ে পশি গোপপুৰ৷৷১৭০৭৷৷

আকুল হুয়া আতি প্ৰেমভাৱে৷

কৃষ্ণ কৃষ্ণ বুলি পৰিলা পাৱে৷৷

খুড়া বুলি কৃষ্ণে সাৱটি ধৰি৷

কৰিলা সৎকাৰ আতি সাদৰি৷৷১৭০৮৷৷

কংসৰ শুনিয়া নন্দে আদেশ৷

লড়িলা শকটে গোপ নিঃশেষ৷৷

গোপিকাক ৰাম কৃষ্ণে আশ্বাসি৷

সুৱৰ্ণৰ ৰথে চড়িলা আসি৷৷১৭০৯৷৷

অত্ৰূৰে সত্বৰে ডাকিলা ৰথ৷

কান্দে গোপী চাই কৃষ্ণৰ পথ৷৷

মধ্যাহ্ন সন্ধ্যা কৰিবাক প্ৰতি৷

মজিলা যমুনাত দানপতি৷৷১৭১০৷৷

দেখিলা অনন্ত সহস্ৰ ফেঁট৷

কোলাত কৃষ্ণক পাইলন্ত ভেট৷৷

কৰিলন্ত স্তুতি পৰি অত্ৰূৰ৷

প্ৰৱেশিলা পাছে মথুৰাপুৰ৷৷১৭১১৷৷

গোপগণ সঙ্গে ৰঙ্গে মুৰাৰি৷

ভ্ৰমন্তে দেখিলা মথুৰানাৰী৷৷

কন্দৰ্প কোটি যাক নাহি তুল৷

শাৰী শাৰী নাৰী বৰিষে ফুল৷৷১৭১২৷৷

বধিলা ধোবাক চৱৰ অস্ত্ৰে৷

বেশকাৰে আসি ভূষিলা বস্ত্ৰে৷৷

পিন্ধাইলা চন্দন কুঁজী সাদৰি৷

তাইৰ কুঁজ সম কৰিলা হৰি৷৷১৭১৩৷৷

পিন্ধাইলা মালী অঙ্গে মঞ্জমালা৷

দিলা সুদামাক বৰ গোপালা৷৷

ভাঙ্গিলা কংসৰ ধনুক ধৰি৷

ৰখীয়া সেনাক বধিলা হৰি৷৷১৭১৪৷৷

বঞ্চিলা ৰাতি নগৰৰ মাঝে৷

প্ৰভাতে শুনন্ত দুন্দুভি বাজে৷৷

গৈলন্ত খেদিয়া নন্দ কুমাৰ৷

কুৱলয়াপীড়ে ভেণ্টিলে দ্বাৰ৷৷১৭১৫৷৷

ভূমিত পাড়ি কাঢ়ি লৈলা দন্ত৷

কৰিলা কোবাই হস্তীৰ অন্ত৷৷

স্কন্ধত গজদন্ত অনুপাম৷

পশিলা ৰঙ্গশালা কৃষ্ণৰাম৷৷১৭১৬৷৷

চৌপাশে উপাসে গোপ কুমাৰে৷

দেখিলা কৃষ্ণক দশ প্ৰকাৰে৷৷

বলো মুষ্টিকক কৃষ্ণে চাণূৰ৷

মাৰি মাল দুইকো কৰিলা চূড়৷৷১৭১৭৷৷

আসিলা খেদি আৰো যত মাল৷

কৰিলা ৰাম কৃষ্ণে তাৰো কাল৷৷

নাচিলা কৃষ্ণে সমাজৰ মাজে৷

পাৱে ৰুণ ঝুণ নূপুৰ বাজে৷৷১৭১৮৷৷

দেখিয়া গৰজে কংস বিশাল৷

উছিত মঞ্চত চড়ি গোপাল৷৷

কেশত ধৰি তাৰ ঘণ্টা লাড়ি৷

পাড়িলা ভূমিত উপৰে পড়ি৷৷১৭১৯৷৷

মৰিল কংস জগতৰ ভৰে৷

পাইলেক সাৰূপ্য সিটো কৃষ্ণৰে৷৷

পিতৃ মাতৃ দুইৰো বন্ধন ছোড়ি৷

কৰিলা তুতি দুইকো কৰ যোড়ি৷৷১৭২০৷৷

আনি উগ্ৰসেন পাতিলা ৰাজা৷

পাছে আশ্বাসিলা যাদৱ প্ৰজা৷৷

নন্দকো সৎকাৰ কৰিলা আতি৷

পঠাইলা প্ৰবোধিয়া বুলি মাতি৷৷১৭২১৷৷

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷

কৃষ্ণকথা শুনা সমস্ত জনে৷৷

কৃষ্ণ লীলামালা ইহাৰ নাম৷

সংসাৰ তৰা বুলি ৰাম ৰাম৷৷১৭২২৷৷

৷৷চতুৰ্থ কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰাম স্বামী মাগোহো শৰণ হেৰা আমি৷

