পূজাৰ অকবিতা (গীতাৰ্থ বৰদলৈ)

পূজাৰ অকবিতা

  • গীতাৰ্থ বৰদলৈ


এয়া কিহৰ পূজা ?
শিপাক পাহৰি পৰুৱা মানুহ
দেৱতা হ’ব খোজা !

কেইখিলা বেলপাতেৰে সন্তুষ্ট কৰিম
আধুনিকতাৰ চিকুণ শিলক,
কেইপাহি ফুল দিম গণি গণি
শুভ্ৰ হংসৰ মৃত শৰীৰক ?
আজি ৰমক–জমকত সকলো ব্যস্ত,
মাটি ফুটি ভগৱান ওলালে
কি বন্দনা লিখিম,
নে মন্ত্ৰণাৰ মন্ত্ৰৰ গদ্‌ গদ্‌ স্বৰক
ইংৰাজী কথাৰে লেপিম।
মন্দিৰত সৌন্দৰ্যৰ শোভাযাত্ৰা
মূৰ্খৰ বাকচত ৰংচঙীয়া খেল,
মেনিকিউৰৰ অট্টহাস্যত
ক্লিন্‌ শ্বেভেন মুখৰ ভাঁজত
কামদেৱেও আজি পাইছে মজা !
এদিন প্ৰতিমাই প্ৰাণ পাব
পুনৰ মানৱ–পূজা হ’ব,
দেশে দেশে ফুলিব হাঁহি
কলপটুৱাইও গীত গাব।
সেইদিনা আমি নতুন সাজ পিন্ধিম
জোনাকীৰ আলোকত বন্দিত হ’ম,
আৰু চিঞৰি চিঞৰি ক’ম–
মানুহেই দেৱ, মানুহেই সেৱ..
গেৰুৱা–বাবাৰ জাকেও সেইদিনা
কিজানি অলপ লাজ পাব !

 

 

One thought on “পূজাৰ অকবিতা (গীতাৰ্থ বৰদলৈ)”

  • March 8, 2014 at 2:54 pm
    Permalink

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *