“পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা” ( ড.ভূপেন্দ্ৰ শইকীয়া )

আজিৰ স্বাস্থ্য বিষয়ৰ লিখনিত আমি সকলোৱে জনা কিছুমান কথাই আলোচনা কৰিম ৷ অসমীয়াত এটা প্ৰবাদ প্ৰচলিত আছে – “পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা” ৷ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে পৰিষ্কাৰপৰিচ্ছন্নতা অপৰিহাৰ্য্য ৷ আমাৰ পৃথিৱীখন নানান কাৰণত প্ৰদূষিত হব ধৰিছে ৷ অন্ন, বস্ত্ৰ, গৃহৰ দৰে স্বাস্থ্য ৰক্ষাও আজিকালি মানুহৰ প্ৰাথমিক প্ৰয়োজনৰ ভিতৰত সোমাই পৰিছে ৷ জীয়াই থকাৰ বাবে “বাচি খাবা জাগি শুবা” আপ্তবাক্যশাৰী আখৰে আখৰে পালন কৰাৰ দিন আহি পৰিছে ৷ সেয়ে স্বাস্থ্য সচেতনতা জগাবলৈ মোৰ এই চমুলিখনি ৷
এতিয়া স্বাস্থ্যৰ লগত ওত:প্ৰোত সম্বন্ধ থকা কেইটিমান বিশেষ দিনলৈ লক্ষ্য কৰক ৷
সংযুক্ত ৰাষ্ট্ৰসংঘ আৰু বিশ্ব স্বাস্থ্য সংস্থাই পালনকৰা কেইটিমান উল্লেখযোগ্য দিৱস হ’ল : –

২২ মাৰ্চ- বিশ্ব জল দিৱস
৭ এপ্ৰিল- বিশ্ব স্বাস্থ্য দিৱস
৫ মে – বিশ্ব হস্ত স্বচ্ছতা দিৱস
৩১ মে – বিশ্ব ধূম্ৰপান বিৰোধী দিৱস
৫ জুন – বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস

জলেই হ’ল জীৱনৰ আধাৰ ৷ পানী অবিহনে প্ৰাণ থাকিব নোৱাৰে ৷ জলৰসুৰক্ষাই আমাক অন্নৰ সুৰক্ষা দি আহিছে ৷ কৃষিৰবাবেও জল অপৰিহাৰ্য্য ৷ পানীৰ অপচয় ৰোধ কৰি ইয়াৰ সদ-ব্যৱহাৰ কৰিবলৈ আমি শিকিব লাগিব ৷ ২২মাৰ্চৰ বিশ্ব জল দিৱসৰ তাৎপৰ্য্য তাতেই অন্তৰ্নিহিত ৷
১৯৪৮ চনৰ ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য সংস্থাৰ জন্ম হয় ৷ বৰ্তমানবিশ্বৰ ১৯৩ খন দেশ ইয়াৰ সদস্য ৷ বিশ্বস্বাস্থ্য সংস্থাই গোটেই পৃথিৱীৰ স্বাস্থ্য সম্বন্ধীয় নানান দিশ চোৱাচিতা কৰি আহিছে ৷ সৰু আইৰ নিৰ্মূল কৰাত ইয়াৰ ভূমিকাক শলাগিবই লাগিব ৷ আজি বিশ্বস্বাস্থ্য সংস্থাই নানান ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ওপৰিও মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ উন্নতিৰ হকে সংগ্ৰাম চলাই আছে ৷ প্ৰতি বছৰে ৭ এপ্ৰিলক সেইবাবেই স্মৰণ কৰা হয় ৷
বিশ্ব হস্ত স্বচ্ছতা দিৱস প্ৰতি বছৰে ৫ মে’ত পাতি এই কথাকে সোঁৱৰাই দিয়া হয় যে পৰিষ্কাৰ হাতে জীৱনক সুৰক্ষা দিব পাৰে ৷ অপৰিষ্কাৰহাতৰ দ্বাৰাই নিজৰ আৰু সংস্পৰ্শত অহা অইনৰ শৰীৰলৈ নানা ৰোগ বিয়পে ৷
