প্ৰেমৰ লিমাৰিক (নয়নজ্যোতি শইকীয়া)

(১)প্ৰেমিকাঃ

ৰুজ-মাস্কাৰা ঠিকেই আছে,চেহ ৰ’দতহে ক’লা হ’ব।
ড্ৰেছ আজি দীঘল হ’ল নেকি,চুটি হ’লেহে হট্ হ’ব।
থাৰ্ড-ক্লাছ ল’ৰাবোৰ ইম্মান দুষ্ট,
চিঞৰি জোকাই ব’ৰ কৰে মাত্ৰ,
থ্ৰীজি আইটেন নাথাকিলে-প্ৰেম বাৰু কেনেকৈ হ’ব।।

(২) প্ৰেমিকঃ

কাপোৰত ডেনিম্ ,পিটাৰ ইংল্যাণ্ড- যাকে তাকে মই দিব পাৰো দম।
পাপ্পাৰ টকাত বাইক দৌৰে,-নেতাৰো আছে মোলৈ অকুন্ঠ মৰম।
পানীয়ৰে মোৰ সুগন্ধী দেহা,
কাম্মন ডিয়েৰ বাইকত বহা,
নবহিলেও কোনো কথা নাই জানা-দহ মিনিটত দহজনী পাম।।

(৩) প্ৰেম সৎকাৰ

খনিয়া তামোল নৈৰ পাৰতেই ৰ’ল,ম’বাইল আছে টেনশ্যন নাই।
বুকুও নক’পে মাতো নেহেৰায়,দৰৱ-জাতিৰো অসুবিধা নাই।
আজিৰ পিৰীতি মডাৰ্ণ হ’ল,
চিঠি গুচি মেচেজ ফেচবুকত ৰ’ল,
সৎকাৰ সমাৰোহৰ আয়োজনলৈ সাঁজি-কাঁচি আহিলেই হ’ল।।

One thought on “প্ৰেমৰ লিমাৰিক (নয়নজ্যোতি শইকীয়া)

  • January 16, 2012 at 11:39 pm
    Permalink

    ধন্যবাদ সাহিত্য.অৰ্গ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!