প্ৰেমৰ স্নেপশ্বট আৰু চিগাৰেটৰ পেকেটত কবিতা (সিদ্ধাৰ্থ শৰ্মা)

প্ৰেমৰ স্নেপশ্বট আৰু চিগাৰেটৰ পেকেটত কবিতা

১

ওৰেটো ৰাতি মদকে খালোঁ

অলপো নিচা নধৰিল

তোৰ প্ৰফাইল পিকচাৰখন দেখিলোঁ

প্ৰেমত মই মাতাল হ’লোঁ।

 

২

এচেৰেঙা পোহৰে কি জগৰ লগালে?

গালদুখন গুলপীয়া হ’ল

আঁতৰাই দে বৈ অহা চুলিবোৰ

লাজত মুখখন আৰু ধুনীয়া হ’ল।

 

৩

ৰৈ আছোঁনে গৈ আছোঁ

নিবনুৱাৰ জোতাৰ নাই ভৱিষ্যত

এই সময় যেন তোৰ আশ্ৰয়

হামখুৰি খাই পৰে জীৱনযুঁজত।

Leave a Reply

Your email address will not be published. Required fields are marked *