প্ৰাকৃতিক দুৰ্যোগ আৰু ৰাজনৈতিক নেতাৰ উপস্থিত বুদ্ধি, বিচক্ষনতা, কৰ্মদক্ষতা . . . কিছু কথা ৰাজনীতিৰ উৰ্ধতো চিন্তা কৰিব পাৰি, লাগে এটা সুস্থ মন… : সুৰজিত নেওগ

উত্তৰাখণ্ডত প্ৰকৃতিয়ে যি তাণ্ডৱ চলালে তাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা পাচঁ হাজাৰৰ অধিক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে কিছু অসমৰ্থিত সুত্ৰই। এয়া নিসন্দেহে এক অতি কৰুণ ঘটনা আৰু হয়তো পৃথিৱীৰ অন্যতম বৃহৎ দুৰ্ঘটনাবোৰৰ অন্যতম। যদিও আমি প্ৰকৃতিকে দোষাৰোপ কৰি আহিছো এই ঘটনাৰ বাবে, শেহতীয়া তথ্য মতে ইয়াৰ বাবে মানৱ সৃষ্ট কিছু কাৰকো জগৰীয়া। বিশেষ কোনো বৈজ্ঞানিক অনুসন্ধান, চিন্তা চৰ্চা নকৰাকৈ আৰু কেৱ্ল হ্ৰ্স্যমাদী লাভালাভৰ বাবে যধেমধে নিৰ্মান কৰা নদীবান্ধ আৰু পাহাৰীয়া কোমল মাটিত বহুমহলীয়া আট্টালিকাবোৰেও এই তাণ্ডৱত আৰু অধিক সহায় কৰিলে।

এই সমষ্ট ঘটনাৰ পিছৰ পৰ্য্যায়ত উত্তৰাখণ্ড ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ (যদি তেনে কিবা আছিল বা আছে) সকৰুণ স্বৰুপটো ওলাই পৰিল। এনে এটা বিভাগ ভাৰতবৰ্ষৰ প্ৰ্তিখন ৰাজ্যতে আছে আৰু আমাৰ অসমো তাৰ ব্যতিক্ৰম নহয়। অৱশ্যে আমি জনসাধাৰণে এনে এটা বিভাগৰ অস্তিত্ব কেৱ্ল কোনো দুৰ্যোগ যেনে বানপানী, ভুমিকম্প, মেলেৰিয়াৰ সংক্ৰমন আদিৰ পিছত বাতৰি কাকতত অনুভৱ কৰো। দুদিনমান বহু টকা পইচা খৰচ কৰি বাতৰি কাকতৰ শেষপৃষ্ঠা ভৰি একো একোটা বিজ্ঞাপন কি কৰিব আৰু কি নকৰিব আদি কিছু তথ্য প্ৰ্কাশ কৰিয়েই এই বিভাগ টোৱে দায়িত্ব সামৰে!! সদায় দেখি আহিছো। এয়াই আমাৰ চৰকাৰি যন্ত্ৰৰ সৰ্বসাধাৰনৰ প্ৰতি দায়িত্ববোধ।

উত্তৰাখণ্ডৰ চাৰিধামত আৱদ্ধ প্ৰায় লাখলোকৰ ষাঠি হাজাৰমান লোকক ভাৰতীয় সেনাই অতি তৎপৰতাৰে উদ্ধাৰ নকৰা হলে কেনে এক পৰিস্থিতিৰ সৃষ্টি হ’লহেতেন সেয়া ভাবিলেও ভয় লাগে। এতিয়াও কেই হাজাৰমান লোক তাত আৱদ্ধ হৈ আছে যি সকলক উদ্ধাৰৰ বাবে সেনাই আহোপুৰুষাৰ্থ কৰি আছে। এতিয়া প্ৰ্শ্ন হ’ল, সেনাই নিজৰ মানৱীয় কৰ্ত্তব্য হিচাপে কৰা এই মহৎ বৃহৎ উদ্ধাৰ অভিযানটোক একাষৰিয়াকৈ ৰাখি আমি যদি স্থানীয় ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ কৰ্মৰ পৰ্য্যালোচনা কৰো, তেন্তে আমি হয়তো এটা ডাঙৰ শূণ্য দেখা পাম। কিছু কাম নিশ্চয় কৰিছে, কিন্তু সেয়া লাখ কোটি টকা খৰচ কৰি পুহি ৰখা এই বিভাগটোৰ বাবে তেনেই নগন্য কাম। এয়া কেৱ্ল উত্তৰাখণ্ডৰে সমস্যা নহয়, মোৰ মতে প্ৰায় সকলো ৰাজ্যৰে একেই পুতৌলগা অৱস্থা। আমি অসমত প্ৰ্তি বছৰে দেখি আহিছো। ইয়াৰ মুল কাৰণ নিশ্চয় চৰকাৰ, বিভাগীয় বিষয়া আৰু কৰ্মৰত কৰ্মচাৰিৰ হেমাহি, উদাসীনতা আৰু চৰম দায়্ত্বহীন মনোভাৱ।
ৰাজনৈতিক নেতাৰ উপস্থিত বুদ্ধি, বিচক্ষনতা, কৰ্মদক্ষতা :
———————————————————

