পৰিসমাপ্তি (মনোজ ডেকা)

মই কৈছিলোঁ – জীৱন বাটত একেলগে খোজ কাঢ়িম দিয়া
তুমি কৈছিলা – মন গ’লে পথ সলাই ল’ম, যিমান দূৰ সম্ভৱ সিমানকণহে

মই কৈছিলোঁ – মোৰ হাত এৰি নিদিবা
তুমি কৈছিলা – যিদিনা আনৰ বাবে জেতুকা সানিম,
অনামিকা আঙুলিত বাখৰ পিন্ধিম, তেতিয়া ??

মই কৈছিলোঁ – মই মৰি যাম
তুমি কৈছিলা – মৃত্যু প্ৰাকৃতিক

মই কৈছিলোঁ – তুমিবিহীনতাত অসহায় হৈ উঠিব সময়
তুমি কৈছিলা – সেয়ে সাহসী হোৱা

মই কৈছিলোঁ – তোমাৰ চুলিৰ বতাহতে মোৰ সাহসৰ উশাহ
তুমি নাথাকিলে ক‘ত জিৰাৱহি সি !!

তুমি নিৰৱে আছিলা !!

মই কৈছিলোঁ – দুহাত খুলি দিছোঁ ৷ যোৱা যদি এতিয়াই যোৱা,
স্মৃতিৰ বুৰঞ্জী চুটি হ‘ব !

 

Leave a Reply

Your email address will not be published. Required fields are marked *