পাছপৰ্ট এপ্লিকেচন — অসম আৰু কেৰেলা (মানস দত্ত)

পাছপৰ্ট এপ্লিকেচন — অসম আৰু কেৰেলা

 

২০১০ চন৷ ইঞ্জিনিয়াৰিং পাচ কৰাৰ পাচত চাকৰিত সোমাবলৈ লোৱাৰ লগে লগে কোম্পানীয়ে পাছপৰ্ট বিচাৰিলে৷ তেতিয়ালৈকে পাছপৰ্টৰ কথা ইমানকৈ ভবা নাছিলোঁ৷ বিশেষকৈ পাছপৰ্ট আবেদন কৰোঁতে হোৱা মানুহৰ দুখ-কষ্টৰ কথা শুনিয়ে আমনি লাগিছিল৷ লগৰ কেইবাটাৰো দেখিছিলোঁ পাছপৰ্ট লৈ কি অৱস্থা৷ সেয়েহে ভাবিছিলোঁ যেতিয়ালৈকে দৰকাৰ নহয় তেতিয়ালৈকে মই এই আহুকালবিলাকৰ কাষ নাচাপোঁ৷

 

কিন্তু কোম্পানীয়ে বিচাৰিলে যেতিয়া উপায় নাইকিয়া হ’ল৷ এপ্লাই কৰিলোঁ পাছপৰ্টৰ বাবে৷ এমাহ-দুমাহ হৈ গ’ল৷ পুলিচ ভেৰিফিকেচনৰ একো খা-খবৰ নাই৷ পাছত দেউতাই চিনাকি মানুহ এজনক সুধি গম পালে মোৰ ফাইলটো স্থানীয় থানালৈ পঠিওৱা হৈ গ’ল৷ কিন্তু পুলিচৰ পিনৰ পৰা একো খা-খবৰেই নাই৷ সেয়েহে বন্ধত ঘৰলৈ যাওঁতে নিজেই যাম বুলি ঠিক কৰিলোঁ পুলিচ থানালৈ৷

 

ডিচেম্বৰৰ শীতকো আওকাণ কৰি এদিন পুৱাই পুৱাই থানালৈ গ’লোঁ৷ থানালৈ অহা উদ্দেশ্যৰ কথা ক’বলৈহে পালোঁ এজন পুলিচে সুধিলে “বিদেশলৈ যোৱা নেকি?”—যেন পাছপৰ্ট আবেদনৰ মুখ্য কাৰণ মানুহ বিদেশলৈ যোৱাটোহে৷ (কথাটো অৱশ্য ইমান মিছাও নহয়)৷

 

অলপ সময়ৰ পাছত ভাৰপ্ৰাপ্ত বিষয়াজন আহিল৷ অলপ সময় মোৰ ফাইলটো লিৰিকি-বিদিকি চাই কুটিল হাঁহি এটা মাৰি মোলৈ ক’লে – “পাছে ভাইটি চাকৰি কৰিবা, বিদেশলৈ যাবা পইচা ঘটিবা৷ এই কামটো কৰি দিয়াৰ বাবে আমাকো কিবা এটা কিন্তু দিব লাগিব”

 

আজিলৈকে কাকো ঘোচ দি পোৱা নাই আৰু এনেকুৱা পৰিস্থিতিৰো আগতে সন্মুখীন হোৱা নাই৷ সেয়েহে মই কি ক’ম কি নক’ম একো বুজিব নোৱাৰিলোঁ৷ একো নকৈ তেওঁলৈ মই হেবাংটোৰ নিচিনাকৈ চাই থাকিলোঁ৷ পুলিচ বিষয়াজনে মোৰ মনৰ অৱস্থাটোৰ কথা গম পালে হ’বলা৷ তেওঁ নিজেই ক’লে – কামটো কৰি দিম বাৰু৷ তুমি দেউতাৰাক পঠিয়াই দিবা৷ এতিয়া যোৱা৷ এনেই এইবিলাক কথা-কাণ্ড ভাল নালাগে, তেওঁৰ কথা শুনি মই ভালেই পালোঁ৷ ঘৰলৈ গুচি আহিলোঁ৷ দুই-তিনিদিনৰ পাছত চুটি শেষ হোৱাত কৰ্মস্থলীলৈ ঘূৰি আহিলোঁ৷

