প্ৰেম (মেৰিলীন দত্ত)

তেওঁ মোক আকাশখন দিয়াৰ কথা নাছিল
অথবা এখন সাগৰ,
তেওঁ মোৰ চকুলৈ চালে
মই তেওঁৰ
ভালপোৱা……..ভালপোৱা
এতিয়া দুখত পাৰ হয় মোৰ প্ৰতিটো প্ৰহৰ !!

মলিয়ন চোলা মোৰ
একো নাই
চলি যায়
বুকুত ভালপোৱা !

তেওঁ তৰা ভাল পায়
মই আকাশ হ’লো
হেৰুৱালো সীমা
তেওঁ নিয়ৰ ভাল পাবলৈ ক’লে
মই হ’লো বকুল
শতিকাজোৰা ব্যাকুল
তেওঁ দুখ পাবলৈ শিকালে
আৰু এনেদৰেই
মই প্ৰেমিক হ’লো !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!