পাৰ-পানী কৌশিক দাস

প্ৰাথমিক বিদ্যালয়খনত খেল চলি আছিল, পাৰ-পানী৷ শিক্ষকজনে ক’লে, “পাৰ৷” ল’ৰা-ছোৱালীবোৰ নিজৰ স্থিতিৰ পৰা লৰচৰ নহ’ল৷ তেওঁ ক’লে, “পানী৷’ সকলোৱে আগলৈ জঁপিয়াই দিলে৷ তেওঁ আকৌ ক’লে, “পান পানী, পানী৷” কণ- কণ ল’ৰা-ছোৱালীবোৰ ৰৈ গ’ল৷ পানী সঁচাকৈয়ে আহিল৷ শিক্ষকজনে পুনৰবাৰ পাৰলৈ উভতি আহিবলৈ কোৱাৰ সুযোগ নাপালে৷ গধূলিৰ বাতৰি মতে পাৰ ভাঙি বিদ্যালয়খনৰ চালৰ ওপৰৰে বৈ আহিল চকুপানীৰ এখন নদী৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!