পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা

পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা

ණ অচিন্ত বৰঠাকুৰ

চৰাইৰ বিষ্ঠা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে এক ডাঙৰ ভাবুকি। গছৰ ডাল, বিজুলী পৰিবাহী তাঁৰ বা আন যি কোনো ওখ স্থানৰ পৰা ইহঁতে সাধাৰণতে তললৈ নোচো‌ৱাকৈয়ে মলত‌্যাগ কৰাৰ ফলত বিভিন্ন স্থান বেয়াকৈ অপৰিষ্কাৰ হৈ পৰে। পক্ষীকূলৰ বসবাসৰ বাবে উপযুক্ত স্থানৰ অভা‌ৱৰ বাবে সিহঁতে য‘তে ত‘তে কৰা এই আচৰণে সাধাৰণতে নগৰাঞ্চলত মানুহক অধিক বিপদত পেলায়। একো একোটি পক্ষীয়ে দিনটোত কিমানবাৰলৈকে মলত‌্যাগ কৰিব পাৰে, তাৰ কোনো নিৰ্দিষ্ট হিচাব নাই। ইপিনে আকৌ, ইহঁতে সাধাৰণতে দলবদ্ধভাবেই বাস কৰে বাবে এই কাৰ্যৰ যোগেৰে কম সময়তে এক বিস্তাৰিত এলেকা অপৰিষ্কাৰ কৰি পেলাব পাৰে। গতিকে, আন প্ৰাণীতকৈ চৰাইৰ বিষ্ঠাৰ পৰা হ’ব পৰা ভাবুকি পৰিষ্কাৰ–পৰিচ্ছন্নতাৰ বাবে অধিক শক্তিশালী যেন দেখা যায়।

পক্ষীৰ মল–মূত্ৰৰ পৰা সৃষ্টি হো‌ৱা অপৰিষ্কাৰ পৰিবেশ মানুহৰ স্বাস্থ‌্যৰ বাবেও হানিকাৰক। পক্ষীৰ মল–মূত্ৰৰ পৰা নিৰ্গত হো‌ৱা দুৰ্গোন্ধ মূৰৰ বিষ আৰু পেটৰ অসুখ বা বদহজমৰ কাৰক হ’ব পাৰে। তাৰ উপৰিও পক্ষীৰ মল–মূত্ৰৰে পৰিপূৰ্ণ এলেকাত বাস কৰিবলৈ অহা বিভিন্ন ক্ষুদ্ৰ–ক্ষুদ্ৰ জী‌ৱ–অণুজী‌ৱ বা শেলাই–ভেঁকুৰ আদি যিকোনো প্ৰকাৰে মানুহৰ শৰীৰলৈ প্ৰবেশ কৰি বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰা দেখা যায়। ক্ৰিপ্ট’কক্ক’চিছ (Cryptococcosis), হিষ্টোপ্লাছম’চিছ (Histoplasmosis), ছিটাক’চিছ (Psittacosis), পক্ষীজ্বৰ(Avian influenza), বিভিন্ন এলাৰ্জি জনিত ৰোগ, বহুতো প্ৰকাৰৰ হাঁও ফাঁও ৰোগ বা শ্বাস–প্ৰশ্বাসজনিত ৰোগকে আদি কৰি এশ–এবুৰি ৰোগ পক্ষীৰ সঞ্চিত মল–মূত্ৰৰ জৰিয়তে মানুহৰ গালৈ প্ৰ‌ৱেশ কৰিব পাৰে বুলি তথ‌্য আৰু প্ৰমাণ পো‌ৱা যায়।

এইখিনিতে উল্লেখ কৰিব পাৰি যে স্তন‌্যপায়ী প্ৰাণীৰ নিচিনাকৈ চৰাই আৰু কিছুমান সৰীসৃপ প্ৰাণীয়ে মল আৰু মূত্ৰ দুটা পৃথক পৃথক বস্তু হিচাপে শৰীৰৰ পৰা বাহিৰ নকৰে। ইহঁতৰ বাবে মল আৰু মূত্ৰ ত‌্যাগ কৰাৰ পথ একেটাই। এনেবোৰ প্ৰাণীৰ শৰীৰৰ ভিতৰত মল আৰু মূত্ৰ পৃথকে পৃথকে উৎপন্ন হয় যদিও শৰীৰৰ পৰা বাহিৰ হৈ যো‌ৱাৰ আগতে মূত্ৰৰ ঘণীভ‌ৱন হৈ একধৰণৰ গোটা পদাৰ্থৰ সৃষ্টি হয়, যাক নিষ্কাষণৰ পিছত মলৰ লগত এক ক্ষুদ্ৰ বগা অংশ হিচাবে দেখা পো‌ৱা যায়। সেই বগা অংশ আচলতে ইউৰিক এচিড, যাৰ সৰলীকৃত ৰূপ (ইউৰিয়া)টো স্তন‌্যপায়ী প্ৰাণীৰ মূত্ৰত বহুলভা‌ৱে পো‌ৱা যায়। ইউৰিয়াৰ নিচিনাকৈ ইউৰিক এচিডেও উদ্ভিদৰ বাবে প্ৰয়োজনীয় নাইট্ৰ’জেন নামৰ মৌলবিধ বহন কৰে বাবে বাবে পক্ষীৰ বিষ্ঠায়ো উদ্ভিদৰ বাবে এক প্ৰাকৃতিক সাৰ হিচাবে কাম কৰে।

