পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (অচিন্ত্য বৰঠাকুৰ)

সাধাৰণ দৃষ্টিত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে অন্তৰায় যেন লাগিলেও মানুহৰ মূত্ৰ (স্বমূত্ৰ)ক চিকিৎসাৰ বাবে ব্যৱহাৰ কৰাৰ প্ৰথা প্ৰাচীন কালৰে পৰা ৰোমান, ইজিপ্তীয়, চীনা, ভাৰতীয়কে আদি কৰি বহুতো সভ্যতাত বহুলভাবে প্ৰচলিত আছিল বুলি তথ্য পোৱা যায়। প্ৰাচীন ৰোমত দাঁত মাজিবৰ বাবে স্বমূত্ৰ ব্যৱহাৰ কৰা হৈছিল। ফ্ৰান্সত প্ৰচলিত প্ৰথা অনুসৰি তাৰ ফৰাচী লোক সকলে ডিঙিৰ সুৰসুৰণি বা কাহৰ পৰা উপশম পাবলৈ স্বমূত্ৰত ডুবোৱা মোজা নিজৰ ডিঙিত বান্ধি ৰখাৰ নিয়ম আছিল। ফৰাচী সুন্দৰী সকলে নিজৰ সৌন্দৰ্য চৰ্চাৰ বাবে স্নান কাৰ্যত স্বমূত্ৰ বহুলভাৱে ব্যৱহাৰ কৰিছিল। মেক্সিকোৰ কোনো কোনো অংশত শিশুৰ মূত্ৰৰ লগত মাকৈৰ গুড়ি মিহলি কৰি প্ৰস্তুত কৰা এবিধ মলমক ভগা হাড় জোৰা লগোৱাৰ চিকিৎসাত ব্যৱহাৰ কৰা হৈছিল।

বিভিন্ন ধৰ্মগ্ৰন্থতো স্বমূত্ৰ চিকিৎসাৰ সপক্ষে মতামত পোৱা যায়। মানুহৰ মূত্ৰক হিন্দু ধৰ্মশাস্ত্ৰৰ শিৱাম্ভু কল্পবিধি বা ডামৰ তন্ত্ৰত ভগৱান শিৱৰ আশিসধন্য মাঙ্গলিক জল হিচাবে গণ্য কৰি পান কৰাৰ বিধি উল্লেখ আছে। ৰাতিপূৱা সময়ত সংগ্ৰহ কৰা স্বমূত্ৰ বা (আমাৰলি) বিভিন্ন চিকিৎসাৰ বাবে কেনেধৰণৰে উপযোগী কৰি তুলিব পাৰি আৰু সেয়া কেনেধৰণে ব্যৱহাৰ কৰিব লাগে, তাৰ বিষদ বিৱৰণ উল্লেখ আছে আয়ুৰ্বেদ শাস্ত্ৰত। খ্ৰীষ্টান সকলৰ ধৰ্মগ্ৰন্থ বাইবেলত স্বমূত্ৰ সেৱনৰ সপক্ষে মত দি কোৱা হৈছে, “Drink water from thine own cistern and the streams of thine own well.”। অৱশ্যে ইছলাম ধৰ্মশাস্ত্ৰই মূত্ৰক অপৰিষ্কাৰ বুলিয়েই উল্লেখ কৰি মানুহক মূত্ৰ সেৱন কাৰ্যৰ পৰা বাৰণ কৰিছে। প্ৰখ্যাত হোমিওপেথী চিকিৎসক পণ্ডিত জন হেনৰী ক্লাৰ্কৰ মতে স্বমূত্ৰ চিকিৎসা ব্যৱস্থা মানৱ সভ্যতাৰ সমানেই পুৰণি। স্বমূত্ৰ চিকিৎসাৰ এজন বিখ্যাত সমৰ্থক তথা ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইৰ মতে আৰ্থিক দুৰ্বলতাৰ বাবে অন্যান্য খৰচী চিকিৎসা সমূহৰ ওচৰ চাপিব নোৱাৰা কৌটি কৌটি ভাৰতীয়ৰ বাবে স্বমূত্ৰ চিকিৎসা ব্যৱস্থাই সৰ্বোত্তম ফলপ্ৰসূ উপায়। বৃটিছ অভিনেত্ৰী চাৰা মাইল্সৰ মতে স্বমূত্ৰ সেৱনে মানুহক অন্যান্য লাভালভৰ উপৰি এলাৰ্জীজনিত সমস্যাৰ পৰাও মুক্তি দিব পাৰে।

