প্ৰস্তাৱনা—বিভূতি লোচন শৰ্মা

আপোনাক বুজি পালোঁ ডাঙৰীয়া

আপোনাৰ ৰাস্তাত

ভৰি দি পাহৰিলোঁ বৰ লুইতৰ বা

ৰাস্তা মোৰো আছিল ডাঙৰীয়া

বোকা পানীৰে জীপাল শীতল ঘৰমুৱা

আপোনাৰ ৰাস্তাৰ মসৃণতাত

জাহ যোৱা ঘৰবোৰ ঠন ধৰি উঠাৰ দিনা বেলিটো লুকাল

ঘৰবোৰৰ উত্তাপত আকাশৰ মেঘবোৰ শুকাল

পালতৰা নাৱৰ পালবোৰ পুৰিল

পথাৰৰ আলিবোৰ বালি হ’ল

দোংবোৰৰ পানীত জাহ গ’ল মৎস্যকুলৰ যৌৱন

বিলৰ মাছবোৰৰ উচ্ছলতাই ‘একুৰিয়াম’ত ঘৰ পাতিলে

ঘৰমুৱা গৰুবোৰ হিচাপৰ বহীত হেৰাল

গাৱৰ দলং বোৰক আৰ্কাইভ কৰি পৰ্যটন ৰ ফাইবোৰ নহোৱা হ’ল

উচ্ছল নদীবোৰক   উলংগ কৰি প্ৰজেক্টবোৰে অদৃষ্টৰ লগত শুলে

বগৰীৰ তলৰ কাইটবোৰ গৈ গছত লাগিল

গছবোৰ নিমজ্জিত হ’ল গুটিত

গছৰ ডালে ডালে ওলমি থকা শৈশৱবোৰক চেনিটাইজ কৰি

অনলাইন সপোনবোৰে খেলিলে

সম্প্ৰতি

প্লাষ্টিকৰ হাহিৰ বাবে আপুনি সজা প্লাষ্টিকৰ চাউলবোৰত কোৰোনাৰ বাহ

বাহ পাবলৈ বাহ বাহ দিয়া মানুহৰ লিষ্টখনত মোৰ নামটো চাব চোঁন মহাশয়

বৰ বিপদত পৰিছোঁ মহাশয়

আবেলিৰ বেলি আৰু ক’লা ডাৱৰ

বহুদিন দেখা নাই

পথাৰৰ শুকান বুকু কাটি

কিমান কাঢ়িম বাট

বাটবোৰ হেৰাইছে আপোনাৰ মসৃণ ৰাস্তাত

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!