পেৰালিম্পিকৰ কাহিনী – দিগন্ত চহৰীয়া

পেৰালিম্পিকৰ আভিধানিক অৰ্থ হৈছে অলিম্পিক ক্ৰীড়া সমাৰোহৰ সৈতে একেলগে বা সমান্তৰালভাৱে অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতা৷ para শব্দটো আহিছে গ্ৰীকৰ পৰা৷ ইয়াৰ অৰ্থ besides বা alongside. প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিকৰ সমান্তৰালভাৱে আয়োজিত হোৱাৰ বাবেই এইখন প্ৰতিযোগিতাৰ নাম পেৰালিম্পিক৷ এই প্ৰতিযোগিতা বিশেষভাৱে সক্ষম বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈৰ মাজত সীমাবদ্ধ৷
1960 ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিক ৰূপত বিশেষভাৱে সক্ষম খেলুৱৈৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা আয়োজিত হৈ আহিছে যদিও সেইসময়ত প্ৰতিযোগিতাখন পেৰালিম্পিক নামেৰে পৰিচিত নাছিল৷ 1988 ৰ ছিউল অলিম্পিকৰ পৰাহে আনুষ্ঠানিকভাবে প্ৰতিযোগিতাখনৰ নাম পেৰালিম্পিক ৰখা হৈছে৷ সেইবাৰৰ পৰাই পেৰালিম্পিয়ানসকলে মূলসুঁতিৰ ক্ৰীড়াবিদৰ সমানেই সা সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷
অৱশ্যে 2012 লণ্ডন অলিম্পিকৰ এমাহ পাছতেই আয়োজিত পেৰালিম্পিক গেমছৰ পৰাহে প্ৰতিযোগিতাখনৰ বিষয়ে সম্যক ধাৰণা এটা ক্ৰীড়াপ্ৰেমীৰ মাজত গঢ়ি উঠিছিল৷
দক্ষিণ আফ্ৰিকাৰ ব্লেড ৰাণাৰ খ্যাত অস্কাৰ পিষ্টুৰিয়াছ পেৰালিম্পিকৰ অন্যতম তাৰকা খেলুৱৈ৷ কৃটিম ভৰিৰে দৌৰি পিষ্টুৰিয়াছে বিশ্বজুৰি অৰ্জন কৰিছিল৷
বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজতো যে ক্ৰীড়া প্ৰতিভা লুকাই থাকিব পাৰে, সেই বিষয়ে খুব ভালদৰে উপলব্ধি কৰিছিল এজন জাৰ্মান চিকিৎসকে৷ লুডৱিগ গুটমেন ( Ludwig guttmann ) নামৰ চিকিৎসকজনে দ্বিতীয় বিশ্বযুদ্ধত আঘাতপ্ৰাপ্ত ব্ৰিটিছ সৈনিকৰ মাজত 1948 চনত এখন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছিল৷ ৰাজহাড়ত আঘাত পোৱা সৈনিকৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ international wheelchair games নামেৰে অনুষ্ঠিত এই প্ৰতিযোগিতাখনেই পাছলৈ শাৰীৰিকভাবে অক্ষম ব্যক্তিসকলৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ পৰিছে৷
1952 চনত অনুষ্ঠিত ইণ্টাৰনেচনেল হুইলচেয়াৰ গেমছত ব্ৰিটিছ সৈনিকৰ লগতে ডাচ্চ সৈনিকেও অংশগ্ৰহণ কৰিছিল৷
1960 ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিকভাৱে অনুষ্ঠিত শাৰীৰিক বাধাগ্ৰস্ত সকলৰ গেমছত 23খন দেশৰ প্ৰায় 400 খেলুৱৈয়ে যোগদান কৰিছিল৷ 1972 লৈকে এই প্ৰতিযোগিতাত হুইলচেয়াৰত বহা খেলুৱৈয়েহে অংশগ্ৰহণ কৰিছিল৷ কিন্তু 1976 চনৰ পৰা বিভিন্ন ক্ষেত্ৰত বাধাগ্ৰস্ত খেলুৱৈসকলেও অংশগ্ৰহণৰ সুযোগ পায়৷ অৰ্থাৎ দৃষ্টিহীন, মূক বধিৰ, হাত ভৰি নথকা আদি বিশেষভাৱে সক্ষম খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷
1976 চনৰ প্ৰতিযোগিতাত 40খন দেশৰ 1600 খেলুৱৈয়ে যোগদান কৰিছিল৷
