প্রায় সমোচ্চাৰিত শব্দ, ভিন্ন অৰ্থ( খণ্ড-৯)-(লক্ষেশ্বৰ হাজৰিকা )

প্রায় সমোচ্চাৰিত শব্দ, ভিন্ন অৰ্থ( খণ্ড-৯)
-লক্ষেশ্বৰ হাজৰিকা

* চকৰি= সৰু চকা, কোনো বস্তু ঘূৰিবৰ নিমিত্তে লগোৱা সৰু চক্র(a small wheel); গাত থকা ঘূৰণীয়া চিন, চকৰ ( a round spot on the body)।
চকৰী= পলুৰ পৰা হোৱা মাইকী পখিলা (a female moth)
* চকলিয়া= পাতলকৈ ডোখৰ ডোখৰ কৰ্ (to slice)।
চকলীয়া= চেপেটা আৰু ঘূৰণীয়া আকাৰৰ (round and flat)।
* চটা= চেপেটা বস্তু (যেনে-এচটা তক্তা)
ছটা= দীপ্তি, জিলিকনি, শোভা(light, lustre, splendour)।
* চন= বছৰ, অব্দ( a calendar year); মাছ ধৰা জালৰ জৰী( the rope attached to a fishing net)।
ছন= খেতি নকৰাকৈ পেলাই থোৱা মাটি, পতিত(lying fallow, wasteland)।
* চপা= গোট খুৱা বা একেলগ কৰ্(to gather, to collect together); কোঁচা(to contract); ওচৰলৈ আন্(to bring near); নিজৰ ঘৰত ৰাখ(জোঁৱাই চপা)।
ছপা= মুদ্রণ যন্ত্রৰ সহায়ত লিখ্(to print); চপোৱা ; ছপাশালত যন্ত্রৰে লিখ্(printed)।
* চল= (ধাতু) গতি কৰ( to pass, to go); সম্পন্ন হ(to be performed); ব্যৱহৃত হ(to be in use); মৃত্যু হ, পৰলোকলৈ গমন কৰ(to pass away); বৈ যা(যেনে পেট চলা)।
চল= কোনো কাৰ্য সম্পাদনৰ উপায়; কোনো কাৰ্যৰ বাবে উপযুক্ত ঠাই বা সময়( an opportunity)।
ছল= ঠগ, ফাঁকি, প্রতাৰণা(deceit, fraud, trick);(ধাতু) ফাঁকি দে, কৌশলেৰে মিছাক সঁচা বুলি পতিয়ন নিয়া(to deceive)।
* চহ= খেতি কৰা কাৰ্য(cultivation)।
চহ্= (ধাতু) খেতিৰ বাবে হাল-কোৰ বাই মাটি যুগুত কৰ(to till, to cultivate); যেনে- সি মাটি চহাইছে।
ছহ= প্রলোভন, কোনো কথ বা কামত মানতি কৰাবলৈ দেখুওৱা মিছা আশা।
* চলি= চাঁচি এৰুওৱা পাতল কাঠ; কাঠৰ সৰু চেপেটা খণ্ড(a small flat piece of wood)
ছলি= সৰু ল’ৰা- ছোৱালী(children)।
* চাট= গৰু বিহুৰ দিনা গৰুৰ গাত মাৰিবলৈ যুগুত কৰা বেঙেনা, কেৰেলা, লাও, হালধি আদি সী লোৱা বাঁহৰ শলা; এছাৰিৰ কোব, আঘাত( a stroke with a whip); ওচৰ চপাৰ গম বা বুজ।
ছাট= ঢাকি ধৰ(to cover); কেইবা তৰপীয়াকৈ পকাই ঢাক্ বা বান্ধ; আবৰি ধৰ্(to wind round and round); জলক-তবক লাগ্(to be dazzled); ছিটিকনি; বিন্দু; অলপীয়া পৰিমান( a splash, a drop, a small quantity।
* চাটনি= ৰুচিকাৰক খাদ্য- বিশেষ(Chutney)।
ছাটনী= কেইবাপাকো মেৰাই দিয়া বান্ধ, গোঁঠনী।
* ছাটি= জিলিকনি, কান্তি(lustre, glitter), যেনে-হীৰাৰ ছাটি; এবাৰতে হাতেৰে নিক্ষেপ কৰিব পৰা জুলীয়া, গুড়ি বা ক্ষুদ্র বস্তু।
ছাতি= ৰ’দ বৰষুণৰ পৰা গা ঢকা সঁজুলি-বিশেষ(an umbrella)।
* চান্দ= চন্দ্র(the moon); গোপনে কোনো কাম কৰিবলৈ চল চা, চেগ চা(to seek an opportunity)।
ছান্দ= মেৰিয়াই বান্ধ; কথাৰে জব্দ কৰ(to bind, to oblige by oath or agreement)।
* চাপ= হেঁচা(pressure); বৃত্তৰ পৰিধিৰ এটা অংশ(arc of a circle); ওচৰলৈ আহ্; কোঁচ খা(to be contracted); মাজৰ পৰা দাঁতিলৈ আহ; নিজৰ ঘৰ এৰি আনৰ ঘৰত থাক।