তোহ্মাক নভজি প্ৰভু ভৈলো অধোগামী৷৷১৪৪৷৷

পদ৷৷

পাছে উগ্ৰসেনক নৃপতি পাতি হৰি৷

নন্দকো কৰিলা শান্ত বচনে সাদৰি৷৷

যেনমতে মানো বসুদেৱ দৈৱকীক৷

তুমি পোষ্টা পিতৃ দেখো তাহাতো অধিক৷৷১৭২৩৷৷

অনন্তৰে নৱগুণ দিলা গৰ্গঋষি৷

পাছে গুৰু গৃহে বাসা কৰিলা হৰিষি৷৷

জানিলা চৌষষ্ঠি কলা পাছে পদ্মপাণি৷

দিলা গুৰু দক্ষিণা মৃত পুত্ৰক আনি৷৷১৭২৪৷৷

মথুৰাক আসি কৃষ্ণে পঠাই উদ্ধৱক৷

কৰাইলা আশ্বাস পাছে যশোদা নন্দক৷৷

গোপী সমস্তক বাক্য সন্দেশ পঠাই৷

সানা কৰিলা কৃপাময় যদুৰায়৷৷১৭২৫৷৷

কুবুজাক ক্রীড়ি কৃষ্ণ জগত ঈশ্বৰ৷

প্ৰৱেশিলা গোৱিন্দ গৃহত অত্ৰূৰৰ৷৷

অৰ্চিলন্ত দানপতি পায়া মাধৱক৷

পাণ্ডৱৰ পাশক পঠাইলা অত্ৰূৰক৷৷১৭২৬৷৷

জৰাসন্ধ ভয়ে পাছে প্ৰভু যদুৰাজে৷

নিৰ্মিলা দ্বাৰকাপুৰী পয়োনিধি মাজে৷৷

নিলা তৈকে মথুৰাৰ প্ৰজা যোগবলে৷

মাৰিলাহা জৰাসন্ধ সেনাক সকলে৷৷১৭২৭৷৷

বধিলা যৱন মুচুকুন্দক দেখাই৷

কৰিলন্ত স্তুতি পাছে মুচুকুন্দ ৰায়৷৷

দিলন্ত প্ৰসাদ তাঙ্ক পৰম ভকতি৷

মুচুকুন্দে লভিলন্ত ভগৱন্ত গতি৷৷১৭২৮৷৷

জৰাসন্ধ ভয়ে নৰচেষ্টাক দেখাই৷

পশিলা পলাই দ্বাৰকাত দুয়ো ভাই৷৷

ৰুণিী পঠাইলা গোপ্য প্ৰেমপত্ৰ লিখি৷

আতি সকৰুণ ভৈলা কৃষ্ণে তাঙ্ক দেখি৷৷১৭২৯৷৷

বিপক্ষ নৃপতিসকলক জিনি ৰণে৷

ৰুকো মুণ্ডিলা চক্র ধৰি নাৰায়ণে৷৷

দ্বাৰকাত পাতি সভা দেৱতো অধিক৷

কৰিলা বিবাহ মহোৎসৱে ৰুণিীক৷৷১৭৩০৷৷

ভৈলা কামদেৱ ৰুণিীৰ গৰ্ভে জাত৷

হৰিলা সম্বৰে তাক কৰিলা নিপাত৷৷

ভাৰ্য্যায়ে সহিতে দুনাই দ্বাৰকাক আইলা৷

পুত্ৰ দেখি ৰুণিীৰ শৰীৰ জুড়াইলা৷৷১৭৩১৷৷

মণি হেতু জাম্বৱন্ত জিনি যদুপতি৷

স্যমন্তক সমে পাইলা কন্যা জাম্বৱতী৷৷

সত্ৰাজিতো দিলে সভ্যভামাক ভয়ত৷