স্বমূত্ৰ চিকিৎসা ব্যৱস্থাসমূহৰ মতে মূত্ৰৰ জৰিয়তে দেহৰ পৰা বাহিৰ হৈ যোৱা ইউৰীয়া, ইউৰিক এচিড, চাইট’কাইন, কেইবাবিধো হ’ৰমন বা ইউৰ’কাইনেজ আদি কেইবাবিধো পদাৰ্থৰ এটা অংশ স্বমূত্ৰ সেৱনৰ জৰিয়তে দেহত পুনৰাই প্ৰৱেশ কৰাব পৰাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিশ্বাস কৰা হয়। আনহাতে, স্থানীয় বা বাহ্যিক স্বমূত্ৰ চিকিৎসা ব্যৱস্থাত (Local Urine Therapy) দেহৰ অংগত মৰ্দন বা মালিছ কৰা, স্থানীয় টিউমাৰৰ ওপৰত সেক দিয়া, চৰ্মৰোগাগ্ৰস্ত অংশ ধোৱা বা স্নান কৰা, চকুত আৰু নাকত টোপাল হিচাবে দিয়া, কটা ঘাঁ ধোৱা আদি কেইবাটাও কাৰ্যত স্বমূত্ৰ ব্যৱহাৰ কৰা হয়। দূৰাৰোগ্য কেন্সাৰৰ চিকিৎসাতো স্বমূত্ৰৰ ব্যৱহাৰে ভাল ফলাফল দেখুওৱা বুলি কোনো কোনো ব্যক্তি আৰু প্ৰতিষ্ঠানে দাবী কৰা শুনিবলৈ পোৱা যায়। এই ব্যৱস্থাত ৰোগীৰ প্ৰস্ৰাৱৰ জৰিয়তে দেহৰ পৰা ওলাই যোৱা কিছুমান এণ্টিজেনক পুনৰ শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰাব পাৰিলে কেন্সাৰ ৰোগীজনৰ দেহত প্ৰতিৰোধকৰ পৰিমাণ বাঢ়ি যায় আৰু সি কেন্সাৰ ৰোগৰ প্ৰতিৰোধত অৰিহণা যোগায়গৈ বুলি বিশ্বাস কৰা হয়।

অবশ্যে আধুনিক চিকিৎসা শাস্ত্ৰই স্বমূত্ৰ চিকিৎসা ব্যৱস্থাৰ বৈজ্ঞানিক ভিত্তি এতিয়াও বিচাৰি উলিয়াব পৰা নাই। ইয়াৰ ওপৰত অধিক তথ্য আহৰণৰ বাবে বিভিন্ন স্থানত গৱেষণা চলি আছে।

মানুহৰ মূত্ৰত শৰীৰৰ পৰা ইউৰিয়াকে মূখ্য কৰি আন কেইবাটাও ৰূপত নাইট্ৰ’জেন বাহিৰ হৈ যায়। উদ্ভিদৰ বিকাশত যিহেতু নাইট্ৰ’জেন এক অতিকে প্ৰয়োজনীয় উপাদান, সেয়েহে মানুহৰ মূত্ৰক উদ্ভিদৰ সাৰ হিচাবে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও মানুহৰ মূত্ৰত যোজিত ৰূপত থকা কম পৰিমাণৰ ফছফৰাছ, পটাছিয়াম আৰু ভিটামিন বা শৰ্কৰা আদিও উদ্ভিদৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰতে পৰে। অবশ্যে সাৰ হিচাবে ব্যৱহাৰ কৰিবৰ কাৰণে মানুহৰ মূত্ৰক কেনেধৰণেৰে উপযোগী কৰি ল’ব লাগে, তাৰ কিছুমান নিৰ্দ্দিষ্ট নিয়ম আছে। গৰু, ছাগলী আদি বহুতো তৃণভোজী প্ৰাণীৰ মূত্ৰক মানুহে পুৰণি কালৰপৰাই উদ্ভিদৰ বাবে উৎকৃষ্ট সাৰ হিচাবে ব্যৱহাৰ কৰি আহিছে।

