পশ্চিমীয়া অপসংস্কৃতি আৰু আমাৰ আওপুৰণি মূল্যবোধ : অভিজিত কলিতা

(We often forget that the prime purpose of our life is to ENJOY it)

মূল আলোচনালৈ অহাৰ আগতে শিৰোণামটোত থকা দুটা ভুল ধাৰণাৰ কথা আলোচনা কৰিম। প্ৰথম, পশ্চিমীয়া সংস্কৃতিক আমি অপ-সংস্কৃতি নাম দিবলৈ ক’ত অধিকাৰ পালোঁ? হয়, বহুতো পশ্চিমীয়া দেশত সকলোৱে মুকলিমূৰীয়াকৈ যৌন-জীৱন উপভোগ কৰে, বৰ বেছি মাক –দেউতাক, ল’ৰা ছোৱালী আদি কথা ভাৱি সময় নষ্ট নকৰে, ব্যক্তিগত সিদ্ধান্ত বিলাকত আপোন লোকৰ মতো গ্ৰাহ্য নকৰে, কথাই প্ৰতি বিবাহ বিচ্ছেদ কৰে, কিন্তু তাৰ লগতে তেঁওলোকে নিজৰ দেশ-জাতিক অন্তৰৰ পৰা ভাল পায়, ভণ্ডামি নকৰে, সৰল ভাবে ভালক ভাল বুলি কয়, শ্ৰমক সন্মান দিয়ে, শিশুখাদ্য ভেজাল কৰি উপৰুৱা পইচা নঘটে। আমাৰ চকুত যেনেকে মুক্ত যৌনজীৱন এটা অপ-সংস্কৃতি, তেঁওলোকৰ মতেও ভগৱানৰ নামত লোকক ভয় দেখুৱাই ধন অৰ্জন কৰাটো এক অপ-সংস্কৃতি। আমাৰ সংস্কৃতিহে ভাল, তেঁওলোকৰটো অপ-সংস্কৃতি বুলি কোৱাটো আমাৰ ঠেক মনোবৃত্তিৰ পৰিচায়ক।
দ্বিতীয়তে আওপুৰণি মূল্যবোধ, সমাজ এখনৰ সামগ্ৰিক মূল্যবোধ কেতিয়াও আওপুৰণি নহয়, আৰু ই সদা গতিশীল। আজি যদি সমাজৰ এক বৃহৎ অংশই ৰেইন ডেন্স বেয়া বুলি কৈছে, সেয়া আধুনিক সমাজৰে মূল্যবোধ। আমি ব্যক্তিস্বাধীনতাৰ দোহাই দি ইয়াক আওপুৰণি বুলি ইতিকিং কৰিলে আচলতে আমি যে সমাজ খনক নুবুজো, সেইকথাটোহে প্ৰতিফলিত হব।
সৰুৰে পৰা পঢ়ি আহিছো, বুজি আহিছো, সমাজ আৰু সংস্কৃতি পৰিবৰ্তনশীল। মানৱ সভ্যতাৰ আদিৰে পৰা বিভিন্ন সংস্কৃতিৰ মিলন চলি আহিছে, জীৱন ধাৰণৰ প্ৰক্ৰিয়াৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিও সলনি হৈ আহিছে, আৰু এই পৰিবৰ্তন মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত।কোনোবাই যদি কয়, পাঁচশ বছৰৰ আগতে আমি যি কৰিছিলো, সেয়াহে আমাৰ সংস্কৃতি, আজিকালি কৰি থকা বোৰ নহয় বুলি ক’লে, বোৱতী নদীক একে ঠাইতে বান্ধি ৰখাৰ প্ৰচেষ্টাৰ দৰে হব। কোনোবা সংস্কৃতিৰ ঠিকাদাৰে আকৌ এই পাঁচশ বছৰৰ সীমা পাৰ হৈ পাঁচ হেজাৰ মান বছৰৰ আগলৈ উভতি যোৱাৰ ওকালতি কৰিলে মহা পয়মাল নহবনে? কিন্তু যিমানেই সলনি নহওক লাগে, প্ৰতি সংস্কৃতিৰ এটা আত্মা থাকে, সি কেতিয়াও সলনি হোৱা উচিৎ নহয়। যিদৰে ডিব্ৰুগড়ৰ চেঁচা নদীৰ পানী সদায় বৈ আছে, নতুন পানী আহি আছে, কিন্তু তাৰ বৰলীয়া মাছৰ সোৱাদ সলনি হোৱা নাই। ঠিক তেনেদৰে আমাৰ লোক-সংস্কৃতিৰো এক নিজস্বতা আছে, আৰু এই নিজস্বতাই আমাৰ পৰিচয়। এই আত্মা জীয়াই থকা লৈকে, সংস্কৃতিৰ আৱশ্যম্ভাবী পৰিবৰ্তনবোৰে আমাক একো অপকাৰ কৰিব নোৱাৰে।
এতিয়া প্ৰশ্নটো হ’ল, এই সংস্কৃতিৰ আত্মাটোক ক’ত বিচাৰি পোৱা যাব? যিহেতু আমাৰ সমাজ ব্যৱস্থাৰ আজিলৈকে কোনো বিজ্ঞানসন্মত বিশ্লেষণ হোৱা নাই, গতিকে আমি এই প্ৰশ্নটোৰ উত্তৰ আঁওপকীয়াকৈ বিছাৰিব লাগিব। আৰু তাৰ একমাত্ৰ উপায় হ’ল আমাৰ সংস্কৃতিৰ বিষয়ে জ্ঞান (তুলনামূলক জ্ঞান, মানে আনৰ লগত সুক্ষ্ম বাৱে তুলনা কৰি হোৱা উপলব্ধি) আৰু গৌৰৱবোধ। এই দুটা বস্তু থাকিলেই আমি সংস্কৃতিৰ আত্মাক বিছাৰি পাম। আজিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তাৰ বাবে এক সুচিন্তিত সামাজিক বিপ্লৱৰ প্ৰয়োজন, আৰু তাত আমাৰ সমাজৰ নীতি নিৰ্ধাৰক সকলৰ লগতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ সহযোগীতাৰ প্ৰয়োজন, ( কেৱল নেতাগিৰী কৰি সুবিধা লোৱাৰ চেষ্টাত থকা সকলৰ বাহিৰে)
এটা কথা মানি লবলৈ সংকোচ নকৰোঁ, আমাৰ সাংস্কৃতিক অৱক্ষয় ঘটিছে, আৰু তাৰ প্ৰমাণ ৰেইন ডেন্স নহয়। সমগ্ৰ অসমৰ এমুঠিমান লোকে ফাকুৱাত ৰেইন ডেন্স কৰিলে, সেইটো আচল সমস্যা নহয়, সেইকেইজন মানুহৰ কাৰণে সমগ্ৰ অসমীয়া সমাজখন পতিত হব বুলি আশংকা কৰাৰ প্ৰয়োজন নাই। সামগ্ৰিক ভাবে কথাটো চালে দেখা যাব আমাৰ প্ৰায় বুজন সংখ্যক লোকেই আমাৰ সংস্কৃতিৰ আত্মাৰ পৰা আঁতৰি গৈছে। পাৰিবাৰিক, পাৰিপাৰ্শ্চিক সম্পৰ্ক বিলাকেই হওক, দেশ-জাতিৰ প্ৰতি দৃষ্টিভংগীয়েই হওক, সততা আৰু সৰলতাই হওক, কৰ্মসংস্কৃতিয়েই হওক, সকলোতে আমি প্ৰায় গোটেই সমাজখনেই আমাৰ আত্মাৰ পৰা আঁতৰি দিশহীন ভাৱে গতি কৰিছোঁ, আৰু সি আমাক এদিন বিশ্বসমুদ্ৰত নিশ্চিহ্ন কৰি পেলাব। সেইটোহে সামগ্ৰিক সমস্যা, আৰু সেই বিষয়ে আমি একেবাৰে সচেতন হোৱা নাই।
