পৃথিৱীতকৈ তিনিগুণ ডাঙৰ এটা নতুন গ্ৰহ – পংকজ বৰুৱা

 আজিৰ সময়ত বিজ্ঞানী সকলে সদায় ব্যস্ত হৈ আছে মহাকাশত নতুন নতুন গ্ৰহ আৰু সেই গ্ৰহবোৰত জীৱৰ সন্ধানত৷ সকলোৰে মনত এটাই প্ৰশ্ন এই বিশ্বব্ৰহ্মাণ্ডত আমি অকলশৰীয়া নে অন্য ক’ৰবাত জীৱ আছে৷ বিজ্ঞানে বহু উন্নতি কৰিলে সৌৰজগতৰ বাহিৰলৈকে মহাকাশযানো পালেগৈ কিন্তু তথাপিও আজিলৈকে আমি ব্ৰহ্মাণ্ডত ক’তো জীৱৰ সম্ভেদ পোৱা নাই৷ বিজ্ঞানী সকল সদায় ব্যস্ত হৈ আছে বিশাল বিশাল টেলিস্ক’পৰ সহায়ত দূৰ দিগন্তৰ তৰা গ্ৰহ নক্ষত্ৰক পৰ্যবেক্ষণ আৰু অধ্যয়নত কিজানি ক’ৰবাত জীৱৰ সন্ধান পাওঁৱেই। আনকি মহাকাশতো গৱেষণা কেন্দ্ৰ টেলিস্ক’প আদি স্থাপন কৰিছে যাতে সহজ হয় এই অধ্যয়ন আৰু জীৱৰ সন্ধান৷ কানাডাৰ ট’ৰ’ণ্ট’ বিশ্ববিদ্যালয়ৰ এক গৱেষক দলে পৃথিৱীৰ পৰা ১১১ আলোক বৰ্ষ দূৰত কে২-১৮বি নামৰ এটা গ্ৰহ আৱিষ্কাৰ কৰিছে যি গ্ৰহ আকাৰত পৃথিৱীত কৈ প্ৰায় তিনিগুণ ডাঙৰ যাক ‘চুপাৰ আৰ্থ’ বোলা হৈছে৷ পৃথিৱীৰ দৰেই শিলাস্তৰে গঠিত ইয়াৰ ভূমণ্ডল যাৰ বাবে এই গ্ৰহত জীৱ থকাৰ সম্ভাৱনাৰ অতি বেছি বুলি তেওঁ লোকে মত প্ৰকাশ কৰিছে৷

কে২-১৮ নামৰ নক্ষত্ৰক বিজ্ঞানী সকলে অধ্যয়ন কৰোঁতে আৰু এটা গ্ৰহ আৱিষ্কাৰ হৈছে যি এই নক্ষত্ৰক প্ৰদক্ষিণ কৰি আছে৷ কে২-১৮বি গ্ৰহটোৰ ভৰ আৰু ঘনত্ব নিৰূপণ কৰিবলৈও বিজ্ঞানী সকল সক্ষম হৈছে৷ ২০১৫ চনত পোন প্ৰথমে যেতিয়া কে২-১৮বি নামৰ গ্ৰহটো আৱিষ্কাৰ হৈছিল আৰু ইয়াৰ পাছৰ অধ্যয়নৰ দ্বাৰা গম পোৱা গৈছিল যে এই গ্ৰহটো কে২-১৮বি নামৰ এক সৰু নক্ষত্ৰক এক উচিত দূৰত্বত প্ৰদক্ষিণ কৰে য’ত জীৱ সৃষ্টিৰ বাবে অতিকৈ প্ৰয়োজনীয় পানী দ্ৰব্যমান অৱস্থাত থকাটো সম্ভৱ৷ বৰ্তমান সময়ত বিজ্ঞানী সকলে এই গ্ৰহৰ বায়ুমণ্ডল ওপৰত অধ্যয়ন কৰি আছে যদি তেওঁলোকে সেই গ্ৰহৰ বায়ুমণ্ডলৰ সঠিক নিৰূপণ কৰিব পাৰে আৰু তাত যদি অক্সিজেন, নাইট্ৰ’জেন আদি গেছ বোৰ যদি সঠিক মাত্ৰাত থাকে তেন্তে সেই গ্ৰহত জীৱ থকাৰ সম্ভাৱনা প্ৰবল হৈ পৰিব৷
আমাৰ পৰা ৪.২ আলোক বৰ্ষ দূৰত থকা আমাৰ সকলোতকৈ নিকটতম নক্ষত্ৰ প্ৰক্সিমা চেণ্টউৰি নক্ষত্ৰক কেন্দ্ৰ কৰি প্ৰক্সিমা বি নামৰ এক গ্ৰহে প্ৰদক্ষিণ কৰি আছে যি আকাৰত পৃথিৱীৰ সমান৷ এই গ্ৰহক ২০১৬ চনত আৱিষ্কৃত হৈছিল আৰু এই বছৰৰ মে’ মাহত এদল বিজ্ঞানীয়ে গৈ এই গ্ৰহৰ অধ্যয়ন কৰি প্ৰকাশ কৰিছিল যে, এই গ্ৰহত পানী আৰু বায়ুমণ্ডল আছে পৰৱৰ্তী সময়ত দুই-এজন বিজ্ঞানীয়ে এই সম্ভাৱনা ক্ষীণ বুলি মত প্ৰকাশ কৰিছিল৷
যি কি নহওক মই কিন্তু সদায় ইচ্ছুক আৰু অধীৰ হৈ আছো সেই বাতৰি শুনিবলে যে আমি এই বিশ্বব্ৰহ্মাণ্ডত অকলশৰীয়া নহয় আমাৰ দৰে আৰু জীৱ এই ব্ৰহ্মাণ্ডত আছে আৰু সেই জীৱক পৃথিৱীৰ বিজ্ঞানী সকলে বিছাৰি পাইছে৷ দূৰ দিগন্তত থাকিলেও তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰিলেও সেই আৱিষ্কাৰে সকলোকে নিশ্চয় আনন্দিত উৎফুল্ললিত কৰিব৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!