এইকিদিনৰ এই কৰুণ ঘটনাৰাজিৰ মাজতে এক অতি উৎসাহজনক কৰ্মকাণ্ড দেখা পালো; মানে কাকতে পত্ৰই আৰু বিশেষ কেইটামান ইন্টাৰনেট বাতৰি পৰ্টেলত পঢ়িলো। কোনো ৰাজনৈতিক দৃষ্টিকোণেৰে নাচাই আমি যদি কেৱল মানৱীয় দৃষ্টিৰে চাওঁ, এয়া আমাৰ বাবে সঁচাকে এক অভূতপূৰ্ব অভিজ্ঞতা। ১৭ জুনৰ দিনা যেতিয়া এই মহাপ্ৰলয়ৰ কথা টিভিত বাতৰি হিচাপে আহিছিল, এখন ৰাজ্যৰ এজন প্ৰ্তাপী ৰাজনৈতিক নেতা দিল্লীত বাহৰ পাতি আছিল ব্যক্তিগত কামত। এই বাতৰিটো চায়েই দুৰদৃষ্টিসম্পন্ন এইলোকজনে ৰাতিলৈ এখন জৰুৰী মেল আহ্বান কৰিলে নিজ ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে। তাতেই সম্ভাব্য বৃহৎ দুৰ্যোগটোৰ ওপৰত বিষদ ভাৱে আলোকপাত কৰি আৱদ্ধ লোকসকলৰ উদ্ধাৰৰ ব্লুপ্ৰিন্ট ৰচনা কৰা হৈছিল। এই কাম সেনা বাহিনীৰ লোকৰ প্ৰ্তিক্ৰিয়াতকৈও আগতে কৰা হৈছিল। পিছদিনাই এই নেতাজনে দুৰ্যোগস্থানত উপস্থিত হৈ নিজ ৰাজ্যৰ ২৫ জনীয়া উচ্চপদস্থ বিষয়া আৰু এক বৃহৎ সংখ্যক চিকিৎসকৰ দলৰ সৈতে উদ্ধাৰ অভিযানত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে। নিজে থাকি তিনিদিন সমস্ত উদ্ধাৰ অভিযানৰ তদাৰকী কৰে। ইয়াৰ ফাকে ফাকে তেওঁ নিৰ্দেশ দিয়ে উত্তৰাখণ্ড ৰাজ্যৰ বিভিন্ন উচ্চপদস্থ বিষয়া, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আৰু আন আন তেনে দৰকাৰি লোকৰ যোগাযোগ নম্বৰ গোটোৱাৰ বাবে; আৰু লগে লগে এই বোৰ যোগাৰ কৰি প্ৰথমতে নিজ ৰাজ্যৰ স্থানীয় বাতৰি কাকতত সেইবোৰ প্ৰ্কাশ কৰাৰ ব্যৱস্থা কৰে যাতে সেই সময়ত উত্তৰাখণ্ডত আৱদ্ধ নিজ আত্মীয় স্বজনক সেই নম্বৰবোৰ যোগান ধৰি নিজৰ অৱস্থিতি জনাই উদ্ধাৰ অভিযান খৰতকীয়া হয়। ইয়াৰ উপৰিও সেই নেতাজনে বয়িং কোম্পানীৰ বিমান ভাড়া কৰি কেইবাখেপত কেইবাহাজাৰ লোকক উদ্ধাৰ কৰাৰো ব্যৱস্থা কৰে। লগতে শ শ বাচ, সৰু গাড়ীৰ দ্বাৰাও আন কেইহাজাৰ মান লোকক উদ্ধাৰৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ সমান্তৰালভাৱে উক্ত নেতাজনে কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ লেখা এখন পত্ৰত টানি অনুৰোধ জনায় যে অতি সোনকালে বিশেষ ৰেলৰ ব্যৱস্থা কৰিব লাগে আৰু ৰেলত যাতে কোনো ভাড়া লোৱা নহ্য় াৰু বিনামূলীয়া খোৱাৰ যোগান ধৰা হয়। কাৰণ এই লোকসকলে সমস্ত হেৰুৱাইছে। এই নেতাজনৰ উপস্থিতিয়ে তৎক্ষণাত এক অনুঘটকৰ কাম কৰে আৰু ভাৰতৰ দুটা বৃহৎ সংঘঠনৰ স্বেচ্ছাসেৱ্ক এই উদ্ধাৰ অভিযানত উবুৰি খাই পৰে!! এক অসমৰ্থিত সুত্ৰমতে এই উদ্ধাৰ অভিযানত প্ৰায় ২০ হাজাৰ লোকক সফলতাৰে উদ্ধাৰ কৰা হয়। এনে নেতাৰ হাতত আমাৰ দেশখন ভবিষ্যতে সুৰক্ষিত যেন কেতিয়াবা কেতিয়াবা ভাৱ হয়…. নাজানো মোৰ অনুমান কিমান শুদ্ধ…

