প্ৰাকৃতিক গেছ ভৱিষ্যতৰ সঞ্জীৱনী (অগ্নিভ দত্ত)

যোৱা ২০ টা বছৰত উন্নয়নশীল ৰাষ্ট্ৰ কিছুমানৰ দ্ৰুত উন্নয়নে তথাকথিত খাৰুৱা তেলৰ ব্যৱহাৰ উল্লেখনিয়ভাবে বৃদ্ধি পাব ধৰিছে। ভাৰত, চীন আৰু আন আন উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নৰ লগতে জনসংখ্যা বৃদ্ধি আৰু মধ্যব্যত্তিয় শ্ৰেণীৰ দ্ৰুত উত্থান তথা মধ্যব্যত্তিয় শ্ৰেণীত নতুন সংযোজনে ইন্ধনৰ চাহিদা বৃৰ্দ্ধিত উদগনি যোগাইছে। এইদৰে চলিলে হয়তো এদিন আমাৰ খাৰুৱা তেলৰ ভাণ্ডাৰ শেষ হবলৈ বেছিদিন নালাগিব। আজিৰ দিনত খাৰুৱা তেলবিহীন পৃথিৱী এখন কল্পনা কৰি চালে কেনেকুৱা লাগিব বাৰু ? হয়তো প্ৰায়বোৰ যান বাহনেই বন্ধ হৈ যা ইন্ধনৰ অভাৱত। আৰু যে কত কি প্ৰব্লেম হ’ব। গতিকে চাহিদা বৃৰ্দ্ধিৰ লগে লগে পৰম্পৰাগত ইন্ধনৰ উৎস সমূহ বিচক্ষনতাৰে ব্যৱহাৰ কৰাৰ লগতে কিছুমান বিকল্প উৎসৰো সন্ধান কৰিব লাগিব যিয়ে নেকি বৰ্ধিত চাহিদাৰ যোগাৰ ধৰি যাব পাৰে। ক্ৰমবৰ্ধমান অনিশ্চিত ইন্ধন সুৰক্ষা তথা ইন্ধনৰ বাবে ভোকাতুৰ বিশ্বৰবাবে নতুন নতুন ইন্ধনৰ উৎসৰ সন্ধানৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰাকৃতিক গেছ ,কয়লা আৰু আন আন প্ৰযুক্তিয়ে হয়তো এই চাহিদা পুৰণ কৰিবলৈ সক্ষম হ’ব অদুৰ ভৱিষ্যতে। এই উৎসসমূহৰ ভিতৰত আকৌ প্ৰাকৃতিক গেছ নিসন্দেহেৰে অন্যতম। খাৰুৱাতেলৰ তুলনাত প্ৰাকৃতিক গেছৰ ভড়াল অপৰ্য্যপ্ত যাৰ দ্বাৰা বিশ্বৰ ইন্ধনৰ চাহিদা যোগাৰ ধৰিবলৈ। আনহাতে এই পৰম্পৰাগত প্ৰাকৃতিক গেছৰ লগতে চেল গেছে ভৱিষ্যতে এক গুৰুত্বপূৰ্ণ ভুমিকা লব সেইয়া নিশ্চিত।
চেলগেছ এ গেম চেঞ্জাৰ:
চেলগেছ এবিধ প্ৰাকৃতিক গেছেই হয় কিন্ত্ত পৰম্পৰাগত প্ৰাকৃতিক গেছতকৈ ইয়াৰ অৱস্থিতি অলপ বেলেগ হয়। ভূগৰ্ভৰ তলত নিযুত নিযুত বছৰ ধৰি জমা হোৱা গেদীয় শিলাস্তৰৰ মাজত আবদ্ধ হৈ থাকে এই চেল গেছ। মন কৰিবলগীয়া কথাটো হ’ল বিশ্বৰ প্ৰায় ৩৫ % শিলাখণ্ডতে এই চেলগেছ উপলব্ধ। এই চেল গেছ উপলব্ধ গেদীয় শিলাখণ্ডৰ গঠন হয় বোকা, বিভিন্ন জৈৱিক পদাৰ্থ তথা বিভিন্ন খনিজ পদাৰ্থ আদিৰ সংমিশ্ৰনৰ ফলত।