ছাপ= সাঁচ(an impression); মোহৰ(a seal, stamp); মোহৰে বহুওৱা নক্সাৰ চাপ(impression made with a seal); দীৰ্ঘস্থায়ী মানসিক প্রভাৱ(an impression in the mind)।
* চাৰ= আগবঢ়া, বৃ্দ্ধি হোৱা (aggravated, become severe)।
ছাৰ= শিক্ষাগুৰু বা উৰ্ধ্বতন বিষয়াক কৰা সম্বোধন (Sir); শ্রেষ্ঠ(superior).
ছাড়= এৰ্, ত্যাগ কৰ্(পদ্যত মাথোন ব্যৱহৃত) যেনে-সুখে দুখে মুখে নেছাড়িবাঁ ৰাম নাম(to live to give up)।
* চাৰি= তিনিৰ পিছৰ সংখ্যাটো, ৪ সংখ্যা বা সংখ্যক(four or fourth).
ছাৰি= এৰি, পৰিৱৰ্তে(instead of) যেনে- বেমাৰ এৰক ছাৰি ধৰিলেহে।
-চাৰী= বিচৰণকাৰী (কোনো এটা বিশেষ্য পদৰ পিছত বহে, যেনে- মহাকাশচাৰী)
* চাল= ঘৰৰ ওপৰৰ আচ্ছাদন বা ঢাকনী(the roof of a house); কৌশল, খেল আদিত কৌশলেৰে গুটি বুলোৱা কাৰ্য( a trick, dexterous move as in a game); (ধাতু) চালনী লৰাই ভাল বেয়া বা ডাঙৰ-সৰু ভাগ-ভাগ কৰ্(to sift, sieve)।
ছাল= মানুহ, জন্তু, গছ আদিৰ গাৰ স্বাভাৱিক আৱৰণ(skin, hide, bark)।
* চালি= ময়ূৰৰ পেখম; এচলীয়া ঘৰ; ৰ’দ-বৰষুণ ৰাখিবলৈ অস্থায়ীকৈ সজা এখনীয়া চালৰ ঘৰ(a shed consisting of one flat roof)।
ছালি= তামোলৰ লগত বা তামোলৰ সলনি খোৱা কোনো লতাৰ সৰু ঠাৰি বা গছৰ ছাল।
* চিন= দাগ বা চিহ্ন; লক্ষণ( a mark, a sign); প্রমান(proof); (ধাতু) পৰিচয় পা( to recognize, to identify)।
চীন= এখন দেশৰ নাম।
* চিনা= পৰিচয় কৰাই দে।
চীনা= চীন দেশ সম্পৰ্কীয়, চীন দেশৰ মানুহ।
* চেনী= ছাল ক’লা পৰা ৰোগ বিশেষ( a kind of skin disease)।
চেনি= কুঁহিয়াৰ ৰসৰ পৰা প্রস্তুত কৰা এবিধ মিঠা খাদ্য দ্রব্য(sugar)।
ছেনি= ধাতু কটা এবিধ সঁজুলি( a chisel used for cutting metals).
* চৰিয়া= গুপ্তচৰ, চোৰাংচোৱা(a spy); কাপোৰ ধোৱা আদি কামত ব্যৱহৃত এবিধ মেলাহি পাত্র( a tub)।
চৰীয়া= নৈৰ চৰত থকা, চাপৰিয়াল(inhabiting the high sand bank of a river)।
* চুঙি= ধোঁৱা নিৰ্গমনৰ নলী, চিমনি(a chimney); ফলি-গুটিত লগাই লোৱা বাঁহৰ সৰু চুঙা।
চুঙী= চিকাৰৰ সময়ত নিযুক্ত চোঙৰ ৰখীয়া (a man in charge of game preserve)।
* চুনী= এবিধ বহুমূলীয়া ৰঙা বাখৰ ; পদ্মৰাগমণি ; ৰুবী(ruby)।
চুন্নী= মুছলমান সকলৰ এটা সম্প্রদায়।
* চুৰি= চুৰ কৰা কাৰ্য, অপহৰণ(theft)
চুৰী= তিৰোতাই পিন্ধা খাৰুৰ নিচিনা এবিধ অলংকাৰ(a bangle)।
* চিৰা= জলপান বিশেষ।
ছিৰা= ঠেক আৰু দীঘলীয়াকৈ ফলা খণ্ড( a stripe, anything split into narrow pieces); (ধাতু) আনৰ হতুৱাই দীঘলকৈ ফলা; কিছুমান(বিশেষকৈ মাহজাতীয়) গছৰ গুটিৰ বাহ, ছেঁই(a pod)।
* চিৰি= ‘শ্রী’ শব্দৰ কোমল ৰূপ।
ছিৰি=তাঁতশালৰ এবিধ সঁজুলি( a flat rod used in an Assamese loom); ওপৰলৈ উঠিবলৈ সজা পকী বা কাঠৰ খলপা, খটখটি( a staircase)।
ছিৰী= শ্রী, সৌন্দৰ্য(beauty, splendor)।
* চুটি= দীঘল নোহোৱা, হ্রস্ব(short); চাপৰ(low, dwarf); সংক্ষিপ্ত (abridged)।
ছুটী= কামৰ পৰা সাময়িক অৱসৰ( a leave).
ছুটি= লৰ, চেঁকুৰ( fast running)।

 

(আগলৈ)

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!