প্ৰতি বছৰে ৩১ মে’ত বিশ্ব ধূম্ৰপান বিৰোধী দিৱস পালন কৰি জনগণক ধপাতৰ অপকাৰিতাৰ কথা মনত পেলাই দিয়া হয় ৷ মূৰৰ পৰা ভৰিলৈ, চুলি-ছাল ৰক্তৰ পৰাহাঁড়ৰ মজ্জালৈ কোনো এটা অংশই ধূমপানৰ অপকাৰিতাৰ পৰা হাত সাৰি থাকিব নোৱাৰে ৷
১৯৭২ চনত স্বিডেনৰ ষ্টকহোম নগৰীত পৰিবেশ সজাগতা সম্পৰ্কীয় একমহা সন্মিলনত বিশ্বৰ ভালেকেইখন দেশে অংশগ্ৰহণ কৰি সিদ্ধান্ত লয় যেপ্ৰতিবছৰে ৫ জুনত “বিশ্ব পৰিবেশ দিৱস” পালন কৰি মানৱ জাতিক আমাৰ ধৰিত্ৰীৰপ্ৰতি থকা দায়বদ্ধতাৰ কথা সোঁৱৰাই দিয়া হব আৰু আমাৰ পাৰিপাৰ্শ্বিকতাক জীৱৰ প্ৰতি উপযোগী কৰি ৰাখিবলৈ ন-ন আঁচনি যুগুতোৱা হব ৷ বিজ্ঞানীসকলে গণনা কৰি উলিওৱা মতে বৰ্তমান এই পৃথিৱীত ১৭ লাখ প্ৰজাতিৰ জীৱআছে ৷ এই সকলো জীৱ থাকিলেহে মানুহ ধৰিত্ৰীত থাকিব ৷
সুস্বাস্থ্যই মানৱ জীৱনক বৰ্দ্ধিত আয়ু দিয়ে ৷ স্বাস্থ্য ৰক্ষাৰ নীতি পালন কৰিবলৈ কোনো বয়সৰ উচ্চতম বা নিম্নতম সময় সীমা নাই ৷ আমাৰ স্বাস্থ্যৰ শত্ৰুসমূহক ঘাইকৈ তিনিটা শ্ৰেণীত ভগাব পাৰি – বেক্টেৰিয়া,ভাইৰাছআৰু পৰাশ্ৰয়ী জীৱ ৷ এইবিলাকে আমাক আক্ৰমণ কৰিবলৈ অহৰ্নিশে সুবিধা বিচাৰি থাকে ৷ সেয়ে আমি সকলো সময়তে পৰিষ্কাৰ-পৰিচ্ছন্ন থকা উচিত ৷ পৰিষ্কাৰ হৈ থকামানেই ধুন-পেচ কৰা নুবুজায় ৷ কিছুমান সৰু কথা আমি লক্ষ্য নকৰোঁ ৷ উদাহৰণস্বৰূপে আমি লক্ষ্মী গণ্য কৰা, বহুতৰ হাত বাগৰি অহা টকাৰ নোটসমূহ বীজানুৰ বাহক হব পাৰে ৷ আমি কাৰোবাৰ সৈতে হাত মিলালে, সেই হাত মিলোৱা ব্যক্তিজনৰ হাতখন পৰিষ্কাৰ নহবও পাৰে ৷ বাচত, ৰিস্কাত, চিনেমাহলত বহিলে আমিহাত য’ত থওঁ, সেই ঠাইবিলাক বা কিমান পৰিচ্ছন্ন – আমি নাভাবোঁ ৷ নিজৰ নাক কাণখুচৰি,নখ কাটি আমাৰ বহুতে হাত দুখন ভালদৰে চাবোনেৰে পৰিষ্কাৰ কৰি ধোৱাৰ আৱশ্যকতা বোধ নকৰে ৷ সদায় পৰিচ্ছন্নতাৰ অভ্যাস আমি কৰা উচিত ৷ ইয়াৰ দ্বাৰা আমি নিজক,পৰিয়ালক আৰু সমাজক ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হম ৷
চাবোনৰ ব্যৱহাৰ মানুহে অতি পৌৰাণিক কালৰপৰা, খৃষ্টপূৰ্ব ২৮০০চনৰ পৰা কৰি আহিছে ৷ আজিকালি সুলভ মূল্যত নানান গোটাবা জুলীয়া চাবোন বজাৰত উপলব্ধ ৷ ডেট’ল বা চেভলন জাতীয় এন্টিচেপ্টিক জুলীয়াপদাৰ্থৰ ব্যৱহাৰে অতিৰিক্ত সুৰক্ষা দিয়ে ৷ পাৰিপাৰ্শ্বিকতাৰ পৰিচ্ছন্নতাৰ বাবে ফেনাইল, চিত্ৰনেলা, ব্লিচিং পাউদাৰ,স্পিৰিট আদি ব্যৱহাৰ কৰা ভাল ৷ শৰীৰৰ ছালক আঁহ থকা কোমল ব্ৰাছেৰে (যেনে ভোলৰ বাকলি) ঘঁহিলে ভাল ৷ ইয়াৰ দ্বাৰা ছালৰ সুক্ষ্ম