আমাৰ সংস্কৃতিৰ লগত পশ্চিমীয়া সংস্কৃতিৰ মূল পাৰ্থক্যটো হ’ল মূল্যবোধৰ। তেঁওলোকে ব্যক্তিস্বাধীনতাক উচ্চস্থান দিয়ে আৰু ভোগৰ মাজেৰে জীৱন উপভোগ কৰাৰ পোষকতা কৰে, ইয়াত দোষণীয় একো নাই। তেঁওলোকৰ যুদ্ধবহুল ইতিহাস, কঠিন জীৱনশৈলীত তেনে এক ধাৰণাই গঢ় লোৱা স্বাভাৱিক। কিন্তু আমাৰ সংস্কৃতি, ত্যাগৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। কাৰণ অতীজৰে পৰা আমাৰ জীৱন তুলনামূলক ভাৱে সহজ আছিল, প্ৰাকৃতিক পৰিবেশে আমাৰ সকলো সুবিধা হাত উজাৰি দিছিল (এমাহ অলপ কষ্ট কৰি খেতিটো কৰিলে বছৰটো শুই শুই খাব পাৰিলে অসমীয়া মানুহ এলেহুৱা নহৈ কি হব?) তাতে বিশ্বৰ এইখণ্ডত সভ্যতাৰ বিকাশ বাকী ঠাইবোৰতকৈ বহু আগতে হৈছিল। ঠিক আগতে বুলি ক’লে ভুল হব, আচলতে বিভিন্ন সভ্যতাৰ লোক সকলে ইয়াতে আহি থিতাপি লৈছিল সুচল পৰিবেশৰ বাবে। আৰু তুলনামূলকভাৱে সহজ জীৱন শৈলীয়ে আমাৰ পূৰ্ব পুৰুষক আনতকৈ বেছি গভীৰ ভাৱে চিৰন্তন সুখৰ সন্ধান কৰিবলৈ সুবিধা দিছিল। ভোগৰ ধাৰণা আমাৰ মাজতো নাছিল বুলি ক’লে ভুল হব, কাৰণ মানুহৰ প্ৰথম প্ৰবৃতি সেইটোৱেই। যেতিয়া এই পশ্চিমৰ অধুনা উন্নত দেশবিলাকে সভ্যতাৰ প্ৰথম পাঠ পঢ়াত ব্যস্ত আছিল, তেতিয়া ভাৰতত কামসূত্ৰ লিখা হৈছিল। পিছে বহুদিন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে আমৰ পূৰ্বপুৰুষে উপলদ্ধি কৰিলে ভোগ নহয়, ত্যাগৰ মাজেৰেহে আচলতে জীৱন উপভোগ কৰিব পাৰি। উদাহৰণ এটা দিও-বহুতো আধুনিক ছাৰ্ভে আৰু নিৰীক্ষণে প্ৰমাণ কৰিছে যে, যৌনসম্পৰ্কৰ কোনো আগতীয়া অভিজ্ঞতা নথকা স্বামী-স্ত্ৰীৰ যৌনজীৱন, অভিজ্ঞ সকলতকৈ বেছি উপভোগ্য হয়, কাৰণ দুয়ু মিলি একেলগে শিকে, কেতিয়াবা ভুল হয়, সেই ভুলো একেলগে কৰে, সহমৰ্মীতা বাঢ়ে, ইজনে সিজনক বেছি ভালকে বুজিব পৰা হয়।মধুৰাত্ৰিৰ দিনাই এজনে কোনো আনজনক আণ্ডাৰ পাৰ্ফমাৰ বুলি প্ৰমাণপত্ৰ নিদিয়ে। ভাৰতীয় সভ্যতাইয়ো সেই কথাটো উপলব্ধি কৰিলে আৰু সেয়ে বিবাহপূৰ্বক যৌনসম্পৰ্কক অস্বীকাৰ কৰিলে, মানে নিয়ন্ত্ৰণ কৰিবৰ চেষ্টা কৰিলে। ঠিক একেটা কাৰণতে ভাৰতীয় সংস্কৃতিয়ে LGBT বা তেনেধৰণৰ যৌন অৱস্থাবিলাককো (অপ্ৰাকৃতিক বা পাৰ্ভাৰচন বুলি নকও) গ্ৰহণ নকৰিলে। আচলতে ভোগৰ ধাৰণাটোৱেই সীমাহীন। যিটো বস্তু পোৱা নাই সেইটোৰ প্ৰতি আগ্ৰহ থাকে, পালে সুখো পোৱা যায়। কিন্তু সেই বস্তুটোকে নিবিচৰাকৈ সহজে পালে তাৰ প্ৰতি আগ্ৰহ কমি যায়, আৰু মানুহৰ উন্নত মগজুৱে আৰু কিবা নোপোৱা বা পাব নোৱাৰা বস্তু এটা আৱিষ্কাৰ কৰে। অপ্ৰাপ্তি আমাৰ সুখৰ বাবে অতি প্ৰয়োজনীয়। ত্যাগ কৰিলে এই অপ্ৰাপ্তি সহজলভ্য হয়, নহ’লে বহুদূৰ যাব লাগে।

