পাৰ্লাৰ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

বিউটী পাৰ্লাৰখনৰ সন্মুখতে ৰমেনৰ চাহ
দোকানখন,তাতেই ডেকা বুঢ়া সকলোৰে আদ্দা।সৰু
চহৰ যেতিয়া সকলো মুখ চিনাকী মানুহ,কাকো
মানা কৰিব নোৱাৰে,বিক্ৰী বেচি নহলেও
অনবৰতে মানুহ ভৰ্তি হৈ জেগাখিনি ৰঙ্গীন হৈ
থাকে।পাৰ্লাৰখনে সোনত সুৱগা চৰাইছে
জেগাটোত।
বেছিদিন হোৱা নাই পাৰ্লাৰখন তাত স্থাপন
হোৱা কিন্তু চহৰখনৰ বুজনসংখ্যক মহিলাৰ আগমণ
ইতিমধ্যে হৈছে তাত।
ইছলাম মাষ্টৰৰ জীয়েক ৰ পৰা আৰম্ভ কৰি তপন
ডাক্টৰৰ ঘৈনীয়েকলৈ সকলোৱে সুন্দৰী হোৱাৰ
প্ৰতিযোগিতাত ভাগ লৈছে।
কেওট মহৰী দুপৰীয়াৰ ভাগত সদায় উপস্থিত থাকে
তাত।ৰমেনৰ চাহকাপ আৰু পাৰ্লাৰত যোৱা
সুন্দৰীসকলৰ দৰ্শন কোনোটোৱেই মিছ কৰিব
নোৱাৰে তেখেতে।সকলো আলোচনাৰ শেষত
সভাপতিৰ ভাষণটো তেখেতেই ৰাখে তাত।অভিজ্ঞ
মানুহ তাতে আকৌ লাউপাত চুৱাপাত যেন
মুখ,কোনেও সহজতে লাগি নলয় কেওটৰ লগত।
অইনদিনাৰ দৰে সেইদিনাও পাৰ্লাৰ খোলাৰ
আগতেই দুই তিনিগৰাকী আহি অপেক্ষাৰত
অৱস্থাত,কেওটো আহি বহিছে চাহৰ কাপটো হাতত
লৈ,এগৰাকী আহিল নহয় ওচৰ চাপি কেওটৰ।
খুড়া,পাৰ্লাৰ কেইটাত খোলে?
কেওটৰ খঙে চুলিৰ আগ পালে,খুড়া বুলি মাতিছে
চাল্লা,উত্তৰ নিদি নুশুনাৰ ভাও ধৰিলে।
বয়স ৬০ কেতিয়াবাই পাৰ কৰিলেও নিজকে
এতিয়াও ৩০ বছৰীয়া চফল ডেকা বুলিয়েই ভাবে
কেওটে।দেখাত বুঢ়া হলে কিডাল হৱ মন এতিয়াও
ৰঙীন কেওটৰ।
কেইটাত খোলে বাৰু খুড়া পাৰ্লাৰখন ?
মোক সুধচ্ নাকি হা ভণ্টী।
হয় হয় আপোনাকে সুধিছো।
১১ টা মানোত খুলবো দা,ৰখা অলপ।
কেওটৰ উত্তৰ পাই মানুহজনী আতৰি গল পাৰ্লাৰখনৰ
ফালে।
ৰমেনে মিচিকিয়াই হাঁহি হাঁহি কেওটক জেকাই
আছে।
বোলো সেই ৪৫ মান বয়সোৰ তিৰিটোই আপনাক
খুড়া বুলি মাতছি,কি হ’ব দ’ক।
গুলি খোৱা বাঘটোৰ দৰে প্ৰতিশোদৰ তাড়নাত
চটফটাই আছে কেওট।
বান্দেৰী স্নো পাউদাৰ মাৰি সুন্দেৰী হৱা
আইচি,আহোক ৰ ওলে,এই কেওট বাইেপকোক চিনা
নাই,মুখৰ ভিতৰতে ভোৰভোৰালে কেওটে।
১ঘণ্টা মান পিচত ওলাইছে মহিলাগৰাকী পাৰ্লাৰৰ
পৰা,কেওটে মাতিলে ওচৰলৈ।
হাও মাই ইফেলে আহ চোন।
খুড়া বুলি মাতিছেই যেতিয়া অলপ পিতৃসুলভ উপদেশ
দিয়াই ভাল।
লাভ নাই য়ে মাই,লাভ নাই,তই পাৰ্লাৰোত আহি
লাভ নাই।
কিয় কি নো হল মই ইয়াত অহাত।
বুন্দিয়া যিমানে পাম নেদা গোল্লা হবা
নৰে,বুন্দিয়া বুন্দিয়াই হৈ থাকব্।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!