’পাইলচ’ৰ বিষয়ে লবলগীয়া সতৰ্কতা (ডা০ ভূপেন শইকীয়া)

Piles_Dr. Bhupendra Saikia’পাইলচ’ বুলিলে নজনা মানুহ বৰ কমহে ওলাব৷ হাটে বাটে, বাতৰি কাকতত নানাধৰণৰ অনেক বিজ্ঞাপন অনায়াসে চকুত পৰে৷ পশ্চিমৰ উন্নত দেশ যেনে আমেৰিকা আৰু ইংলেণ্ডত পঞ্চাচোৰ্ধৰ বয়সৰ ৫০শতাংশৰো অধিক লোক পাইচৰ ভূক্তভোগী বুলি জনা যায়৷ ভাৰতৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়৷ ইয়াৰ প্ৰমুখ কাৰণ হ’ল লজ্জাবশত: বহুতে চিকিৎসকৰ ওচৰলৈ নগৈ স্ব-চিকিৎসা কৰে নাইবা বেজ – কবিৰাজ আৰু ভুৱা ডাক্তৰৰ কাষ চাপে৷ গুৰুতৰ নহলে বহু সময়ত ৰোগৰ নিজেও উপশম ঘটে৷ পাইলচ অসুখত ৰোগীৰ মৃত্যু নহয়৷ কিন্তু পাইলচৰ বাহিৰে আন অসুখটো শৌচদ্বাৰৰ পৰা ৰক্তক্ষৰণ হব পাৰে৷ বিশেষকৈ ক’লনৰ বা শৌচদ্বাৰৰ কেঞ্চাৰ, ক্ৰঞ্চ ডিজিজ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত৷ সেয়ে লজ্জাত্যাগ কৰি হলেও মলদ্বাৰেদি কম বা বেচি পৰিমাণে ৰক্তক্ষৰণ হোৱা লোকসকলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

পাইলচ অসুখত মলাশয় আৰু শৌচদ্বাৰৰ ৰক্তপ্ৰবাহী নলীৰ পৰা কম বেচি পৰিমাণে ৰক্তক্ষৰণ হয়৷ পাইলচ দুই ধৰণৰ হব পাৰে৷ বাহিৰত দেখা যোৱা External piles আৰু মলাশয়ৰ ওপৰৰ অংশত থকা Internal piles৷ আকৌ ইণ্টাৰনেল পাইলচক গুৰুত্ব অনুসৰি চাৰিটা পৰ্য্যায়ত ভগোৱা হয়৷ ৩য় আৰু ৪ৰ্থ পৰ্য্যায়ৰ ইণ্টাৰনেল পাইলচত সাধাৰণতে অপাৰেচনৰ প্ৰয়োজন হয়৷

পাইলচ হোৱাৰ সম্ভাব্য কাৰণসমূহ:

– শৌচ কচা (ক্ৰনিক কন্সটিপেচন)

– অতিমাত্ৰা শৌচ পনীয়া হোৱা (ক্ৰনিক ডায়েৰিয়া)

– মল বাহিৰ কৰোতে ৫মিনিটৰ বেচি সময় বল প্ৰয়োগ কৰিবলগীয়া হোৱা

– প্ৰষ্টেটৰ বিকাৰ হেতু প্ৰসাব কৰোতে বেচি বল প্ৰয়োগ কৰিবলগীয়া হোৱা

– গৰ্ভাৱস্থা আৰু সন্তান প্ৰসৱ

– মেদবহুলতা

-গধুৰ ওজন দাঙিবলগীয়া হোৱা

– বয়সৰ আধিক্য

– কম ফাইবাৰযুক্ত খাদ্য সেৱন

– পৰিয়ালৰ আন সদস্যৰ পাইলচ থকা

 

পাইলচৰ লক্ষণসমূহ: (পাইলচ অস্বস্তিকৰ আৰু অসুবিধাদায়ক হলেও জটিলতা সৃষ্টি নোহোৱালৈকে সিমান বিপদজনক নহয়৷ )

– শৌচৰ প্ৰক্ৰিয়াৰ সৈতে জড়িতহৈ শৌচদ্বাৰেদি কেঁচা তেজ আৰু মিউকাচ নিৰ্গত হোৱা৷ তেজৰ পৰিমাণ সামান্য বা কিছু বেচিও হব পাৰে৷

– শৌচদ্বাৰত টেমুনা বা ঘা হোৱা

-শৌচদ্বাৰৰ খজুৱতি

– মলত্যাগ কৰোতে বিষ অনুভৱ হোৱা

 

পাইলচৰ জটিলতাসমূহ:

