পলিঅ’ মুক্ত ভাৰত -(ৰশ্মি বৰা)

পলিঅ’ মুক্ত ভাৰত

-ৰশ্মি বৰা 

সামাজিক ব্যাধিৰূপী পলিঅ’ ‘পলিঅ’মায়েলিটিছ’ (poliomyelitis) নামৰ এবিধ ভাইৰাচৰ পৰা হোৱা ৰোগ। এইবিধ ভাইৰাচ আহাৰ, পানী আদিৰ দ্বাৰা পাঁচ বছৰৰ তলৰ শিশুৰ দেহলৈ সংক্ৰমিত হয়। এই ৰোগৰ প্ৰাথমিক লক্ষণবোৰ হ’ল মূৰৰ বিষ হো্ৱা, সকলো সময়তে শিশুটিৰ টোপনি ধৰি থকা, খাবলৈ মন নকৰা ইত্যাদি। ১৯৫০চনত প্ৰথম পলিঅ’ ভেকছিন আবিষ্কাৰ কৰে হিলাৰি কৰ্পৱস্কি নামৰ ভাইৰোলজিষ্ট এজনে৷ ইয়াৰ পিছত ১৯৫৫চনত পিটচবৰ্গ ইউনিভাৰ জোনাছ ছল্কে চিকিৎসা জগতত আন এবিধ ভেকছিনৰ সংযোজন ঘটায় ৷ ১৯৫৭-৫৮চনত এলবাৰ্ট চেবিনে আন এবিধ জীৱন্ত মুখেৰে গ্ৰহণ কৰা পলিঅ’ ভেকছিন আবিষ্কাৰ কৰে আৰু ১৯৬২চনৰ পৰা গোটেই বিশ্বতে ইয়াৰ ব্যাপক প্ৰচলন আৰম্ভ হয়্ । এই ৰোগত আক্ৰান্ত হোৱা শিশুটি পক্ষাঘাতগ্ৰস্ত হয় নতুবা চিৰজীৱনৰ বাবে পংগু হৈ পৰে। পলিঅ’ ভেকচিন আৱিষ্কাৰ হোৱাৰ আগলৈকে সমগ্ৰ বিশ্বৰ বাবে পলিঅ’ ৰোগ আছিল এক প্ৰধান সমস্যা।

বিশ্ব স্বাস্থ্য সংস্থাই ১৯৮৮ চনত সমগ্ৰ বিশ্বক পলিঅ’ মুক্ত কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্ত মতে ১৯৯৫ চনত পোন প্ৰথমবাৰৰ বাবে ভাৰতবর্ষত পালচ পলিঅ’ অভিযান আৰম্ভ কৰা হৈছিল আৰু তেতিয়াৰে পৰা ক্ৰমাগতভাৱে পলিঅ’ ৰোগীৰ সংখ্যা ৯৯ শতাংশলৈ কমি আহিবলৈ ধৰিলে। কিন্তু ভাৰতৰ ঘন জনবসতি, সুসংহত অনাময় ব্যৱস্থাৰ অভাৱ, বিশুদ্ধ খোৱাপানীৰ অভাৱ আৰু উপযুক্ত স্বাস্থ্য সেৱাৰ সুবিধা নথকাৰ বাবে ভাৰতক পলিঅ’ মুক্ত কৰাত বহুত অসুবিধাই দেখা দিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত আৰু বিশ্ব স্বাস্থ্য সংস্থা, ৰ’টাৰী ইণ্টাৰনেচনেল আৰু ইউনিচেফৰ সহযোগত ভাৰতে এইক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। জন্মৰ পৰা পাঁচ বছৰলৈকে প্ৰতিটো শিশুক প্ৰতি বছৰে পলিঅ’ ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছিল। ১৯৯৭ চনত বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰ একগোট হৈ ‘নেশ্যনেল পলিঅ’ ছাৰ্ভিলেন্স প্ৰজেক্ট’ গঠন কৰে। এই আঁচনিৰ অধীনত স্বাস্থ্য বিষয়া, চৰকাৰী বিষয়া, স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মী সহযোগত দেশৰ কোন কোন অঞ্চলত আটাইতকৈ বেছি পলিঅ’ ৰোগী আ্ছে সেইটো চিনাক্তকৰণ কৰা হ’ল। যাৰ ফলত সেই অঞ্চলসমূহলৈ পলিঅ’ ৰোগৰ ভেকচিন পঠোৱাত সুবিধা হৈ পৰিল। দেশৰ সকলো শ্ৰেণীৰ লোকৰ মাজত বিনামূলীয়া ভেকচিন দিয়াৰ এক আঁচনি গ্ৰহণ কৰা হৈছিল।