 

ইয়াৰ তুলনাত আপুনি ভাৱ্কছোন আমাৰ নেতা সকললৈ। জাবৰৰ পৰিমানেই উন্নয়্নৰ মাপকাঠী,বানপানীৰ পৰা বাচিবলৈ কলপুলি ৰুই ভোঁৰ সজাৰ পৰামৰ্শ দিয়া অতি স্থূলবুদ্ধিৰ, ভাৰসাম্যহীন ৰুগ্ন মগজু আৰু অনুৰ্বৰ চিন্তাৰ অধিকাৰি লোকৰ নেতৃত্বৰ পৰা অৱ্শ্যে আমি আন কিবা আশা কৰিবও নোৱাৰো। আমাৰ ৰাজ্যৰো কেইবাজনো লোক এই মহাপ্ৰলয়ত আৱদ্ধ হৈ পৰিছিল; টিভিৰ বাতৰিত শুনিলো, আমাৰ ৰাজ্য চৰকাৰে দুজনমান বিষয়াক তালৈ পঠিয়াই নিজ দায়িত্ব সামৰিলে..!!

মোৰ এই লেখাটোৰ উদ্দেশ্য কোনো এক বিশেষ ৰাজনৈতিক নেতাৰ গুণগান কৰা বা আন কোনো ৰাজনৈতিক নেতাৰ অকৰ্মণ্যতাৰ উদাহৰণ দিয়াটো নহয়। ৰাজনীতিৰ উৰ্ধত কেৱ্ল মাত্ৰ মানবীয় চিন্তা চৰ্চাৰে চালিত হৈ ব্যক্তিবিশেষৰ উপস্থিত বুদ্ধি, বিচক্ষনতা, কৰ্মদক্ষতা আৰু এদল সমানেই কৰ্মপটু, বিশ্বাসী লোকৰ দলৰ দ্বাৰা চলোৱা এক বৃহৎ মানৱ উদ্ধাৰ অভিযানৰ সফল সমাপ্তি। কিছু কথা ৰাজনীতিৰ উৰ্ধতো চিন্তা কৰিব পাৰি, তাৰ বাবে লাগে কেৱ্ল এটা সুস্থ মন…

কিবা ৰাজনৈতিক বিতৰ্ক হোৱাৰ ভয়ত বা কোনোবাই মোক বিশেষ ৰাজনৈতিক দলৰ সমৰ্থক বুলি লেবেল মাৰি (!!) দিয়াৰ ভয়ত ওপৰুক্ত বিচক্ষন নেতাজনৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকিলো !! আপোনালোকে অলপ খুচৰি মেলি চালে সহজেই জানিব। ইতিমধ্যেই এজন প্ৰবাসী ভাৰতীয়ই এই সমস্ত প্ৰক্ৰিয়াটোক নেতাজনৰ ৰাজনৈতিক লাভালাভৰ অংক বুলি অভিযোগ দাখিল কৰিছেই…!!! ]

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!