ফলমূল আৰু স্বাস্থ্য সচেতনতা(ছালৰ বাবে প্ৰয়োজনীয়তা) – নয়নজ্যোতি নাথ

সুন্দৰৰ সংজ্ঞা ভিন্ন জনৰ দৃষ্টিত ভিন্ন হ’ব। কোনোৱে যদি মনৰ সৌন্দৰ্যক গুৰুত্ব দিয়ে, কোনোৱে আকৌ বাহ্যিক সৌন্দৰ্যক। লেখাটোত বাহ্যিক সৌন্দৰ্যকহে গুৰুত্ব দিয়া হৈছে। বাহ্যিক সৌন্দৰ্যৰ বাবে আপোনাৰ ছালখনৰ অৱদানৰ লগতে দেহৰ গঠন, চুলি, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিও প্ৰয়োজনীয়। এখন উজ্জ্বল, সতেজ ছালৰ অধিকাৰী হ’বলৈ কাৰনো ইচ্ছা নাথাকে? সুন্দৰৰ প্রতি সকলোৱেই(!) দুর্বল। সেয়ে আপোনালোকলৈ আগবঢ়াইছোঁ ফল আৰু পাচলিয়ে আপোনাক এখন সুন্দৰ, উজ্জ্বল আৰু সতেজ ছাল কেনেকৈ দিব পাৰে তাৰেই কেইটামান কৌশল। সৰহসংখ্যক পুৰুষ-মহিলাই নিজৰ ছালখন উজ্জ্বল আৰু আনে সুন্দৰ দেখা হোৱাটো বিচাৰে। ছালখনৰ সৌন্দৰ্য নির্ভৰ কৰিব আপুনি ছালখনৰ প্রতি কেনে ধৰণৰ যত্ন লৈছে বা আপোনাৰ খাদ্যৰ তালিকাখন কেনেকৈ পৰিচালনা কৰিছে তাৰ ওপৰত। Antioxidant আৰু Vitamin বোৰ আপোনাৰ ছালখনৰ বাবে খুবেই প্রয়োজনীয়। আপোনাৰ ছালখন সুন্দৰ কৰি তুলিবলৈ তলত দিয়া ফল বা পাচলিবোৰ আপোনাৰ দৈনন্দিন খাদ্যৰ তালিকাৰ অন্তর্ভূক্ত কৰিব পাৰে।

 

১) ৰঙালাওৰ গুটি: ইয়াত যথেষ্টপৰিমাণে যিংক থাকে। নতুন ছালৰ কোষ গঠনৰ বাবে ই খুবেই প্রয়োজনীয়। ছালৰ তেল উৎপাদন প্রক্ৰিয়াত বাধা প্রদানৰ লগতে ছালৰ উজ্জ্বলতা বঢ়োৱাতো সহায় কৰে। তদুপৰি দেহত collagen গঠন কৰাতো ৰঙালাও গুটিয়ে সহায় কৰে। ইয়াত প্রচুৰ পৰিমানে প্র’টিন পোৱা যায়।

 

২) মিঠা আলু: ইয়াৰ পৰা যথেষ্ট পৰিমাণে ভিটামিন-এ পোৱা যায়, যিটো শালমইনা নিৰাময়ৰ বাবে প্রয়োজনীয়। তদুপৰি ইয়াত ভিটামিন-চি পোৱা যায়। ভিটামিন-চিয়ে শালমইনা সৃষ্টিকাৰী অণুজীৱবোৰ ধ্বংস কৰাৰ লগতে ভবিষ্যতে পুনৰ এই অণুজীৱ গঠন নহ’বলৈ যুঁজ দিয়ে।

 

৩) আপেল: আপেলতো ভিটামিন-চি পোৱা যায়। ই ছালখন সামান্যৰূপে কঠিন কৰে আৰু ছালৰ ৰঙৰ গাঢ়তা বৃদ্ধি কৰে। তদুপৰি ছালৰ নতুন কোষবোৰ সহজে ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰাৰ লগতে ছালত দেখা দিয়া বয়সৰ ৰেখাবোৰো কম কৰে।

 

৪) গাজৰ: ইয়াত যথেষ্ট পৰিমানে ভিটামিন-চি আৰু ভিটামিন-এ পোৱা যায়। বয়সৰ ফলত মুখমণ্ডলত দেখা দিয়া ৰেখা বা ছালত দেখা দিয়া নানান তৰহৰ বয়সৰ চাপ নিয়ন্ত্ৰণ কৰে আৰু আপোনাক এখন সুস্থ ছালৰ অধিকাৰী হোৱাত সহায় কৰিব পাৰে।

৫) চালগোম: চালগোমত প্রচুৰ পৰিমাণে Anthocyans পোৱা যায়। ই এক প্রকাৰৰ যথেষ্ট শক্তিশালী প্রতিষেধক। শৰীৰত কিবা ঘাঁ লাগিলে সেই ঘাঁ শুকোৱাত ই সহায় কৰে। ছালত দেখা দিয়া বয়স বৃদ্ধিৰ চাপো হ্রাস কৰে। এনেও আমাৰ দেহৰ বাবে চালগোম খুবেই উপকাৰী।

 

৬) ষ্ট্রবেৰী: ষ্ট্র’বেৰী আৰু মৌৰ মিশ্রণ তৈয়াৰ কৰি ছালত লগালে ছালখন বগা, উজ্জ্বল হয়। ষ্ট্র’বেৰীৰ ৰস পি খালেও ছালৰ বাবে ভাল। ষ্ট’বেৰীত থকা Malic Acid-এ ছালৰ যি প্রকৃতিগত বগা ৰং তাক গাঢ় কৰে।