পৃথি‌ৱীৰ কোনো কোন দেশত এপ্ৰিল মাহৰ পহিলা তাৰিখৰ পৰা ৰাষ্ট্ৰীয় বিষ্ঠা খোচৰা সপ্তাহ (National Scoop the Poop Week) আৰু চতুৰ্থ সপ্তাহত বিশ্ব বিষ্ঠা খোচৰা সপ্তাহ পালন কৰা হয়, য’ত পৃথি‌ৱীখনক বিভিন্ন জী‌ৱ–জন্তুৰ বিষ্ঠাৰ পৰা মুক্ত কৰি পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সংকল্প লো‌ৱা হয়।

পৰিষ্কাৰ–পৰিচ্ছন্নতাৰ প্ৰতি ভাবুকি বুলি ভাবিলেও পক্ষীৰ বিষ্ঠাৰ কিছুমান পৰিষ্কাৰ গুণো নোহো‌ৱা নহয়। ড’ড’ চৰাইৰ বিষ্ঠাৰ যোগেদি নিষ্কাষিত হো‌ৱা পদাৰ্থৰ যোগেদি কেলভেৰিয়া(Calvaria) নামৰ গছবিধৰ বংশ বিস্তাৰিত হৈছিল বুলি জনা যায়। মৰিচাচ দ্বীপত বসবাস কৰা এই চৰাইবিধে নিজৰ খাদ‌্য হিচাবে ব‌্য‌ৱহাৰ কৰা কেলভেৰিয়া গছৰ গুটিৰ পৰা নিজৰ পাচনতন্ত্ৰৰ যোগেদি প্ৰয়োজনীয় পুষ্টি সামগ্ৰী সংগ্ৰহ কৰাৰ পিচত গুটিটোৰ ভিতৰত থকা ভ্ৰুণ অংশ গজালি মেলিবৰ উপযুক্ত হৈ পৰে। পিছে, কেলভেৰিয়াৰ গুটিৰ মাজৰ সেই ভ্ৰুণ অংশটো ড’ড’ৰ পেটত হজম নহয় আৰু বিষ্ঠাৰ লগত বাহিৰলৈ ওলাই আহে। পিচলৈ সেই ভ্ৰুণেই গজালি মেলি এজোপা পৈণত গছত পৰিণত হৈ ড’ড’ৰ বাবে খাদ‌্য উৎপাদন কৰিব পৰা হয়গৈ। বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ অচিলাত, সোতৰ শতিকাৰ শেষ ভাগলৈ ড’ড’ নামৰ চৰাইবিধ পৃথি‌ৱীৰ পৰা নিঃশেষ হৈ যো‌ৱাৰ পিচৰ পৰাই লাহে লাহে কেলভেৰিয়া গছবিধো সমূলাঞ্চে নোহো‌ৱা হৈ পৰিল। অসমত পো‌ৱা বহুতো থলু‌ৱা চৰাইৰ বিষ্ঠাৰ যোগেদি অক্ষতভাবে নিষ্কাষিত হো‌ৱা কিছুমান বীজেও বহুতো থলু‌ৱা উদ্ভিদৰ সঁচ বিস্তাৰণত সহায় কৰা দেখা যায়। এই বিষয়ত অবশ‌্যে অধিক গ‌ৱেষণাৰ প্ৰয়োজন আছে।

