পৰমাণু বিজ্ঞানৰ আইছ’ট’প-অৰবিন্দ গোস্বামী


পৰমাণু বিজ্ঞানৰ সদায় বিস্ময়কৰ আৱিস্কাৰ কিছুমানেৰে মানৱ জাতিৰ উন্নতি সাধন কৰি আহিছে। এই বিস্ময়কৰ আৱিস্কাৰবোৰৰ ভিতৰত আইছ’ট’প অন্যতম। আইছ’ট’প সম্পৰ্কে আমাৰ সাধাৰণ মানুহে নাজানিলেও কাৰ্যক্ষেত্ৰত ই সদায় ব্যৱহাৰ হৈ আছে। এই আইছ’ট’প সম্পৰ্কে ধাৰণা কৰিবলৈ আমি ৰসায়ন বিজ্ঞানৰ কেইটামান কথা জনাৰ অৱশ্যেই আৱশ্যক।

প্ৰকৃতিত বৰ্তমানলৈকে ৯২ টা মৌলৰ অৱস্থিতি সম্পৰ্কে জানিব পৰা গৈছে। আমি উশাহ-নিশাহ লওঁতে ব্যৱহাৰ কৰা বায়ুমণ্ডলৰ অক্সিজেন, নাইট্ৰ’জেন, হাইড্ৰ’জেন ইত্যাদি কিছুমান গেছ কেৱল মাত্ৰ এটা মৌলৰেই গঠন হৈছে। কেইটামান অন্যান্য মৌলৰ নাম হ’ল–হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, ব’ৰণ, কাৰ্বন, ফ্লুৰিণ, নিয়ন, ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, ছিলিকণ, ফছফৰাছ, ছালফাৰ, ক্ল’ৰিণ, আৰ্গন, আইৰণ, আৰ্ছেনিক, ক’পাৰ, ছিলভাৰ, গ’ল্ড, প্লেটিনাম ইত্যাদি। ইয়াৰে কিছুমান মৌলৰ নাম আমি শুনিছো আৰু কিছুমানৰ নাম শুনা নাই।কিন্তু আমি সোণ, ৰূপ, তাম, লো আদি ধাতুবোৰৰ নাম নিশ্চয় জানো। ধাতুবোৰ সকলোৱেই একো একোটা মৌল।একেদৰে অধাতুবোৰো একো একোটা মৌল।

মৌলৰ ভিতৰত কিছুমান উপপাৰমাণৱিক কণা থাকে। এই তিনি প্ৰকাৰৰ কণিকা হৈছে–ইলেকট্ৰন, প্ৰ’টন আৰু নিউট্ৰন। প্ৰ’টন আৰু নিউট্ৰন পৰমাণুৰ কেন্দ্ৰত থাকে আৰু এই দুটা কণাৰ ওপৰত মৌলটোৰ ভৰ নিৰ্ভৰ কৰে। কাৰণ তৃতীয় উপপাৰমাণৱিক কণা ইলেকট্ৰন কিছুমান উপবৃত্তাকাৰ পথত নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে। ভৰৰ ক্ষেত্ৰত ইলেকট্ৰনৰ অৰিহণা নাথাকিলেও ই মৌলটোৰ মূল ধৰ্মবোৰ নিৰ্ধাৰণ কৰে। পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰ’টনৰ সংখ্যাৰ সৈতে ইয়াৰ চাৰিওফালে ঘূৰি থকা ইলেকট্ৰনৰ সংখ্যা সদায় সমান হয়। এই সুনিৰ্দিষ্ট প্ৰ’টনৰ সংখ্যাকেই পাৰমাণৱিক সংখ্যা বোলে।

এতিয়া আহোঁ আমাৰ আলোচ্য মূল বিষয় আইছ’ট’পলৈ।কেতিয়াবা কেতিয়াবা একেটা মৌলৰে বিভিন্ন পৰমাণুৰ ভৰ ভিন ভিন হোৱা দেখা যায়। ইয়াৰ কাৰণ হৈছে–একে মৌলৰ সকলো পৰমাণুত থকা প্ৰ’টনৰ সংখ্যা সমান হ’লেও নিউট্ৰনৰ সংখ্যা ভিন ভিন হ’ব পাৰে। যিহেতু প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যাই মৌলটোৰ ভৰ নিৰ্ধাৰণ কৰে, সেয়ে একে মৌলৰ ভিন ভিন পৰমাণুৰ ভৰ ভিন্ন হ’ব পাৰে। ইয়াকে সমস্থানিক বা আইছ’ট’প বোলে।

