প্রসংগ:বিদ্যুতৰ নাটনি আৰু লিমাৰিক

দেৱব্ৰত গগৈ :  যোৱা দুদিন ধৰি অসমীয়া সাহিত্যত বিজুলীক লৈ বিভিন্নজনে পেৰদী , কৌতুক , কাৰ্টুন আৰু ছিৰিয়াছ প্ৰৱন্ধ ৰচনা কৰি অসমীয়া সহিত্যৰ ভড়াল চহকী কৰিলে আৰু তাৰবাবে অসমৰ মাননীয় শক্তিমন্ত্ৰী আৰু অসম ৰাজ্যিক বিদ্যু পৰিষদক ধন্যবাদ জনাব পাৰি ।

ৰাজীৰ ৰঞ্জন : পাৰি, পাৰি, কিন্তু ইন্টাৰনেটত ধন্যবাদ দি লাভ নাই (মানে সেই মাষ্টাৰ পাচৱৰ্ড বিচৰা গগৈদেউৰ ৱেবছাইটটো ইত্যাদি), পেপাৰত দিব লাগিব। কম্পিউটাৰত পঢ়িবলৈ বিদ্যুতেই নাই যে 🙂

অজয়লাল দত্ত :  এয়াযে বতৰ, লিমাৰিক লিখা , দেহ পুৰি নিয়া গৰম , যেন অগ্নিশিখা  !

ৰাজীৱ ৰঞ্জন :    আচলতে আমি বুজিব পৰা নাই বিদ্যুতৰ নাটনি কিয় হৈছে। এইমাত্ৰ গম পালো ৰহস্যটো ক’ত। এই যে ভূপেনদাৰ গানটো, ‘অগ্নিযুগৰ ফিৰিঙতি মই’ সেইটোৱেই প্ৰধান কাৰণ। তেৰাই বোলে বিদ্যুত, আজিৰ প্ৰজন্মই এইবোৰ বুজি নোপোৱা হৈছে। বিদ্যুতে বোলে চিন্তা নাই চাৰ, বিদ্যুত বন্ধ, অগ্নিযুগ কেনেকৈ নাহে চাওঁচোন।

অঞ্জনা তামুলী :                                                                                      

দেশত লাগিছে কিহৰ ধূম-ধাম
২০০ টকা পাইছেগৈ
একগাড়ী পানীৰ দাম !
নাই পানী, নাই লাইট
কি যে কৰোঁ হায় !
প্ৰৱাসী অসমীয়াই
চোৱা আমাৰ বিলাই ।

দেৱব্ৰত গগৈ :    বঢ়িয়া বঢ়িয়া , আহক ৰাইজ , বিজুলী-লিমাৰিকেৰে অ.ক.বৰ পৃষ্ঠা ভৰাই পেলাও । অসমীয়া সাহিত্যলৈ অপোনাৰ বহুমুলীয়া অবদান দিয়াৰ সুযোগ নেহেৰুৱাব ।

অঞ্জনা তামুলী :

লিমাৰিক লিখা দেখি
খঙ উঠিল বিজুলী বাইৰ
কি বোৰ্ডত হাত দিওঁতেই
গুছি গ‘ল তাই ;
কি যে কৰো হায় !
লিমাৰিকে নিলিখো
যাওঁগৈ কৰি বাই বাই ।

ৰাজীৱ ৰঞ্জন :

বিদ্যুত আৰু কালন্তৰ তয়াময়া ৰণ
মিচিকিয়াই হাঁহিৰামে কৰি আছে মন
কালন্তই এৰিছে টেট বান
সকলোবোৰ অনলাইন
নাই কোনো ঘোচৰ চাইন
বিদ্যুতে বোলে হো ল কাটি দিলো ‘লাইন’
যা বাপ্পেকে কৰগৈ তহঁতে টিকাফটা ৰ’দত লাইন।

 

অজয় লাল দত্ত :

হেৰা প্ৰদ্যুত, এতিয়া কিমান ৰাতি
বিদ্যুতৰ নাটনিৰ বাবে অখিলক দায়ী কৰিবলৈ কিমান বাকী?
সমাজত বাঢ়ি অহা শ্ৰেণী-বিভেদ আঁতৰাই
তুমিয়েই ৰচিলা সমাজবাদ-সমতাৰ সপোন
চোৱা জ্বলিছে ঘৰে ঘৰে, একেই মমবাতি, একেই টিপ-চাকি!

ৰাজীৱ ৰঞ্জন :

অখিলে বোলে হৌৰা বিদ্যুত
শুনা কথা মোৰ
প্ৰেকটিছ কৰি থৈছো
মাৰি মহা গোৰ
নোজোকাবা মোক
লাঠ দিম তোক
বান্ধৰ পাছত দৌৰি দৌৰি
লাগিছে মোৰ ভোক।

অৰ্পূব কলিতা :             বাপ্পী লাহিৰীৰ উ উ লা লা
টাটা স্কাইৰ লাইফ জিংগা লালা
বিদ্যুত দেৱতাই কয় অখিলৰ
লগত সখি কৰি আন্ধাৰত বাপ্পেকে
ভুতৰ লগত এতিয়া গান
গা গা গা গা গা গা ………………….