আৰু কালক্ৰমত সেই শিলাখণ্ডৰ মাজতে চেল গেছৰ বিন্যাস হয়। এই চেল গেছ যদিও এবিধ প্ৰাকৃতিক গেছেই হয় তথাপি পাৰম্পৰিক প্ৰাকৃতিক গেছ ভাণ্ডাৰতকৈ চেল গেছৰ গুণমানৰ ভিন্নতা দেখা যায়। সাধাৰণতে পাৰম্পৰিক প্ৰাকৃতিক গেছৰ ভাণ্ডাৰৰ পৰা গেছ যিদৰে নিৰ্গত হয় ঠিক সে একেধৰণে চেল গেছ নিৰ্গত হৈ গেছ খাদবোৰলৈ ওলাই আহিব নোৱাৰে গৈ চেলগেছৰ যৎসামান্য গতিৰ কাৰণে। সেইকাৰণেই চেল গেছ খনন কাৰ্য্যত এক বিশেষ পদ্ধতি প্ৰয়োগ কৰা হয় যাতে যথেষ্ট পৰিমানৰ চেল গেছ একেলগে গেছ খাদলৈ উলিয়াই আনিব পৰা যায়। এই বিশেষ পদ্ধতিটোক হাইড্ৰলিক ফ্ৰেকচাৰিং বা জনপ্ৰিয়ভাৱে ফ্ৰেকিং বুলি জনা যায়।এই পদ্ধতিৰে যথেষ্ট পৰিমানৰ পানী,বালি আৰু বিভিন্ন ৰাসায়নিক দ্ৰব্য শিলাখণ্ডৰ ভিতৰত প্ৰচণ্ড শক্তিৰে সোমোৱাই দিয়া হয় আৰু তাৰ ফলত শিলাখণ্ডৰ চৌপাশৰ লগতে সংলগ্ন শিলাখণ্ডত ব্যাপক কৃতিম ফাট মেলে।এই ফাট বোৰৰ পৰা একেলগে যথেষ্ট পৰিমানৰ গেছ নিৰ্গত হৈ গেছ খাদবোৰৰ ওপৰলৈ বৈ আহিব পৰা হয়।এই পদ্ধতিত প্ৰয়োগ কৰা ফ্ৰেকচাৰ ফ্লুইদটোত প্ৰায় ৯৫ % পানী , প্ৰায় ৫ % বালি আৰু সামান্য পৰিমানৰ বিশেষ ৰাসায়নিক দ্ৰব্য থাকে। এই চেল গেছ খননৰ উন্নত প্ৰযুক্তিয়ে বিশ্বৰ প্ৰাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰখনত চেল গেছক এক গেম চেঞ্জাৰ আখ্যা দিছে।

আমেৰিকাত এই শতিকাৰ আৰম্ভনিতে চেল গেছক প্ৰাকৃতিক গেছৰ অন্যতম উৎস বুলি গণ্য কৰা হৈছে আৰু বৰ্ত্তমান বিশ্বৰ বিভিন্ন দেশটো ইয়াৰ গুৰুত্ব বৃদ্ধি হব ধৰিছে। আমেৰিকাত ২০০০ চনত মুঠ প্ৰাকৃতিক গেছৰ উৎপাদনৰ ১ % আছিল এই চেল গেছ কিন্ত্ত আজিৰ দিনত চেল গেছৰ উৎপাদন অভাৱনিয় ভাবে বৃদ্ধি পাব ধৰিছে আৰু আমেৰিকাত উৎপাদিত মুঠ গেছ উৎপাদনৰ ২০ শতাংশতকৈও বেছি এই চেল গেছে পূৰণ কৰিবলৈ সক্ষম হৈছে আ ৰু ২০২০ চনত আমেৰিকাৰ ৫০ % ত কৈও বেছি প্ৰাকৃতিক গেছৰ উৎস এই চেল গেছ হ’ব বুলি ধাৰণা কৰা হৈছে। বৰ্ত্তমান ব্যৱসায়িকভাবে চেল গেছ উৎপাদনত আমেৰিকা , কানাডা আৰু চীনেই প্ৰধান দেশ কিন্ত্ত আমেৰিকা আৰু কানাডাই দুই প্ৰধান দেশ য’ত চেলগেছ প্ৰাকৃতিক গেছ যোগানৰ অন্যতম উৎস। আনহাতে চেল গেছৰ ভাণ্ডাৰত চীন দেশ সকলোতকৈ ওপৰত। আমেৰিকাৰ ওপৰিও আৰ্জেন্টিনা, আলজেৰিয়া, কানাডা, দক্ষিণ আফ্ৰিকা ,ৰাছিয়া ,অষ্ট্ৰেলিয়া , ব্ৰাজিল আদি দেশতও যথেষ্ট পৰিমাণৰ চেলগেছৰ ভাণ্ডাৰ থকাৰ কথা প্ৰমানিত হৈছে। বৰ্ত্তমান বিশ্বত প্ৰায় ২৫০০০ টি চি এফ ( ট্ৰিলিয়ন কিউবিক ফুট) প্ৰমাণিত গেছ ভাণ্ডাৰ আছে আৰু উল্লেখনিয় কথাটো হ’ল ইয়াৰে প্ৰায় ৩০ % শতাংশই এই চেল গেছ। গতিকে ভৱিষ্যতৰ শক্তিখণ্ডত এই চেল গেছৰ ভুমিকাযে অনন্য হ’ব সেইয়া খাটাং।

