পদ্ধতিগত বিনিয়োগ আঁচনি (SIP) (অনুপমা বৰগোঁহাই)

(এমাহত ডেকাসকলে পাণ-তামোল, হোটেল, ৰেষ্টুৰেন্টত  খোৱা কমাই, দুখনমান চিনেমা কমকৈ চোৱা কৰিলে মাহে ৫০০টকা নিশ্চয় ৰাহি কৰিব পাৰিব । যুৱতীসকলে মাহত এবাৰ কমকৈ বিউটি পাৰ্লাৰ গ’লেও ৫০০টকা ৰাহি হ’ব ! তাৰ লগত টানি টুনি আৰু ৫০০টকা যোগ দি মাহেকত ১,০০০টকাকৈ ছীপত খটুৱালে অন্ততঃ ৯% বজাৰ হাৰত ১০ বছৰত ৬.৬৯ লাখ টকা, ৩০ বছৰত ১৭.৮৩ লাখ টকা আৰু ৪০বছৰত ৪৪.২০ লাখ টকা লাভ কৰিবলৈ সক্ষম হ’ব।)

পদ্ধতিগত বিনিয়োগ আঁচনি (ছিপ) অৰ্থাৎ Systematic Investment Planৰ বিষয়ে হয়তো বহুতেই জানে। ছিপ আৰু ইয়াৰ –অসুবিধাৰ বিষয়ে জনোৱাৰ আগতে কিয় মই এই প্রবন্ধটো লিখিবলৈ লৈছো, সেয়া উল্লেখ কৰি ল’ব খুজিছো’ । ব্যক্তিগত অভিজ্ঞতাৰ পৰা দেখিছো যে আমি অসমীয়াৰ বেছি সংখ্যকৰেই সঞ্চয়, বিনিয়োগ আদিৰ বিষয়ে বিশদভাৱে জানিবলৈ অনীহা! জোৰ জবৰদস্তি কোনো জীৱন বীমাৰ এজেন্ট এজনে খুলি দিয়া সঞ্চয় আঁচনিখনতেই সন্তুষ্টি লাভ কৰে । কোনো কোনোৱে হয়তো এখোপ আগুৱাই “মিচুৱেল ফান্ড” বা “শ্বেয়াৰ বজাৰ”ত অলপ-অচৰপ বিনিয়োগ কৰে। কিন্তু তাতো বজাৰৰ উত্থান-পতনৰ খবৰ ল’বলৈ আহৰি, আগ্ৰহ যেন নাই। আমাৰ অধিক সংখ্যক যুৱকে আৰ্থিকভাৱে সক্ষম হোৱাৰ লগে লগে অতিকৈ জৰুৰী সঞ্চয়ত গুৰুত্ব নিদি বেপেৰোৱাভাৱে অনাহক টকা-পইচা খৰচ কৰি বন্ধু-বান্ধৱীৰ লগত ধেমালি-স্ফূৰ্তি কৰি শেষ কৰে। বিয়াৰ পিছত সংসাৰ আৰম্ভ হ’লেহে চিন্তা আৰম্ভ হয়–এতিয়া মই সঞ্চয় কৰিম। বিনিয়োগ কৰিম। ইটো ল’ম, সিটো কৰিম ইত্যাদি। কিন্তু ইতিমধ্যে সংসাৰখন ডাঙৰ হ’বলৈ ধৰে । সমান্তৰালকৈ নতুন নতুন খৰচৰ বাটো ওলাই থাকে। ফলশ্ৰুতিত পৰিকল্পনাবোৰ আশা কৰামতে নহয়গৈ! ৭ বছৰ তেল কোম্পানীত ভাল পদত চাকৰি কৰি বিয়া পতা মোৰ পতিৰ বিয়াৰ সময়ত বেংক বেলেন্স আছিল শূন্য ! কিন্তু বিয়াৰ কেইবছৰমানৰ পিছতে পৰিকল্পিতভাৱে সঞ্চয় /বিনিয়োগ কৰিবলৈ শিকি