উল্লেখযোগ্য যে 2001 চনত আন্তৰ্জাতিক অলিম্পিক সমিতি আৰু আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছে৷ এই চুক্তি অনুসৰি অলিম্পিক আয়োজিত হোৱা দেশখনতে পেৰালিম্পিক অনুষ্ঠিত হব আৰু আয়োজক দেশখনে পেৰালিম্পিয়ানসকলক ভালদৰে আতিথ্য প্ৰদানৰ নিশ্চয়তা দিব লাগিব৷ প্ৰথমতে এই চুক্তি 2012 লণ্ডন অলিম্পিকলৈ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত চুক্তিৰ ম্যাদ 2020 টকিঅ’ অলিম্পিকলৈ বৃদ্ধি কৰা হয়৷
শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈৰ বাবে গঠিত প্ৰথমটো সংস্থা হৈছে international sports organization for disabled. 1964 চনত গঠিত এই সংস্থাটোৱে আছিল পেৰালিম্পিকৰ গৱাৰ্ণিং বডী৷ সেইদৰে 1982 চনত world sports organization for the disabled নামৰ আন এটা সংগঠন জন্ম হয়৷ দুয়োটা সংগঠনে আন্তৰ্জাতিক সমন্বয়ৰক্ষী সমিতি হিচাপে পেৰালিম্পিক আয়োজনত আন্তৰ্জাতিক অলিম্পিক সমিতিক সহায় কৰিছিল৷ অৱশ্যে 1988 ৰ ছিউল অলিম্পিকৰ পাছত এটা স্বতন্ত্ৰ সংস্থা গঠনৰ প্ৰয়োজনীয়তা আহি পৰাত 1989 চনত গঠন কৰা হয় আন্তৰ্জাতিক পেৰালিম্পিক সমিতি৷ জাৰ্মানীৰ ব’নত অৱস্থিত আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ বৰ্তমান সদস্য ৰাষ্ট্ৰ 174. ভাৰতো ইয়াৰ অন্যতম সদস্য৷ পেৰালিম্পিক আন্দোলনৰ মূলমন্ত্ৰ spirit of motion.
শাৰীৰিকভাবে বাধাগ্ৰস্ত সকলৰ বাবে সুকীয়াকৈ অলিম্পিক আয়োজিত হলেও মূল অলিম্পিকতো বহুকেইগৰাকী শাৰীৰিক বাধাগ্ৰস্ত খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ উদাহৰণ আছে৷ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমজন বিশেষভাৱে সক্ষম খেলুৱৈ হল জৰ্জ এইছাৰ ( George eyser )৷ 1904 চনৰ অলিম্পিকত অংশগ্ৰহণ কৰা জিমনাষ্ট এইছাৰৰ এখন ভৰি কৃটিম আছিল৷
পেৰালিম্পিক গেমছত ভাৰতৰ প্ৰদৰ্শন বৰ বেয়া নহয়৷ ভাৰতে প্ৰথম 1968 চনৰ গেমছত অংশ লৈছিল৷ তেতিয়াৰ পৰা 2016 ৰিঅ’ পেৰালিম্পিক গেমছলৈ জয় কৰিছে 12টা পদক, ইয়াৰে চাৰিটা সোণ৷ বাকী চাৰিটা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জ আছে মুঠ পদকৰ জোলোঙাত৷
পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা ভাৰতৰ প্ৰথম খেলুৱৈজন হল মূৰলীকান্ত পেটকাৰ ( murlikant petkar )৷ 1972 চনৰ গেমছত পেটকাৰে সোণৰ পদক জয় কৰিছিল৷ সাঁতোৰৰ 50 মিটাৰ ফ্ৰিষ্টাইল ইভেণ্টত তেওঁ ভাৰতক সোণৰ পদকটো উপহাৰ দিছিল৷ পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা আনজন ভাৰতীয় হল দেবেন্দ্ৰ ঝাঝাৰিয়া৷ 2004 চনৰ গেমছত দেবেন্দ্ৰ ঝাঝাৰিয়াই জেভলিন থ্ৰ’ ত সোণৰ পদক জয় কৰিছিল৷ 2016 পেৰালিম্পিকতো দেবেন্দ্ৰই জয় কৰিছিল সোণৰ পদক৷ 2012 চনত লণ্ডনত অনুষ্ঠিত পেৰালিম্পিক গেমছত এন গিৰিশাই ৰূপৰ পদক জয় কৰিছিল৷