 

দুই-তিনিমাহমান একো খা-খবৰ নাই৷ এদিন হঠাৎ পাছপৰ্ট এপ্লিকেচনৰ ষ্টেটাছ পঢ়ি দেখিলোঁ – পুলিচ ৰিপোৰ্ট আহিল – কিন্তু ৰিপোৰ্ট ADVERSE আছিল৷ মই ঘৰৰ বাহিৰত থকাৰ প্ৰমাণ দিয়া নাছিলোঁ৷ পাছপোৰ্ট অফিছে গুৱাহাটীত মোক আকৌ প্ৰমাণ দাঙি ধৰিবলৈ ক’লে৷ কিন্তু সেইসময়ত মই বাংগালোৰত থকা বাবে যাব নোৱাৰিলোঁ আৰু সেইবাৰলৈ পাছপৰ্টৰ আশা বাদ দিলোঁ৷ দুই-তিনিমাহমানৰ পাছত দেখিলোঁ মই ভবাৰ দৰেই মোৰ আবেদন প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়া হৈছে৷ তাৰমানে পাছপোৰ্ট পাবলৈ আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব৷ যি কি নহওক, লাইনত থিয় হৈ থাকি এপ্লাই কৰা, পুলিচ ভেৰিফিকেচনৰ ঝামেলা আৰু ক’ত কি এইবিলাক দেখি সিদ্ধান্ত কৰিলো দৰকাৰ হ’লেহে পাচপোৰ্টৰ কাৰণে আকৌ আবেদন কৰিম৷

 

২০১৩ – কেৰেলা

 

ইতিমধ্যে তিনি বছৰ পাৰ হৈ গ’ল৷ পাছপোৰ্ট আবেদন প্ৰক্ৰিয়াটো টেক্নলজিৰ পৰশ পৰি আগতকৈ বহুত সহজ হৈ পৰিল৷ ইণ্টাৰনেটৰ জৰিয়তে ঘৰৰ পৰাই বহি বহি আবেদন কৰিব পৰা হ’ল৷ সেয়েহে যোৱা অক্টোবৰ মাহত কেৰেলাত কোজিকোড়’ৰ পৰা পাছপোৰ্টৰ কাৰণে অনলাইন এপ্লাই কৰিলোঁ৷

 

নিজৰ সুবিধামতে এপইণ্টমেণ্টো ল’লোঁ আৰু সেইমতে ৩ অক্টোবৰ তাৰিখে পাছপৰ্টৰ অফিচলৈ তথ্য-পাতি ভেৰিফিকেচনৰ কাৰণে গলোঁ৷ তাত দেখিবলৈ পালো কেনে সুন্দৰভাবে পৰিচালনা কৰা হৈছে গোটেই প্ৰক্ৰিয়াটো৷ সকলো কাম সময়মতে একো জঞ্জাল নলগাকে নিয়াৰিকৈ কৰা হৈছে৷ কোনো আবেদন কৰ্তাই লাইনত থিয় হ’বলগীয়া হোৱা নাই৷ এজেন্টৰ লগত দৰ-দাম কৰিবলগীয়া হোৱা নাই৷ অফিচৰ বিষয়াসকলো যথেষ্ট শৃংখলাবদ্ধ৷ দেখি ভাল লাগিল টেক্নল’জিয়ে কেনেকৈ আমাৰ জীৱনলৈ পৰিৱৰ্ত্তন আনিছে তাক অনুভৱ কৰি। তথাপিতো বাৰু আমি কিয় পৰিৱৰ্ত্তনৰ প্ৰতিৰোধ কৰোঁ৷ যি কি নহওক আগতে নিদিষ্ট কৰি দিয়া সময় অনুসৰিয়েই মোক ভেৰিফিকেচনৰ কাৰণে মাতিলে আৰু সকলো কাম সময়মতে ৩০-৪৫ মিনিটৰ ভিতৰত হৈ গ’ল৷