মণিক যৌতুক দিলা কন্যাৰ লগত৷৷১৭৩২৷৷

থৈলা সত্ৰাজিততে মাধৱে মণি পুনু৷

তাক কাটি মণি পাছে নিলা শতধনু৷৷

অত্ৰূৰত মণি থৈয়া ঘোৰায়ে পলাইল৷

তাক চক্রে কাটি কৃষ্ণে মণিক নপাইল৷৷১৭৩৩৷৷

দ্বাৰকা এড়িয়া পাছে পলাইল অত্ৰূৰ৷

আনিলেক কৃষ্ণে তাক দুনাই যদুপুৰ৷৷

স্যমন্তক মণি লৈয়া দেখায়া জ্ঞাতিত৷

এড়াইলা দুৰ্যশ পাছে প্ৰভু বিপৰীত৷৷১৭৩৪৷৷

মিত্ৰবৃন্দা কালিন্দীক পাছে যদুনাহ৷

ভদ্ৰা সত্যা লক্ষ্মণাক কৰিলা বিৱাহ৷৷

এহি অষ্ট মহিষী কৃষ্ণৰ প্ৰিয় জায়া৷

বোলা হৰি হৰি তৰা সংসাৰৰ মায়া৷৷১৭৩৫৷৷

৷৷পঞ্চম কীৰ্ত্তন৷৷

ঘোষা৷৷

হেৰ হেলায় গৱাইলো হৰি ইহেন জনম৷

নভৈল ভকতি মঞি পাতকী পৰম৷৷১৪৫৷৷

পদ৷৷

নৰকক মাৰি ৰূপে গুণে মহা ধন্যা৷

ষোড়শ হাজাৰ প্ৰভু পাইলা দিব্য কন্যা৷৷

স্বৰ্গৰো আনিলা হৰি পুষ্প পাৰিজাত৷

দ্বাৰত ৰুৱাইলা সত্যভামাৰ সাক্ষাত৷৷১৭৩৬৷৷

ৰুণিীক কৰিলাহা প্ৰেমে পৰিহাস৷

ভৈলন্ত ভয়তে দেৱী প্ৰাণতো নৈৰাশ৷৷

চতুৰ্ভুজ হৈয়া হৰি তুলি আঙ্কোৱালি৷

ৰুণিীক আশ্বাস কৰিলা বনমালী৷৷১৭৩৭৷৷

বুলিলন্ত কৃষ্ণে যত নিন্দা আপুনাক৷

ওলটায়া ৰুণিী বুলিলা তুতিবাক৷৷

ভৈলা অনুৰাগ প্ৰভু চৰণত আতি৷

ভৰিল দ্বাৰকা কেশৱৰ পুত্ৰ নাতি৷৷১৭৩৮৷৷

কৃষ্ণৰ সমান ৰূপ একৈক ভাৰ্য্যাত৷

দশ দশ পুত্ৰ এক জীউ ভৈলা জাত৷৷

বহুবিধ কৰি লীলা জগতৰে নাহে৷

ৰুক মৰাইলা অনিৰুদ্ধৰ বিৱাহে৷৷১৭৩৯৷৷

ঊষাক ক্রীড়িলা কৃষ্ণ নাতি অনিৰুদ্ধ৷

বাণক ৰাখিবে লাগি ৰুদ্ৰে দিলা যুদ্ধ৷৷

লীলায়ে ভঙ্গাইলা শঙ্কৰক ঘোৰ ৰণে৷

চক্রে বাণবাহুক ছেদিলা নাৰায়ণে৷৷১৭৪০৷৷

যুদ্ধত নোৱাৰি স্তুতি কৰিলন্ত হৰে৷

নৃগ নৃপতিক উদ্ধাৰিলা তাত পৰে৷৷

ক্রীড়িলন্ত বলভদ্ৰে গোকুলক যাই৷

যমুনাক আঝুৰিলা লাঙ্গল ভেজাই৷৷১৭৪১৷৷