—————————

লেখাটো যুগুত কৰিবলৈ নিম্নোক্ত সূত্ৰসমূহৰ পৰাও সহায় লো‌ৱা হৈ‌ছে:
http://www.idph.state.il.us/public/hb/hbb&bdrp.htm
http://wiki.answers.com/Q/Why_is_bird_poop_black_with_white_dot
http://www.birdchannel.com/bird-diet-and-health/bird-care/bird-poop.aspx
http://www.rentokil-hygiene.co.uk/specialist-disinfection/bird-droppings-removal/diseases/index.html
http://10000birds.com/what-is-bird-poop.htm
http://www.gone-ta-pott.com/national_scoop_the_poop_week.html
http://www.kidzworld.com/article/353-history-the-dodo-bird
http://www.youtube.com/watch?v=RwyLAo3DJGY

===================

হস্তীৰ দেখিয়া লাদ

“হস্তীৰ দেখিয়া লাদ
শশাৰ যেন ফাৰে মাৰ্গ
মোৰ ভৈল তেহ্নয় অ‌ৱস্থা”

বাল্মীকি ৰামায়ণৰ অসমীয়া পদানুবাদকাৰী বিখ‌্যাত কবি মাধ‌ৱ কন্দলীৰ কাব‌্য প্ৰতিভাৰ ওচৰত মূৰ দোৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱে তেওঁৰ উত্তৰকাণ্ড ৰামায়ণৰ ভাঙণিত উল্লেখ কৰা এই কথাষাৰে পুৰণি কালৰ পৰা হাতীৰ বিষ্ঠাক ত্ৰাসৰ কাৰণ হিচাবে গণ‌্য কৰা কথা স্পষ্ট কৰে। তৃণভোজী তথা বৃহৎ স্তন‌্যপায়ী প্ৰাণী হাতীয়ে একেবাৰতে অতি বৃহৎ পৰিমাণৰ মল আৰু মূত্ৰ ত‌্যাগ কৰিব পাৰে। হাতীয়ে এবাৰত বৰ্জন কৰা বিষ্ঠাৰ পৰিমাণ বা লদাৰ আকৃতি সাধাৰণতে ইমানেই বেছি বা ডাঙৰ হয় যে সেইয়া আন কোনো প্ৰাণীৰ বাবে সঁচাকৈয়ে ত্ৰাসৰ কাৰণ হ’ব পাৰে। আকৌ বনৰীয়া হাতী সাধাৰণতে দলবদ্ধভাবে বসবাস বা বিচৰণ কৰে বাবে সিহঁতৰ বিষ্ঠাই বিস্তৃত এলেকা জুৰি ভয়ানক ধৰণে অপৰিষ্কাৰ কৰি তুলিব পাৰে। কে‌ৱল বিষ্ঠাই নহয়, হাতীয়ে ত‌্যাগ কৰা মূত্ৰৰ পৰিমাণো সেই অনুপাতে আন যি কোনো প্ৰাণীতকৈ বেছি। সেয়ে, দলবদ্ধ বনৰীয়া হাতীৰ মল–মূত্ৰৰ পৰা নিৰ্গত দুৰ্গন্ধই এক বিস্তৃত অঞ্চললৈকে বিয়পি অভিজ্ঞ প্ৰাণীক সিহঁতৰ বস‌ৱাসৰ স্থানৰ নিৰ্ভুল উমান দিয়ে। আকৌ, সিহঁতৰ বৃহৎ আকাৰৰ বিষ্ঠাত আহাৰৰ সন্ধান কৰিবলৈ অহা বিভিন্ন জী‌ৱ আৰু অনুজী‌ৱইও তাতে বংশবৃদ্ধি কৰি তেনে স্থানৰ অপৰিচ্ছন্নতাত আন এক উগ্ৰতা প্ৰদান কৰে।

পিছে, পৰিষ্কাৰ–পৰিচ্ছন্নতাৰ প্ৰতি ভাবুকি যেন লাগিলেও হাতীৰ লাদ আৰু মূত্ৰৰ গুণো অসীম। হাতীৰ লাদ আৰু মূত্ৰক খেতি পথাৰত উৎকৃষ্ট সাৰ হিচাবে ব‌্য‌ৱহাৰ কৰিব পাৰি। দক্ষিণ ভাৰতৰ কেৰালা, তামিলনাডু আদি ঠাইত হাতীৰ সদ‌্যবৰ্জিত বিষ্ঠাত ভৰি দিব পাৰিলে ভৰিত হো‌ৱা খহু–খজু‌ৱতি বা পানীয়ে খো‌ৱা আদি ৰোগ আৰোগ‌্য হয় বুলি বিশ্বাস আছে। দক্ষিণ ভাৰতৰ কোনো কোনো অংশত থকা লোকবিশ্বাসৰ বাবে হাতীৰ নেজৰ চুলি আৰু মূত্ৰ সেই অঞ্চলৰ মানুহে নিজৰ ঘৰত সংগ্ৰহ কৰি ৰাখে। আপুনি বিশ্বাস কৰিবলৈ টান পালেও হাতীৰ লাদৰ এক সুকীয়া স্থান আছে কফি তৈয়াৰ কৰা ব‌্য‌ৱসায়ত। হয়, হাতীৰ বিষ্ঠাৰ পৰা এক উৎকৃষ্ট মানৰ কফি তৈয়াৰ কৰা হয়।

