প্ৰেমৰ লিমাৰিক…. ( ধৰ্মজ্যোতি ভট্টাচাৰ্য )

Premor limerick_Dharmajyoti

১

তোমাক নাপালে লিখিম মই বিৰহৰ লিমাৰিক

তোমাক হেৰুৱালে হ’মগৈ মই সাগৰৰ নাবিক

জাহাজেই হ’ব মোৰ সংগী

দাৰ্শনিকৰ দৰে হ’ব মোৰ ভংগী

দাড়িয়ে গোঁফে ভোবোকাৰ হৈ সুঁৱৰিম তোমাৰ ছবিক।

২

স্মৃতিবোৰে উক দিয়ে দেখিলে তোমাৰ হাঁহি

প্ৰতিনিশা বজাওঁ মই আবেগৰ কৰুণ বাঁহী

আশাৰ পথাৰত কঁঠীয়া সিঁচি

জোনাকী কাৰেঙত সপোন ৰচি

প্ৰেম পিয়াসী মই যেন সন্ধিয়াৰ এটি বালিমাহী।

৩

কেনেকৈ আদৰিম মই তোমাক মোৰ মৰমৰে জোন

মূৰত থ’লে ওকণিয়ে খায় মাটিতো পিপৰা দেখোন

পলে পলে বাঢ়ে মৰম

বুজি নাপাওঁ ঠাণ্ডা-গৰম

কাষতেই বিচাৰোঁ তোমাক অ’ কলিজাৰ কেঁচা সোণ।

Leave a Reply

Your email address will not be published. Required fields are marked *