পুথিভঁৰাল (মণ্টু কুমাৰ ডেকা)

দ্বিতীয় নে তৃতীয় শ্ৰেণীৰ কথা৷ কেন্দ্ৰৰ সকলোবোৰ প্ৰাথমিক বিদ্যালয় একগোট হৈ মাজে সময়ে খেল ধেমালীৰ প্ৰতিযোগিতা পাতে৷ দেখাই শুনাই অকণমান আকাৰত ডাঙৰ হোৱাৰ কাৰণে প্ৰধান শিক্ষক মহোদয়ে মোক ওচৰলৈ মাতি আনি ক’লে, “তোৰ ওপৰতে সকলো আশা৷ দৌৰ আৰু আকস্মিক বক্তৃতাত পুৰস্কাৰ আনিবই লাগিব৷ “কথা দিলোঁ৷ দৌৰত প্ৰথমেই আনিলোঁ৷ বাকী থাকিল আকস্মিক বক্তৃতা৷ তিনি চাৰিশ ছাত্ৰ ছাত্ৰীৰ পৰা বিশজন মান এফালে বহিলে৷আকস্মিক বক্তৃতাৰ প্ৰতিযোগী৷ বুকুৰ ধপধপনি৷ কি বা বিষয় ভাগ্যত পৰে৷ নাম আহিল৷ ঠিয় হৈ টেবুলৰ ওচৰত থকা সৰু সৰু কাগজৰ টুকুৰা কেইটাৰ এটা বুটলি ল’লো৷ যোৱা বাৰ “পাৰ চৰাই“ পৰিছিল৷ প্ৰথম হৈছিলোঁ৷ এইবাৰ কি বুলি কাগজৰ টুকুৰাটো মেলি চোৱাত দেখিলোঁ “পুথিভঁৰাল“৷ আৰে ইমাননো সহজ কোনোবাই দিয়ে নে৷ একদম ভাতৰ লগত পানী খোৱা যেন৷ মাইক্ৰ’ফোনটো তললৈ নমাই আনি আৰম্ভণি খিনি ধুনীয়াকৈ ক’লোঁ৷ আৰম্ভণি মানে সম্ভাষণ খিনি৷

“মাননীয় সভাপতি মহোদয়, উপস্থিত ৰাইজ…পাছত ক’লোঁ, মোৰ বিষয়টো পৰিছে পুথিভঁৰাল৷ আমি পুথিভঁৰালত ধান থওঁ৷ বাৰিষা শালিধানৰ খেতি কৰি আঘোণ-পুহ মাহত কাটি-মাৰি পুথিভঁৰালত ভৰাই থওঁ৷ মাজে-মাজে পুথিভঁৰালৰ পৰা ধান উলিয়াই
বেচিবলৈ নিয়ে৷ আমাৰ এটা পুথিভঁৰাল আছে৷ ২০০ মোন ধান ধৰে৷ পুথিভঁৰাল গাঁৱৰ সকলোৰে ঘৰত থাকে৷ পুথিভঁৰালত লক্ষ্মী থাকে বুলি মানুহে কয়৷ ধন্যবাদ৷ মানুহবোৰে যে পেটত ধৰি ধৰি হাঁহিলে সেয়া মন কাণ নিদি ৰৈ থাকিলোঁ ফলাফল ঘোষণালৈ৷ পুৰস্কাৰ নাপালোঁ যদিও মৰমতে বাইদেউ এজনীয়ে ৰৈ যোৱা কিতাপৰ এখন পুৰস্কাৰ হিচাপে দি কাণে-কাণে ক’লে, “পুথিভঁৰালত কিতাপ বা পুথি থয়, ধান নথয়৷ এইখন তাতেই থৈ দিবা৷ ভগবানে ভাল কৰক৷ “দিন বাগৰিল৷ আজিও পুথিভঁৰালে মাজে-মাজে সমস্যাত নেপেলোৱাকৈ নথকা নহয়৷ সেইদিনা নিয়মীয়াবাৰ্তাত প্ৰকাশিত লেখা পঢ়ি এজনে ফোন কৰি নানা কথা পাতিলে৷ তেখেত কিতাপ পোক৷নানা ধৰণৰ লেখকৰ কিতাপ পঢ়িছে৷ ইংৰাজী সাহিত্যৰো বহুকেইখন নাম নুশুনা কিতাপৰ কথা ক’লে৷ কথাৰ মাজতেই সুধি দিলে আপোনাৰ ঘৰত পুথিভঁৰাল আছেনে? মই ঘপৰাই ক’লো, “আছে দুশমোন ধান ধৰে…“

One thought on “পুথিভঁৰাল (মণ্টু কুমাৰ ডেকা)

  • February 18, 2019 at 12:09 pm
    Permalink

    ধন্যবাদ❤❤❤❤

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!