কেইদিন মানৰ আগতে এজন ১৮ বছৰীয়া যুৱকৰ লগতে অন্তৰংগ ভাৱে কথা পাতিলোঁ, অতি বিত্তবান পিতৃ মাতৃৰ একমাত্ৰ সন্তান, মাক দেউতাকৰ বহুত সমস্যা তাক লৈ, অত ত’ত গন্দগোল লগাই ফুৰে আৰু মাক দেউতাকে নিজৰ সামাজিক প্ৰতিষ্ঠা বিঘ্নিত হোৱাৰ ভয়ত সকলো থাপিথুপি থোৱাৰ চেষ্টা কৰি থাকিব লাগে। বুজি পালোঁ, যুৱকজনে কৰি ফুৰা কাম বিলাকৰ বাবে কোনোধৰণে অনুশোচনা নকৰে। মোক খোলাখুলিকৈ ক’লে তেঁও ৱেষ্টাৰ্ণ কাণ্ট্ৰি বিলাকৰ লাইফষ্টাইল বিছাৰে, সকলো কথাতে মাক দেউতাক, পৰিয়ালে হস্তক্ষেপ কৰা কথাটো তেঁওৰ একেবাৰে অপচণ্ড। আৰে, সেইটো তেঁওৰ নিজৰ লাইফ, জন্ম দিলে বুলিয়েই মাক দেউতাক তেঁওৰ জীৱনৰ মালিক হৈ গ’ল নেকি? আৰু এই বুঢ়াবিলাকে কি বুজি পায়, কেতিয়াও জীৱন দেখা নাই। কুকুন, মানে লেটাটোৰ পৰা ওলাই চাৰিওকাষে চকু ফুৰাই চোৱা নাই, সিঁহতি কি জানে পৃথিৱীত ক’ত কি হৈ আছে। মুঠতে যাৰ যি মন যায় কৰি থাকক, এই আউটডেটেদ মানুহবিলাকৰ কথা শুণি জীৱন বৰ্বাদ কৰিব নোৱাৰি। আৰু ক’লে যে তেঁও জানে তেঁও মাক দেউতাকৰ নিষিদ্ধ অভিষাৰৰ বাই প্ৰডাক্ট হে, গতিকে বেছি বেছি কথা কৈ লাভ নাই, আৰু মোৰো ওকালতি কৰাৰ দৰকাৰ নাই।

