প্ৰদ্যুতজ্যোতি শ‍ইকীয়াৰ ঘৰ-সংসাৰ (২)

ঘৰ-সংসাৰ ৮

এতিয়া এখোজ ওলাব নোৱাৰা অৱস্থা হৈছে, যেন মহে কণী পৰা পানী ডোঙাহে,একেখিনিতে অত্যাচাৰ|আগতে শ্ৰীমতীক ফঁচাই ফিল্টাৰ এটা উলিয়াইছিলোঁ যদিও এতিয়া পেকেটটোৰ ওচৰলৈ যোৱাটো বাদেই দিয়া, বাকালি চটাও চাব নোৱাৰোঁ|তাতে মায়ে মাৰ দিয়া কথা ষ্টাফে গম পালে|ফাট মেলা বসুমতী পাতালে লুকাওঁ নহয়, শুকান পুখুৰীত জাপ দি আত্মহত্যা কৰিবৰহে মন গৈছে| |এই পৰিস্থিতিৰ মাজতে ওলালোঁ বজাৰ কৰিবলৈ শিলচৰলৈ|বজাৰ কৰিলোঁ আই মাতৄ, ম‍ই আৰু টিকি|শ্ৰীমতীৰ লগত বজাৰ কৰিবলৈ যোৱাৰ বেদনা ভুক্তভুগীয়েহে জানে|ইয়াতে দুজন মানে অব্‌জেকছন কৰিব ৱাইফক বেছি ভাল পোৱা দে্খুৱাবলৈ|কিন্তু তেওঁলোকৰ অৱস্থাটো চাব লগীয়া হয় শ্বপিং ম’ল বিলাকতহে|বিবাহিত সকলে গম পাইছেই ম‍ই কি ক’ব খুজিছোঁ|মানে বস্তুৰ ভাৰ লৈ লৈ কথমপি নাকটোহে ওলাই আহে|সেইটো সময়তে আকৌ গৄহমন্ত্ৰী বিলাকৰ লগৰ ওলালে তেওঁলোকৰ কথাবোৰ দীঘলীয়া হয়|শেষত চিনাকি কৰি দিব, এখেত মোৰ হাজ’বেণ্ড দেই|মানে যেতিয়াই তেতিয়াই কোবাই থাকিব পৰা বেণ্ড|হোঃ|সেইবোৰকো আওকাণ কৰি শ্ৰীমতীক এটা উপহাৰ দিলোঁ|মাক এখন চাদৰ দিলোঁ,তেওঁ আকৌ সেইখন সলাই উল গুঠাঁ শলা কেইডাল মানহে ল’লে|হাজাৰ হ’লেও মাকৰ মন|ল’ৰাক বেছি খৰছ কৰিব নিদিয়ে|আহি পাইয়েই দিলোঁ বিচনাত পৰি|
ঘৰৰ পৰা এইকেইদিন ওলাব‍ই পৰা নাই|মাক পাই শ্ৰীমতীৰ কাঢ়া আদেশ| ৪৪০ ভংগ কৰিলেই মাতাশ্ৰীৰ আগত পুৰণি গুন বখানিব|সেইয়ে গৄহমন্ত্ৰীৰ আদেশ শিৰোধাৰ্য্য কৰি সুৰ-সুৰাই ৮.৩০ৰ আগতে ঘৰ সোমাওঁহি|এদিন পিছবেলা ডিউটি নথকাত পুৰাপুৰি একসপ্তাহৰ পাছত ফেচ’বুক মেলিলোঁ|মায়েতো ক’লেই”বোপাই অ এই ফেচ’বুক নে তেচ’বুক বোলা নতুন কিবা ওলাইছে নেকি অ? কম্পিউটাৰত চাব পাৰি বোলে?নেচাবি দেই অতনুক দেখা নাই,কেনেকৈ ফঁচিলে?”