প্রেম আৰু ‘এডিকচন’- (ডা: শ্যামন্ত দাস)

“কস্তুৰীৰ লগত কথা পাতি, তাইক চাই ভাল লগা হ’ল। মনটো তায়ে আগুৰি থাকে। বিভিন্ন কল্পনা আহে। তাই মোৰ জীৱনত আগৰে পৰা থকা হ’লে কেনেকুৱা হ’লহেতেন, বর্তমানটো তাইৰ লগত কেনে লাগি আছে, আহিব ধৰা দিনবোৰ আমাৰ মাজত কিদৰে আগবাঢ়িব? এইবোৰ ভাৱনাত মনটো বিভূৰ হৈ থকা হৈছে! তাই কোৱা কথাবোৰ শুনি থাকি ভাল লাগে। নিজৰ আশা-আকাংক্ষ্যাবোৰো তাইৰ আগত কৈ ভাল পাওঁ।”

“সিদিনাখন পঢ়িলো গাওঁখনৰ কথা। ৬০২টা পৰিয়ালৰ গাওঁখনৰ কোনো এটা ঘৰতেই নাই পকী শৌচালয়। কেৱল মাত্র এটা কুৱাঁৰ পৰাই গোটাই গাওঁখনে পানী আহৰণ কৰে। ৭০ বছৰ পুৰণি ‘স্কুল’ ঘৰটো জহি-খহি গৈছে। তেতিয়াৰে পৰা গাওঁখনৰ বিষয়ে ভবা আৰম্ভ কৰিছো। নিজৰ সিমিত আর্থিক সমলৰ হেতু কোনো ‘ফিলানট্রপিষ্ট’ৰ পৃষ্টপোষকটাত গাওঁখন ‘এড’প্ট’ কৰি উন্নয়ণ কৰিব পৰা যায় নেকি? পৰিকল্পনাবোৰ আহি আছে। তাক ৱাস্তৱত ৰূপায়ণৰ চেষ্টা চলি আছে। দিনটোৰ বেছিখিনি সময় এতিয়া তাতে ব্যস্ত!”
“গৱেষণা পত্র এখন প্রকাশৰ বাবে ‘জার্নাল’ খুচৰি আছিলো। জার্নালৰ লক্ষ্য, গৱেষণা পত্র লিখাৰ পদ্ধতি, প্রকাশৰ মাধ্যম, ইত্যাদিবোৰে এখন নতুন জগতলৈ লৈ গ’ল। লক্ষ্য কৰিলো মানদণ্ডৰ প্রভেদ, যদি আমি তুলনা কৰো এফালে উচ্চ উপার্জনৰ দেশসমূহ আৰু ইফালে নিম্ন ও মধ্য উর্পাজনৰ দেশসমূহ (Low And Middle Income Countries), চমুকে ‘লেমিক’ (LAMIC)। য’ত নেকি ৰোগীৰ সংখ্যা অলেখ তাতে সেই সকল ৰোগীৰ চিকিৎসাৰ বাবে নিৰ্দেশনা মানিব লগা হৈছে কম ৰোগী চাই জাৰি কৰা দেশসমূহৰ পৰা প্রকাশিত পত্রিকাৰ নিৰ্দেশনাৱলী। কাৰনো আছে; সেয়া হ’ল প্রকাশৰ মানদণ্ড। পত্রিকা বা জার্নালৰ আর্ন্তজাতিক বিশিষ্ট তথ্যভাণ্ডাৰসমূহত স্থান পোৱাৰ মাপকাঠী হ’ল প্রকাশৰ মানদণ্ড। আৰু তেনে উচ্চ মানদণ্ডৰ ‘লেমিক’-প্রকাশিত ‘জার্নাল’ৰ অভাৱ প্রকট। প্রথম অৱস্থাত তেনে এখন ‘জার্নালৰ’ পৰিকল্পনা আৰু পাছৰ অৱস্থাত তাৰ প্রকাশৰ কামে নিজৰ প্রায় আটাইখিনি আজৰি সময় আগুৰি ধৰিলে। ভোক-পিয়াহো পাহঁৰাৰ দৰে হ’ল।”
উপৰোক্ত উক্তিসমূহ নহয় জানো একো একোটা প্রেমৰ কথোপকথন? এজনী ছোৱালী, এখন গাওঁ, এক গৱেষণা পত্রিকাৰ প্রতি প্রেম, ভালপোৱা।
সৰুতে আমিবোৰে ছবি অঁকা প্রতিযোগিতাত ভাগ ল’ওঁ; স্কুলৰ বার্ষিক অধিৱেষণত দৌঁৰো। এইবোৰ প্রতিযোগিতাত বিজেতাসকলৰ বাবে থাকে পুৰষ্কাৰ। পুৰষ্কাৰ জিঁকি আমিবোৰ তেনে কামৰ বাবে আকৌ উৎসাহিত হ’ওঁ।
বিজ্ঞানে কয় যে ইয়াৰ কাৰণ আমাৰ মগজুত নিষ্কাষণ হোৱা ‘বিটা এন্দৰফিন’, যিয়ে একপ্রকাৰ ‘হাঈ’ (high)-ৰ অনুভূতি দিয়ে। তাৰোপৰি মগজুৰ ‘ভেন্ট্রেল টেগমেন্টেল এৰিয়া’ৰ পৰা ‘নিউক্লিয়াচ একামবেঞ্চ’লৈ যোৱা পথৰাজিত ‘ড’পামিন’ৰ বৃদ্ধি ঘটে। যাক কোৱা হয় পুৰষ্কাৰ বর্তনী (‘reward circuit’)।