ঘৰ, মাটি-সম্পত্তি কৰাৰ উপৰি বিদেশ ভ্রমণকে বিভিন্ন কাম কৰিব পৰা হ’ল, সেয়াও আনক তথা পৰিয়াল-পৰিজনক আৰ্থিক সহায় কৰাৰ স্বভাৱটো সলনি নকৰাকৈয়ে। বহু সময়ত আমি দেখা পাওঁ যে সমানে উপাৰ্জন কৰা দুজন ব্যক্তিৰ জীৱন ধাৰণৰ মান ভিন্ন। তেতিয়া আমি একে অৰ্থ উপাৰ্জন কৰি তুলনামূলকভাৱে উন্নত সা-সুবিধাৰে উচ্চ মানৰ জীৱন যাপন কৰা ব্যক্তিজনৰ নানা বেয়া দিশ খুঁচৰিবলৈ আৰম্ভ কৰো । কিন্তু তাকে নকৰি আমি আমাৰ সীমিত বিশুদ্ধ আয়ক পৰিকল্পিতভাৱে বৃদ্ধি কৰাৰ চিন্তা কৰো, তেতিয়া বেছি লাভৱান হ’ম।
এতিয়া চাওঁ আহক, কিনো এই পদ্ধতিগত বিনিয়োগ আঁচনি বা ছীপ। সহজ ভাষাত ক’বলৈ গ’লে ছীপ একপ্রকাৰ “ৰেকাৰিং ডিপ’জিত” (RD) সঞ্চয়ৰ দৰেই নিৰ্দিষ্ট দিনৰ (মাহেকীয়া বা পষেকীয়া) অন্তৰালৰ বিনিয়োগ আঁচনি । ছীপৰ জৰিয়তে আমি নিৰ্দিষ্ট দিনৰ (মাহেকীয়া বা পষেকীয়া) অন্তৰালত ক্ষুদ্র পৰিমাণৰ মূলধন মিচুৱেল ফাণ্ডত (MF) বিনিযোগ কৰিব পাৰো। উদাহৰণস্বৰূপে আমি ৫,০০০ টকা মিউচুৱেল ফাণ্ডত খটুৱাব পাৰো ১০টা কিস্তিত, মাহেকত বা পষেকত ৫০০ টকাকৈ দি । ইয়াৰ ফলত আমাৰ ওপৰত একেবাৰতে সৰহ টকা খৰচ (বিনিয়োগ) কৰাৰ বোজাও নপৰে আৰু মিচুৱেল ফাণ্ডত বিনিয়োগ কৰাও সহজ সুলভ হয় ।
ছীপৰ জৰিয়তে কৰা ক্ষুদ্র বিনিয়োগ প্রথম অৱস্থাত ইমান আকৰ্ষণীয় যেন নালাগিব পাৰে। কিন্তু ই আমাক সঞ্চয়ৰ অভ্যাস এটা গঢ় দিয়ে । এমাহত ডেকাসকলে পাণ-তামোল, হোটেল, ৰেষ্টুৰেন্টত  খোৱা কমাই, দুখনমান চিনেমা কমকৈ চোৱা কৰিলে মাহে ৫০০টকা নিশ্চয় ৰাহি কৰিব পাৰিব । যুৱতীসকলে মাহত এবাৰ কমকৈ বিউটি পাৰ্লাৰ গ’লেও ৫০০টকা ৰাহি হ’ব ! তাৰ লগত টানি টুনি আৰু ৫০০টকা যোগ দি মাহে ১,০০০টকাকৈ ছীপত খটুৱালে অন্ততঃ ৯% বজাৰ হাৰত ১০ বছৰত ৬.৬৯ লাখ টকা, ৩০ বছৰত ১৭.৮৩ লাখ টকা আৰু ৪০বছৰত ৪৪.২০ লাখ টকা লাভ কৰিবলৈ সক্ষম হ’ব। সাধাৰণতে বেংক বা ডাকঘৰৰ সঞ্চয় আচঁনিত ইমান লাভ হোৱা নাযায়। অন্য ছীপত শ্বেয়াৰ বজাৰত কেতিয়াবা ভুল সময়ত বিনিয়োগ কৰি লোকচান হোৱাৰ দৰে পৰিস্থিতি নহয়।