চক্রে ধৰি খেদি গৈলা বাৰাণসী থান৷

সুদক্ষিণ পৌণ্ড্ৰকৰো কৃষ্ণে লৈলা প্ৰাণ৷৷

ৰৈৱত গিৰিত ক্রীড়া কৰি হলধৰ৷

সমৰে মাৰিলা দুষ্ট দ্বিৱিদ বানৰ৷৷১৭৪২৷৷

ধৰিলা শাম্বক কুৰুবীৰগণে চাপি৷

খুজিলেক ৰামে গৈয়া নিদিলা তথাপি৷৷

হস্তিনাপুৰক কোপে ওভতাওঁ বুলি৷

লাঙ্গল ভেজায়া বলো ধৰিলন্ত তুলি৷৷১৭৪৩৷৷

কৃষ্ণৰ গৃহস্থ ধৰ্ম্ম দেখি ঘৰে ঘৰ৷

পৰম বিস্ময় মন ভৈলা নাৰদৰ৷৷

কেৱলে ঈশ্বৰ মাত্ৰ দেখি দেৱঋষি৷

কৃষ্ণ গুণ গায়া চলি গৈলন্ত হৰিষি৷৷১৭৪৪৷৷

নিশাত কৰন্ত কৃষ্ণে শয্যাত শয়ন৷

কণ্ঠত আলিঙ্গি সুতি থাকে পত্নীগণ৷৷

ৰজনীৰ শেষজানি ৰাৱে পক্ষীচয়৷

নাৰীগণো হোৱৈ কৃষ্ণ বিৰহত ভয়৷৷১৭৪৫৷৷

কুকুৰা আৰাৱ কৰে তাকো পাৰে গালি৷

উঠি নিত্যকৃত্য পাছে কৰি বনমালী৷৷

চৌৰাশী অধিক তেৰ হাজাৰ প্ৰমাণ৷

ঘৰে ঘৰে প্ৰতিদিনে কৰন্ত গোদান৷৷১৭৪৬৷৷

দাৰুকে যোগান্ত ৰথ চড়ি গৈয়া তাত৷

সাত্যকি উদ্ধৱ সমে বসন্ত সভাত৷৷

চতুৰ্ভিতি বেঢ়ি পাত্ৰমন্ত্ৰী সভাসদ৷

দেৱকাৰ্য্য সাধিবাক আসিলা নাৰদ৷৷১৭৪৭৷৷

জৰাসন্ধে বান্ধি আছে নৃপতি বহুত৷

কৃষ্ণত শৰণ মাগি পঠাই দিলা দূত৷৷

সেহি বেলা যুধিষ্ঠিৰে পঠাইলন্ত মাতি৷

মন্ত্ৰীগণ সমে কৃষ্ণে আলোচিলা আতি৷৷১৭৪৮৷৷

উদ্ধৱ সহিতে কৃষ্ণ গৈলা ইন্দ্ৰপ্ৰস্থ৷

পূৰিলন্ত পঞ্চ পাণ্ডৱৰ মনোৰথ৷৷

কৃষ্ণৰ কিঙ্কৰে কহে দুঃখ তেৱে তৰি৷

পাতক ছাড়োক ডাকি বোলা হৰি হৰি৷৷১৭৪৯৷৷

৷৷ষষ্ঠ কীৰ্ত্তন৷৷

ঘোষা৷৷

পিয়ো পিয়ো ৰাম নাম অমৃত৷

বৃথা কথা কই নমৰ চিত্ত৷৷১৪৬৷৷

পদ৷৷

যুধিষ্ঠিৰ ৰাজা কৃষ্ণক পাই৷

অৰ্চিলন্ত আতি দুনাই দুনাই৷৷

ৰাজাক কৃষ্ণে নমি প্ৰণিপাতে৷

মৰাইলা মাগধ ভীমৰ হাতে৷৷১৭৫০৷৷

মেলায়া ভকত নৃপতিচয়৷

দেখাইলা নিজ ৰূপ কৃপাময়৷৷

প্ৰসন্নমুখ পঙ্কজৰ জ্যোতি৷