মাহে দুই লাখ উপার্জন কৰা ধনী ব্যক্তিজনে নিতান্তই অদৰকাৰী কামত দুই হাজাৰ টকা খৰচ কৰি পেলালেও ব্যয় তুলনামূলকভাৱে বেছি যেন নালাগিব। কিন্তু দৈনিক ডেৰশ টকা উপার্জন কৰি যেতিয়া ৰিক্সাচালক এজনে সুৰাপান বা তেনেধৰণৰ অপ্ৰয়োজনীয় কামৰ বাবে সদায় পঞ্চাঁচ টকা খৰচ কৰে, সেয়া তেওঁৰ বাবে বহুত। তেন্তে কিয় এনে আচৰণ?
গোটেই দিনটো অবিৰাম ৰিক্সা চলোৱা পৰিশ্রমৰ স’তে তেওঁৰ লগত নিত্য নৈমির্ত্তিক হৈ থাকে ‘ৰং চাইদ’ (wrong side)-এৰে পাৰ হোৱা এচ, উ, ভি (SUV)-খনৰ চালকজনৰ তিৰষ্কাৰ, ফৰিঙৰ দৰে জপিয়াই যোৱা ‘পালচাৰ’ (pulser)-খনৰ বাহকজনৰ গালি! আৰু দিনটোৰ শেষত ঘৰ পাই যেতিয়া তেওঁ কঁপালৰ ঘাম মাটিত পেলাই উপার্জন কৰা টকাকেইটা পৰিবাৰৰ হাতত গুজি দিয়ে, পৰিবাৰৰ হয়তোবা প্ৰকাশ্য উত্তৰ বা অপ্ৰকাশ্য অভিব্যক্তি, “ইমান কম পইচাৰে ঘৰ কেনেকে চলাম?”
তেন্তে তেওঁৰ ইমান পৰিশ্রমৰ পুৰষ্কাৰ ক’ত? অপ্ৰিয়, হয়তো দূৰ্বল মনৰ পৰিচায়ক, সপক্ষে যুক্তি দিবও বিচৰা নাই বা উৎসাহিত কৰাৰো প্ৰশ্ন নুঠে, কিন্তু তথাপিও মদে হয়তোবা সেই ৰিক্সাচালকজনৰ পুৰষ্কাৰ বর্তনীত ড’পামিন বঢ়াই সেই পুৰষ্কাৰৰ অনুভূতি আনে। ছবি আঁকি, দৌৰি প্রতিযোগিতা জিঁকি পোৱা পুৰষ্কাৰৰ অনুভূতিও একে। কাৰণ ইয়াতো ঘটে মগজুৰ পুৰষ্কাৰ বর্তনীত ড’পামিনৰ বৃদ্ধি।
কেৱল মদ, চাধা, চিগাৰেট, গাঞ্জা, ভাঙেই নহয়, জোৱা, যৌনতা, আনকি অত্যধিক বজাৰ কৰি ভালপোৱা, ভোক-পিয়াহ পাহৰি কামত মত্ত হৈ থকা কার্য্যসমূহতো মগজুৰ একে পৰিঘটনা ঘটে। অর্থাৎ বিটা এন্দৰফিন আৰু ড’পামিন; ফলাফল পুৰষ্কাৰ বর্তনীৰ উদ্দীপন।
যি কার্য্যই অইন আটাইৰে উর্দ্ধত প্রাধান্য পায়, সিয়ে একপ্রকাৰৰ আসক্তিকৰ আচৰণ। যুক্তিৰ খাতিৰত ধৰি ল’লোঁ, এজন ব্যক্তিয়ে সদায় মদ নাখায়; কেৱল মাত্র সপ্তাহৰ শেষত শনিবাৰে সন্ধিয়া ৭ টাৰ পৰা ৯ টালৈ মদ খায়। এটা সন্ধিয়া পৰিবাৰ ও সন্তানৰ স’তে কোনো নিমন্ত্রণ ৰক্ষা কৰিবৰ বাবে তেখেত এঠাইলৈ যাব লগীয়া হ’ল। তেখেতৰ খং উঠিল, কাৰণ শনিবাৰৰ সন্ধিয়াটো তেখেতে কেৱল মদৰ নামতেই উৎসৰ্গা কৰে ৷ গতিকে যাবলৈ অস্বীকাৰ কৰি কিবা অজুহাতৰ সহায় লৈ মদ খাবলৈ বহি যোৱাটোৱে মদৰ প্রতি আসক্তিকৰ আচৰণৰ লক্ষণকে প্ৰতিফলিত কৰে।
বহুক্ষেত্ৰত প্ৰেমতো তেনে হোৱাই দেখা যায়৷ তেন্তে কি প্রেমো এক প্রকাৰ আসক্তি? এবিধ ‘এডিকচন’!
[লেখকৰ ঠিকনা: মনোচিকিৎসা বিভাগৰ সহকাৰী অধ্যাপক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়, গুৱাহাটী৷]

2 thoughts on “প্রেম আৰু ‘এডিকচন’- (ডা: শ্যামন্ত দাস)

  • March 17, 2017 at 5:05 pm
    Permalink

    Hoi. Prem ek prokar axokti !

    Reply
  • September 16, 2017 at 12:10 pm
    Permalink

    ভাল লাগিল ! শব্দৰ বৌদ্ধিক ভাষাই উদাহৰণেৰে পুৰ্ণ কৰিলে !

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!