পদ্ধতিগত বিনিয়োগ আঁচনি (SIP)ৰ অন্যান্য সুবিধাসমূহ বিতংকৈ আলোচনা কৰোঁ আহক –
১. শৃংখলাবদ্ধতা
অৰ্থৰ ভঁৰালটো টনকিয়াল কৰিবলৈ হ’লে আমি সঞ্চয় বা বিনিয়োগৰ প্রণালীটো শৃংখলিত কৰিবই লাগিব । এটা মাহত ২,০০০ টকা আৰু অন্য এটা মাহত ২০০ টকা বা কেতিয়াবা এটকাও সঞ্চয় নকৰাৰ নীতি অনুসৰণ কৰিলে হ’লে বৰ বেছি লাভৰ আশা কৰিব নোৱাৰি । তদুপৰি একেলগে এটা সময়ত সৰহকৈ বিনিয়োগ কৰাৰ সলনি প্রতিমাহত অলপ অলপ টকা বিনিয়োগৰ বাবে আছুতীয়াকৈ থলে, নিজৰ মাহেকীয়া বাজেটতো বিশেষ সাল-সলনি কৰিব লগা নহয় ।
২. যোগাত্মক বৃদ্ধি
বিনিয়োগ বিশেষজ্ঞই সদায় পৰামৰ্শ দিয়ে যে যিমান সোনকালে পাৰি সিমান সোনকালে অৰ্থাৎ যুৱ অৱস্থাতেই বিনিয়োগ কৰিব লাগে, তেতিয়াহে বিনিয়োগৰ প্রকৃত লাভ পোৱা যায় । কথাটো ভালদৰে বুজিবলৈ বাবে এটা উদাহৰণ এটা দিলোঁ : ধৰা হ’ল, নিতুলে ৩০ বছৰ বয়সত বছৰি ১০,০০০ টকাকৈ বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিলে । অন্য হাতে দিগন্তই ৩৫ বছৰ বয়সত সমপৰিমাণৰ টকা বিনিয়োগ কৰিবলৈ সিদ্ধান্ত ল’লে । যেতিয়া দুয়োজনে ৬০ বছৰ বয়সত উপনিত হ’ব, তেতিয়া নিতুলৰ অৰ্থ ভঁৰালত জমা হব ১২.৩৫ লাখ টকা আৰু দিগন্তৰ অৰ্থ ভঁৰালত জমা হ’ব ৭.৮৯ লাখ টকা!! ( ইয়াত বজাৰৰ হাৰ ৮% বুলি ধৰি  লোৱা হৈছে ) গতিকে ৫ বছৰৰ পলমকৈ বিনিয়োগ কৰা বাবে হোৱা মাত্র ৫০,০০০ টকাৰ (১০,০০০×৫ =৫০,০০০) পাৰ্থক্যই দিগন্তৰ অৰ্থ-ভঁৰালত নিতুলৰ তুলনাত ৪লাখ টকাৰ ঘাটি পেলাব । বিনিয়োগৰ সময় অধিক হ’লে যৌগিক বৃদ্ধিও অধিক হয় । সেইদৰে, যদি নিতুলে ৩০বছৰ বয়সত ১০,০০০টকাকৈ নাসাঁচি ৩৫ বছৰ বয়সত ৫০,০০০ টকাকৈ ৫বছৰৰ মূৰে মূৰে সাঁচিলেও ৬০ বছৰ বয়সত পাব ১০.৪৩ লাখ টকা । অৰ্থাৎ একেই ৩ লাখ টকাৰ বিনিয়োগ অথচ ৫বছৰৰ পাছত কৰা বাবে কমেও ২ লাখ টকাৰ লোকচান !