পাইলচৰ ৰোগীৰ কাচিৎ ৰক্তক্ষৰণৰ ফলত ৰক্তহীনতা (এনিমিয়া) হব পাৰে৷ এক্সটাৰ্নেল পাইলচৰ ৰক্তপ্ৰবাহ বন্ধহৈ কষ্টদায়ক থ্ৰমবচিচ হব পাৰে৷ পাইলচ অংশৰ বীজানুৰ সংক্ৰমণ হব পাৰে৷ ইণ্টাৰনেল পাইলচ মলদ্বাৰৰ ভিতৰলৈ ঘূৰি নগলে গেংগ্ৰিন আৰু ষ্ট্ৰেংগুলেচন হব পাৰে৷

 

ৰোগৰ চিনাক্তকৰণ:

অভিজ্ঞ চিকিৎসকে মলদ্বাৰ ভালদৰে নিৰীক্ষণ কৰি ৰোগ চিনাক্ত কৰিব পাৰে৷ চিকিৎসকে ইয়াৰ বাবে প্ৰক্টস্ক’প, কল’নোস্ক’পৰ সহায় লবলগীয়া হব পাৰে৷ কেতিয়াবা বেৰিয়াম এনেমা এক্সৰে কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিব পাৰে৷ ইয়াৰ দ্বাৰা ৰক্তক্ষয়ৰ আন কাৰণ বিশেষকৈ টিউমাৰ চিনাক্ত কৰাত সহায় হয়৷

 

পাইলচৰ চিকিৎসা:

দহ শতাংশ ৰোগীৰ অপাৰেচনৰ প্ৰয়োজন হব পাৰে৷ বাকী অধিকাংশ ৰোগীৰে আন ব্যৱস্থাৱলীৰ দ্বাৰা ৰোগৰ উপশম ঘটে৷ ৰোগ সামান্য হলে খোৱা লোৱাত সতৰ্ক হলে নিজে নিজেও ভাল হব পাৰে৷

– হিপ বাথ: দৈনিক ১০ৰ পৰা ১৫মিনিট সময় দিনে ৩৷ ৪বাৰ শৌচদ্বাৰ কুহুমীয়া গৰম পানীৰ গামলাত সুমুৱাই সেক দিয়াটো উপযোগী

– লোকেল এনাচথেটিক, হাইড্ৰকৰ্টিচন আদিযুক্ত মলম বা চাপজিটৰিৰ ব্যৱহাৰ

– বিষৰ বাবে পেৰাচিটামল বা আইব্ৰুপ্ৰফেন দৰবৰ প্ৰয়োগ

– সতৰ্কতাপূৰ্ণভাবে শৌচ ঢিলা হোৱা ( Laxative ) ঔষধৰ প্ৰযোগ

– পাইলচ হোৱা ঠাইত শুকাই যোৱা ঔষধৰ বেজী দিয়া

– ৰাবাৰ বেণ্ডৰ দ্বাৰা গাঠিবন্ধন

– ইনফ্ৰাৰেড চিকিৎসা

– ক্ৰায়’চাৰ্জাৰী

– অস্ত্ৰোপচাৰ(Hemorrhoidectomy)

কিছুমান অতি লাগতিয়াল ব্যৱস্থাৱলী:

– আঁহ থকা অৰ্থাৎ বেচি ফাইবাৰযুক্ত খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰা

– জাংক ফুড, তেলমছলাযুক্ত খাদ্য পৰিহাৰ কৰা

– পানী সদায় বেচিকৈ খোৱা-দিনটোত কমেও ১০গিলাচ

– শৌচৰ অনভূতি হলেই লগে লগে মলত্যাগ কৰা

– নিয়মীয়া ব্যায়াম বা কচৰৎ কৰি পাক প্ৰণালীৰ নাড়ীসমূহ সবল ৰখা

 

ঘৰুৱা উপচাৰ:

-এলোভেৰাৰ পাত পিচি লগালে পাইলচৰ উপশম ঘটে

– বিষ আৰু ফুলা কমাবলৈ বৰফ সেই অঞ্চলত লগাব পাৰে

– অলিভ অইল আৰু এলমণ্ড অইলৰ প্ৰয়োগ

– কল-গাখীৰ মিশ্ৰণ

-তিতা কেৰেলাৰ পিতিকা

– মূলাৰ ৰস

– মানিমুনি, ভেদাইলতা, মাটি কান্দুৰী আদি অতি উপযোগী শাকক নিয়মীয়া খাদ্যৰ তালিকাভুক্ত কৰা

 

(বি০দ্ৰু০ আগ্ৰহীসকলে ইংৰাজীত এই লিখনিটো মোৰ ৱেবচাইট (www.drbhupensaikia.com ) পঢ়িব পাৰে )

One thought on “’পাইলচ’ৰ বিষয়ে লবলগীয়া সতৰ্কতা (ডা০ ভূপেন শইকীয়া)

  • November 6, 2019 at 9:19 pm
    Permalink

    VIKASPEDIA ত এইবিষয়ে আছে৷ আপুনি কপি পেষ্ট মৰাৰ লগতে সৎগ্ৰহীত নতুবা মুকুল ছাৰৰ নামতো দি দিয়াা হলে ভাল আছিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!