প্রেম মানে কি (সুব্ৰত আহোম)

প্রেম মানে কি (সুব্ৰত আহোম)

 

অসমীয়াত “প্রেম-পিৰীতি” বুলি যে কয়, ইয়াৰ অর্থটো কি ?

 

আক্ষৰিক ভাৱে চালে প্রেম মানে ভালপোৱা । পিৰীতি মানে বা কি ?

 

পিছে সঁচা কথা কবলৈ হ’লে ভালপোৱাৰ অর্থ আজিলৈকে মোৰ বোধগম্য নহ’ল ।

কথাটো অলপ দীঘলীয়াকৈ ক’ব লাগিব ।

 

দৃশ্যপট ১ …

( নায়িকা ক )

মই তৃতীয়মানত থাকোঁতে দ্বিতীয়মানলৈ ছোৱালী এজনী নতুনকৈ আহিল ।

ফুটফুটীয়া বগা ফ্রক পিন্ধি অহা ছোৱালীজনী দেখি প্রথম দৰ্শনতে ভাল লাগিছিল । চিনেমাৰ কায়দাত এবাৰ খুন্দাএটাও মাৰি আহিলোগৈ । কেইদিনমানৰ পাছত ৰাতি তাইক সপোনত দেখিলো । সেই সপোনটো আজিও মোৰ মনত আছে । আমাৰ ঘৰৰ আগেৰে তাই কেইদিনমান মাকৰ লগত হস্পিতেললৈ আহিছিল । মই ঘৰৰ খিৰীকিৰে তাইক জুমি জুমি চকুৰে নেদেখা হোৱালৈকে চাই আছিলো । সকলোবোৰ কথা আজিও মোৰ ভালকৈ মনত আছে । সেই দিনত ৰাতি শ্রীকষ্ণৰ ওপৰত দূৰদৰ্শনত এখন ধাৰাবাহিক দিছিল । তাত ভাও লোৱা এজনী গোপীৰ চেহেৰাৰ সৈতে তাইৰ চেহেৰাৰ মিল আছিল । মই সেইবাবে ধাৰাবাহিকখন কেতিয়াও বাদ দিয়া নাছিলো ।

 

তিনিবছৰমানৰ আগতে মই ঘৰত থকাৰ সময়তে তাই ভিনিয়েকৰ লগত আমাৰ ঘৰলৈ আহিল । কিন্তু বিষয়টো আছিল তাইৰ বিয়াৰ নিমন্ত্রণ ।ইমান দিনলৈকে মোৰ মনত থকা ছোৱালীজনীৰ বিয়া হোৱাৰ কথা শুনি অলপ সময় মনটো বেয়া লাগিছিল , পিছে এক-দুই দিনৰ পাছতে সকলো থিক হৈ গ’ল ।

 

এয়া প্রেম হয়নে ?

 

দৃশ্যপট ২ …

( নায়িকা খ )

 

এজনী ছোৱালীৰ সতে এনেয়ে ধেমালি-ধুমুলা কৰি থাকোঁতে তাইক ভাল লগা হৈ গ’ল । পৰিস্থিতিয়ে এনে ৰূপ ল’লে যে তাইক বাদ দি মোৰ জীৱন কল্পনাও কৰিব নোৱাৰা হ’লো । কিন্তু তেতিয়াও দেখোন নায়িকা ক’ৰ কথা মনলৈ আহিয়ে থাকে মাজে মাজে ( ক’ৰ বিয়াৰ কথা তেতিয়ালৈকে গম পোৱা নাছিলো ) ।

 

এই প্রেম ক’ৰ বাবে নে খ’ৰ বাবে ?