ৰাজীৱ ৰঞ্জন :

উ লা লা
টিপচাকি লৈ ওলা
নাই কাৰেন্ট, নজলে লাইট
সাবধানে ধৰিবি বাট,
বাঁহৰ তলত বহোতে লাগে যদি ভূত
মুখেৰে ল’বি নাম প্ৰদ্যুত প্ৰদ্যুত

দিপুল হালৈ :      বিদ্যুত বিদ্যুত বুলি অসমীয়াই চিঞৰিছে,

অৰ্পূব কলিতা :

কৰো আমি ৰজাৰ ভেশচন

ৰাইজক দিও মহা টেনচন
কাৰেন্ট দিও অলপ ফ্ৰেকচন
ন‘ প্ৰব্লেম গোটেই দিম আহিব যেতিয়া ইলেকচন ।।

ৰাজীৱ ৰঞ্জন :

ইলেকচন চিলেকচন
কৰিছো মই ডিটেকচন
জিকিয়েই থাকিম মই নাই কোনো টেনচন
হেঃ হেঃ, মিছা ক’লে কি দাল হ’ব
দিজ ইজ অলচ’ এন ইম্পৰ্টেন্ট জাংচন
আহি আছে নদী বান্ধ
কাৰেন্ট কাটি কাটিয়েই লৈ ল’ম তাৰ পাৰ্মিছন ।

বিক্ৰমজিত কাকতি :

তুমি নাথাকিলে মই পাগল হৈ যাও ,
তুমি লুকাভাকু কিয় ভালপোৱা মই বুজি নাপাওঁ |
তোমাৰ বাবেই অপেক্ষাৰত সমগ্ৰ গুৱাহাটী চিটী ,
ময়ো ৰৈ আছো ঘামে জামে তিতি |
আসঃ ইলেক্ট্ৰিচিটি ; আসঃ ইলেক্ট্ৰিচিটি ………….

ৰাজীৱ ৰঞ্জন :

নকৰিবা অপেক্ষা মোলৈ নহওঁ মই তোমাৰ প্ৰেমিকা
সকলো বান্ধোন চিঙি আজি তোমাৰ বাবে মই অনামিকা
ধৰফৰাই নাথাকিবা শাওপাতো নিদিবা
অজয়লালে দিব তামোলৰ ধকুৱাৰ বিচনী
তাৰ ওপৰতে বৰষোৱা তোমাৰ ক্ৰোধৰ অগনী।

উজ্জ্বল ফুকন :

ঘপক কৈ নোহোৱা হল।
এন্ধাৰ মাথো ৰৈ গল।
নুসুধিবা মোক তুমি
আছো মই ক’ত বহি
প্রকৃতিৰ নিয়ম
প্রদ্যুত নৰাধম
আডম হৈ বহি আছো
গাতটো নো ক’ত? গাতটো নো ক’ত?
দেখাই নাপাওঁ
মহৰ কামোৰ
হে প্রভু কি কৰো
কেনেকৈ পলাও
চিঞৰি চিঞৰি গাইছো গান
কোনোবাই শুনিছ যদি মমবাতি এদাল আন।
বেৰৰ ফাকেঁৰে অহা জোনাকী পৰুৱাই কলে
মোৰ দৰে পিছপিনে টৰ্চ লৈ ফুৰ
বিজুলী এবাৰ গলে নাহে বহুপৰ।

 

প্ৰতিম প্ৰতাপ বৰুৱা :

ডাক্টৰৰ বেমাৰ হ’লে কয় বোলে
বেজৰ নাকত খৰ
এ.এচ.ই.বি.ৰ অফিচতে কাৰেণ্ট নাথাকিলে কয় বোলে
হো: কটা, কি কৰ কৰ |

 

প্ৰতিম প্ৰতাপ বৰুৱা :

বোলে গড়গঞা হাতী হেৰিয়েও নকৰে কাতি
যিমানেই গালি-গালাজ নকৰক কিয়
অসমৰ কাৰেণ্টে নেৰে তাতবাটি |

 

বনজিত পাঠক :

কিয় কৰা হায় হায়,
কিয়নো কোৱা কাৰেণ্টে নাই,
মিছা কলে কি ডাল হ’ব
আমেৰিকাটো কাৰেণ্টে যায়
কৈছো ম‍ই এই কথা সত্য
গুগুলৰ পৰাই ম‍ই লৈছো এই তথ্য
চাইলোৱা নিজেই তুমি কথাটো হয়নে নহয়
২০০৩ চনত আমেৰিকাত হৈছিল লোশ্বেদিং,
confirmationৰ বাবে কৰিব পাৰা ওবামালৈ ৰিং|
মিছা কলে কিডাল হ’ব
আমেৰিকাটো কাৰেণ্ট যায় ||

ঈশানজ্যোতি বৰা :

অ’ মোৰ বিজুলী
কিয় কৰা ধেমালি ?
বহু দিন পাৰ হ’ল
দেখা নিদিয়া সমূলি ৷
তৰুণৰ অতপালি,
প্ৰদ্যুৎৰ ভেঙুচালি,
পালমৰা কথা কৈ
লগায় থাকে খেলিমেলি ৷

বজাৰত নাই মম
কথাটো পাইছেনে গম ?
এ.চি.বিচাৰি তৰুনৰ ঘৰত
হাজিৰ হ’লহি যম ৷

 

ইন্দুকল্প শইকীয়া :

এতিয়া এন্ধাৰৰ পৰা আৰু ভয় নালাগে,
পোহৰৰ পৰা লাগে..
যি কোনো মূহুৰ্ততে এৰি থৈ গুচি যাব পাৰে…!!!

প্ৰতিম প্ৰতাপ বৰুৱা :

হে বিজুলী বাইদেউ দূৰৈ হৈ নাযাবা
হাঁহিৰামে ইনভাৰ্টাৰ চলাই হাঁহি আছে
মাজে মাজে আহিবা |

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!