প্ৰেমৰ কবিতা (ৰাকেশ যাদৱ)

[ ১]
মোৰ জীৱনৰ ৰিক্ত দিগন্তত
তুমি এটা সন্ধ্যাতৰা হৈ জিলিকি উঠিছা
এবাৰ হেঁপাহ পলুৱাই চাব দিয়া
কিদৰে পোহৰাই তুলিছা
মোৰ হেৰুওৱা পৃথিৱী

[২]
মই পুনৰ এবাৰ
সেউজীয়াৰ প্ৰেমত পৰিছোঁ
সৃষ্টিৰ সুৱাসত মতলীয়া হৈছোঁ
তুমি যে এজাক শীতল বৰষুণ হৈ
নামি আহিছা মোৰ জীৱনৰ উপত্যকাত ।
আঁতৰি নাযাবা , তিতিব দিয়া
তিতিব দিয়া মোক !
তুমি হয়তো নাজানা ,
কিমান জনমৰ অপেক্ষা !

[ ৩]
মোৰ হৃদয়ৰ নিজানত
তুমি এপাহ নিঁয়ৰসনা শেৱালি হৈ ফুলিছা
কাহানিও মৰহি যাবলৈ নিদিওঁ
ইয়াত থকালৈকে ……
শীত আৰু গ্ৰীষ্মলৈ ভয় নকৰিবা ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!