 

দৃশ্যপট ৩ …

( নায়িকা গ )

 

বাঙ্গালোৰৰ কলেজ দিনৰ কথা । জুনিয়ৰ ছোৱালী এজনী দেখিলেই ভাল লগা হৈ আহিবলে ধৰিলে । ইয়াৰ মূখ্য কাৰণটো হ’ল তাইৰ চেহেৰাৰ সতে খ’ৰ চেহেৰাৰ কিছু মিল আছে । কিন্তু তেতিয়াও খ’ আছেই মোৰ সতে । তথাপি গ’ৰ কথা ভাবিলে দেখোন মোৰ বেছি ভাল লাগে । এদিন এপাহি গোলাপৰ সৈতে লগৰীয়াৰ তাগিদাত গ’ক লগ ধৰিব লগীয়া হ’ল ।

 

দৃশ্যপট ৪ …

( নায়িকা ঘ )

 

একেই বাঙ্গালোৰৰ কলেজ দিনৰ কথা । কেম্পাছ প্লেছমেন্ট হোৱাৰ বাবে শেষৰ ছেমিষ্টাৰতে কোম্পানী জইন কৰিব লগীয়া হ’ল ।ফলত মাহত মাত্র এদিনহে কলেজলৈ আহিব লগীয়া হ’ল । গ’ৰ সতে সান্নিধ্য লাহে লাহে কমি আহিল । সেই সময়তে লগ পালো ঘ’ক । তেখেত বেলেগ কলেজৰ পৰা কেম্পাছ প্লেছমেন্ট পাই আহিছে … আমাৰ দৰে একেই … আধা ছাত্র হৈয়ে আছে । তেখতকো দেখোন লাহে লাহে ভাল লাগিবলৈ ধৰিলে । আবাপ’ৰ কাম কৰি থাকিও মাত্র তেওঁক ইম্প্রেছ কৰিবৰ বাবেই জাভা জানো বুলি কৈ ৰাতি ৰাতি জাভা শিকিব লগীয়া হ’ল । তেওঁক লৈয়ে ভৱিষ্যতৰ সপোনবোৰ দেখিবলৈ ধৰিলো ।

পিছে খ’ক লৈয়ো সপোনবোৰ দেখিয়ে থাকো ।

 

এয়া প্রেমনে ?

 

দৃশ্যপট ৫ …

( নায়িকা ঙ )

 

ঘ’ক বিদায় দিয়া হ’ল , গ’ৰ স্মৃতি ধূষৰ । খ এতিয়াও বিদ্যমান ।

তেতিয়াই আগমন ঘটিল ঙ’ৰ । দিল্লীৰ কোম্পানীত কর্মৰত বিষয়া তেওঁ ।

ঙ’ৰ সৈতে কেইবছৰৰ পাছত বিয়া পাতিব পাৰিম, তাৰো হিচাপ-নিকাচ কৰা হৈ গ’ল … কাৰণ তাৰ বাবে দুয়োৰে আমদানিৰ পৰা খা-খৰচৰ হিচাপ মিলাব লাগিব । ইমান অঙ্ক মিলালো যদিও খ’ৰ কি হ’ব তাৰ হিচাপ নাই মিলা । কাৰণ খ’ক মই ঠগিব নোৱাৰো । খ’ক বাদ দি মই জীৱন কল্পনাও কৰিব নোৱাৰো ।

 

এতিয়া প্রেম কাৰফালে ?

 

দৃশ্যপট ৬

( নায়িকা চ )

 

ঙ’ৰ বিদায়, গ পাহৰণিৰ গর্ভত । হঠাৎ আগমণ ঘটিল চ’ৰ । তেখেত মোৰ কম্পানীৰে চেন্নাইৰ অফিচত কর্মৰত ছফ্টৱেৰ ইঞ্জিনিয়াৰ । আকৌ একেই কাহিনী । দিনত অফিচৰ ফোন/অফিচ কমিওনিকেটৰ, ৰাতি মোবাইল । বহুত সপোন দেখা হ’ল তেওঁক লৈ ।

 

দৃশ্যপট ৭

( নায়িকা ছ )

 

চ’ৰ অসুবিধাৰ হেতু ছ’ৰ আগমন । ছ’ আক’ ISRO’ৰ বৈজ্ঞানিক ।

তাৰ পাছত ইত্যাদি ইত্যাদি ।

 

এতিয়া কথা হ’ল মোৰ প্রেম ক’ত কেনেকে কাৰ সতে ঘটিল !

সবাতোকৈ ডাঙৰ কথা মই গমেই নাপালো প্রেম কেনি সোমাই কেনি ওলাই গ’ল ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!