প্ৰতিশ্ৰুতি – প্ৰথমী পূজাৰী

আই তোৰ ৰণচণ্ডী মূৰ্তি আজি
সকলোৱে দেখিছে৷
নিঃশব্দ তোৰ কান্দোন আজি
সকলোৱে অনুভৱ কৰিছে৷
প্ৰগতিৰ বাটো থমকি ৰোৱাত
তোৰ সন্তানবোৰে ভুলৰ উপলব্ধি কৰিছে৷

জন্মদাত্ৰীৰ ওচৰলৈ উভতি আহি
ৰুষ্ট আইক তুষ্ট কৰিবলৈ
সোণ গুটি সিঁচিছে।
আকৌ ঘূৰি নোযোৱাৰ
পণ লৈ অহৰহ হাতে কামে লাগিছে৷

আই অ’ এইবাৰেই এইবাৰ
মূল শিপা বিচাৰি তোৰ সন্তানে
মৰমেৰে তোৰ গাত হাত বুলাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!