|ফেচ’বুক খুলি চাই দেখো দুজনৰ বন্ধুত্বৰ প্ৰস্তাব আছে|এটা মোৰ লগৰ প্ৰকাশ চায়েণ্স কলেজত একেলগে পঢ়া|গ্ৰহণ কৰিলোঁ|এগৰাকী নতুন মুখ সন্ধ্যাৰাগিণী শ‍ইকীয়া,পিছে তেখেতৰ প্ৰফাইলত ফটো নাই|ছোৱালী মানুহ, নাই দিয়া চাগৈ|উপাধি একেই, বাৰ্তা এটাও দিছে আপোনাৰ ঘৰ-সংসাৰ বৰ ভাল হৈছে, বুজি পালোঁ কোনোবা পাঠিকা পঢ়ি ভাল পায় বন্ধুত্বৰ প্ৰ্স্তাব দিছে|গ্ৰহন কৰিলোঁ সেইটো‍ও|তাৰ পাছত মোৰ গল্পটোৰ মন্তব্যবিলাক চোৱাত লাগিলোঁ, ঘৰ-সংসাৰ ৭ৰ|আকৌ চাটিংত বাৰ্তা এটা পালো..”নমষ্কাৰ”| পঠাওঁতা সন্ধ্যাৰাগিণী শ‍ইকীয়া|ম‍ইও দিলোঁ|মোৰ গল্পৰ ওপৰতে আলোচনা কৰিলে এঘণ্টা সময়|গোটেই কেইটাই পঢ়িছে আৰু আহিবলগীয়া কেইটাও পঢ়িব বোলে|বুকুখন ফুলি গ’ল|মাজতে টিকিয়ে দিয়া চাহকাপে আৰু মজা বঢ়ালে|মিছাতে সন্দেহ কৰিব বুলি ফেচ’বুক মিনিমাইজ কৰি, লিখি থকা কবিতা এটা উলিয়াই থলোঁ|শ্ৰীমতী যোৱাৰ পাছত মোৰ পাতলীয়া গোঁফৰ তলতে মিচিকিয়াই হাঁহিলোঁ|হেঃ হেঃ হেঃ হেঃ|ফুটকে ধৰিব নোৱাৰিলে|সন্ধ্যাক ঘৰ বাৰী সুধি কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি সামৰিলোঁ|মোৰ মুখত হোষ্টেলীয়া জীৱনৰ হাঁহি এটা ওলাল আৰু লগতে সুহুৰিটো|ফানাহৰ গানটো গুন গুনাই শ্ৰীমতীৰ আগেদিয়েই এইবাৰ চলমান খানৰ দবংৰ আৰম্ভণীতে দিয়া খোঁজ কেইটা দি আগবাঢ়িলোঁ|শ্ৰীমতীয়ে পোন্দোৱাকৈ চালে|পাত্তা নিদিলোঁ|অলপ গৈ চিঞৰি ক’লোঁ|আজি মাংস খাম|
তাৰ পাছৰ পৰা সন্ধ্যাৰাগিণীৰ লগত চাটিংৰ ঘনিষ্ঠতা বাঢ়িল,দুদিনতে ভাত খোৱা শাক খোৱাৰ পৰা মনমোহন সিং, আন্না হাজাৰে পৰ্যন্ত পালোগৈ|নাইট ডিউটি থকাৰ দিনা লেপটপটো লৈ উলাওঁতে শ্ৰীমতীয়ে পোন্দোৱাকৈ চালে কিন্তু একো নক’লে|কিবা গম পালেহে :)|জানে, ম‍ই লিখি থাকো কিবা কিবি|দুদিনমান পাছত সন্ধ্যাৰাগিণীয়ে ক’লে যে আপোনাক চুলি স্পাইক কৰিলে আৰু ফিটিং জীনচ পিন্ধিলে শুৱাব|মোৰো বহুত দিনৰ পৰা জীনচ পিন্ধাৰ ইচ্ছা আছিল,বহুত আগতেই পিন্ধা|ভাবিলোঁ এবাৰ কৰি চোৱা যাওকচোন| পিছৰদিনা চুলি কাটিলোঁ|গৄহমন্ত্ৰীয়ে আকৌ সেই দুইবিধ বৰ ভাল নাপায়|কেতিয়াবা লগত গ’লে হোষ্টেলত কৰাৰ নিছিনা চুলি স্পাইক কৰিলে উভতাই তেল সানি ফনিয়াই দিয়ে|আজি মৰসাহ কৰি স্পাইক কৰি শ্ৰীমতীক জীন্‍চটো বিচাৰি হাবাথুৰি খোৱালোঁ|তেখেতে জীনচ বিচৰাৰ কোবত পাহৰিয়েই থাকিল যে ম‍ই স্পাইক কৰিলোঁ|বাচি গলোঁ হেঃ হেঃ হেঃ|ফটাফট ফ’টো এখনো তুলি পেলালোঁ|আপল’ড কৰিম|হস্পিতালত গৈয়েই ফেচ’বুক খুলি আপল’দ কৰিলোঁ|লাইক ৫ টামান আহিল,সন্ধ্যাৰাগিণীও আছে তাৰ মাজতে|আকৌ চাটিং কৰিলোঁ এঘণ্টামান|ছোৱালীজনী ভাল|লিখাবোৰ খুটি নাটি মাৰি পঢ়ে|ভাবি পেলালোঁ কথা এটা|সকলোকে ক’ব নোৱাৰি|নাম্বাৰটো লব লাগিব ছোৱালীজনীৰ|

ৰাতি ৮.৪৫ত ঘৰ সোমালোঁ|গৄহমন্ত্ৰীয়ে আইমাতৄ সহযোগত আৰম্ভ কৰিলেই|ক’ত বা আছিলগৈ মহাৰাজ?১৫ মিনিট লেট| আছিল চাগৈ ক’ৰবাত ঘুটুংপানী খাই|ওচৰলৈ আহি গোন্ধিও চালে|পিছে খালেহে|অতীষ্ঠ হৈ বেগ টো দলিয়াই মুখ হাত ধুই নাকে কানে দুটামান গুঁজি শুই থাকিলোঁ|অলপ পাচত শ্ৰীমতী আহি কিনাৰতে শুলে|মাতবোল কৰা নাই|মোৰ ফালে পিঠি দি কিনাৰৰ বেৰত চাই আচে কিজানি নিউটনৰ নিচিনা কিবা আবিষ্কাৰ কৰেই, বেৰৰ চূন খিনিৰ মাজত|মোকেই গালি পাৰিলে,উপৰিঞ্চি মোলৈকে পিঠি |নোশো‍ওঁ যাহ বুলি উঠি আহি চিগাৰেট এটা জ্বলাই প্ৰচণ্ড অভিমানত গোটেইতো খালো, গোটেই খং উজাৰিলোঁ তাৰ ওপৰত| আকৌ টিকিৰ কিনাৰতে আহি বহিলোঁ| দেখিলোঁ তেখেতে মুৰে কানে কাপোৰ লৈ টোপনিত লাল কাল|শুই থাকা মহাৰাণী বুলি কৈ ম’বাইলত e-buddy উলিয়ালোঁ চাটিং কৰোঁ বুলি|সন্ধ্যাৰাগিণী আগতেই উপস্থিত|কি কৰিছা সুধিলোঁ|শুই আছোঁ বুলি ক’লে|ম‍ই কি কৰি আছোঁ সোধাত মিছা মাতিলোঁ পঢ়ি অছোঁ বুলি|উত্তৰ আহিল”চিগাৰেট এটা খাই আহি কিয়নো এনেই বিচনাত বহি থাকিব লাগে টিকলৌকাই, শুই