ভাৰতত যদিও বৰ্ত্তমানলৈ চেলগেছকলৈ ৰাজহুৱাখণ্ডৰ অ এন জি ছি ৰ গুজৰাটৰ কেম্বে বেছিনৰ বাহিৰে বেলেগত বিশেষ প্ৰকল্প আৰম্ভ হোৱা নাই কিন্ত্ত ভাৰততো যথেষ্ট পৰিমাণৰ চেল গেছৰ ভাণ্ডাৰ আছে।ভাৰতৰ এই চেল গেছ ভাণ্ডাৰ বৰ্ত্তমানৰ দেশৰ সৰ্ব্ব বৃহৎ গেছ উৎপাদন হোৱা ব্যক্তিগত খণ্ডৰ ৰিলায়েন্সৰ কে জি বেচিনৰ ভাণ্ডাৰতকৈও কেবা গুণে বেছি হ’ব বুলি বিভিন্ন তথ্যত প্ৰকাশ হৈছে। বৰ্ত্তমান ভাৰতে প্ৰায় ৭৫ % শক্তিৰ উৎস আমদানি কৰে কিন্ত্ত এই চেল গেছৰ উৎপাদনৰ লগে লগে হয়তো ভাৰতে শক্তিৰ উৎস আমদানি কমোৱাৰ লগতে হয়তো স্বাৱলম্বিও হ’ব পাৰিব। কিন্ত্ত ভাৰতত বৰ্ত্তমান চেল গেছৰ খননৰ বিশেষ পলিচি নথকাত ব্যক্তিগত খণ্ডৰ মাজত বিশেষ উৎসাহ দেখা নাই চেল গেছকলৈ। তাৰোপৰি ফ্ৰেকিংৰ দ্বাৰা হ’ব পৰা বিভিন্ন আনুসংগিক পৰিস্থিতিৰ ক্ষেত্ৰটো বিশেষ উল্লেখনিয় পদক্ষেপ লোৱা দেখা পোৱা নাই। আনহাতে ভাৰতৰ চেল গেছৰ ভাণ্ডাৰৰ এক বুজন পৰিমানৰ ভাণ্ডাৰ অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ অসম –আৰাকান বেচিনত অৱস্থিত। হয়তো অদুৰ ভৱিষ্যতে এই চেল গেছে অসমৰ অৰ্থনৈতিক উত্থানত এক বিশেষ ভুমিকা ল’ব।এই খিনিতে উল্লেখ কৰিব লগা কথা হ’ল এই চেল গেছে অসম তথা উত্তৰ পূব ভাৰতৰ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত যুগান্তকাৰী ভুমিকা ল’ব পাৰে। আনহাতে সাধাৰণতে প্ৰদুষন হোৱা কয়লাৰ ভিত্তিত হোৱা বিদ্যুৎ প্ৰকল্প বিলাককো গেছ বেছড বিদ্যুৎ প্ৰকল্পলৈ উন্নিত কৰিব পৰা যাব।

প্ৰাকৃতিক গেছ খাৰুৱা তেলৰ বিকল্প হ’ব পাৰে :

শক্তিৰ উৎসৰ ক্ষেত্ৰত এক বিংশ শতিকাতো হয়তো প্ৰাকৃতিক গেছৰ নামতে লিখা যাব। বিশ্বৰ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ইতিমধ্যেই প্ৰাকৃতিক গেছে অন্যতম ভুমিকা গ্ৰহন কৰি আহিছে। কিছুদিন আগলৈ প্ৰাকৃতিক গেছৰ ব্যৱহাৰ শক্তি খণ্ডৰ আন আন ক্ষেত্ৰত বাৰুকৈয়ে অভাৱ অনুভৱ কৰা হৈছিল। আনহাতে আমি জানো যে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা ইন্ধন বিলাক যেনে পেট্ৰল, ডিজেল আদি কেনেকৈ উৎপাদন কৰিব পাৰো।