প্ৰথম অৱস্থাত সজাগতাৰ অভাৱত পলিঅ’ ভেকছিন শিশুটিক খোৱাত বহুতো অসুবিধাই দেখা দিছিল যদিও ইউনিচেফৰ উদ্যোগত গ্ৰহণ কৰা সজাগতা সৃষ্টি মূলক বিজ্ঞাপনৰ বাবে ৰাইজৰ মাজত থকা ভ্ৰান্ত ধাৰণাবোৰ আঁতৰ কৰিবলৈ সক্ষম হয়। শেহতীয়াভাৱে কৰা এক সমীক্ষা মতে ২০১১ চনৰ ১৩ জানুৱাৰীত পশ্চিমবংগৰ হাওৰা জিলাত ১৮ মহীয়া এটি পলিঅ’ আক্ৰান্ত কন্যা শিশুৰ চিকিৎসা কৰা হৈছিল। এই শিশুটিয়েই আছিল পলিঅ’ ৰোগত আক্ৰান্ত হোৱা আমাৰ দেশখনৰ শেষ ৰোগী। ইয়াৰ পাছৰপৰা বিগত তিনি বছৰে নতুনকৈ কোনো পলিঅ’ আক্ৰান্ত ৰোগী দেশত পোৱা হোৱা নাই। ২০১২ চনৰ ২৪ ফেব্ৰুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাই পলিঅ’ ৰোগত আক্ৰান্ত দেশসমূহৰ তালিকাৰপৰা ভাৰতবৰ্ষৰ নাম বাতিল কৰে। কিন্তু ২০১৪ চনৰ জানুৱাৰী মাহতহে বিশ্ব স্বাস্থ্য সংস্থাই আনুষ্ঠানিকভাৱে ভাৰতক এখন পলিঅ’ মুক্ত দেশ হিচাপে স্বীকৃতি প্ৰদান কৰে, যিটো সম্ভৱ হৈছে কেৱল বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত ভাৰত চৰকাৰৰ লগত স্বাস্থ্যখণ্ডই লোৱা পলিঅ’ ৰোগ নিৰ্মূলৰ আঁচনিসমূহ আৰু ইয়াৰ লগত জড়িত হৈ থকা স্বেচ্ছাসেৱী কৰ্ম্মীসকলৰ আকণ্ঠ সহযোগ। আজি ভাৰত পলিঅ’ মুক্ত দেশ যদিও সুদূৰ ভৱিষ্যতত পুনৰ পলিঅ’ ৰোগৰ ভাইৰাছৰ সংক্ৰমণক নুই কৰিব নোৱাৰি। সেয়েহে এই অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ভাৰতবৰ্ষক ৰক্ষা কৰাৰ উদ্দেশ্যেই ২০১৪-১৫ চনত ভ্ৰাম্যমাণ পলিঅ’ সজাগতা কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্য্যসূচীৰ জৰিয়তে ১৭২ নিযুত শিশুৰ দেহত পলিঅ’ ভাইৰাছ প্ৰতিৰোধী শক্তি গঢ়ি তোলা হ’ব।

ভাৰতবৰ্ষ পলিঅ’ মুক্ত যদিও নাইজিয়া, আফগানিস্তান, পাকিস্তান আদি দেশ আজিও পলিঅ’ মুক্ত নহয়।এই দেশ সমূহৰ স্বাস্থ্য পৰিসেৱাৰ নিম্ন মানৰ, লগতে সামাজিক অস্থিৰতা, যুদ্ধ-বিগ্ৰহ আদিৰ বাবে সাধাৰণ মানুহৰ মাজলৈ গৈ ভেকচিন দিয়াটো কঠিন কামৰূপে পৰিগণিত হৈ আছে। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই মধ্য প্ৰাচ্যৰ ২৩ নিযুত শিশুক পলিঅ’ ভেকচিন দিয়াৰ ব্যাপক আঁচনি হাতত লৈছে। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশো ২০১৪চনৰ ভিতৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা পলিঅ’ মুক্ত দেশ বুলি ঘোষিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ দৰাচলতে পলিঅ’ ৰোগৰ কোনো চিকিৎসা নাই৷ ৰোগাক্ৰান্তহৈ পংগু হোৱা ব্যক্তিক অৰ্থপেডিক চাৰ্জাৰি বা আন শল্য চিকিৎসাৰ দ্বাৰা আৰু উপসৰ্গসমূহৰ লক্ষণ অনুসৰি চিকিৎসা বিধান দিয়া হয়৷ সেয়ে এই পলিঅ’ ৰোগ প্ৰতিষেধৰ গুৰুত্ব অপৰিসীম৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!