মানুহৰ মূত্ৰক বিদ্যুৎ শক্তি উৎপাদনৰ কামতো ব্যৱহাৰ কৰাৰ ওপৰত প্ৰচেষ্টা চলি আছে। আফ্ৰিকা মহাদেশৰ নাইজেৰিয়াৰ লাগোছ নামৰ ঠাইত কেইগৰাকীমান কিশোৰীয়ে এই কাৰ্যত সফলতা লাভ কৰা বুলি ইতিমধ্যে খবৰ প্ৰকাশিত হৈছে। তেওঁলোকে মানুহৰ মূত্ৰক এটা বিদ্যুৎ বিশ্লেষক কোষত লৈ নাইট্ৰ’জেন, পানী আৰু হাইড্ৰ’জেনলৈ বিশ্লেষিত কৰি পেলায়। এনেদৰে পোৱা হাইড্ৰ’জেনখিনিক তেওঁলোকে পৰ্যায়ক্ৰমে পানী আৰু পনীয়া ব’ৰাক্সৰ পৰিশোধকৰ মাজেৰে পাৰ কৰি নি এটা জেনেৰেটৰত ইন্ধন হিচাবে যোগান ধৰি তাৰ পৰা বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে।

আপুনি হয়তো এইকথা জানিবলৈ পাই আচৰিত হ’ব যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি ভাবুকি বুলি আপুনি ইমানদিনে ভাবি অহা মানুহৰ মূত্ৰক পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিবৰ বাবেও ব্যৱহাৰ কৰা হয়। মানুহৰ শৰীৰৰ পৰা বাহিৰ হৈ যোৱাৰ পাচত সময়ৰ লগে লগে প্ৰস্ৰাৱত থকা ইউৰিয়াৰ বিভঙ্গন ঘটি তাৰ পৰা এমনিয়া নিৰ্গত হয়। এই এমনিয়াৰ বিৰঞ্জক(bleaching) হিচাপে ব্যৱহাৰ কৰি বহুত পুৰণি কালৰ পৰাই কাপোৰ ধোৱাৰ কামত ব্যৱহাৰ কৰা হৈ আহিছে। উল্লেখযোগ্য যে ইয়াৰ বাবে প্ৰস্ৰাৱক আৰু অলপ অপৰিষ্কাৰ(!) কৰি লোৱাটো প্ৰয়োজনীয়। অৰ্থাৎ, এটা ডাঙৰ পাত্ৰত কেইবাদিনৰ বাবে প্ৰস্ৰাৱ জমা কৰি ৰাখি তাৰ বিভংগন হ’বলৈ দিলে সেয়া বেচ কাৰ্যকৰী হৈ উঠে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে ব্যৱহাৰ কৰা এই প্ৰথা পৃথিৱীৰ প্ৰায়বিলাক স্থানতেই প্ৰচলিত আছিল আৰু এতিয়াও ক’ৰবাত গোপনে আৰু আন কৰ’বাত জনা-জনিকৈয়ে চলি আছে বুলি জনা যায়।

লেখাটো তৈয়াৰ কৰাত অন্যান্য উৎসৰ লগতে তলৰ সূত্ৰসমূহৰ পৰাও সহায় লোৱা হৈছে:
_http://en.wikipedia.org/wiki/Urine_therapy_
_http://health.amuchbetterway.com/urine-therapy-benefits-and-uses/_
_http://askville.amazon.com/urine-organic-fertilizer/AnswerViewer.do?requestId=6434824_
_http://ezinearticles.com/?Using-Human-Urine-As-A-Liquid-Fertilizer&id=392596_
_http://www.forbes.com/sites/matthewdepaula/2012/11/08/teens-create-a-way-to-use-urine-as-fuel/_
_http://thenextweb.com/shareables/2012/11/07/forget-apps-and-other-useless-startups-these-four-african-girls-have-created-a-pee-powered-generator/_
_http://www.wisegeek.com/is-it-true-that-people-can-use-urine-for-bleaching.htm_

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!