কৌস্তুভ কণ্ঠে গলে গজমতি৷৷১৭৫১৷৷

মকৰ কুণ্ডলে উজ্জল গণ্ড৷

প্ৰকাশে চাৰু চাৰি ভুজ দণ্ড৷৷

কিৰীটি ৰত্ন শিৰে কৰে কান্তি৷

উৰঃস্থলে জ্বলে শ্ৰীবৎস পান্তি৷৷১৭৫২৷৷

শ্যাম তনু তাতে পীত বসনে৷

বিজুলী ৰঞ্জৈ যেন নৱ ঘনে৷৷

কটি-তটে কাঞ্চি ৰত্নৰ জ্বালা৷

আপাদলম্বী গলে বনমালা৷৷১৭৫৩৷৷

চৰণ পঙ্কজে মঞ্জীৰ ঘোষ৷

মিলাৱৈ ভক্তৰ মনে সন্তোষ৷৷

সন্মুখে দেখি হেন হৃষীকেশ৷

সমস্তে এড়াইলা বন্ধন ক্লেশ৷৷১৭৫৪৷৷

আনন্দে দ্ৰৱিল সৱাৰো চিত্ত৷

লোতক ঝৰে তনু ৰোমাঞ্চিত৷৷

আছিল মৰি দুনাই যেন জীল৷

আলিঙ্গিয়া যেন নয়নে পিল৷৷১৭৫৫৷৷

চাহন্তে গৈল অনুৰাগ চৰি৷

প্ৰণামিলা আতি চৰণে পৰি৷৷

হৰিষতে যেন পাইলা মুকুতি৷

কৰিলা কৃষ্ণক অনেক স্তুতি৷৷১৭৫৬৷৷

মাগিলা পৰম ভকতি দান৷

সৱাকে কৰিলা কৃষ্ণে সন্মান৷৷

তুষিয়া পঠাই দিলা নিজ ঘৰ৷

ৰাজসূয়ে আসি যোগাইলা কৰ৷৷১৭৫৭৷৷

কৰি ৰাজসূয় যজ্ঞ নৃপতি৷

অৰ্চিলা কৃষ্ণক মহাভকতি৷৷

নিন্দিলে দেখি শিশুপাল বীৰ৷

কাটিলা কৃষ্ণে চক্র হানি শিৰ৷৷১৭৫৮৷৷

তাৰ তেজ-পুঞ্জ আসিল লৰি৷

মিলিলা কৃষ্ণৰ চৰণে পৰি৷৷

সাৰূপ্য পায়া ভৈলা পাৰিষদ৷

বিস্ময় দেখি লোক নিশবদ৷৷১৭৫৯৷৷

পৰম মানী দুৰ্য্যোধন ৰায়৷

ভ্ৰমিলা সভাৰ সম্পত্তি চাই৷৷

তুলিলা বস্ত্ৰ পানী বুলি স্থলে৷

স্থল হেন মানি পৰিলা জলে৷৷১৭৬০৷৷

দ্ৰৌপদী সমে নাৰীগণে আসি৷

চাপৰি বজায়া তুলিলা হাসি৷৷

ভীমৰ উপহাস্যে কুৰুৰাজ৷

মৰণ সমান ভৈ গৈল লাজ৷৷১৭৬১৷৷

মৃতক যেন ভৈলা কুৰুপতি৷

কৃষ্ণৰ কটাক্ষে ভ্ৰমিল মতি৷৷

তোলাই ইটো কোপ কুৰু ৰাজাৰ৷

হৰিবো সমস্ত ভূমিৰ ভাৰ৷৷১৭৬২৷৷

লাগোক বিৱাদ কুৰু পাণ্ডৱে৷

নমাতি থাকিলা বসি মাধৱে৷৷

পাণ্ডৱৰ হাতে সমৰ জিনি৷

মৰাইলা অষ্টাদশ অক্ষৌহিণী৷৷১৭৬৩৷৷