থাকক”|সৰগ ভাগি নহয়| পকা কঁঠাল ভাগি মুৰত পৰিল|আঠা আঠা হ’ল গোটেইখন |শ্ৰীমতীয়ে লাহেকৈ কাপোৰখন আঁতৰাই যোৱা সপ্তাহত শিলচৰত বজাৰ কৰোতে ম‍ই গিফট দিয়া নোকিয়া এক্স ৩ মোবাইলটো হাতত লৈ বিচনাতে বহিল|স্ক্ৰ্ৰীনখনত ৱাল পেপাৰ হিচাপে,মোৰ স্পাইক চুলিৰ ফটোখন| জলজল পটপটকৈ মনলৈ আহিল শ্ৰীমতীৰ কলেজত মতা নাম সন্ধ্যাৰাগিণী আছিল….কিয় মোৰ নামটো শুনা শুনা লাগিছিল…..ৰাইজ এতিয়া ফেচ’বুক মেলিলেও অফলাইন হৈ হে মেলোঁ…তাকো শ্ৰীমতীৰ আগত…..:(

 

 

ঘৰ সংসাৰ ৯

মানে এইকেইদিন ভীষন ব্যস্ত|কাৰো ফালে চকু দিয়াৰ সময় নাই|ৰাতিপুৱাই ওলাই যাওঁ, সন্ধিয়া সোমাওঁ ঘৰত| এ ডি চি্য়ে প্ৰা্য়ে ভিজিট মাৰি আছে হস্পিতালত|মা থকাৰ বাবে গৄহমন্ত্ৰীৰো খবৰ লোৱা হোৱা নাই|বহুত দিনৰ পাছত আজি পিছবেলা আজৰি পাই মেইলটো খুলি আছো, আগফালে চোতালতে বহি|হঠাতে শ্ৰীমতী আহি একেবাৰে গাতে গা ঘঁহাই বহিল|প্ৰায় কোঁচতে বুলি কব পাৰি|আই অ’ আজি দেখোন শেনৰ এজাত|মানুহক দেখোৱায়েই বহিছে মোৰ লগত তাকো গাত গা ঘঁহাই|শ্ৰী বিষ্টু মায়ে দেখিলে কি বুলি ক’ব|পিছে ইমান আৱতৰীয়া মৰমৰ আঁৰত কি বা উদ্দেশ্য আছে ধৰিব নোৱাৰি|দেৱতাইও নুবুজিলে তোমালোকৰ মন| যোৰহাটৰ ৰাজমাও পুখুৰীত যি শেষৰবাৰ বহিছিল মোৰ গাত গা লগাই, তাকো ৰঙা টুপী পিন্ধা দেউতাকৰ ৰঙা চকুকো নেওচি| তাৰ পাছত আৰু মনতেই নাই, সাংসাৰিক জঞ্জালৰ মাজত সেইবোৰ উৰি গ’ল|আজি পিছে কিহে পালে গমেই ধৰিব পৰা নাই|গৄহমন্ত্ৰীৰ গাত ৪ মাহৰ লেঠা বুলি পাহৰিয়েই যাওঁ মাজে মাজে|এইটো সময়ত বোলে মানুহৰ মন অসন্তোষীয়া কৰিব নাপায়|গতিকে মৰমেৰেই কথা পতাত লাগিলো|পিছে একো উদ্দেশ্য নাই বুলি গম পালো অলপ সময় কথা পতাৰ পাছতেই|শ্ৰীমতীয়েই উলিয়ালে আমাৰ বিয়াৰ দিনটোৰ কথা|দুয়োৰে মন উৰি গ’ল আমাৰ বিবাহ কাণ্ডলৈ|মানে শেষৰবাৰ একেলগে গাত গা ঘঁহাই বহা দিনটোলৈ…..