আনহাতে মৌল এটাৰ পৰমাণুৰ প্ৰ’টন অাৰু নিউট্ৰনৰ মুঠ সংখ্যাকেই ভৰ সংখ্যা বোলে।

কেইটামান আইছ’ট’প–প্ৰকৃতিত হাইড্ৰ’জেনৰ তিনিটা আইছ’ট’প আছে। যথা–প্ৰটিয়াম—১৷প্ৰ’টন এটা, নিউট্ৰন 

নাই।

২৷ডয়টেৰিয়াম–প্ৰ’টন এটা আৰু নিউট্ৰন এটা।

৩৷ট্ৰিটিয়াম—প্ৰ’টন ‍এটা আৰু নিউট্ৰন ২ টা।

কাৰ্বনৰ তিনিটা সমস্থানিক C-12, C-13 আৰু C-14-

এই তিনিওটা সমস্থানিকৰ কাৰ্বন পৰমাণুকেইটাত সমসংখ্যক অৰ্থাৎ ছটাকে প্ৰ’টন আছে যদিও ইয়াৰ নিউট্ৰনৰ সংখ্যা যথাক্ৰমে—-ছয়,সাত আৰু আঠটা।

কিছুমান সমস্থানিকৰ ধৰ্ম তেজষ্ক্ৰিয়,ইহঁতক তেজষ্ক্ৰিয় সমস্থানিক বোলে। তেজষ্ক্ৰিয়তাৰ অৰ্থ হ’ল স্বয়ংক্ৰিয়ভাৱে শক্তিৰ বিকিৰণ কৰি থকা। কিছুমান সমস্থানিকে আকৌ তেজষ্ক্ৰিয় ধৰ্ম প্ৰদৰ্শন নকৰে। তেনে সমস্থানিকবোৰক সুস্থিৰ সমস্থানিক বোলে। কাৰ্বনৰ C -14 সমস্থানিক তেজষ্ক্ৰিয় হোৱাৰ বিপৰীতে C-12 আৰু C-13 সুস্থিৰ সমস্থানিক। এতিয়ালৈকে প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা সমস্থানিকৰ সংখ্যা প্ৰায় ৩৩৯ টা। ইয়াৰ ভিতৰত ২৮৬টা হৈছে প্ৰাইমৰ্ডিয়েল বা আদিম সমস্থানিক। প্ৰাইমৰ্ডিয়েল হ’ল সেই শ্ৰেণীৰ সমস্থানিক, যিবোৰ সৌৰজগতৰ সৃষ্টিৰ পূৰ্বৰেপৰা এতিয়ালৈকে বৰ্তি আছে।

ই প্ৰাইমৰ্ডিয়েল সমস্থানিকসমূহৰ ভিতৰত ৩৪ টাৰ অৰ্ধজীৱনকাল অত্যন্ত দীঘল(প্ৰায় ১০০ মিলিয়ন বৰ্ষ)।আৰু বাকী ২৫২ টা সমস্থানিকক তুলনামূলকভাৱে সুস্থিৰ সমস্থানিক বুলি ধৰা হয়।

একে মৌলিক পদাৰ্থৰ বিভিন্ন আইছ’ট’পৰ ৰাসায়নিক ধৰ্ম একে, কিন্তু ভৌতিক ধৰ্ম বেলেগ বেলেগ।

প্ৰায় অধিকাংশ মৌলিক পদাৰ্থই তাৰ নিজস্ব আইছ’ট’পৰ মিশ্ৰণ। অক্সিজেন আৰু ক্ল’ৰিণৰ দুটিকৈ আইছ’ট’প আছে।

কোনো কোনো মৌলিক পদাৰ্থৰ আইছ’ট’প তেজষ্ক্ৰিয়।অৰ্থাৎ ইহঁতে কিছুমান অদৃশ্য ৰশ্মি বিকিৰণ কৰি থাকি অন্য মৌলিক পদাৰ্থলৈ ৰূপান্তৰ হ’ব পাৰে।

“মাচ স্পেক্ট’গ্ৰাফ বা ভৰ বৰ্ণালী” চিত্ৰ গ্ৰাহক যন্ত্ৰৰ সহায়ত মৌলিক পদাৰ্থৰ আইছ’ট’পসমূহ পৃথক কৰিবপৰা যায়।