 

এতিয়া মোৰ আৰু পাছপোৰ্টৰ মাজত আছে মাথোঁ পুলিচ ভেৰিফিকেচন৷ ভয় লাগিল এইবাৰো কিজানি আগৰ বাৰৰ দৰে হয়৷ পুলিচে নচুৱাব নেকি আকৌ এইবাৰো! পাচে সেই ভয়ে মোৰ মনত খোপনি পুতিবলৈ সময় পোৱাৰ আগতেই ৭ দিনৰ পাছতেই এদিন মোক স্থানীয় পুলিচ থানাৰপৰা পুলিচ ভেৰিফিকেচনৰ কাৰণে মাতি পঠিয়ালে৷ সময় দিয়া মতেই পিছদিনা মই স্থানীয় পুলিচ থানালৈ গ’লোঁ৷ তেখেতসকলে মোৰ প্ৰমাণ-পত্ৰসমূহ চালে আৰু এটা চহী লৈ মোক পঠিয়াই দিলে৷ পইচা-পাতিৰ কথা একোৱেই নক’লে৷ মাত্ৰ ৫-১০ মিনিট সময়ৰ কাম৷

 

এতিয়া আৰু ভয় নাই৷ পুলিচ ভেৰিফিকেচনো হৈ গ’ল আৰু ইণ্টাৰনেটত পাছপোৰ্ট পৰ্টেলত সময়ে সময়ে দেখা পালোঁ মোৰ পাছপোৰ্ট এপ্লিকেচনৰ অগ্ৰগতি৷ অক্টোবৰ মাহৰ ১৯ তাৰিখে পাছপোৰ্ট আহি মোৰ হাতত পৰিলহি৷ আবেদন কৰাৰপৰা সময় ল’লে মাথোঁ ১৮ দিন৷ ইমান কম সময়তে পাছপোৰ্ট পালোঁ আৰু আটাইতকৈ ডাঙৰ কথা নিজৰ জেপৰপৰা অতিৰিক্ত এটকাও খৰচ কৰিবলগীয়া নহ’ল৷

 

কিন্তু জমনি কথাটো হ’ল যোৱা সপ্তাহত আমাৰ অসমৰ ঘৰলৈ স্থানীয় পুলিচ থানাৰ পৰা ফ’ন আহিছিল৷ পুলিচ ভেৰিফিকেচনৰ কাৰণে মোক তেওঁলোকে হেনো মাতিছে৷ পাছপোৰ্ট আহি মোৰ হাততো পৰিলহি আৰু অসম পুলিচৰ ভেৰিফিকেচন সম্পূৰ্ণ হোৱা নাই?? মন কৰিব মই তৎকাল শাখাত পাছপোৰ্টৰ কাৰণে এপ্লাই কৰা নাছিলোঁ সাধাৰণ শাখাতহে কৰিছিলোঁ৷ সাধাৰণভাবে আবেদন কৰিলে পুলিচ ভেৰিফিকেচন সম্পূৰ্ণ হোৱাৰ পাছতহে পাছপোৰ্ট দিয়া হয়৷ অসম পুলিচৰ এনে কাণ্ড দেখি আচৰিত লাগিল৷

 

এয়া যি কি নহওক, কেৰেলা কিয় দেশৰ one of the most advanced state আৰু আমাৰ অসম one among the least developed state সেই কথা বুজিবলৈ বেচি সময় নালাগিল মোৰ৷৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!