মই সমৰ্থন কৰিলোঁ, ব্যক্তিস্বাধীনতাক গুৰুত্ব নিদিয়াতো আমাৰ সংস্কৃতিৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। মানুহ প্ৰাকৃতিক ভাবেই আপোনপেটীয়া, সেই সত্যক অস্বীকাৰ কৰি, কিবা এসোপা দাঁত ভঙা শব্দৰে মূল্যবোধৰ কথা কৈ থাকিলে কোন ব’ৰ নহব? মই নিজেও এই কথা মানো, আৰু সেয়ে পশ্চিমীয়া সংস্কৃতিৰ ব্যক্তিস্বাধীনতাক গুৰুত্ব দিও। গতিকে আমাৰ বন্ধুত্ব হ’ল, আৰু তেঁও মন খুলি কথা কোৱা আৰম্ভ কৰিলে। মই পাকে প্ৰকাৰান্তে কেইটামান প্ৰশ্ন তেঁওক সুধিবলৈ সক্ষম হ’লো।

১। আমেৰিকাৰ কিশোৰ কিশোৰীয়ে নিজৰ ইচ্ছামতে জীৱন উপভোগ কৰে, পিছে ১৬ বছৰৰ পাছত তেঁওলোকে মাক দেউতাকৰ পৰা কোনো কাৰণতে পইচা বা সাহাৰ্য লোৱাতো ঘৃণনীয় কাম বুলি ভাবে, আনকি মাক-দেউতাকৰ ঘৰত থকাটোও আত্মসন্মানত আঘাত লগা কথা বুলি ভাৱে। তেঁও এই ৰেইন ডেন্স আদিৰ টিকটৰ পইচাখিনি কেনেকে গোটাইছে?

২। তেঁও যদি কালিলৈ তেঁওৰ ধাৰণা মতে কোনো উন্নত সমাজত থকাৰ সুবিধা পায়, তেন্তে তেঁও ঘৰৰ বুলি কি বস্তুলৈ মনত পৰিব? ৰেইন ডেন্স নে মাঘ বিহুৰ মেজি?

৩। কোনোবাই তেঁওৰ স্বকীয় সংস্কৃতিৰ কথা সুধিলে (সুধিবই) তেঁও স্পেইনৰ “লা টমেটিনা”ৰ কথা কবনে, আঘোনত ন-চাউল খোৱাৰ কথা কব? মোৰ এজন বন্ধুক ডেনমাৰ্কত মদ খোৱাৰ আগতে কোৱা “ Cheers” ৰ অসমীয়া প্ৰতিশব্দ বিচাৰিছিল, এই বিষয়ে বন্ধুজনে লিখা চিঠি এখন ‘প্ৰান্তিক’ত প্ৰকাশ হৈছে।

৪। ধৰা হওক তেঁও মুক্ত যৌনজীৱন উপভোগ কৰাৰ পোষকতা কৰিছে, ( ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ দৰে) আৰু কৰিছেও। এদিন তেঁও বিয়া পাতি সংসাৰ কৰিব। ( নকৰো বুলি ভৱা সকল এই আলোচনাৰ পৰা বাদ, মই কথা পতা যুৱকজনৰ কিন্তু পৰিয়াল এটা গঢ়িবৰ ইচ্ছা আছিল)। সেইদিনা তেঁও এনে এজনী ছোৱালীক পত্নী বুলি গ্ৰহণ কৰিবলে সাজু নে, যি জনী ছোৱালীয়ে তেঁওৰ দৰেই জীৱন যৌৱন বহুদিনৰ আগৰ পৰাই উপভোগ কৰিছে? সেই ৱেষ্টাৰ্ণ কাণ্ট্ৰি বিলাকত বিবাহপূৰ্ব যৌন অভিজ্ঞতা থকা ল’ৰা ছোৱালী হট প্ৰপাৰ্টি, তেঁওলোকৰ ধাৰণাই সেইটো যে তেনে লোকৰ লগত প্ৰথম দিনাৰ পৰাই চুড়ান্ত উপভোগ কৰিব পাৰিব। কেইদিনমানৰ পাছত আমনি লগিলে বিবাহ বিচ্ছেদ কৰি দিব পাৰি। তেনে বিবাহ বিচ্ছেদিত মহিলা এগৰাকীৰ লগত তেঁও ১০০% দ্বীধাবিহীণ ভাৱে সংসাৰ কৰিবলৈ তেঁও মানসিক আৰু সামাজিক ভাৱে প্ৰস্তুত হয় নে? আকৌ, ধৰা হওক তেঁও খুব চাই চিতি এজনী ছোৱালী বিয়া পাতিলে, কিছুদিনৰ পাছত গম পালে যে সেই ছোৱালীজনীৰ আগতে বহুতো পুৰুষৰ লগত শাৰিৰীক সম্পৰ্ক আছিল, তেতিয়া তেঁও ব্যক্তিস্বাধীনতাৰ দোহাই দি ছোৱালীজনীক অন্তৰেৰে গ্ৰহণ কৰিব পৰা মানসিকতা আছেনে?