সেইবিলাক উৎপাদন হয় খাৰুৱা তেল শোধন কৰি বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি। কিন্ত্ত আমি সকলোৱেই জানো খাৰুৱা তেলৰ কোনো অক্ষয় ভাণ্ডাৰ নাই যে ই অসীম কাললৈ মজুত থাকিব। গতিকে হয় আমি খাৰুৱা তেলৰ ব্যৱহাৰত মিতব্যয়ি হ’ব লাগিব নতুবা খাৰুৱা তেলৰ বিকল্প বিচাৰি উলিয়াব লাগিব। আৰু তেনে এক বিকল্পই হৈছে প্ৰাকৃতিক গেছ। এতিয়া প্ৰশ্ন আহিব এই গেছৰ পৰানো কেনেকৈ পেট্ৰল, ডিজেল উৎপাদন কৰিব পৰা যাব। তাৰ কাৰণে GTL ( Gas to Liquid) টেকনল’জি ব্যৱহাৰ কৰি তাৰ দ্বাৰা প্ৰাকৃতিক গেছক অতি উচ্চমানদণ্ডৰ কেমিকেল ,ৱাক্স, নাপথা ,পেৰাফিন, এল পি জি আদিৰ ওপৰিও পৰিবহনৰ ইন্ধন ( ডিজেল/ গেছোলিন) উৎপাদন কৰা হৈছে।
এই GTL টেকন’লজি এক বিশেষ শোধন প্ৰক্ৰিয়া যাৰ দ্বাৰা প্ৰাকৃতিক গেছ অথবা আন আন গেছীয় হাইড্ৰ কাৰ্বনক দীঘল চেইনযুক্ত হাইড্ৰ কাৰ্বন যে নে গেছোলিন বা পেট্ৰল অথবা ডিজেল জাতীয় ইন্ধনলৈ পৰিৱৰ্তিত কৰিব পৰা যায়। গোটেই শোধন প্ৰক্ৰিয়াটো কেইবাটাও প্ৰৰ্য্যায়ত সম্পন্ন কৰা হয়। সেই প্ৰক্ৰিয়াত প্ৰথমে প্ৰাকৃতিক গেছখিনিক গেছত থকা পানী আৰু কনডেনছেটৰ পৰা পৃথক কৰাৰ ওপৰিও গেছৰ পৰা চালফাৰ ( গন্ধক) আদি আতৰাই পেলোৱা হয়। তাৰ পাছত মিথেনযুক্ত গেছ (প্ৰাকৃতিক গেছ মিথেন যুক্ত হয় ) খিনিক গেছিফায়াৰ এটাত বিশেষভাবে উৎপাদিত অক্সিজেন গেছৰ লগত মিহলাই প্ৰায় ১৫০০ ডিগ্ৰি চেণ্টিগ্ৰেদত গৰম কৰা হয় আৰু তাৰ ফলত গোটেই গেছৰ মিশ্ৰন খিনি ছিন থেছিছ গেছলৈ পৰিৱৰ্ত্তিত হয়। পৰবৰ্ত্তি পৰ্য্যায়ত সেই ছিনথেছিছ গেছবিধ এক বিশেষ ভাবে নিৰ্মিত ৰিয়েক্টৰত প্ৰবেশ কৰে আৰু তাত থকা কিছুমান অনুঘটক বা কেটেলিষ্টৰ উপস্থিতিতত গেছখিনি দীঘল চেইনযুক্ত জুলীয়া হাইড্ৰকাৰ্বনলৈ ৰুপান্তৰিত হয়।এই প্ৰক্ৰিয়াটোক ফিছাৰ- টপছ’ প্ৰছেছ বুলি জনা যায়। এতিয়া সেই জুলীয়া হাইড্ৰকাৰ্বনখিনিক বিভিন্ন শোধন প্ৰক্ৰিয়াৰে শোধন কৰি নেপথা, কেৰচিন, ডিজেল , গেছ’লিন আদিকে ধৰি বিভিন্ন প্ৰদাক্ট উৎপাদন কৰিব পৰা যায়। এই গোটেই প্ৰক্ৰিয়াটো খাৰুৱা তেল শোধন প্ৰক্ৰিয়াতকৈ যথেষ্ট জটিল আৰু প্ৰাৰম্ভিক ব্যয় যথেষ্ট বেছি কিন্ত্ত উৎপাদন খৰছ যথেষ্ট কম। গোটেই বিশ্বত এই GTL টেকন’লজিৰ শোধনাগাৰ কেটামানহে আছে আৰু GTL টেকন’লজিৰ বৃহৎ শোধনাগাৰ কেৱল Shell আৰু Sasol ৰহে আছে।