প্রসংগ : উৎসৱ-পার্বণ আৰু চান্দা তোলা সংস্কৃতি(?)

প্রসংগ : উৎসৱ-পার্বণ আৰু চান্দা তোলা সংস্কৃতি(?)

প্রাণদীপ দত্ত

ভাৰতৰ আন ৰাজ্যসমূহতো তেওঁলোকৰ জাতীয় উত্সৱসমূহ উলহ-মালহেৰে আয়োজন কৰে। এতিয়া কথা হ’ল, তেওঁলোকে নিজৰ জাতীয় উত্সৱ আয়োজন কৰিবৰ বাবে তেওঁলোকৰ ৰাজ্যত বসবাস কৰা অসমীয়া মানুহখিনিৰ পৰা জোৰ-জুলুম কৰি চান্দা লোৱা পৰিলক্ষিত নহয়। কিন্তু আমাৰ অসমত থকা অনা-অসমীয়া বন্ধুসকল আমাতকৈ আৰ্থিক দিশত সবল হোৱাৰ অজুহাততে তেওঁলোকৰ পৰা জোৰ- জুলুমকৈ চান্দা তুলি বিহু পাতি আমি আনৰ আগত কিয় আমাৰ জাতীয় উত্সৱটোক টুলুঙা কৰিব লাগে ? বিহুৰ নামত ৰাস্তাই-ঘাটে এই চান্দা অপসংস্কৃতি কিয় ? নে এই অপসংস্কৃতিয়েই আমাৰ বাবে এদিন ছাপমৰা সংস্কৃতি হ’বগৈ ? এয়া অতি চিন্তনীয় বিষয়!!!

দেৱৰাজ কেওঁট

যোৱাবাৰ বিহুত এটা দৃশ্য দেখি মনটো বৰ বিষাই গৈছিলে। যোৰহাটৰ এটা শ্বপিং মলৰ সন্মুখত এটা বিহু দলে বিহু মাৰি আছে আৰু তাৰ সন্মুখত ৰৈ দুজনমান অনা-অসমীয়া ব্যৱসায়ীয়ে এটা বিশেষ দৃষ্টিৰে উপভোগ (!) কৰি আছে। কোনোবাই এই ঘটনাটো কিবা-কিবি তত্বগধুৰ সংজ্ঞাৰে মানি লবলৈ বিচাৰিলেও মোৰ অসমীয়া মনটোৱে মানি ল’ব নিবিচাৰিলে। বৰ্তমান যুগৰ কঠিন অৰ্থনৈতিক দিশটোক অস্বীকাৰ নকৰোঁ। অসমীয়া উচ্চবিত্ত, উচ্চ-মধ্যবিত্ত শ্ৰেণীটোৰ এইক্ষেত্ৰত বহুত দায়িত্ব আছে। হুঁছৰি দল এটা আহিলে অনুগ্ৰহ কৰি অসমীয়া জাতিটোৰ স্বাৰ্থতে সাধ্যানুসৰি বৰঙণী আগবঢ়াব লাগে যাতে বিহুৰ কাৰণেই হাজাৰ অসুবিধাকো আওকাণ কৰি ওলাই অহা ডেকা-গাভৰুজাকে কোনো অনা-অসমীয়া বণিকৰ সেই বিশেষ দৃষ্টি (!)ৰ সন্মুখত বিহু মাৰিব নালাগে।

নিতুল বৰা

আজিকালি ধৰ্মানুষ্ঠানেই হওঁক বা বিহুৰ ফাংচনতেই হওঁক চান্দ তুলি পাতাতো এচামৰ বাবে এটা ব্যৱসায়ত পৰিণত হৈছে, অতি সহজ উপায়েৰে কম কষ্টেৰে ধন ঘটাৰ এইটো এটা নতুন পেছা বুলিলেও একো ভুল কোৱা নহ’ব চাগৈ। আজি কেইবছৰ মানৰ পৰা দেখিবলৈ পাইছোঁ যে আমাৰ চহৰৰ আশে-পাশে কেইখনমান বাচকবনিয়া বিহু ফাংচন অনুষ্ঠিত হৈ আহিছে প্ৰতি বছৰেই। কিন্তু অনুষ্ঠানৰ শেষত দেখা যায় যিজন সম্পাদকৰ আগতে মটৰ চাইকেল এখনো নাছিল, সেইজন সম্পাদকে অনুষ্ঠান শেষৰ কেইদিনমানৰ পাছতেই বিলাসী গাড়ী ক্ৰয় কৰিব পৰা হয়। এতিয়া সেই বিহু অনুষ্ঠান কেইটাৰ সভাপতি, সম্পাদকৰ পদৰ বাবে খোৱা-কামোৰা লাগে।

উচ্চজিৎ কলিতা

যোৱা বছৰ ব’হাগ মাহত ঘৰত আছিলোঁ। গুৱাহাটী-পাঠশালা হাইৱেত অভিনৱভাৱে চান্দা তোলা পদ্ধতি এটা দেখিলোঁ। ১০-১২ বছৰীয়া ল’ৰা-ছোৱালী কিছুমানে ৰাস্তাত গামোচা পাৰি সৰু গাড়ীৰ আগত শুই দিয়ে। মই গাড়ীখন ৰাখি সুধিলোঁ, কি লাগে। “বিহুৰ চান্দা”। নাতিদূৰত কেইটামান চেঙেলীয়া আৰু ডেকা ল’ৰা থিয় হৈ আছে। মোৰ খং নুঠা নহয়। কিন্তু দুখো বহুত লাগিছিল, শৈশৱৰ নিষ্পাপতাৰ এনে সুযোগ লোৱা দেখি।

দিগন্ত কুমাৰ ভট্টাচার্য

আমাৰ ইয়াত মানে পুণেত এটা ভাল কথা লক্ষ্য কৰিছোঁ। সাধাৰণতে কেৱল গণেশ পূজাৰ সময়তহে ঘৰে ঘৰে চান্দা তুলিবলৈ আহে আৰু কেতিয়াও পইচাৰ ক্ষেত্ৰত কোনো দাবী নকৰে। এশ দিয়ক বা দহটকাই দিয়ক, লৈ গুচি যায়।

ধ্রুৱজ্যোতি শর্মা

ঘৰৰপৰা গুৱাহাটীলৈ স্কুটাৰ চলাই আহি আছোঁ ৷ গাঁওৰ মাজৰ ৰাস্তা বাছি লৈছোঁ ৷ শিৱপূজাৰ সময় ৷ ধৰিলে নহয় এসোপামান ভক্তই ৷ হাতত চাঁদাৰ বহী এখন ৷ গাড়ীখন ৰখাই কথা-নাই বতৰা নাই এজনে গাড়ীৰ নম্বৰতো লিখিলে ৷ ময়ো গাড়ীৰ ওপৰতে আৰামত বহি কাণ্ড-কাৰখানা চাই থাকিলোঁ ৷ “এশ দিয়ক”-সকলো লিখা হোৱাৰ পিছত আদেশ আহিল ৷ ময়ো ধৰিলো ফেপেৰি পাতি-“কিয়? কিহৰ বাবে?”
“.. শিৱপূজা”
“..চ’ৰী, মই  চান্দা নিদিওঁ”
“..গাড়ী চাইদ কৰক”
“..কিয়? ৰাস্তাত চান্দা তুলিবলৈ কাৰ পাৰ্মিছন লৈছা?”
“..পূজাৰ চান্দাত কিহৰ পাৰ্মিছন?…” আন এজনে ঠাট্টা কৰিলে… “ঐ, মহাশয়ৰ বাপাকৰ পৰা পাৰ্মিছন লৈ আহ….খেক..খেক”
এইবাৰ উঠি গ’ল নহয় টিঙিচকৈ…. গাড়ী ষ্টাৰ্ট দিলোঁ… “টকা লাগে, ভিক্ষা লাগে ঘৰত আহিবি…. ভিক্ষা কৰি পূজা পতাতকৈ হাজিৰা কৰগৈ..শিৱ প্ৰসন্ন হব… মইৰ তহঁতক ভিক্ষা দিবলৈ ইয়াতে গাড়ী চলাই অহা নাই….” ভ-কৈ ৰেচ পকাই দিলোঁ…পিছপিনৰপৰা জাউৰিয়ে জাউৰিয়ে শাও আহিল….”…ঐ, বাটতে এক্সিডেণ্ট হৈ মৰিবি যা”, ” …ঐ, পচি পচি মৰিবি যা”…..ইত্যাদি ইত্যাদি…. সিদিনা এক্সিডেণ্ট নহ’ল.. ভালে ভালে গুৱাহাটী পালোঁহি….. অৱশ্যে মৰিবৰ সময়ত গম পাম কেনেকৈ মৰোঁ……. ৰাস্তাত সেই একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল তিনিবাৰ আৰু প্ৰতিবাৰেই মোৰ চিধা কথা “…. চান্দা ? নিদিওঁ৷”

অঞ্জল বৰা

আচলতে যেতিয়াৰে পৰা আমাৰ অসমীয়া “দান-বৰঙণি”ক হিন্দী “চান্দা” শব্দই আগুৰি ধৰিলে তেতিয়াৰে পৰা ই কেৱল বঙলুৱা “ধান্দা”ৰ দৰে হৈ পৰিল !!

পংকজ বৰা

অসমত আজিকালি আৰু এটা ফে’ছন হৈছে বিশেষকৈ ব’হাগ বিহুৰ সময়ত ৷ ৰচিদ বহী লৈ ঘৰে ঘৰে চান্দা তোলা পাৰ্টী ৷ কোনোবাই নামঘৰৰ নামত, কোনোবা ক্ৰীড়া-সন্থা নামত, কোনোবা নাট্যসমিতিৰ নামত… মুঠৰ ওপৰত যাৰ যি ইচ্ছা এটা উপলক্ষ লৈ ৰচিদ বহী চপাই চান্দা তুলি ঘূৰি ফুৰিছে ৷ ৰাজহুৱা কামৰ বাবে বৰঙণি সংগ্ৰহ কোনো বেয়া কথা নহয় ৷ কিন্তু এই কামটোৰ বাবে ব’হাগৰ বিহুটোক বাচি লোৱাটো কিমান যুক্তিসংগত হৈছে নেজানোঁ ৷ কিন্তু আচৰিতভাৱে আজিকালি গাঁৱত হুঁচৰিৰ সংখ্যা দুখলগাকৈ কম ৷ কেতিয়াবা সৰু-সৰু ল’ৰা ছোৱালী কেইটামান আহে, ডাঙৰ হুঁচৰি দল নায়েই ৷ কিছুমান আকৌ ডিলাক্স হুঁচৰি পাৰ্টী, ৰাতি ৰাতিহে ওলায় ৷ চহৰৰ ধনী ধনী ব্যৱসায়ী, ৰাজনৈতিক নেতা আদি ২ বা ৩ ঘৰত হঁচৰি গায়গৈ ৷ দক্ষিণাৰ আগতীয়া ডিমাণ্ড থাকে ৷ লগত থাকে নাচনী (সাধাৰণতে হুঁচৰি গাবলৈ যুৱতীসকল যোৱাৰ নিয়ম নাই।) এইবোৰ কি হৈছে ?

পৰশমণি বৰা

পাচলিৰ বজাৰত দোকানী এজন আৰু কেইজনমান যুৱকৰ মাজত তুমুল তর্কা- তর্কি লগা দেখি ওচৰ চাপি গ’লোঁ, কথা- বতৰা শুনি গ’ম পালোঁ- কাৰণটো হ’ল বিহুকলৈ। ডেকাহঁতৰ ডিমাণ্ড- চান্দা লাগে ৫০ টকাৰ; ইফালে দোকানীৰ ভাষ্য, ” দুই-তিনিটা পার্টি আগতে আহি গৈছে, আৰু ভি আহিব বাকী আছে। তহঁতক দিওঁতে দিওঁতে আমাৰ চপ্তাহৰ কামানি খতম। কিমান বিহু নাপাত তহঁতি??” এজন যুৱকৰ প্রত্যুত্তৰ, ” বছৰেকৰ মূৰত এটাই ব’হাগৰ বিহু, গোটেই বছৰ জুৰি পইছা খুজিবলে অহা নাই তহঁতৰ ওচৰলে। এদিনতে ডাঙৰ কৰা বস্তু বিক্রী কৰি ঠগি ঠগি মাহেকত হাজাৰতকৈ ওপৰ কমাবি আৰু ৫০ এটা খুজিলে ভিখাৰী হৈ দেখুৱাবি!! ভালে- ভালে উলিয়াই দে, নহ’লে কথা বেয়া হ’ব।”…

 

এৰা, বেপাৰীয়ে কি জানে বিহুৰ খৰছৰ সমস্ত কাৰবাৰ!

”বিহু বিহু বুলি বিহুকে বিনাবা

বিহু গ’লে বিনাবা কাক”

—গাবলৈ যাওঁতে মুখামুখি হোৱা এনে পৰিস্থিতি দেখিলে কেতিয়াবা কিবা লাগে। বিহু সম্প্রীতিৰ বাহক, অথচ বিহুক লৈ হোৱা এনে খেলিমেলিবোৰ দেখিলে ভাবিবলৈ বাধ্য হওঁ- কোন দিশে গৈ আছোঁ…! এনাইদেউ, আইতাহঁতৰ দিনৰ বিহু কেনে আছিল মই দেখা নাই, শুনিলে সেইবোৰ সাধুকথা যেন লাগে… কেতেকী ফুল বিচাৰি যোৱাৰ দিন উকলিল, ম’হৰ পিঠিত উঠি শিঙা পেঁপা বজোৱা পেঁপুৱাটো ক’ত হেৰাল নাজানোঁ। আইতাহঁতে যুৰীয়া আঁহতৰ তলত ফ্রীতে বিহু মাৰিছিল; মুকলি পথাৰত ম’হ যুঁজ চাবলৈ গৰু গাড়ী আছিল সর্বোৎকৃষ্ট বাহন; হাতেবোৱা গামোছা, চাদৰবোৰ আছিল আটাইতকৈ দামী উপহাৰ। আমৰলি পৰুৱাৰ টোপ বিচাৰি পুৱাতেই হাবি-বন টহলিবলৈ ওলাই যোৱাটো আছিল মামাহঁতৰ বাবে ফুর্তিৰ কাম। সৰুৰেপৰাই প্রতিটো ব’হাগত আইতা, মাহঁতে তেঁওলোকৰ দিনবোৰ সুঁৱৰি নষ্টালজিক হৈ পৰা দেখি আহিছোঁ; আৰু আমাৰ দিনতটো ‘বিহু’ৰ চিনাকী মঞ্চত দেখা বিহুৰে আৰম্ভ…সেয়েই নেকি মৰমৰ বিহুটি আহিলে প্রত্যেকবাৰেই বিহু চাবলৈ যাবলৈ উৎপাত লগোৱাৰ সময়ত; জেতুকাৰ পাত, নাহৰৰ পাত, তগৰ ফুল আঁজুৰি থকাৰ সময়ত, আইতাহঁতৰ দিনৰ বিহুৰ নষ্টালজিক বিৱৰণ শুনি ময়ো কওঁ, “মিছ্ কৰোঁ অ’ তোক, পুৰণা বিহু !!”

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!