 

৭) নেমু: ভিটামিন-চিৰ বাবে নেমু আতাইতকৈ উল্লেখযোগ্য ফল। ই আমাৰ দেহত collagen গঠনত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰে। দৈনিক নেমু ব্যৱহাৰ কৰিলে দেহৰ ভিতৰৰ হাড়ৰ গঠনৰ লগতে বাহিৰৰ ছালখনকো সুস্থ কৰি ৰাখে আৰু ছালত থকা দাগবোৰো নোহোৱা কৰে। ব্রণ, ছালৰ ক’লা দাগ আদি আঁতৰাবলৈ নেমু ব্যৱহাৰ কৰিব পাৰি।

 

৮) বিলাহ: বিলাহীত থকা প্রতিষেধকবিধ হ’ল lycopene যিয়ে আমাৰ ছালখনক ৰ’দৰ পৰা ৰক্ষা কৰে। শুকান ছাল আৰু শালমইনা নিৰাময়ৰ বাবে বিলাহী খুবেই ফলদায়ক।

 

৯) সেউজীয়া শাক: সেউজীয়া শাক-পাচলিবোৰ প্রতিষেধকৰ ভঁড়াল বুলিব পাৰি। ই শৰীৰৰ পৰা toxin বাহিৰ কৰে। মুখমণ্ডলত দেখা দিয়া ৰেখাবোৰ নাইকিয়া কৰি আপোনাক এখন সুস্থ, সতেজ ছাল উপহাৰ দিব পাৰে।

 

১০) আমলখি: ইয়াত ভিটামিন-এ যথেষ্ট পৰিমাণে পোৱা যায়। ভিটামিন-এ collagen উৎপাদনৰ বাবে প্রয়োজনীয়। আমলখিয়ে আপোনাৰ ছালখনক কমনীয় আৰু নমনীয় কৰি তোলে। ইয়াৰোপৰি আমলখি চুলিৰ বাবেও উপকাৰী।

 

১১) অমিতা: ই শুকান ছালৰ বাবে খুবেই ভাল।পকা অমিতা ছালত লগালে ছালৰ শুষ্কতা হ্রাস পায়। অমিতাত থকা ভিটামিন-এ ছালৰ নমনীয়তা ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী। শুকান ছাললৈ অমিতাই নমনীয়তা আনি দিয়ে।

 

১২) মহানিম পাত: মাহানিম পাত পিহি ছালত লগালে ছালত হোৱা খজুৱতি, ফোঁহা ইত্যাদিবোৰ ভাল হয়। শালমইনা নিৰাময়তো মহানিমৰ পাত ব্যৱহাৰ কৰিব পাৰি।

 

এই ফল-মূল আৰু শাক-পাচলিবোৰ ছালৰ লগতে স্বাস্থ্যৰ বাবেও খুবেই উপকাৰী। এইবোৰত থকা প্রতিষেধকবোৰে ছালৰ লগতে দেহৰো নানান ৰোগ নিৰাময় কৰে। ছালৰ উজ্জ্বলতা, মসৃণতা, সতেজতা আদি বৃদ্ধিৰ ক্ষেত্ৰত এই ফল-মূল আৰু পাচলি বোৰে মুখ্য ভূমিকা গ্রহণ কৰে। প্র্রসাধনৰ নানান সামগ্ৰী প্রস্তুত-কৰণতো এইবোৰ কেঁচামালৰূপে ব্যৱহাৰ হয়। ছালৰ যত্নৰ বাবে প্রকৃতিগত কৌশল হিচাপে আমি প্রচুৰ পৰিমাণে ফল-মূল আৰু পাচলি খালে ভাল ফল পাব পাৰোঁ।

 

গা ধোৱা পানীৰ লগত আপেল বা আনাৰসৰ ৰস মিহলাই গা ধুলেও ভাল ফল পোৱা যায়। পানীত নেমু ৰস মিহলাই গৰম কালত গা ধুলে খজুৱতি, ঘামচি, ছালৰ পোৰণি আদি বোৰ ভাল হয়। বহু দামী দামী ব্রেণ্ডৰ প্রসাধন সামগ্রীবোৰ ব্যৱহাৰ কৰাতকৈ আপুনি আপোনাৰ খাদ্যৰ তালিকাত ফল-মূল আৰু পাচলিক অগ্রাধিকাৰ দিয়ক, দেখিব আপোনাৰ ছালখন পূর্বতকৈ বহু পৰিমাণে উজ্জ্বল, মসৃণ আৰু সতেজ হৈ পৰিছে। এই ফল-মূলবোৰৰ দ্বাৰা ঘৰতে কিছুমান মিশ্রণ তৈয়াৰ কৰিও ব্যৱহাৰ কৰিব পাৰি। এই সৌন্দৰ্যৰ কৌশলকেইটা ব্যৱহাৰ কৰক আৰু সৌন্দৰ্যবর্ধন তথা সু-স্বাস্থ্যৰ দিশত এখোজ আগুৱাই যাওক।

 

(বি:দ্র:- ব্যক্তিগত অভিজ্ঞতা তথা বিজ্ঞান আৰু সৌন্দৰ্য বিষয়ক কিতাপ, ইন্টাৰনেট সেৱা আদিৰ সহায়ত যুগুতোৱা)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!