ছিদ্ৰসমূহ মুকলি হয় আৰু শৰীৰৰ ঘাম ওলোৱাত সহায়হয় ৷ ইয়াৰ দ্বাৰা আমি শৰীৰক ফলিকুলাইটিচ নামৰ বিৰক্তিকৰ চৰ্মৰোগৰ পৰা সুৰক্ষা দিব পাৰোঁ ৷ মহানিমৰ পাত উতলাই সেই পানীৰে গা ধুলে অনেক চৰ্মৰোগৰউপশম হয় ৷ যি কোনো বসন্ত জাতীয় ৰোগত নিমপাতেৰে গা ধোৱাৰ ওপৰিও কোঠালিতনিমপাত ওলমাই থলে বায়ুৰ প্ৰদূষণ কমিব ৷ ভৰিৰ বা কিলাকুটিৰ ডাঠ ছালক ভালদৰে পৰিষ্কাৰ কৰিবলৈ কোমল কাঠৰ ব্ৰাছ বা শিলাখণ্ডও ব্যৱহাৰ কৰিব পাৰে ৷ মেঘালয়ৰ জনজাতীয় মহিলাসকলে এই দুয়োবিধৰ প্ৰয়োগ বেচ ভালদৰে জানে ৷
অপৰিষ্কাৰ থকাৰ ফলত হব পৰা বিভিন্ন ৰোগৰ চমু তালিকা এখনএনেধৰণৰ: গেষ্ট্ৰএন্টাৰাইটিচ (সঘনাই পাইখানা,বমি,ওকালি হোৱা), ফুডপয়জনিং, ভাইৰেল হেপাটইটিচসহ জণ্ডিচ, ই-ক’লাই সংক্ৰমণৰ ফলত প্ৰস্ৰাৱৰ সংক্ৰমণ বা পেলভিক্ ইনফ্লেমেটৰী ডিজিজ, ছালত খহু বানানা চৰ্মৰোগ, উফি-ওকনি-ৰিংৱৰ্ম – স্কেবিজ, বিভিন্ন এলাৰ্জিজনিত ৰোগ, নানাবিধ পেলুৰ সংক্ৰমণ ৷
কেইটিমান সৰু লাগতিয়াল কথা : মই আগতেও বিভিন্ন স্বাস্থ্য কথাতউল্লেখ কৰিছিলোঁ – ৰ’দবতাহ নোসুমুৱা ঘৰৰ বন্ধ কোঠাত বা যি কোনো প্ৰেক্ষাগৃহৰ বায়ুৰ কণিকাত বেক্টেৰিয়া আৰু ভাইৰাচ ভাঁহি থাকে ৷ ৰোগাক্ৰান্ত ব্যক্তিয়ে হাঁহিলে, কাঁহিলে,হাঁচিয়ালে, জোৰেৰে কথা কলে,থুই খেকাৰ পেলালে নানান ৰোগৰ কীটানু কোঠালিৰ বায়ুত সিঁচৰিত হৈ পৰে ৷ এনেদৰে ৰোগ বিয়পাৰ পদ্ধতিক Droplet Infection বোলে ৷ গতিকে তেনে সংক্ৰমন কঢ়িয়াই আনিব পৰা ঠাইৰ পৰা আহিলে আমি গা ধুই পৰিষ্কাৰ হোৱাটো ভাল ৷ এনেৰোগীক লগত টিছ্যু পেপাৰ বা চাফা ফটা কাপোৰ লগত ৰাখিবলৈ দিবলাগে যাতে হাঁচিয়াওঁতে বা কাঁহোতে তাক ব্যৱহাৰ কৰে আৰু সোনকালে সেইবিলাক আঁতৰত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে ৷
খোৱা খাদ্যৰ ক্ষেত্ৰত কিছুমান সতৰ্কতাৰ অতীব প্ৰয়োজন ৷ গ্ৰীষ্মকালত সহজে গেলিব-পচিব ধৰা শাক পাচলিক ভাল বিলাকৰ লগত সানমিহলি নকৰিব ৷ পোক-পতংগ, পৰুৱা, পোহনীয়া জন্তুৱে খাদ্য সামগ্ৰীক যাতে প্ৰদূষিত কৰিব নোৱাৰে তালৈ চকু দিব ৷ বাহি খাদ্য পৰাপক্ষত বৰ্জন কৰিব ৷ খোৱা বস্তুক বাৰে বাৰে বেচিকৈ গৰম কৰিলে তাৰ খাদ্যপ্ৰাণ হ্ৰাস পোৱাৰ ওপৰিও সি কৰ্কট ৰোগৰ কাৰক হব পাৰে বুলি প্ৰকাশিত হৈছে ৷ খোৱা পানী সন্দেহাতীতভাবে সম্পূৰ্ণ নিৰাপদ হোৱাতো স্বাস্থ্যৰ সুৰক্ষাৰ বাবে অপৰিহাৰ্য্য ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!