প্ৰোবায়টিক আৰু ইয়াৰ উপকাৰীতা–ডাঃ নয়নজ্যোতি হাজৰিকা



প্ৰোবায়টিক (Probiotic)হ’ল এক শ্ৰেণীৰ উপকাৰী বেক্টেৰিয়া। 

ইয়াৰ লগতে কেইটামান

ভেঁকুৰৰ গাটো প্ৰোবায়টিক গুণাগুণ নিহিত হৈ থকাটো কিছুমান গৱেষণাত পোৱা গৈছে। 

আমাৰ শৰীৰত পোৱা এনেবোৰ প্ৰোবায়টিকৰ প্ৰধান বসতিস্থল হৈছে আমাৰ পাচনতন্ত্ৰত থকা ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদ্ৰান্ত্ৰ (small intestine & large intestine)। ইয়াৰ বাহিৰেও মুখৰ ভিতৰত (oral cavity), মুত্ৰনলী (urinary tract )আদিকে ধৰি কিছুমান ঠাইত প্ৰোবায়টিক দেখা পোৱা গৈছে। 

প্ৰোবায়টিক বেক্টেৰিয়াৰ উপকাৰসমূহ: : : : 

————————————

১)ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদ্ৰান্ত্ৰত থকা প্ৰোবায়টিক বেক্টেৰিয়াসমূহে খাদ্য পাচনকাৰ্য্য সহায় কৰে। ইয়াৰ লগতে বিভিন্ন পেটৰ বেমাৰ আজাৰ সৃষ্টি কৰিব পৰা বেয়া বেক্টেৰিয়াসমূহৰ উপস্থিতি কমাই ৰাখে। 

২)এই প্ৰোবায়টিক সমূহে ছালৰ বিভিন্ন ধৰণৰ এলাৰ্জি, একজিমা আদি ৰোগসমূহ ছালত সহজতে হ’বলৈ নিদিয়ে। ইয়াৰ লগতে ই ছালৰ উজ্জ্বলতা বঢ়াই তোলাত সহায় কৰে। 

৩) কিছুমান প্ৰোবায়টিক বেক্টেৰিয়াই আমাৰ শৰীৰত বেয়া কলেষ্টৰল বা LDL কমাই ৰখাত সহায় কৰে আৰু এইদৰে এনে কিছুমান প্ৰোবায়টিক বেক্টেৰিয়াই আমাৰ হৃদপিন্দটোক সুস্থ আৰু সবল কৰি ৰখাত সহায় কৰে। 

৪)কিছুমান প্ৰোবায়টিকে শৰীৰত জমা হোৱা অতিৰিক্ত মেদ হ্ৰাস কৰি মেদবহুলতা (obesity)দূৰ কৰাত সহায় কৰে। 

৫) মুত্ৰনলীত হব পৰা বিভিন্ন বেক্টেৰিয়াজনীত সংক্ৰমণ (Urinary Tract Infection) প্ৰতিৰোধ কৰাত সহায় কৰে। 

৬)প্ৰোবায়টিকসমূহে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা

(It enhances our body immunity) বঢ়াই তোলাত সহায় কৰে। 

তলত উল্লেখ কৰা কাৰণবোৰৰ বাবে আমাৰ শৰীৰত প্ৰোবায়টিকবোৰৰ পৰিমাণ কমি যায়——–

————————————-

১) সৰু সৰু বেমাৰ আজাৰবিলাকটো যধে মধে চিকিৎসকৰ পৰামৰ্শ অবিহনে এণ্টিবায়টিক ঔষধবোৰ সেৱন কৰাৰ ফলত। 

২)অত্যধিক মদ্যপান কৰাৰ ফলত। 

৩) অত্যধিক ধূম্ৰপান কৰাৰ ফলত। 

৪) যিবিলাক মানুহে প্ৰায়ে ৰাতি টোপনি ক্ষতি কৰে 

তেনেবোৰ মানুহৰ ক্ষেত্ৰত। 

৫) শাৰীৰিক পৰিশ্ৰম কমকৈ কৰা মানুহৰ ক্ষেত্ৰত। 

৬) বেছিকৈ চিন্তা আৰু হতাশাত ভুগি থকা মানুহবোৰৰ ক্ষেত্ৰত শৰীৰত প্ৰোবায়টিকৰ সংখ্যা কমি যায়। 

প্ৰোবায়টিক খাদ্য: : 

—————————————-

আমি ঘৰতে একেবাৰে সহজতে পাব পৰা এবিধ প্ৰোবায়টিক খাদ্য হল দৈ (Yogurt)। 

প্ৰোবায়টিক খাদ্য হিচাপে দৈৰ উপকাৰীতা

—————————————-

১) ই ছালৰ সতেজতা বৃদ্ধি কৰি সৌন্দৰ্য বৃদ্ধিত সহায় কৰে। 

২)খাদ্য সহজতে পাচন কৰাত সহায় কৰে। 

৩)শৰীৰৰ অতিৰিক্ত মেদ হ্ৰাস কৰাত সহায় কৰে। 

৪) হাড়ৰ শক্তি বৃদ্ধিত সহায় কৰে। 

৫)শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। 

সামৰণি: : 

—————————————-

আজিকালি চিকিৎসা বিজ্ঞানৰ প্ৰধান ধাৰণাটোৱে হৈছে Prevention.

এক কথাত ক’বলৈ গলে ইয়াকে

Prevention is better than Cure বুলি কোৱা হয়। 

প্ৰোবায়টিক খাদ্যবোৰ আমি ব্যৱহাৰ কৰি থাকিলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি পায়। ফলত আমি ইয়াৰ ব্যৱহাৰৰ দ্বাৰা বহুতো ধৰণৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰো।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!