এই প্ৰশ্নটোৰ উত্তৰ মই বিছৰা নাছিলো, কৈছিলো কেৱল ভাৱা, নিজকে জুখি চোৱা। মানি ললো পশ্চিমৰ সভ্যতা আমাতকৈ বহু বেছি ভাল, ওপৰত, তেন্তে তুমি পুৰা পুৰি পশ্চিমীয়া হৈ নোযোৱা কিয়? এই ডাবল ষ্টেণ্ডাৰ্ড কিয়? আমি জ্যেষ্ঠ লোকসকলে কিবা এটা আপত্তি কৰিলে তোমালোকে বেয়া পোৱা, ব্যক্তিস্বাধীনতাৰ কথা কোৱা, ঠিক আছে, পূৰা স্বাধীনতা দিছো, নিজে পুৰা জীৱনটো উপভোগ কৰি দেখুৱা!

আচলতে এই নতুন প্ৰজন্ম আমাৰ দোষৰ কাৰণেই সুবিধাবাদী হৈ পৰিছে, এই আদৰ্শ ছাগে আমিয়েই দেখুৱাইছো। পশ্চিমৰ দেশৰ কিশোৰ কিশোৰীৰ দৰে এনজয়ো কৰিম, লগতে পিতৃ মাতৃয়ে আমাৰ সকলো বোজা বহনো কৰিব, আৰু লগতে যৌতুকত ধন সম্পত্তিও ঘটিম, এই মানসিকতাই আমাৰ সংস্কৃতিৰ ধ্বংসৰ বাট মুকলি কৰিছে, লগতে আমাক গুৰি বঠা নাইকীয়া নাঁৱত উঠাই গোলকীকৰণৰ সাগৰত মেলি দিছে।

সমস্যাটো বৰ বেছি হৈছে আমাৰ দৰে পিতৃ মাতৃসকলৰ বাবে, আমি আমাৰ মা-দেউতাৰ দৰে পুৰণিকলীয়া মানসিতাৰ মাজত আৰামেৰে জীয়াই থাকিবও নোৱাৰোঁ, আৰু নতুন প্ৰজন্মৰ অতি পশ্চিমমুখী চিন্তাধাৰাও সহ্য কৰিব নোৱাৰোঁ। গতিকে মই এটা আপোনপেটীয়া সিদ্ধান্তত উপনীত হৈছো। মোৰ সন্তানে ৰেইন ডেন্স কৰা বা জীৱন উপভোগ কৰাত মোৰ কোনো আপত্তি নাই, যদিহে সেইবিলাকৰ পৰা হব পৰা যিকোনো কু-ফলাফলৰ বাবে মোৰ সামাজিক আৰু মানসিক স্থিতিত কোনো প্ৰভাৱ নপৰে আৰু মই বুঢ়া বয়সত থানা, পুলিচ, তেঁওৰ জীৱনসংগী বিছৰা আদি কামত দৌৰা দৌৰি কৰি থাকিব নেলাগে।
বিশেষকৈ ২০ ৰ পৰা ৩০ বছৰৰ সদস্য সকলৰ পৰা এই লেখাৰ সমালোচনা বিছাৰিলোঁ, মানি লও মোৰ ধাৰণা ভুল হব পাৰে, আপোনালোকৰ সমস্যাবিলাক আমাক বুজাওক, যুদ্ধং দেহি মনোভাৱ নলব! আমি আউডেটত বুঢ়া বিলাক আপোনালোকৰ ফালে দহখোজ যাবলে সাজু আছো, ( আমি আচলতে আপোনালোকে ভবাতকৈ বেছি স্পৰ্টিং) , আমাৰ ফালে এখোজ দি চাওকচোন!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!