“ম‍ই চাকৰিত জ‍ইন কৰাৰ তিনিমাহ মানৰ পাছত ঘৰলৈ গ’লোঁ |লগতে প্লেনিং বনালোঁ যে ৰাজমাও পুখুৰীৰ পাৰত ডেটিং মাৰিম এওঁৰ লগত|এনেও তেখেতে ঠেঁহ ধৰিয়েই আছিল|ম‍ই বোলে চাকৰি পাই পাহৰি গলোঁ হেনো|ঠেঁহ ভাঙিব লাগিব|ঘৰত মস্ত ফাঁকি এটা দি ওলালোঁ যোৰহাট|আবেলিহে মাতিছিল,ম‍ই আকৌ ১০টাতেই হাজিৰ|পিছে গৈ লাভ নহ’ল|তেখেতে কলেজৰ ক্লাচৰ বাবে সময় নাপালে|ৰ’ব লগা হ’ল|যোৰহাট মেডিকেল কলেজৰ কেণ্টিন পালোগৈ|বহুত দিনৰ মুৰত সকলোকে লগ পাই এনেও গা সাতখন আঠখন হ’ল|সময়বোৰ পাৰ হৈ গ’ল|ফ’ন পালোঁ তেওঁৰ পৰা ১২.৩০ত| লগে লগে কুকুৰ লৰ ধৰিলোঁ যোৰহাটৰ বৰুৱা চাৰি আলিলৈ বুলি|নহ’লে আকৌ বকনি এটা ফ্ৰীতে পাম|তেখেত অবিস্বাস কৰাত সিদ্ধহ্স্ত|পিছে আজি সুযোগ নিদিলোঁ|শ্ৰীমতীৰ আগত এইবাৰ ম‍ই অলপ বেছিকৈয়ে গহীন হ’লোঁ|মানে এইটো ভাৱত যে ম‍ই চাকৰি পালোঁ|গতিকে তোমাক এতিয়া যেতিয়াই তেতিয়াই বিয়া পাতিব পাৰোঁ|গতিকে বেচি পেক পেক নকৰিবা|কথাৰ মাজতে কৈ পেলালোঁ সেই কথাটো|তুমি বিছাৰিলে আজিয়েই লৈ যাম নিজৰ কৰি|শ্ৰীমতীয়ে ভেকাহি মাৰি ক’লে “নালাগে বীৰ হনুমান হ’ব|দেউতাকে মোৰ হাতখন খুজি চোৱাচোন?কিমানৰ মতা ম‍ই গম পাম|আজিলৈকে মোৰ দেউতাৰ লগত সন্মুখীন হ’ব নোৱাৰিলা|ম‍ইও নাই কোৱা|আগলৈ কি হয় ভগৱানেহে জানে”|ম‍ই বুকু ফিন্দাই  ক’লো “এতিয়াই গৈ তেওঁৰ মুখৰ আগেদি লৈ গুছি যাম আকৌ”|পিছে বহুত দিনৰ পাচত লগ পাই শ্ৰীমতী আৰু ম‍ই ক’ব‍ই নোৱাৰা হ’লোঁ দুয়ো|পাহৰি গ’লোঁ ৰাজমাও পুখুৰী পাৰ্কত ৬টাৰ পাছত যে পুলিচে খেদে|আমি যেনিবা জানী-দুশমন চিনেমাৰ নাগ নাগিনী হালহে|বৰ্চ’ কা অমৰ প্ৰেম|মধুৰ আলাপত মত্ত হ’লোঁ|কেতিয়া সন্ধ্যা হ’ল গমেই নাপালোঁ|গম পালোঁ পিছফালৰ পৰা অহা এটা চিঞৰতহে|ৰঙা টুপীৰ কনিষ্টবল এজনে চিঞৰি খেদি অহাত” ঐ কুকুৰৰ জীয়েক কোন গাহৰিৰ পোৱালিৰ লগত ডেটিং মাৰিছ?ঘৰলৈ যাঃ”|ওচৰলৈ অহাত ৰঙা টুপীৰ গৰাকী, ম‍ই আৰু শ্ৰীমতী তিনিও থৰ লগিলো|কাৰণ ৰঙা টুপীৰ গৰাকী স্বয়ং শ্ৰীমতীৰ দেউতাক|হে হৰি সৰু পানী চুবলৈহে বাকী|জীয়েকক একো নক’লে ভাবী শহু্ৰে|উভতি গুছি গ’লগৈ|এই বাৰ শ্ৰীমতীয়ে ক’লে”ম‍ই আৰু ঘৰ নায়াওঁ, মতা যদি দিনত কোৱা কথাষাৰৰ মান ৰাখি শিৱসাগৰৰ শিৱদৌলত বিয়া পাতি তোমাৰ তালৈ লৈ যোৱা”|এইষাৰে আৰু বিপদত পেলালে|২৩বছৰ বয়ষতে বিয়া|মোৰ আকৌ 100 pipersৰ বটলকেইটালৈহে মনত পৰিল|শ্ৰীমতীৰ কথা আৰু আকোঁৰগোজ ভাৱ দেখি ভঙুৱা মহাশয়ক সাক্ষী কৰি লৈ আনিলোঁ আৰু|পাচৰখিনি ৰাইজে জানেই| 🙁 :(((((|”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!