আচৰিত আৰু অপৰিষ্কাৰ যেন লাগিলেও হাতীৰ লাদৰ পৰা তৈয়াৰ কৰা কফিৰ মূল‌্য পৃথি‌ৱীৰ ভিতৰতে সৰ্বাধিক। হাতীৰ লাদৰ পৰা তৈয়াৰ কৰা এইবিধ কফিক “কৃষ্ণ গজদন্ত কফি” বা ব্লেক আইভৰী কফি (Black Ivory Coffee) বুলি জনা যায়। আন্তঃৰাষ্ট্ৰীয় বজাৰত এইবিধ কফিৰ বৰ্তমান বজাৰ দৰ প্ৰতি কিলোগ্ৰামত ১১০০(এঘাৰশ) মাৰ্কিন ডলাৰকৈ অথবা প্ৰতি পিয়লাত ৫০(পঞ্চাশ) ডলাৰকৈ। এই বিশেষ কফিবিধৰ ইতিহাস বৰ বেছি পুৰণি নহয়। ২০১২ চনৰ মাজ ভাগৰ পৰা ব্লেইক ডেনকিন (Blake Dinkin) নামৰ কানাডিয়ান ব‌্যক্তি এজনৰ উদ‌্যোগত ঠাইলেণ্ডত এইবিধ কফি তৈয়াৰ কৰাৰ ক্ষেত্ৰত পৰীক্ষা–নিৰীক্ষা আৰম্ভ কৰা হৈছিল। এনে কফি তৈয়াৰ কৰাৰ বাবে তেওঁ নিজে নিৰ্দেশক হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা ঠাইলেণ্ডস্থিত সোণালী ত্ৰিভুজ এচীয় হস্তী আধাৰ (Golden Triangle Asian Elephant Foundation) নামৰ এক হাতীৰ আশ্ৰমত থকা বিশটা হাতীক আৰবীয় কফি Arabica coffee beans) নামৰ এবিধ বিশেষ প্ৰজাতিৰ কফি গছৰ গুটি (Cherry) খাবলৈ দিয়া হৈছিল। সাধাৰণতে কলগছ, জেওৰা খুটি বা বাঁহ গাজৰ দৰে বৃহৎ আকাৰৰ গছ–বনো হাতীয়ে অতি সহজে হজম কৰে বাবে ইয়াৰ হজম শক্তি অতিপাত শক্তিশালী বুলি ভবা হয় যদিও এই বিশেষ কফি বিধৰ সকলোবোৰ গুটিক কিন্তু ই সম্পূৰ্ণকৈ হজম কৰিব নো‌ৱাৰিলে। পৰীক্ষাটোত দেখা গ’ল যে, হাতীৰ পেটত আম্লিক পাকস্থলী ৰসৰ প্ৰভা‌ৱত পৰি কফিৰ গুটি বিলাকত থকা প্ৰটিন অণুবিলাক কিছু পৰিমাণে ভাগি গৈছিল আৰু হাতীবোৰক একে সময়তে খুউও‌ৱা খাদ‌্য সমূহৰ পৰা নিৰ্গত হো‌ৱা ৰসো আংশিক পৰিমাণে ইয়াৰ ভিতৰলৈ সোমাই আহিছিল। হাতীবিলাকক এই কফি গুটিসমূহ খাবলৈ দিয়াৰ পৰা প্ৰায় পোন্ধৰৰ পৰা ত্ৰিশঘণ্টাৰ ভিতৰত একাংশ গুটি গোটা অ‌ৱস্থাৰেই সিহঁতৰ পেটৰ পৰা বিষ্ঠাৰ লগত ওলাই আহিছিল, যিবিলাকক সহজেই সংগ্ৰহ কৰিব পৰা হৈছিল। এই পদ্ধতিৰে নিষ্কাষিত কফিগুটি সমূহক পিছত নিৰ্দ্দিষ্ট পদ্ধতিৰ মাজেৰে পাৰ কৰি নি সেই বিশেষ কফিবিধ আহৰণ কৰা হৈছিল। এনেদৰে প্ৰস্তুত কৰা কফিৰ স্বাদ অতি চিকণ আৰু সুন্দৰ পো‌ৱা গৈছিল আৰু ইয়াত সাধাৰণ কফিৰ চিনাকি তিক্ত স্বাদটো অনুভ‌ৱ নহৈছিল। পিছলৈ, বাণিজ‌্যিক উৎপাদনৰ ক্ষেত্ৰত কফিগুটিসমূহৰ সৈত‌্যে হাতীবিলাকক কল, কুহিঁয়াৰ আদি সুস্বাদু আৰু সুগন্ধি ফল–মূল জাতীয় সামগ্ৰী খাবলৈ দি এই কফিবিধত তেনে ফলৰ স্বাদগন্ধ (Flavour)ও অন্তৰ্ভূক্ত কৰি ইয়াক আৰু অধিক আকৰ্ষণীয় কৰি তোলা হ’ল। উল্লেখযোগ‌্য যে প্ৰায় ৩৩ কিলোগ্ৰাম কেঁচামাল (কফিগুটি বা Cherry) ব‌্য‌ৱহাৰ কৰি মাত্ৰ ১ কিলোগ্ৰামহে কৃষ্ণ হস্তীদন্ত কফি আহৰণ কৰিব পৰা যায় আৰু এই কফি বিক্ৰী কৰি সংগ্ৰহ কৰা ধনৰ আঠ শতাংশ আশ্ৰমৰ হাতীবিলাকৰ কল‌্যাণৰ বাবে ব‌্য‌ৱহাৰ কৰা হ‌য়। পৰীক্ষামূলকভাবে উৎপাদন কৰা এনে কফিৰ প্ৰথম সত্তৰ কিলোগ্ৰাম ২০১২ বৰ্ষটোৰ ভিতৰতে বিক্ৰী হৈ শেষ হৈ যো‌ৱালৈ চাই হস্তীৰ লাদ কিমান অপৰিষ্কাৰ, সেয়া অনুমান কৰা কঠিন হৈ পৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ইয়াৰ আগলৈকে সবাতোকৈ অধিক দামী কফিবিধ আছিল “ছিভেট্‌ কফি” বা “কপি লু‌-‌ৱাক”(civet coffee/kopi luwak) যিবিলাক প্ৰায় একেধৰণৰ পদ্ধতি অ‌ৱলম্বণ কৰি জহামাল বা পাণ্ডাৰ দৰে (Asian Palm Civet; বৈজ্ঞানিক নাম Paradoxurus hermaphroditus) এবিধ প্ৰাণীৰ বিষ্ঠাৰ জৰিয়তে সুমাত্ৰা, জাভা, বালি ইণ্ডোনেচিয়া আদি দেশত তৈয়াৰ কৰা হৈছিল। এনে কফিৰ মূল‌্য প্ৰতি কিলোগ্ৰামত সাতশ (৭০০) মাৰ্কিন ডলাৰ বা প্ৰতি পিয়লাত ত্ৰিশ(৩০) ডলাৰকৈ আছিল।

