পুনৰ বিবাহ (প্রদ্যুত জ্যোতি শইকীয়া)

পুৰ বিবাহ
প্রদ্যুত জ্যোতি শইকীয়া
ভগা হৃদয়ৰ দুৱাৰদলি
উলমিছে চকুলোৰ আমডালি,
উখল-মাখলহীন তোমাৰো হিয়া ।
আদৰিছোঁ দুয়ো দুয়োকে আমি
আব্দাৰহীনতাৰে, স্বাৰ্থপৰ হৈ
নেওচিব নোৱাৰি আত্মীয়ৰ মায়া ।
তুমিও বুজিছা চাগৈ
গৰ্জনমুখৰ নহয় আমাৰ
এৰাব নোৱাৰা ফুলশয্যাৰ নিশা ।
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!