৩. টকাৰ গড় খৰচ (Rupee cost averaging )
পদ্ধতিগত বিনিয়োগ আঁচনি (SIP) বা মিচুৱেল ফাণ্ড (MF)—এই সকলোবোৰ শ্বেয়াৰ বজাৰৰ সৈতে জড়িত । কিন্তু এই ধৰণৰ বিনিয়োগত শ্বেয়াৰ বজাৰৰ কুফলৰ পৰা (বজাৰৰ বিশেষ জ্ঞান নহ’লেও) বাচি থাকিব পাৰি । কথাটো এনেকুৱা – আমি যেতিয়া নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্দ্দিষ্ট পৰিমাণৰ বিনিয়োগ কৰোঁ, তেতিয়া আমাৰ বিনিয়োগৰ ধনেৰে- বজাৰ মূল্য উচ্চ হওক বা নিম্ন হওক – পূঁজি প্রবন্ধকে (Fund Manager) ইকুইটি শ্বেয়াৰ কিনি থাকে । যেতিয়া বজাৰ মূল্য উচ্চ হয় কম শ্বেয়াৰ আৰু যেতিয়া বজাৰ মূল্য নিম্ন হয় তেতিয়া বেছি শ্বেয়াৰ কিনা হয় । গতিকে দীঘলীয়া সময়ত সৰ্বমুঠ খৰচ আৰু সৰ্বমুঠ শ্বেয়াৰৰ তুলনা কৰিলে কম খৰচত বেছি শ্বেয়াৰ ওলাব । পদ্ধতিগত বিনিয়োগ আঁচনি (SIP)ত কোনো নিৰ্দ্দিষ্ট ধৰাবন্ধা সময় নাথাকে । যেতিয়াই ইচ্ছা তেতিয়াই বিনিয়োগকৰ্তাই নিজৰ বিনিয়োগ কৰা ধন তৰলীকৰণ কৰিব পাৰে অৰ্থাৎ শ্বেয়াৰ বিক্রি নিজৰ টকা ঘূৰাই পাব পাৰে । কিন্তু যদি অধিক সময়ৰ বাবে টকা বিনিয়োগ কৰে নিশ্চিতভাবে বিনিয়োগ কৰা ধনতকৈ অধিক ধন পাব !
৪. সৰল আৰু সুবিধাজনক
এই আঁচনিত বিনিয়োগ অতি সৰল । এখন ফৰ্মত তালিকা ভৰ্তি কৰি নিজৰ চেক্ জমা দিলে – নিৰ্দ্দিষ্ট দিনত আপোনাৰ শ্বেয়াৰ আপোনাৰ ডি-মেট্ একাউন্টত জমা হ’ব । যি সকলৰ অনলাইন বেংকিঙৰ সুবিধা আছে তেওঁলোকে ডি-মেট‌্ একাউন্ট এটা খুলিলে সকলো প্রকাৰ বিনিয়োগ ঘৰতে বহি সহজেই কৰিব পাৰে । শ্বেয়াৰ বজাৰৰ বিশেষ জ্ঞান নহলেও লাভ দেখুৱাই অহা কোম্পানী এটাত ছীপৰ জৰিয়তে বিনিয়োগ কৰি শ্বেয়াৰ বজাৰৰ সুফলবোৰ লাভ কৰিব পাৰি ।
৫. অন্যান্য সুবিধা
পদ্ধতিগত বিনিয়োগ আঁচনি (SIP)ত সোমোৱা আৰু ওলোৱা (entry and exit) একেবাৰে সহজ আৰু বোজামুক্ত । এই আঁচনিত এবাৰ সোমোৱাৰ পিছত যেতিয়াই ইচ্ছা তেতিয়াই ওলায়ো আহিব পাৰি ।

স্বীকাৰোক্তি : এই প্রবন্ধটো লিখোতে নিজৰ অভিজ্ঞতা আৰু নেটত সহজলভ্য প্রবন্ধৰ সহায় লোৱা হৈছে । তদুপৰি পাঠকৰ mutual fund, recurring deposit, share market ,Demet account ইত্যাদিৰ সম্যক জ্ঞান আছে বুলি ধৰি লৈছোঁ । নিজৰ কষ্টোপাৰ্জিত ধন “পদ্ধতিগত বিনিয়োগ আঁচনি (SIP)”ত বিনিয়োগ কৰাৰ পূৰ্বে ভালদৰে বিচাৰ কৰি ল’বলৈ অনুৰোধ জনালোঁ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!