পৰিষ্কাৰ(অপৰিষ্কাৰ?) ব্লেক আইভৰী কফি তৈয়াৰ কৰিবৰ কাৰণে এই পৰ্যন্ত ঠাইলেণ্ডস্থিত সোণালী ত্ৰিভুজ এচীয় হস্তী আধাৰত থকা বিশটা হাতীকেই ব‌্য‌ৱহাৰ কৰা হৈছে যদিও এই সংবাদে অন‌্য হস্তীৰ বিষ্ঠাকো এনে পৰিষ্কাৰ কাৰ্যৰ সৈত‌্যে সংলগ্ন কৰাৰ বাট মুকলি কৰি দিছে।

————***———–

প্ৰসংগসূত্ৰ:-
http://taotauajer.blogspot.in/2012/10/omg-black-ivory-kopi-dari-najis-gajah.html
http://business.financialpost.com/2012/12/17/elephant-dung-coffee-black-ivory-becomes-worlds-most-expensive-brew/
http://www.theepochtimes.com/n2/world/photos-elephant-dung-coffee-the-world-s-most-expensive-323746.html
http://en.wikipedia.org/wiki/Black_Ivory_coffee
http://en.wikipedia.org/wiki/Kopi_Luwak
http://urbanlegends.about.com/od/fooddrink/a/kopi_luak.htm

Leave a Reply

Your email address will not be published. Required fields are marked *