2016 চনত ৰিঅ’ দি জেনেৰিঅত অনুষ্ঠিত পেৰালিম্পিকত ভাৰতে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে৷ দেবেন্দ্ৰৰ লগতে মেৰিয়াপ্পান থাংগাভেলুৱে হাইজাম্পত সোণৰ পদক জয় কৰিছিল৷ আনহাতে দীপা মালিকে হুইলচেয়াৰত বহিয়েই মহিলাৰ শ্বটপুটত ৰূপ আৰু বৰুণ ভাট্টিয়ে হাইজাম্পত ব্ৰঞ্জৰ পদক হস্তগত কৰিছিল৷

*********
থোৰতে এছিয়ান গেমছ

ফিফা বিশ্বকাপ শেষ হ’ল৷ এইবাৰ সমাগত এছিয়ান গেমছ৷ জাৰ্কাটাত অহা ওঁঠৰ আগষ্টৰ পৰা দুই ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এছিয়া মহাদেশৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ এছিয়ান গেমছ৷ 1951 চনত প্ৰথমবাৰৰ বাবে নতুন দিল্লীত অনুষ্ঠিত মেগা ইভেণ্টখনৰ বয়স যিমানে বাঢ়িছে, সিমানেই আকৰ্ষণ বৃদ্ধি হৈ গৈ আছে৷ স্বাভাৱিকতে বিশ্বকাপ ফুটবলৰ আমেজৰ পৰা মুক্ত হোৱাৰ ঠিক পাছতেই এইবাৰ এছিয়াডৰ বিভিন্ন আকৰ্ষণীয় খেলৰ মাজত ডুব যাবলৈ সাজু হৈছে ভাৰতীয় ক্ৰীড়াপ্ৰেমী৷
এছিয়ান গেমছত সাধাৰণতে চীন আৰু জাপানে আধিপত্য বিস্তাৰ কৰি আহিলেও ভাৰত অন্যতম শক্তি হিচাপে প্ৰতিপন্ন কৰিব পাৰিছে৷ 1951 চনত অনুষ্ঠিত প্ৰথম এছিয়াডত ভাৰতে মুঠ 51টা পদকেৰে দ্বিতীয় স্থান দখল কৰিছিল৷ সেইবাৰ মুঠ পদকৰ 15টা সোণৰ, 16টা ৰূপৰ আৰু 20টা আছিল ব্ৰঞ্জৰ পদক৷ অৱশ্যে পদক জয়ৰ দিশৰ পৰা 2010 চনত চীনৰ গুৱাংঝুত অনুষ্ঠিত এছিয়াডত ভাৰতে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে৷ সেইবাৰ ভাৰতে 14টা সোণৰ পদকৰ লগতে 17টা ৰূপ আৰু 34টা ব্ৰঞ্জৰ পদকসহ মুঠ 65টা পদক অৰ্জন কৰিছিল৷ আনহাতে 2014 চনত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে হস্তগত কৰিছিল মুঠ 57টা পদক৷ মুঠ পদকৰ 11টা সোণ, নটা ৰূপ আৰু 37টা ব্ৰঞ্জৰ পদক আছিল৷ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত হবলগীয়া এছিয়াডতো ভাৰতে সফলতাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰিব বুলি ক্ৰীড়া বিশেষজ্ঞ আশাবাদী৷ বিশেষকৈ এথলেটিকছৰ ট্ৰেক ইভেণ্টত অসমকন্যা হিমা দাসে আশাৰ সঞ্চাৰ কৰিছে৷ উল্লেখযোগ্য যে টেমপেৰেত অনুষ্ঠিত অনুৰ্ধ 20 জুনিয়ৰ বিশ্বকাপ এথলেটিকছৰ 400 মিটাৰ দৌৰত হিমাই সোণৰ পদক জয়েৰে ইতিহাস সৃষ্টি কৰিছে৷ ভাৰতীয় এথলেটিকছৰ চাঞ্চল্য হিমাই এছিয়াডত পদক জয় কৰিব বুলি পি টি ঊষা আশাবাদী৷
বেডমিণ্টন, টেনিছ, আৰ্চাৰী, শ্বুটিং, বক্সিং আৰু ৰেষ্টলিঙত ভাৰতে পদক জয় কৰাটো নিশ্চিত৷ হকীৰ পৰাও পদক আশা কৰিব পাৰি৷
ভাৰতে শেহতীয়া চাৰিখন এছিয়াডতে পদকৰ জোলোঙা গধুৰ কৰিছিল৷ 2002 চনত ভাৰতে 11টা সোণ, 12টা ৰূপ আৰু 13টা ব্ৰঞ্জসহ মুঠ 36টা পদক জয় কৰিছিল৷ সেইবাৰ সামগ্ৰিকভাবে পদক তালিকাত ভাৰতৰ স্থান আছিল সপ্তম৷ 2006 চনত দখল কৰিছিল মুঠ 53টা পদক৷ ইয়াৰে দহটা সোণ, 17টা ৰূপ আৰু 26টা ব্ৰঞ্জৰ পদক৷ উল্লেখযোগ্য যে এছিয়াডৰ ইতিহাসত ভাৰতে জয় কৰা মুঠ পদকৰ সংখ্যা 616টা ( 139টা সোণ, 178টা ৰূপ, 229টা ব্ৰঞ্জ)৷  ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!