আইছ’ট’পৰ ব্যৱহাৰ-

ৰেডিঅ’ আইছ’ট’প আমাৰ পক্ষে খুৱ উপকাৰী। কেঞ্চাৰ  ৰোগীৰ শৰীৰৰ যি অংশত কোষৰ অস্বাভাৱিক বৃদ্ধি ঘটে, সেই কোষ পুৰি নষ্ট কৰিবলৈ ক’বাল্ট-60 আইছ’ট’প ব্যৱহাৰ কৰা হয়।

বহু ধৰণৰ ৰোগ নিৰ্ণয়ৰ বাবে আইছ’ট’প ব্যৱহাৰ কৰা হয়।

কাৰ্বন-14 মৃত প্ৰাণীৰ বয়স নিৰ্ধাৰণৰ বাবে ব্যৱহাৰ কৰা হয়। এই প্ৰক্ৰিয়াৰে বয়স নিৰূপণ কৰাকে কোৱা হয় “তেজষ্ক্ৰিয় তাৰিখ নিৰূপণ”। আয়’ডিনৰ আইছ’ট’প গলগণ্ড ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

কৃষিক্ষেত্ৰত পতঙ্গ নিয়ন্ত্ৰণত তেজষ্ক্ৰিয় আইছ’ট’প ব্যৱহাৰ কৰা হয়। কৃত্ৰিম ৰেডিঅ’ আইছ’ট’প ৰাসায়নিক বিক্ৰিয়া পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। প্ৰাণী আৰু উদ্ভিদৰ দেহত বিভিন্ন যৌগৰ গতিবিধি নিৰ্ণয় কৰিবলৈও ইয়াক নিৰ্ণায়ক হিচাপে ব্যৱহাৰ কৰা হয়।

ৰেডিঅ’ আইছ’ট’পে বিকিৰণ কৰা ৰশ্মিৰদ্বাৰা বেক্টেৰিয়া নিধন সম্ভৱ। সেয়ে খাদ্যবস্তু সংৰক্ষণৰ বাবে ৰেডিঅ’আইছ’ট’প ব্যৱহাৰ কৰা হয়। গ্ৰহৰ বয়স নিৰ্ধাৰণৰ বাবে ৰেডিঅ’ আইছ’ট’প ব্যৱহাৰ কৰা হয়। তেল আৰু পানীৰ পাইপলাইনত ফুটা থকা বা নথকা সমন্ধে নিশ্চিত কৰিবলৈ ৰেডিঅ’ আইছ’ট’প ব্যৱহাৰ কৰা হয়। ৰক্ত পৰীক্ষাৰ বাবে চিকিৎসা ক্ষেত্ৰত ক্ৰ’মিয়াম-51 আৰু গ’ল্ড-189 আইছ’ট’প ব্যৱহাৰ কৰা হয়। কোনো ব্যক্তিৰ মগজুত টিউমাৰ থকা অথবা নথকা সমন্ধে নিশ্চিত কৰিবলৈ তেজষ্ক্ৰিয় মাৰ্কাৰি-203 সমস্থানিক ব্যৱহাৰ কৰা হয়। কিছুমান চৰ্মৰোগ নিৰাময়ৰ বাবে ফছফৰাছ-31 আইছ’ট’প ব্যৱহাৰ কৰা হয়। বিভিন্ন প্ৰকাৰৰ শস্যৰ উৎপাদন বঢ়াবলৈ কৃষি ভূমিত সাৰ হিচাপে P-32 আইছ’ট’প ব্যৱহাৰ কৰা হয়।

আইছ’ট’প অথবা ৰেডিঅ’ আইছ’ট’পৰ বিভিন্ন ক্ষেত্ৰত কৰা এই ব্যৱহাৰৰপৰা অনুমান কৰিব পাৰি যে আইছট’পৰ ব্যৱহাৰে আমাৰ জীৱন ধাৰণৰ মান কিমান উন্নত কৰিব পাৰে। এই ক্ষেত্ৰত দেখা দিয়া অপাৰ সম্ভাৱনীয়তাৰ বাবে আজি এই ক্ষেত্ৰখনত নতুন নতুন পৰীক্ষা-নিৰীক্ষা চলিবলৈ অৰম্ভ কৰিছে। আইছ’ট’পৰ প্ৰকৃত সুব্যৱহাৰ হ’লে বৰ্তমান অসম্ভৱ বুলি ভবা বহু কথাই সম্ভৱপৰ হৈ উঠাৰ থল আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!