পালেং পাতেৰে মাটন কাৰী- (পিংকি বৰুৱা)

কেতিয়াবা অলপ বেলেগ ধৰণেৰে সকলোৱে ভালপোৱাকৈ ৰান্ধিব মন যায়৷ মই পাতেৰে মাটন কাৰী ৰান্ধিছো৷ পালেং শাকৰ ঔষধি গুণৰ কথা সকলোৱে জানে৷ চুলি, ছাল, চকু সকলোৰে বাবে উপকাৰী৷

সামগ্ৰীঃ
পালেং শাক এমুঠি
আদা নহৰু বটা এক চামুচ
পিয়াজ দুটা
জালুক কেইটামান
জলকীয়া ৪/৫ টা মান
লং,ইলাছী, দালচেনী কেইটামান (গৰম মছালা)
ধনীয়া আৰু জীৰা গুৰি এক চামুচ
জলকীয়া গুৰি এক চামুচ
নিমখ এক চামুচ
হালধি আধা চামুচ
তেল ৩ চামুচ
মাটন আধা কিল’গ্ৰাম
বিলাহী এটা
তেজপাত ২ টা
পানী দুই গিলাচ

পালেং শাক খিনি আধাকাপ পানীৰ লগত অলপ সিজাই ঠাণ্ডা কৰি মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাই ল’ব৷ পিয়াজ খিনি মিহিকৈ কাটি ল’ব৷ কেৰাহী গৰম কৰি তেল দি তেজপাত, গৰম মছালা দি পিয়াজ খিনি দি ৰঙচুৱাকৈ ভাজি ল’ব৷ এতিয়া তাত আদা নহৰুৰ পেষ্ট দি ভাজি ল’ব৷ বিলাহীটো মিক্সীত পেষ্ট বনাই আদা নহৰু খিনিৰ লগত দি ভালকৈ ভাজিব৷ এতিয়া তাতে মাটন খিনি দি ভালকৈ লৰাই নিমখ , হালধি, জলকীয়া গুৰি দি লৰাই ঢাকি দিব৷ জুই কমাই দিব৷ মাজে মাজে লৰাই থাকিব৷ এতিয়া জীৰাগুৰি , ধনীয়াগুৰি আৰু জালুকৰগুৰি দি লৰাই দুই চামুচ মান পানী দি ঢাকি দিব৷ জলা বেছি খালে কেঁচা জলকীয়া ফালি দিব পাৰে৷ মাজে মাজে লৰাই থাকিব৷ পানী শুকালে পালেঙৰ পেষ্ট খিনি মাংসত ঢালি ভালকৈ মিহলি কৰি অলপ পৰ ভাজি ল’ব৷ বাকী থকা পানীখিনি দি উতলাব৷ মাংস খিনি সিজিলে নমাই থ’ব৷ গৰমে গৰমে ভাত আৰু ৰুটিৰ লগত পৰিবেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!