পিক' জলবিদ্যুত্‍ প্ৰকল্প (মনদীপ শইকীয়া)

পিক’ জলবিদ্যুত্‍ প্ৰকল্প

 

মনদীপ শইকীয়া

 
কপিলী কপিলী ৰাংঢালী ছোৱালী
মহিমা বুজাকে টান,
কপিলী কপিলী তই হৈ বাউলি
বাৰিষাত মাৰিলি ধান।
কপিলী কপিলী তইতো নেজান
তোৰ গাত কিমান শকতি
তইতো নেজান তোতেই লুকাই আছে
হেজাৰ সূৰুজৰে জ্যোতি।
এই বিজ্ঞানী ডেকাটি সাজি-কাচি ওলালে
লগত ওলালে হেজাৰ,
মৃত্যুক নেওচি শ্ৰমিকো ওলালে
সাৱটি তোৰ দুই পাৰ।
ড° ভূপেন হাজৰিকাদেৱৰ এই গীততো আমি সকলোৱেই শুনিছোঁ। সেই সময়ত নদীবান্ধৰ কুপ্ৰভাৱৰ বিষয়ে অসমীয়া সমাজ সচেতন হোৱা নাছিল। বৰঞ্চ ভাবিছিল নদীবান্ধে বানপানী নিয়ন্ত্ৰণ কৰি জলবিদ্যুতেৰে অসম সমৃদ্ধিশালী কৰিব। পিছে আজি এই ধাৰণা সলনি হ’ব ধৰিছে। নামনি অসমৰ বানত ভুটানৰ কুৰিশ্বু বান্ধৰ অৰিহণা আদি দেখি শুনি সকলোৰে ধাৰণা হৈছে বৃহৎ নদীবান্ধ কোনোমতে গ্ৰহণযোগ্য নহয়। বৃহৎ আৰু মজলীয়া জলবিদ্যুত প্ৰকল্পত সাধাৰণতে এটা বৃহৎ জলাধাৰত পানী জমা কৰি তাৰ পৰা পানী এৰি বিদ্যুত উৎপাদন কৰে। বাৰিষা বৰকৈ বৰষুণ হলে জলাধাৰত পানী ওপচি পৰে আৰু সৰহকৈ পানী এৰি দিবলগীয়া হয় , আৰু নামনিত বানপানীৰ প্ৰলয়। আনহাতে খৰালি নদীত পানী কমি যায় বাবে দিনত সামান্য পানী এৰি দি ৰাতিৰ বাবে(বেছিকৈ বিদ্যুৎ লগা সময়) পানী সংৰক্ষণ কৰা হয়। ফলত সকলো মাছ কাছ মৰি শেষ হয়।

তেন্তে আমাৰ বিকল্প কি?
পিক’ জলবিদ্যুৎ প্ৰকল্পসমূহে (Pico Hydro-power Plant) অতি কম খৰচতে ০.৫ৰ পৰা ৫ কিলোৱাট শক্তি উৎপাদন কৰিব পাৰে। এই শক্তি এখন সৰু গাওঁ বা এটা চুবুৰিক পোহৰ কৰিবৰ বাবে যথেষ্ট (ফ্ৰিজ, হিটাৰ আদি নাই বুলি ধৰিলে)। কোনো বান্ধ বা কৃত্ৰিম জলাধাৰ নাই বাবে পৰিবেশৰ ওপৰতো মুঠেও কুপ্ৰভাৱ নাই। মেৰামতি, পৰিচালনা আদিৰ খৰচো যৎসামান্য।
এনে পিক’ জলবিদ্যুৎ প্ৰকল্পত ১.৫ৰ পৰা ৩.৫ মিটাৰ ব্যাসৰ এটা ক্ষুদ্ৰ টাৰ্বাইন আৰু পানীৰ সোঁতত আৰু ০.৫ ৰ পৰা ৫ কিলোৱাট ক্ষমতাৰ এটা সৰু জেনেৰেটৰেই যথেষ্ট।
আমাৰ অসমত অলেখ সৰু সৰু নদী। একোখন গাওঁক কমেও ১ কি.মি. হলেও চুই যাই এখন নদীয়ে। নৈ-পৰীয়া প্ৰতিখন গাওঁত এনে পিক’ জলবিদ্যুৎ প্ৰকল্প ৪-৫ টা স্থাপন কৰিলে আমাৰ বিদ্যুত সমস্যা বহু পৰিমাণে সমাধান হ’ব।
সবিশেষ চাওক:
http://www.zero.no/publikasjoner/small-scale-water-current-turbines-for-river-applications.pdf

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!