হৰত বৰ পায়া শা ৰাজা৷

মাৰিবাক গৈল যাদৱ প্ৰজা৷৷

আকাশতে চলে শৌভ নগৰ৷

যদুবীৰ গণে দিলা সমৰ৷৷১৭৬৪৷৷

হস্তিনাপুৰ হন্তে আসি পাই৷

কাটিলা শাক যাদৱৰায়৷৷

ভাঙ্গিলা শৌভক ক্ষেপিয়া চক্র৷

বধিলা বিদুৰথ দন্তবক্র৷৷১৭৬৫৷৷

তীৰ্থত স্নানিয়া ফুৰন্তে ৰাম৷

সূতক বধি কৰি মন্দকাম৷৷

বল্লল দৈত্যক মাৰি তহিত৷

কৰিলা সূতবধ প্ৰায়শ্চিত্ত৷৷১৭৬৬৷৷

দেখিয়া তুষ্ট ভৈলা ঋষিগণ৷

উগ্ৰশ্ৰৱা পাইলা ব্ৰহ্ম আসন৷৷

কহিলা মহাভাগৱত কথা৷

বোলা হৰি হৰি নমৰা বৃথা৷৷১৭৬৭৷৷

৷৷সপ্তম কীৰ্ত্তন৷৷

ঘোষা৷৷

গোপীনাথ তুৱা পাৱে নভৈল ভকতি৷

ইজন্মতো মাধৱ গৈলোহো অধোগতি৷৷১৪৭৷৷

পদ৷৷

দ্বাৰকাক গৈলন্ত দৰিদ্ৰ দামোদৰ৷

অৰ্চিলন্ত কৰি কৃষ্ণে পৰম সাদৰ৷৷

গুৰুগৃহে বাস কথা কৈলা মনতুষ্টি৷

খাইলা তান লৈয়া চাউল চিৰা একমুঠি৷৷১৭৬৮৷৷

এতেকে ঐশ্বৰ্য্য পাইল ইন্দ্ৰৰো দুৰ্ল্লভ৷

হেনসে ঈশ্বৰ কৃষ্ণ ভৃত্যৰো সুলভ৷৷

সৰ্ব্বগ্ৰাস সূৰ্য্যৰ গ্ৰহণ আসি ভৈলা৷

সমস্তে নৃপতি গণ কুৰুক্ষেত্ৰে গৈলা৷৷১৭৬৯৷৷

সপুত্ৰ বান্ধৱে যদুগণ গৈলা তথা৷

কৈলা ৰাজাগণ অন্যোঅন্যে কৃষ্ণ কথা৷৷

কৃষ্ণৰ যতেক পত্নী দ্ৰৌপদী সহিতি৷

কহিলন্ত কৃষ্ণ কথা পৰম পীৰিতি৷৷১৭৭০৷৷

নাৰদ প্ৰমুখ্যে মুনিগণ আইল তয়৷

অৰ্চিলন্ত তাসম্বাক কৃষ্ণ কৃপাময়৷৷

পিতৃৰ কৰাইলা মহাযজ্ঞ মহোৎসৱ৷

বান্ধৱক তুষি ভূষি পঠাইলা মাধৱ৷৷১৭৭১৷৷

নন্দ যশোদাক মান্য কৰিলা একান্ত৷

জ্ঞানদানে গোপীক কৰিলা উপশান্ত৷৷

কহিলা পিতৃত পাছে কৃষ্ণে মহাজ্ঞান৷

মৃতক পুত্ৰক দৈৱকীক দিলা দান৷৷১৭৭২৷৷

অৰ্জ্জুনক আনি বিহা দিলা সুভদ্ৰাক৷

ভক্তক দেখিবে লাগি গৈলা মিথিলাক৷৷

শ্ৰুতদেৱ জনকৰ পূৰি মনোৰথ৷

কৈলা উপদেশি প্ৰেম ভকতিৰ পথ৷৷১৭৭৩৷৷

ভকতিক পুছিলা নাৰদ মাধৱত৷

