পতিতা (-বিভা বৈশ্য)

পতিতা
===========
=বিভা বৈশ্য৷

কিমান হেপাহত আয়ে মোক তুলিছিলprosti
পিতায়ে ঝিলিৰ মাত খেদি খেদি
পৰ দিছিল মই ওপজাৰ নিশা
খুৰীয়ে গোটেই মজিয়াখন
জকমকাই তুলিছিল
গোৱৰ-মাটিৰ লেচাৰে
ককাইয়ে ৰুইছিল শাৰী-শাৰী তৰা
বুঢ়ীআয়ে হাতনি পেৰাৰ বুকু উদং কৰি
হীৰা ফুল বাছিছিল মোৰ কপালত
দদাইৰ চুমনিত মোৰ ভৰিৰ নূপুৰে
মুগা-সূতা কাটিছিল
মামাৰ পদূলিত শেৱালি ফুলিছিল ন কৈ
মোৰ খিলখিল হাঁহিত
ৰিহাৰ খমখমনি নৌ তুলোতেই
মোৰ যৌৱনৰ পাৰ ভঙা উচাহে
উজুতিত আত হেৰুৱালে
এতিয়া যে প্ৰতি সন্ধিয়া
মোৰ কপালৰ হীৰা-ফুল সহে
অচিনাকি গ্ৰাহকৰ শৰীৰৰ গোন্ধত
দাম-দৰ চলে মোৰ বুকুৰ মঙহৰ
মই যে অভিজাতৰ
বিছনা শুৱনি কৰা
নজ্বলা ধুপৰ সুগন্ধি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!