প্ৰেচক্ৰিপচন ভাঙনি (-বিকাশ দাস)

এজন ফাৰ্মাচিষ্ট হিচাপে , চিকিংসা জগতৰ লগত লগত জড়িত হিচাপে,  সাহিত্য অৰ্গৰ এই মাহৰ থিমৰ লগত মিলি যোৱাকৈ চিকিৎসাৰ এক অন্যতম অংশৰ বিষয়ে ফাৰ্মাচীৰ ৰ প্ৰথমটো বিষয় – প্ৰেচক্ৰিপচনৰ (Prescription) বিষয়ে দুটামান কথা লিখিবলৈ মন মেলিলোঁ ।

নিদান পত্ৰ (প্ৰেচক্ৰিপচন ) =============== নামটো শুনা শুনা যেন লাগিছে হয়নে ? কত শুনিছো কত শুনিছো ? এয়া অতি চিনাকি শব্দ । ডক্টৰে বা আন কোনো মেডিকেল প্ৰেক্টিছনাৰ , ডেন্টিষ্ট বা চাৰ্জন আদিয়ে বেমাৰ পৰীক্ষণ কৰি বেমাৰৰ প্ৰতিকাৰৰ কাৰণে ঔষধৰ নাম পৰিমান আৰু লগতে ফাৰ্মাচিষ্টলৈ দিয়া লিখিত নিৰ্দেশনা হল নিদান পত্ৰ বা prescription এখন প্ৰেচক্ৰিপচনৰ অংশবোৰ হল — ১) তাৰিখ — প্ৰেচক্ৰিপচন এখনত থকা তাৰিখটো বহুত জৰুৰী । ই অসৎ কামত ইয়াৰ ব্যৱহাৰ হোৱাৰ পৰা বচাই ৰাখে বিশেষকৈ যিবোৰ প্ৰেচক্ৰিপচনত narcotic আৰু controlled drug ৰ উল্লেখ থাকে সেইবোৰক । কাৰণ narcotic drug উল্লেখ থকা প্ৰেচক্ৰিপচনবোৰ ১০ দিনতকৈ বেচি দিন বৈধ নহয় । ২) ৰোগীৰ নাম , বয়স , লিংগ আৰু ঠিকনা – — এখন প্ৰেচক্ৰিপচনৰ অবিচ্চেদ্য অংগ হল ৰোগীৰ নাম , ঠিকনা আৰু বয়স । ৰোগীৰ সঠিক চিনাক্তকৰণৰ কাৰণে এইখিনি তথ্য উল্লেখ থাকিব লাগে এখন প্ৰেচক্ৰিপচনত । বিশেষকৈ সৰু লৰা ছোৱালীৰ(Child) ক্ষেত্ৰত বয়সটো উল্লেখ থকা খুবেই জৰুৰী কাৰণ ইয়াৰ দ্বাৰা ফাৰ্মাচিষ্টে ঔষধৰ মাত্ৰা বা পালিৰ (dose ) ৰ সঠিক নিৰ্ধাৰণ কৰিব পাৰে । DOSE সদায় প্ৰেচক্ৰিপচন এখনৰ মুখ্য অংগ । ৩) SUPERSCRIPTION — Rx – এই চিহ্নটো প্ৰেচক্ৰিপচনত দেখা যায় । এই অংশখিনিক superscription বোলা হয় । Rx হল ফাৰ্মাচিষ্ট এজনলৈ ডক্টৰৰ নিৰ্দেশনাৰ চিহ্ন যাৰ অৰ্থ হল – TAKE RX চিহ্নটো লোৱা হৈছে লেটিন ভাষাৰ recipe ৰ পৰা । ৪) INSCRIPTION — এই অংশটোত ৰোগীক দিব লগীয়া ঔষধৰ নাম আৰু লগতে ঔষধৰ পৰিমান লিখা হয় । ঔষধৰ official ( British National Formulary, British Pharmaceutical codex or British Pharmacopoeia) formulation আৰু quantity দুয়োটা এই অংশটোত দিব পাৰি । 5) Subscription – এই অংশটোত ফাৰ্মাচিষ্টলৈ নিৰ্দেশনা দিয়া হয় । এই নিৰ্দেশনাত বিশেষকৈ ঔষধটোৰ সোৱাদ , লেবেল , পৰিমান আদিৰ কথা উল্লেখ থাকে । ৬) SIGNATURA –

ইয়াত ৰোগীৰ কাৰণে ডক্টৰে দিয়া নিৰ্দেশনা থাকে । যেনে ঃ ঔষধ লোৱাৰ পদ্ধতি , ঔষধৰ DOSE কিমান লব লাগিব , ঔষধ লোৱাৰ সময় , যদি external useৰ কাৰণে কিবা ঔষধ দিয়া হয় তেতিয়া কোনটো অংশত লগাব লাগিব ইত্যাদি । ৭) Prescriber ৰ নাম আৰু ঠিকনা— প্ৰেচক্ৰিপচন সমুহৰ কিছুমান অংশত বিশেষকৈ লেটিন ভাষাত চিহ্ন লিখা হয় যাতে বিশ্বৰ সকলো ফাৰ্মাচিষ্টে প্ৰেচক্ৰিপচন অনুযায়ী ৰোগীক ঔষধৰ যোগান ধৰিব পাৰে । সকলো প্ৰেচক্ৰাইবাৰে শেষত নিজৰ চহী মাৰিব লাগে আৰু প্ৰেচক্ৰিপচনত প্ৰেচক্ৰাইবাৰৰ সম্পুৰ্ণ নাম আৰু ঠিকনা লগতে ৰেজিষ্ট্ৰেচন নং থকাতো জৰুৰী । কিছুমান চিহ্ন আৰু তাৰ অৰ্থ— aa — the substances are in equal quantities”. q.s—quantity sufficient D. t. d. №— Da tales doses” means “dispense such doses … in number M.D.S—mix give and note Supp—suppository Tab.—tablet Sol—solution

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!