নাৰায়ণে কহিলা বেদৰ সাৰ তত্ত্ব৷৷

সংসাৰক তাৰৈ ভকতিসি জানি মনে৷

কৈলা স্তুতি বেদ শিৰোৰত্ন মন্ত্ৰগণে৷৷১৭৭৪৷৷

হৰি ভকতিত পাই পৰম মুকুতি৷

দিবে মাত্ৰ পাৰে আন দেৱতা ভুকুতি৷৷

ভৃগু ঋষি আসি কৰি পৰীক্ষা পূৰ্ব্বত৷

কৈলা কৃষ্ণগুণ মুনিগণৰ আগত৷৷১৭৭৫৷৷

মহাকালপুৰ পশি কৃষ্ণ কৃপাময়৷

আনিলন্ত বিপ্ৰৰ মৃতক পুত্ৰচয়৷৷

অৰ্জ্জুনৰ অঙ্গীকাৰ কৰিলা সাফল৷

হেন নাৰায়ণ দেৱ ভকত বৎসল৷৷১৭৭৬৷৷

ষোড়শ সহস্ৰ অষ্টাধিক একশত৷

কৃষ্ণৰ মহিষী সৱে পৰম ভকত৷৷

শুনিয়োক কৃষ্ণৰ যতেক পুত্ৰৰাশি৷

একষষ্ঠি হাজাৰ লক্ষেক আৰো আশী৷৷১৭৭৭৷৷

তাসম্বাৰ পুত্ৰ নাতি ভৈলা অপৰ্য্যন্ত৷

তাক কহি কোনে আৱে কৰিবেক অন্ত৷৷

যদুকুলে কেশৱ আপুনি অৱতৰি৷

গঙ্গাক কৰিলা অল্প কীৰ্ত্তনত কৰি৷৷১৭৭৮৷৷

শত্ৰু মিত্ৰ উদাসীনে দিলা নিজ পদ৷

ভাৰ হৰি মহন্তৰ খণ্ডিলা আপদ৷

নুহিকে আশ্চৰ্য্য ইটো কৰ্ম্ম মাধৱৰ৷

সিকালত বেকত আছিলা দামোদৰ৷৷১৭৭৯৷৷

আকেসে আশ্চৰ্য্য দেখো শুনা পৰীক্ষিত৷

নাম মাত্ৰ লৈলে তৰি ইটো বিপৰীত৷৷

আৰো যাইবে নলাগে নৃপতি তপোবন৷

গৃহে গতি পায় কৰি শ্ৰৱণ কীৰ্ত্তন৷৷১৭৮০৷৷

এহিমানে দশম স্কন্ধৰ কৃষ্ণলীলা৷

শুকমুনি ৰাজা পৰীক্ষিতক কহিলা৷৷

শঙ্কৰে ৰচিলা ধৰি কৃষ্ণৰ চৰণ৷

লীলামালা কথা ইটো কৃষ্ণৰ কীৰ্ত্তন৷৷১৭৮১৷৷

শুনা বুধজন কেনে সুখে আছা বসি৷

কালে আসি পাইলে চোৱা মনে বিমৰিষি৷৷

ইহেন মনুষ্য জন্ম বৃথা যায় আয়ু৷

কেতিক্ষণে ছুটে জানা ইটো প্ৰাণ বায়ু৷৷১৭৮২৷৷

জানি হৰি ভকতিত সৱে দিয়া মতি৷

হৰি কথা শ্ৰৱণত দৃঢ় কৰা ৰতি৷৷

কলিত কীৰ্ত্তন বিনে গতি নাহি আৰ৷

ডাকি হৰি হৰি বোলা তেৱেসে নিস্তাৰ৷৷১৭৮৩৷৷

৷৷লীলামালা সমাপ্ত৷৷২৫৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!