পেটৰ গ্ৰেড

stomach_2617788cবি.জে.ৰঞ্জন

 

১) পেটটো বাওঁৰ পৰা সোঁপিনলৈ লক্ষ্য কৰি নতুনকৈ ধনী হোৱা মানুহৰ দৰে যে কিছুমানে মিচিকিয়াই(গৰ্বেৰে) কয়- ওলাইছে নহয় অলপ? শকত হৈছোঁ যেন লাগিছে।

(এনেবোৰ পেট ১নং গ্ৰেডত পৰে। সময় থাকোঁতে ‘ইলাজ’ নকৰিলে পেট মানুহ ভেদে ৫ ,৬ আনকি ৭নং গ্ৰেডলৈ উন্নীত হোৱাৰ আশংকা থাকে।)

২) – কিমান দূৰ খোজ কাঢ়ে?
– এই যে, বয়জ স্কুলখনৰ আগেৰে গৈ তিনি আলিটোৰে ঘূৰি বজাৰখনৰ আগেৰে এপাক মাৰি অহা হয় আৰু! দুই-তিনি কিলোমিটাৰমানৰ ভিতৰতে হয় কিজানি!
– এইখিনি ঘূৰি আহোঁতে কিমান সময় লাগে?
– উমম, লাগে দুই ঘণ্টামান।
(মাই গড, তিনি কি.মি. খোজ কাঢ়িবলৈ লাগে দুই ঘণ্টা সময়!)
– বুজিছোঁ কি ভাবিছা তুমি। শুনা, আমি মানে বৰা আৰু মই মৰ্ণিৱাকলৈ যাওঁতে বাছ-ষ্টেণ্ডৰ সেইখিনিত প্ৰথম-প্ৰথম ভকাপিঠা, লালচাহ খাই মনটো খুচ কৰি লওঁ। তাৰ পিছত নানানটা ৰাজনীতি, সমাজনীতি আদিৰ কথা পাতি পাতি বজাৰৰ আগেৰে আহিব ধৰোঁতেই সদায় সেই পূৰ্বশ্ৰী হোটেলখন চকুত পৰি যায়। মালিকজন চিনাকি। নোসোমালে বেয়া পাই বুলি হোটেলত সোমাই অলপ পুৰী-তৰকাৰী, লগতে পুৱাৰ গাখীৰ চাহকণো খাই লওঁ যাতে ঘৰলৈ আহি শ্ৰীমতীক আমনি দিবলগীয়া নহয়। খোজকাঢ়িলে ভোক লাগিবই দিয়াচোন- হেঃহেঃ।
– কিমান দিন হ’ল আপোনালোকৰ খোজকঢ়া?
– হ’লেই দিয়া দুই বছৰমান।
– ওজন কিমান বাঢ়িল?
– কেনেকৈ জানিলাহে? (মুখত আশ্চৰ্যৰ চিন পৰিস্ফুট) চোৱাচোন কি আচানক কথা! মানুহৰ কমে, আমাৰ কমিব চাৰি, বৰা আৰু মোৰ পাঁচ কেজি- পাঁচ কেজি বাঢ়িলহে- মৰ্ণিংৱাক কৰি। হেঃহেঃ। আচলতে পুৱাৰ ফ্ৰেচ হাৱাটো বৰ কামত অহা বস্তুহে। তুমিও আহিবাচোন, ভাল লাগিব।
(এওঁলোকৰ কথা কৈ লাভ নাই। তেওঁলোকৰ কথা শুনি নিজেই ‘কনভাৰ্ট’ হৈ যাবলগীয়া অৱস্থা এটা হৈ যায়।)

৩) – ধেত্তেৰিকা! কি যে হ’ব! চিন্তাই লাগিছে।ইমান ওলাইছে পেটডাল। বিশেষ একোতো নাখাওঁৱো।
– এটা কথা। বেছি নাখালেও শুই-মেলি, আৰাম কৰি থকা মানুহৰ পেট ওলায়েই কিন্তু।
– ক’তনো শুই থাকোঁ অ’? ৰাতিতো ডাক্তৰী নিয়মমতেই মাত্ৰ আঠ-ন ঘণ্টামানহে শুওঁ। সন্ধিয়াও বিচনাত লাহেকৈ গাটো পেলাই দি টিভিহে চোৱা হয় মাত্ৰ। ইমান ভাগৰ লাগে, তথাপিতো টোপনি নামাৰোঁ। বিশ্বাস কৰা, ভাতো যে ইমান কমকে খাওঁ। নাখাওঁতে নাখাওঁতে মোৰ প্ৰেচাৰেই ‘লো’ হৈ গৈছে জানা?
(এওঁলোকৰ কথাবোৰ শুনিলে মনটো এটা গভীৰ দুখানুভূতিৰে ভৰি পৰে।)

৪)- পেট ওলাইছে…… দুদিন পিছত সোমাই যাব। এনেয়ো আজিকালি বয়স হ’লে বেমাৰ-আজাৰ হয়েই। বেমাৰ হ’লে নিজে-নিজেই কমি যাব পেট-ফেট।
(এইটো গ্ৰেডৰ কথা শুনিলে সংস্কৃতৰ ‘তিনিটা মাছ’ গল্পটোৰ ‘অনাগত-বিধাতা’লৈ মনত পৰে।)

৫) – এঃ ভাল কথা কৈছ। এইটো বয়সত এইখিনি পেট নাথাকিলে একো ভাল নালাগে দে। অলপ লাগেই, তেতিয়াহে ‘মানুহ-মানুহ’ লাগে।
(এওঁলোকক আকৌ একো ক’বই নোৱাৰি। কিবা ক’বা, ওলোটা ঠাচিহে খাবা।)

৬) – পেট ওলাইছে? দূৰ বেটা। আমিতো আৰু চিনেমা, মডেলিং কৰিবলৈ নাযাওঁ। কি ফাল্টু কথাবোৰ কৱ নহয় যেতিয়াই তেতিয়াই! বাদ দে, আজি খানাত কি কি থাকিব সেইটো ক’?
(এইটো ‘মষ্ট্’ গ্ৰেড। লাইফত এটাই উদ্দেশ্য- ‘খাও, পিও আউৰ এঝ কৰো’।)

৭) – নোহোৱা নহয় অৱশ্যে। পেটটো ওলাইছে মোৰ। কিন্তু এটা কথা ভাবচোন- এতিয়া যদি হঠাতে খিনাই-মিনাই পেট-তেত সোমাই গৈ লেলেৰা যেন হৈ পৰোঁ, তেতিয়াওতো চেহেৰাটো দেখিবলৈ কিমান যে বেয়া লাগিব! হয় নে নহয় দোষ্ট, ক’চোন তই?
(আইঐ দেহি, ইমান সন্তুষ্টি! এইটো গ্ৰেডৰ পেট জীন্দেগীত কমাৰ সম্ভাৱনা নাই।)

[আমিও কোনোবা গ্ৰেডত অন্তৰ্ভুক্ত, সেয়েহে কথাবোৰ হৃদয়ঙ্গম কৰি ক’ব পাৰিছোঁ।]

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!