দুয়োটা বৃহৎ শোধনাগাৰেই কাটাৰত অৱস্থিত। যিহেতু এই বৃহৎ শোধনাগাৰ একোটা নিৰ্মানত খৰছ প্ৰায় ২০ বিলিয়ন মাৰ্কিন ডলাৰৰ (১ বিলিয়ন মাৰ্কিন ডলাৰ = প্ৰায় ৬০০০ কোটি ভাৰতীয় টকা) ওচৰে পাজৰে হয় সেই কাৰণে GTL টেকন’লজিৰ শোধনাগাৰত বিনিয়োগ কৰা মানুহ কম।
কিন্ত্ত বৰ্ত্তমান GTL টেকন’লজিৰ বৃহৎ শোধনাগাৰৰ ঠাইত GTL টেকন’লজিৰ সৰু সৰু শোধনাগাৰৰ কথা আলোচিত হৈছে।এই ক্ষেত্ৰত আমেৰিকাত পোৱা চেল গেছে এক বিশেষ ভুমিকা লৈছে। চেল গেছৰ ভাণ্ডাৰবোৰত যিহেতু গেছ উৎপাদন কম হয় আৰু কেতিয়াবা তাক দুৰলৈ পৰিবহন কৰি নিয়াতো ব্যৱসায়িকভাবে লাভজনক নহয়গৈ সেইকাৰণে তাক ফ্লেয়াৰ কৰি দিয়া হয় বা পুৰি পেলোৱা হয়।এনেকুৱা পৰিস্থিতিত সেই সৰু সৰু গেছৰ উৎসৰ ওচৰতে সৰু সৰু GTL টেকন’লজিৰ শোধনাগাৰ স্থাপন কৰি সেই অলাগতিয়াল গেছৰ পৰা মূল্যবান ইন্ধনলৈ ৰুপান্তৰ কৰিব পৰাৰ ব্যৱস্থা কৰিব পৰা যায়।ইতিমধ্য তেনেকুৱা প্ৰকল্প আমেৰিকাৰ অকলা’হম চহৰৰ উপকণ্ঠত কৰিবলৈ লোৱা হৈছে।
এতিয়া আহো এই টেকন’লজিয়ে অসমত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে।সাধাৰণতেই আমি অভিযোগ শুনি থাকো অসমৰ বিভিন্ন তৈল ক্ষেত্ৰত যথেষ্ট পৰিমানৰ প্ৰাকৃতিক গেছ জ্বলাই দিয়া হয় তাক ব্যৱসায়িক ভাবে সংগ্ৰহ কৰিব নোৱাৰা বাবে।কিন্ত্ত GTL টেকন’লজিৰ সৰু শোধনাগাৰ স্থাপনৰ যোগেদি হয়তো সেই জ্বলাই দিয়া গেছখিনিক মূল্যৱান ইন্ধনলৈ ৰুপান্তৰিত কৰিব পৰা যাব।তাৰোপৰি অসম আৰাকান বেচিনত যি চেল গেছৰ সম্ভেদ পোৱা গৈছে তাৰ ব্যৱহাৰৰ কাৰণেও চিন্তা কৰিব পৰা যায়।যিহেতু অসম বা উত্তৰ পুৱত বিশেষ গেছ নেটৱৰ্কিং ব্যৱস্থা নাই সেইকাৰণে চেল গেছ উৎপাদন হ’লেও পৰিবহন ব্যৱস্থাতযে গুৰুত্বৰ পৰিস্থিতিৰ সন্মুখিন হ’ব সেইটো খাটাং।সেই কাৰণে GTL টেকন’লজিৰ সৰু শোধনাগাৰ হয়তো তেনে পৰিস্থিতিৰ কাৰণে উপযুক্ত বিবেচিত হ’ব পাৰে।
উল্লেখযোগ্যযে বহুতো বিশেষজ্ঞই ইতিমধ্য কোৱা আৰম্ভ কৰিছে যে আমেৰিকাৰ চেল গেছ উদ্যোগৰ উত্থানৰ পাছত শক্তি খণ্ডৰ আন এক উত্থান হয়তো হ’ব GTL টেকন’লজিৰ সৰু শোধনাগাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!